মৰমৰ প্ৰতিদান-কুমকুম দেৱী শৰ্মাবৰুৱা

নীলা বছেৰেকীয়া পৰীক্ষাৰ পাছত পেহীয়েকৰ ঘৰলৈ যাবলৈ উত্ৰাৱল হৈ পৰিল। তাত তাই পেহীয়েকৰ অকৃত্ৰিম মৰমৰ লগতে ওচৰ-চুবুৰীয়া সমনীয়া ল’ৰা-ছোৱালীৰ লগত মুকলিমনেৰে খেলিবলৈ পায়।পেহীয়েকৰ ছোৱালী পৰীও তাইতকৈ এবছৰৰহে সৰু। নিজৰ ঘৰ নগৰত হোৱা বাবে পাৰ্কলৈ গৈ কেতিয়াবা খেলাৰ বাদে বাহিৰলৈ ওলাবলৈ মাকে নিদিয়ে। গাড়ী-মটৰৰ ভয়,কোনোবাই ধৰি নিয়ে বুলি ভয় ,মুঠতে বহুতো সমস্যা। নীলাৰ লগতে মাকো এইবাৰ তিনিদিনৰ কাৰণে ৰূপাপেহীৰ ঘৰলৈ ওলাল।ৰূপাপেহীয়ে আনন্দতে প্ৰথমদিনাই ঘৰৰে হাঁহ এজনী মৰাই সুন্দৰকৈ ৰান্ধি খুৱালেই।

পাছদিনা নীলা পথাৰত পুখুৰী সিঁচা চাবলৈ ওলাল।আঁঠজনমান লোকে লাহনীৰে পানী সিঁচি আছে। পানী সিঁচি শেষ হ’লত মাছবোৰ ধৰি ধৰি খালৈত ভৰাইছে। তাইৰো বৰ মন গ’ল মাছ ধৰিবলৈ। মাকে মানা কৰা স্বত্বেও তাই অকণমান নামো বুলি পুখুৰীৰ বোকাত নামি দুজনী মাছ ধৰিলে বৰ ফুৰ্তিৰে। তাৰপাছত বোকাৰে  লুতুৰি পুতুৰি হৈ পৰীৰ লগত পাৰলৈ উঠি আহিল। ঘৰলৈ গৈ ভালকৈ গা-পা ধুই গানৰ মজলিছ বহুৱালে। পৰীৰ লগৰ ল’ৰা-ছোৱালীবোৰে সুন্দৰ সুন্দৰ গীত গালে। ৰাভা সঙ্গীত, জ্যোতি সঙ্গীত, বৰগীত সকলো গাব পাৰে। লগতে নীলাইও কেইবাটাও গান গালে। পাছদিনা ৰাতিপুৱা চুঙাচাউল,চুঙাপিঠা পুৰি পেহীয়েকে মৰমেৰে খুৱালে। দুপৰীয়া মাছকে বিধে বিধে ৰান্ধি মাকে- পেহীয়েকে ওচৰ -চুবুৰীয়া বৃদ্ধলোক কেইজনমানকো খুৱালে।বাৰীত শাক-পাচলিবোৰ দেখিও নীলাই বৰ ফুৰ্তি পালে। নীলাহঁতৰ ঘৰত মান ধনীয়া ,নৰসিংহ আৰু পদিনাৰ বাদে একো কৰিবলৈ ঠায়েই নাই। সেয়ে তাই ফুলকবি,বন্ধাকবি,ওলকবি ইত্যাদি ডাঙৰ হৈ থকা দেখি চাই বৰ আনন্দ পালে। তাৰ পাছদিনা ঘৰলৈ আহিবৰ হ’লেই। মাক নহ’লে দেউতাকৰ অসুবিধা হয় ৰন্ধা-বঢ়াত। পেহীয়েকে নীলালৈ বুলি তুঁহৰ মাজত হাঁহকণী বিশটামান , ফুলকবি আৰু বিলাহী অলপ বেগ দুটাত ভৰাই দিলে।নীলাই হাঁহৰ কণী খাই বৰ ভাল পায়। মাকে আৰু লগতে তায়ো পৰীক সিহঁতৰ ঘৰলৈ লৈ আহিব খুজিলে কেইদিনমানৰ কাৰণে। পেহীয়েকে সানন্দেৰেই অনুমতি দিলে।এসপ্তাহৰ পাছত পেহাকে লৈ আহিবগৈ। পৰীয়ে নীলাহঁতৰ ঘৰত কুকুৰটো ভিতৰত থাকে কাৰণে বৰ ভয় কৰে। এনেয়ে তাই নীলাৰ লগত থাকি বৰ ভাল পায় । পাছদিনাৰপৰা আবেলি আবেলি ওচৰৰ চিলড্ৰেন পাৰ্কখনত নীলা আৰু পৰী খেলিবলৈ যায়। তাত আৰু সমনীয়া ল’ৰা-ছোৱালী লগ পাই বৰ ভাল পায়। ঘৰত আহি ৰাতি ছবি আঁকে, গান গায়।নীলাৰ ভাগে ভাগে ড্ৰয়িং পেন্সিল, পানী ৰং আছে।সেইবোৰৰ ব্যৱহাৰো নীলাই পৰীক শিকাই দিয়ে। ঘৰৰ পুথিভঁড়ালতে বহুতো জীৱনী কিতাপ, সাধু কিতাপ, ৰামায়ণ-মহাভাৰতৰ কাহিনীবোৰৰ কিতাপ ভৰি আছে। পৰীয়ে সেইবোৰ পঢ়ি বৰ ভাল পায়।পাছদিনা নীলাৰ মাক-দেউতাকে পৰীক বজাৰলৈ লৈ গৈ বহুতো সাধু কিতাপ, ৰং পেন্সিল ইত্যাদি কিনি দিলে।লগতে দিলে এটা ডাঙৰ টেডি বিয়েৰ।পৰীয়ে বৰ ফূৰ্তি পালে।ইমান আনন্দেৰে থাকোঁতে কেতিয়ানো এসপ্তাহ পাৰ হৈ গ’ল আৰু পৰীৰ দেউতাক নিবলৈ আহিবৰ হ’ল দুয়োজনীয়ে গমেই নাপালে।আকৌ গৰমৰ বন্ধত এনেদৰে লগ হোৱাৰ প্ৰতিশ্ৰুতি দি পৰী দেউতাকৰ লগত নিজৰ ঘৰলৈ গ’লগৈ।নীলায়ো পুনৰ নতুন বছৰৰ কিতাপ-বহীবোৰ ঠিক-ঠাক কৰাত মন দিলে।এইকেইদিনৰ ফূৰ্তিয়ে তাইৰ মনটো বহুত সজীৱ কৰি তুলিলে।

6 Comments

  • Anju Mahanta

    অতীতলৈ মনত পৰি গ’ল। কিযে ভাল লগা দিন আছিল!!

    Reply
  • পূৰ্ণিমা শইকীয়া গগৈ

    বৰ ভাল লাগিল পঢ়ি।

    Reply
  • Kumkum Sarmabaruah

    ধন্যবাদ জনালোঁ।

    Reply
  • কুশল মহন্ত।

    সুন্দৰ , বৰ ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *