লগ পাম তোমাক ইপাৰে!-ৰিমঝিম বৰঠাকুৰ

আইতা…..

সৱিতা…..

আইতা…..

সৱিতা…..

    

দহবছৰীয়া নাতিনীয়েক জিয়াই যিমান জোৰেৰে চিঞৰিছে ককাকে লগে লগে সমানে ঘৈণীয়েকৰ নাম ধৰি চিঞৰিছে। এই সময় সিহঁতৰ বাবে খুউব ধুনীয়া। ককাক আৰু নাতিনীয়েকৰ সময়।

আবেলি প্ৰায় চাৰিমান বজাত জিয়াই ককাকক লৈ ওলাই যায় সিহঁতৰ ঘৰৰপৰা অলপ দূৰৈত থকা পাৰ্কখনৰ ওচৰলৈ। তাতেই দুয়োটাই এক, ডেৰঘণ্টামান কটাই আকৌ ঘৰলৈ উভতি আহে। জিয়াৰ দেউতাকে ককাকক একেবাৰে সিহঁতৰ ঘৰলৈ লৈ অনাত তাইৰ বিৰাট ফূৰ্তি। অন্তত: এতিয়া তাইৰ লগত সকলো সময়তে থাকিবলৈ কোনোবা এজন আছে।তাইৰ মাক-দেউতাকেও ভাল পাইছে তেওঁলোকেও তেওঁলোকৰ দুয়োৰে কামত অলপ বেছি সময় দিব পাৰিব।

: ব’লা আজি আমি আইতাক চিঞৰি চিঞৰি মাতিম…

ককাকৰ হাতত ধৰি ঘৰৰ গেটখন খুলি ওলাই অহা জিয়াই ককাক উদ্দেশ্যি ক’লে।

: আইতা, ক’ত আইতা?

তাইৰ কথাকেইটা শুনি হঠাৎ অস্থিৰ হৈ ককাকে তাইক সুধিলে।

: ব’লা আমি গৈ আছোঁ আইতাৰ ওচৰলৈ….

জিয়ায়ো ককাকৰ কথাত মূৰটো জোকাৰি কথাটো কৈ তেওঁৰ হাতত ধৰি ফুটপাথটোত উঠিলগৈ।

দুয়ো গৈ পাৰ্কখনৰ ভিতৰলৈ সোমাই গৈ খালী হৈ থকা বেঞ্চ এখনতে বহিলগৈ।

: ককা চোৱানা বেলিটোলৈ।

জিয়াই তাইৰ সোঁহাতখন পঠালিকৈ তাইৰ চেলাউৰিযোৰৰ ওপৰত ৰাখি মূৰৰ ওপৰৰপৰা লাহে লাহে তললৈ নামিবলৈ ধৰা বেলিটোলৈ চাই ককাকক ক’লে।

: হমম… সৱিতাই বেয়া পাইছিল।

: কি বেয়া পাইছিল?

: অস্ত যোৱা বেলিটোলৈ চাই…..।

‘অস্ত যোৱা’ মানে বুলি মুখৰ ভিতৰতে কৈ নখটো কামুৰি জিয়াই ককাকক সোধে যদিও ককাকৰ পৰা একো উত্তৰ নাহিল।

: অ’কে বুজিলোঁ। ককা কোৱানা আইতাৰ লগত তুমি আগতে ক’ত ক’ত ফুৰিবলৈ গৈছিলা?

এনেকৈয়ে নাতিনী জিয়াই সদায় ইটো সিটো সুধি ককাকক ব্যতিব্যস্ত কৰি থাকে। কেতিয়াও ব্যতিক্ৰম নহয়। তাই জানে ককাকে আইতাকৰ অভাৱ যে প্ৰত্যেক মুহূৰ্ত্ততে অনুভৱ কৰে। সেয়ে আইতাকৰ কথা সোধাকে সুধি থাকিলেও ককাকে আমনি নাপায়।

সদায় লেপটপ, মোবাইল লৈ নিজৰ নিজৰ কামত ব্যস্ত থকা মাক-দেউতাক দুয়োটাকে একেলগে পাবলৈ জিয়া আজিকালি আগৰ দৰে উদগ্ৰীৱ হৈ নাথাকে। কেৱল চাগে পাঁচ মিনিটৰ কাৰণে মাক-দেউতাকক তাই একেলগে পাই তাইৰ স্কুলৰ পেৰেণ্ট-টিচাৰ মীটত। দেউতাকতো প্ৰায়েই ইখন চহৰ, সিখন চহৰ,অফিচৰ কামত ঘূৰিয়েই থাকিবলগীয়া হয়। পুৱাই ওলাই গৈ সন্ধিয়া ভাগৰে-জুগৰে ঘৰ সোমোৱা মাকৰো দিনটোত ককাকে কৰি থোৱা কিছুমান কাণ্ড দেখিলে খংটোৱে টিঙিচকৈ মাৰে। তথাপিও জিয়া আৰু শহুৰেকৰ মুখলৈ চায়েই খংটো দমাই থয়।

: ককা কোৱানা আইতাক ফাৰ্ষ্ট কেনেকৈ লগ পাইছিলা?

জিয়াই জানে ককাকে আইতাকৰ কথাবোৰ সুধিলে যিমান উৎফুল্লিত হৈ উত্তৰবোৰ দি যায়,বাকী কথাবোৰ সুধিলে ক’ৰবাত খোকোজা লাগে। আনকি দেউতাকৰ সৰু কালছোৱাৰ কথাবোৰতো ককাক আপোনপাহৰা হৈ উঠে। সেইদিনা ককাকক আইতাকক প্ৰথম লগ পোৱাৰ কথা সুধোঁতে ককাকৰ মুখত ফুটি উঠা উজ্জ্বল আভাখিনি জিয়াই বুজি নাপালেও কাষতে বহি কিবা কাম কৰি থকা মাকে ঠিকেই মন কৰিছিল। তেতিয়া আকৌ তেওঁৰ মনটোৱে কোনোবাখিনিত সুখ অকণ বুটলিছিল। তেওঁলোকে দিব নোৱাৰা সময়খিনি ককাক নাতিনীয়েক দুয়ো দুয়োৰে মাজত ভগাই ল’ব পাৰিছে। সেয়ে ৰাতি শুৱাৰ সময়ত মাকে উলিয়াওঁ বুলিয়েই উলিয়াইছিল,

: জিয়া আইতাক ককাই কেনেকৈ লগ পাইছিল?

মাকৰ প্ৰশ্নটোত জিয়াই ককাকৰ সমানেই আনন্দ পাইছিল অন্তত: মাকে নিজৰ কাম এৰি তাইৰ কথা শুনিবলৈ বিচাৰিছে।

তেতিয়া ককাক চফল এজন যুৱক। প্ৰথম চাকৰি পোৱাৰ পিছত ঘৰলৈ আহিছিল এসপ্তাহৰ ছুটীত। কোনোবা এটা পুৱা তেওঁৰ দেউতাকৰ খুউব ভাল লগৰ এজন তেওঁলোকৰ ঘৰলৈ আহিছিল এপাক খবৰ-খাতি কৰি যাওঁ বুলি। তেওঁৰ চাইকেলৰ কেৰিয়াৰতে বহি আহিছিল চৈধ্য পোন্ধৰ বছৰীয়া ছোৱালী এজনী। ছোৱালীজনীৰ পিন্ধনত এটা ফুটফুটীয়া ফ্ৰক, ৰঙা ফিটাৰ সৈতে দুফালে দুডালি বেণী, ভৰিত এযোৰ নীলা হাৱাই চেন্দেল। চোতালতে বহি দেউতাকহঁতৰ লগত কথা পাতি থকা তেওঁৰ চকু বাৰে বাৰে ছোৱালীজনীৰ মৰমলগা মুখখনে টানি নিছিল। তেওঁলোক গুচি যোৱাৰ পিচতো তেওঁৰ সেই মুখখন বাৰে বাৰে মনত পৰি থাকিল। তেওঁৰ আকৌ মাকে মনতে ভাবি থৈছিল এইবাৰ আহোঁতেই বিয়াখনৰ কথা উলিয়াব। ক’ৰবাত যদি নিজেই ঠিক-ঠাক কৰি থৈছে ক’ব লাগে, নহ’লে মাকহঁতে বিচাৰ-খোচাৰ কৰিব। সেইখিনিতেই সুযোগটো বুজি তেওঁ মনৰ কথা ক’লে আৰু পিচৰবাৰ ছুটীত আহোঁতে মৰমলগা মুখৰ অধিকাৰিণী তেওঁৰ ঘৰৰ লখিমী হ’ল।

: মা শুনাচোন ককাই সেইখন ঘৰলৈ যাবলৈ বিচাৰিছে।

জিয়াৰ মূৰত হাত বোলাই তাই কৈ থকা কাহিনী শুনি থকাৰ পৰাই মাকে মাত লগালে,

: কোনখন ঘৰ?

: তেওঁ চাকৰি কৰোঁতে থকা ঘৰখন, য’ত তেওঁ আইতাক বিয়া কৰাই লৈ গৈছিল।

জিয়াৰ কথাত মাকে কিবা এটা বুজি পাই মাত দিলে,

: তুমি এটা কাম কৰিবা, ককাক কাইলৈৰপৰা ককাই কৰি ভালপোৱা কামবোৰ কৰিবলৈ দিবা।

মাকে যেন জিয়াক এক ডাঙৰ দায়িত্বহে সঁপি দিলে। মাকৰ কথাই জিয়াৰ সেই অকমানি মনটো চুই গ’ল, অন্তত: মাকহঁতে এতিয়া আৰু তাইক দহবছৰীয়া সৰু ছোৱালীজনী বুলি ভাবি থকা নাই।জিয়াৰ মাকে জানে শহুৰেক কি ৰোগত বৰ্তমান আক্ৰান্ত। শাহুৱেক ঢুকোৱাৰ আগতেই শাহুৱেকে অকণমান লক্ষ্য কৰিছিল গিৰিয়েকে কিছুমান সৰু সৰু কথা পাহৰিবলৈ লৈছে। এগৰাকী আঠসত্তৰ বছৰীয়া ব্যক্তিৰ কাৰণে কথা পাহৰাটো যে সাধাৰণ কথা তেওঁ সেই ভাবিয়ে কিছুমান দৰকাৰী কথা এখন ডায়েৰীত লিখি দিছিল। লগতে যদি কেতিয়াবা লগাতকৈ বেছি পাহৰি যায় সেই অনুযায়ী তেওঁৰ জীৱনৰ গুৰুত্বপূৰ্ণ মানুহখিনিৰ ফটোৱে নামে ডায়েৰীত লগাই দিছিল। শাহুৱেকৰ কথামতেই তেওঁ ডায়েৰীখন একেবাৰে লগতে ৰাখিছিল। দৰকাৰ অনুযায়ী লুটিয়াই চায়। এদিন শাহুৱেকে তেওঁক কোৱা জিয়াৰ মাকে নিজেই শুনিছিল,

: মোক যদি পাহৰি যোৱা ডায়েৰীখন মেলি চাবা

শহুৰেকেও হাঁহিটো মাৰি কৈছিল,

:মৰিলেও তোমাক নাপাহৰোঁ, ইপাৰে গৈয়ো বিচাৰি ফুৰিম। এতিয়া কোন বা আগত যায়। এহ! দুইটা একেলগেই যাম দিয়া…..

বুলি কৈ শহুৰেকে আকৌ হৌ হৌৱাই হাঁহি উঠিছিল।

: কিখন যে কৈ থাকা!

শাহুৱেক উচাট মাৰি গুচি গৈছিল।

এতিয়া তেওঁ নোহোৱা হোৱাৰ পিচত তেওঁৰ পাহৰাটো বেছি হ’বলৈ ধৰিল। এদিন জিয়াহঁতলৈ ঘৰৰ সকলো বস্তু চুৰ হোৱা বুলি ফোন কৰি হুলস্থূল কৰাত সেইদিনাই জিয়াহঁত ককাকৰ ঘৰ পালেহি। আহি দেখে সকলোবোৰ বস্তু জেগাতেই আছে মাত্ৰ তেওঁ ইফাল সিফাল কৰি খেলিমেলি কৰি থৈছে। সেইদিনাই জিয়াৰ দেউতাকে টালিটোপোলা বান্ধি দেউতাকক নিজৰ লগতে লৈ আহিল। আহিয়েই তেওঁৰ ডাক্তৰ বন্ধু এজনৰ লগত কথা পাতি গম পালে তেওঁলোকে সন্দেহ কৰামতে দেউতাক আলঝাইমাৰ ৰোগত আক্ৰান্ত যাৰ কোনো চিকিৎসা নাই। মাত্ৰ মানুহৰ মৰম-চেনেহ, সময়েহে অধিক হোৱাৰ পৰা ৰক্ষা কৰিব।

মাকে জিয়াক ককাকক হোমৱৰ্ক দিবলৈ কোৱাৰপৰা তাইৰ দায়িত্ব বাঢ়িল। স্কুললৈ যাওঁতে ককাকক কিবাকিবি কৰিবলৈ দি যায়, ঘূৰি আহি তাই পৰীক্ষা কৰে। প্ৰায়বোৰ কামেই যদিও মাকলৈ আহুকালহে মাতে, জিয়াই কাণ্ড-কাৰখানাবোৰ চাই আনন্দ পাইছে। বেয়া হোৱাখিনি শিকাই দিয়ে। ককাকেও সৰু ল’ৰাটোৰ দৰে মূৰটো জোকাৰি শলাগি থয়। এদিন তাই ককাকক তাইলৈ এখন চিঠি লিখিবলৈ দি থৈ গ’ল। স্কুলৰপৰা আহি দেখিছে গোটেই বহীখনত আঁকি বাঁকি, মাজে মাজে দুই এটা পাতো ফালি থৈছে। তাকে দেখি তাই সিহঁতৰ ঘৰত কাম কৰা অনিতাবাক সুধোঁতে ক’লে যে বাৰে বাৰে মুখেৰে ভোৰভোৰাই কিবা কয় আৰু লিখিবলৈ চায়। লিখিব নোৱাৰি সেইবোৰকে কৰি কান্দিছে চিঞৰি চিঞৰি। তাই ককাকৰ অৱস্থাটো দেখি নিজেই বহী এখনে পেন এটাই আনি ককাকৰ কাষতে বহি ক’লে,

: তুমি কৈ যোৱা মই লিখি যাম।

“মৰমৰ গোঁসানী,

মোৰ ভাল। আশাকৰোঁ তোৰ ভাল। তোলৈ মোৰ খুউব মনত পৰে। চিঠি এখন লিখিম বুলিও… আজিকালি পাহৰি যাওঁ নেকি কথাবোৰ… অহ, মোৰ পেনটো তোৰ দেউতাৰে চুৰ কৰি…। গোঁসানী…ভালকৈ থাকিবি। ককা তোৰ লগত সদায়…।”

ঘেঁহাই ঘেঁহাই, থোকুথুকি মাতেৰে ককাকে কৈ যোৱা কথাকেইটা  জিয়াই বুজি বুজি লিখোঁতে অলপ সময় ল’লে। তললৈ মূৰ কৰি একান্ত মনেৰে চিঠিখন লিখি যোৱা জিয়াই শেষৰ শব্দটোলৈ বহুতপৰ বাট চোৱাৰ পিছত একো মাত নুশুনি মূৰ তুলি চাই দেখে ককাক সেই বহাতেই টোপনি গৈছে। শুই থকা ককাকৰ মুখখন দেখি জিয়াৰ কিবা এটা মৰম লাগি গ’ল। শয়নে সপোনে আইতাককে দেখি থকা ককাকে তাইক ইমান ভাল পায়। চিঠিখন লিখা কাগজপাতটো ফালি তাই জাপি-কুচি নিজৰ লগত ৰাখি লৈ অনিতাবাৰ সহায়ত বহাতেই শুই পৰা ককাকক বিছনাখনত শুৱাই দি কপালতে চুমা এটা দি তাই ৰূমটোৰ পৰা ওলাই আহিল।

“ভগৱান ককাক ভাল কৰাই দিয়াচোন!”

আজিকালি জিয়াই মন্দিৰ, মছজিদ, গীৰ্জা যি দেখে মূৰটো দোঁৱাই কেৱল সেইটো প্ৰাৰ্থনাই কৰে। এদিন ককাকে তাইক কৈছিল সৰু ল’ৰা-ছোৱালীৰ প্ৰাৰ্থনা বোলে ভগৱানে শুনে। সেয়ে আইতাকৰ তেওঁৰ ওপৰত থকা অভিমান ভাঙি তেওঁক আকৌ ককাকৰ ওচৰলৈ উভতাই আনিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ কৈছিল। ককাকৰ কথাত দহবছৰীয়া জিয়াৰ মনটো কান্দি উঠিছিল। ককাকে হয়তো সেই সময়ত পাহৰি গৈছিল আইতাক যে কেতিয়াও তেওঁৰ ওচৰলৈ উভতি আহিব নোৱাৰা দেশলৈ গ’লগৈ। কিন্তু ককাকৰ সেই কথাটো জিয়াৰ মনত ৰৈ গ’ল, ক’ৰবাত কিবা এটা আশা পুহি ৰাখিছে,সকলো নুশুনিলেও কিজানি দুই এটা কথা ভগৱানে শুনেই।

: সৱিতাই আগতে মোক চিগাৰেট খালে খুউব গালি দিছিল।

বাটত পৰি থকা কোনোবাই খাই থৈ শেষ কৰি থৈ যোৱা চিগাৰেটৰ টুকুৰাটো বুটলি লিৰিকি-বিদাৰি চাই ককাকে জিয়াক কয়।

: তুমিনো কিয় খাইছিলা চিগাৰেট!

: অকল ময়েই খাইছিলোঁ নেকি? আমাৰ মুন তেতিয়া চাগে ক্লাছ এইটত। মোৰ পেকেটটোৰ পৰা চিগাৰেট এটা উলিয়াই দিয়াশলাইৰ কাঠীটো মাৰি গেৰেজটোৰ পিচফালে চিগাৰটটো জ্বলাই লৈছিলহে দেখিলে নহয় সৱিতাই……

দুইখন হাতেৰে চাপৰি বজাই হাঁহি হাঁহি জিয়াক কথাকেইটা কৈ গ’ল।

: তাৰপিছত তুমি কেতিয়া এৰিলা চিগাৰেট?

জিয়াই যেন কিবা এটা জানিবলৈহে চেষ্টা কৰিছে তেনেদৰে ককাক কথাটো সুধিলে।

: সেইদিনাই। সৱিতাই ঘোষণা কৰি দিলে নহয়, হয় মই আৰু চিগাৰেট থাকিম, নহয় সৱিতা আৰু মুন থাকিব।

 বচ!হৈ গ’ল। সৱিতা আৰু মুনকটো এৰিব নোৱাৰোঁ চিগাৰেটেই এৰি দিওঁ।

এইবাৰ ককাকে হাঁহি হাঁহি কথাকেইটা কৈ সৰু ল’ৰা এটাৰ দৰে উচুপি উঠিল।

: দিয়া এতিয়া এইটো পেলাই দিয়া আৰু ঘৰলৈ যাওঁ ব’লা।

জিয়াই ককাকৰ হাতৰপৰা চিগাৰটেৰ টুকুৰাটো লৈ দলিয়াই দি তেওঁক ঘৰলৈ লৈ আহিল।

সেইদিনাও জিয়াই ককাকক পাৰ্কখনলৈ লৈ গৈছিল। ককাকক খালী বেঞ্চ এখন পাই বহুৱাই দি তায়ো কাষতে বহি ককাকক কৈছিল যে আজি দুয়োটাই আইতাকক মাতিব। সেয়ে দুয়োৱে ‘আইতা….সৱিতা’ বুলি চিঞৰাত লাগিল। অলপ সময়ৰ পিচত চিঞৰি জিয়াৰ ভাগৰ লগাত তাই ককাকে আইতাকক ফুৰাবলৈ নিয়াৰ পৰা আৰম্ভ কৰি কিবাকিবি কথা সুধিবলৈ লাগিল। এনেকৈ সুধি থকাৰ মাজতে ককাকে মাত লগালে,

: গোঁসানী সৌজনী চা সৱিতা আহিছে। চা সেয়া মুখখন ফুলাই আহিছে।

ককাকৰ কথা শুনি জিয়াই ইফালে সিফালে চাই কোনো চিনাকি মানুহ নেদেখিলে। মাত্ৰ পাৰ্কখনৰ সিটো পাৰে সিহঁতৰ ঘৰৰ কাষৰে হাজৰিকা আংকলহঁতৰ আইতাকক পাৰ্কখনৰ গেইটৰ ওচৰলৈকে আহি থকা দেখিলে। ককাকে কেনেবাকৈ তেওঁৰ কথাকে কৈছে নেকি আকৌ এবাৰ ককাকৰ চকুলৈ চালে। নাই ককাকৰ চকু সেইফালে নাই। তাই এইবোৰে পৰ্যবেক্ষণ কৰি থাকোঁতে আকৌ ককাকে মাত দিলে,

: তুমি বেয়া নাপাবা, ইহঁতেহে মোক এৰি নিদিয়ে। মই ইমানদিন যাওঁ যাওঁ কৈয়ে আছিলোঁ।

ককাকৰ মাত শুনি জিয়াই এইবাৰ ককাকৰ ফালে মূৰটো ঘূৰাই দেখিলে ককাকে কাষত কোনোবা বহিলে কথা পতাৰ দৰে ভৰিৰ ওপৰত ভৰি তুলি এখন হাতেৰে নিজৰ আনখন হাত মোহাৰি মূৰ জোকাৰি কথা কৈ আছে।

: ককা কি কৰি আছা, কাৰ লগত কথা পাতিছা?

: কেলৈ এইজনী আইতায়েৰ নহয়, বেয়া পাইছে তহঁতক। মোক তহঁতে এৰি দিয়া নাই যাবলৈ।

তাইক কথাকেইটা কৈ ককাকে আকৌ সিফালে মুখখন ঘূৰাই কথা পতাত লাগিল।জিয়াই অলপ সময় কি কৰিব ভাবি ল’লে। এতিয়া যদি ককাকক তাই জোৰ কৰি ইয়াৰ পৰা উঠাই নিয়ে তেওঁৰ খং উঠিব। ককাকৰ এনেকুৱা সময়ত যদি খং উঠে কি ঘটনা ঘটিব জিয়াৰ জনা আছে। হয়তো ককাকে নিজৰ ভুলটো গম পাই নিজৰ গালতে থপৰিয়াই চিঞৰি চিঞৰি কান্দিব নহ’লে ‘তহঁতে সবেই মিছা কথা কৈ থাক’ বুলি বেঞ্চখনৰপৰা উঠি দৌৰ মাৰিব। সেয়ে তাই অকণমান সময় ককাকক তেনেকৈয়ে থাকিবলৈ দি তাই উঠি গৈ বেঞ্চখনৰ ওচৰতে ঘূৰা পকা কৰি থাকিল। দহমিনিটমান তেনেকৈয়ে থাকি তাই ককাকলৈ ঘূৰি চাই দেখে যে ককাকে কাৰোবাক হাত জোকাৰি বিদায় দিয়াৰ দৰে কৰি আছে। তাই তেতিয়াই দৌৰ মাৰি আহি ককাকক ক’লে….

: ককা ব’লা, আইতাৰ লগত যাওঁ।

তাইৰ কথাটো শুনিবলৈ পালেহে, কোন তলকত ককাকে বেঞ্চৰ পৰা উঠি দৌৰ মাৰিলে তাই ততেই ধৰিব নোৱাৰিলে।

: ককা ৰ’বা ৰ’বা……।

বুলি চিঞৰি চিঞৰি তায়ো ককাকৰ পিছে পিছে দৌৰ মাৰিলে। তাইৰ চিঞৰ শুনি ককাকে পাছলৈ ঘূৰি চাওঁতেই শিল এটাত উজুতি খাই ধামকৈ মাটিত মুখখন তললৈ দি বাগৰি পৰে। ককাক পৰা দেখি তাই যিহে গগণ ফালন চিঞৰ মাৰিলে ওচৰে-পাঁজৰে য’ত যিমান মানুহ আছিল, সেইখিনি পালেহি।

দুদিন হ’ল ককাক হস্পিটেলত থকা। ডাক্তৰে মাকহঁতক কি কৈছে তাই নাজানে ভালকৈ।এই দুদিনত কিন্তু ককাকক দেখি জিয়াৰ কিবা এটা দুখ লাগি আছে। হস্পিটেলৰ বেডত শুই থাকিয়ে মাজে মাজে হাতখন ওপৰলৈ ডাঙি তৰ্জনী আঙুলিটো টোঁৱাই কিবা এটা দেখুৱাই ফুচফুচাই কিবাকিবি কৈ থাকে। কিন্তু মাতটো স্পষ্ট নহয়। জিয়াৰ খুউব ভয় লাগিল ককাকক দেখি।

“এইবাৰ বাৰু ককাক সঁচাকৈয়ে আইতাকৰ ওচৰলৈ যাবগৈ নেকি!”

জিয়াই ভাবিব নোৱাৰে ককাকে তাইক এৰি থৈ গুচি যোৱা কথাটো। এইকেইদিন বাৰে বাৰে জিয়াই সেই চিঠিখনকে পঢ়ি আছে। শেষৰ শাৰীটো সম্পূৰ্ণ হ’বলৈ থাকি গ’ল যদিও তাই নিজেই বুজি লৈছে যে ককাকে তাইৰ লগত সদায় থকা কথাটোৱেই কৈছিল।

মনটোক তাই যিমানেই সান্ত্বনা নিদিয়ক, তাইৰ কিন্তু আইতাকৰ মৃত্যুৰ সময়ত মাকে দেউতাকক কোৱা কথাটোৱে তাইৰ মনত বৰকৈ খুন্দিয়াবলৈ ধৰিলে

 “আমি অহা আৰু যোৱাত কাকো ৰখাব নোৱাৰোঁ।”

বাৰে বাৰে ভগৱানক ককাকক আগৰ দৰে কৰি দিবলৈ খাটি আছে বেচেৰী জিয়াই। তাই স্কুলৰপৰা আহি ককাকক চাবলৈ হস্পিটেললৈ গ’ল। নাকে-মুখে পাইপ গুজি বিছনাত পৰি থকা ককাকে তাইক দেখি হাত বাউল দি ওচৰলৈ মাতিলে। তাই ককাকৰ ওচৰ পোৱাত ককাকে তাইৰ হাতখনত খেপিয়াই ধৰি কঁপা কঁপা মাতেৰে ফুচফুচাই কোৱাৰ দৰে ক’লে,

“সৱিতা চিন্তা নকৰিবা আজি যামেই তোমাৰ লগত।”

ককাকৰ কথা শুনি জিয়া উচুপি উঠিল। ককাকৰ হাতখন সজোৰে চেপা মাৰি ধৰি তাই উচুপি উচুপিয়ে কৈ উঠিল,

“মই তোমাৰ গোঁসানী ককা, মোক এৰি তুমি ক’তো যাব নোৱাৰা।”

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *