লাক, মিৰাকল্ আদিৰ  কথা-ড° মৃদুস্মিতা ফুকন

১ জুলাই|চিকিত্‍সকসকলৰ বাবে এক বিশেষ দিন।সেই উদ্দেশ্যে বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত এক অনুষ্ঠানত ভাগ ল’বলৈ চিকিত্‍সক স্বামীৰ  সৈতে ওলালোঁ।হাঁহি-আনন্দৰ সেই অনুষ্ঠান উপভোগ কৰি ঘৰ আহি পাই দেখোঁ, আজি প্ৰায় ১২ বছৰে পিন্ধি থকা ঘড়ীটো মোৰ হাতত নাই।স্বাভাৱিকতে মনটো বৰ বেয়া লাগিল।সেইদিনা ঘড়ীটো পিন্ধাৰ সময়ত আক’ মনতে ভাবিছিলোঁ…

‘আমনি লাগিছে আৰু এই ঘড়ীটো পিন্ধি পিন্ধি!বেয়াও নোহোৱা হ’ল ই!’

জগৰ লাগিল নেকি বাৰু ঘড়ীটোৰ?য’ত মানুহৰ জীৱনটোৱেই অস্থায়ী, সেই কথা জনা-বুজাৰ পাছতো এনে পাৰ্থিৱ অস্থায়ী বস্তু কিছুমানৰ সৈতে কিয় যে আমাৰ এনে গভীৰ সম্পৰ্ক গঢ়ি উঠে!সদায় ব্যৱহাৰ কৰি থকা কলমটো, চেন্দেলযোৰ বা এই ঘড়ীটোৰ দৰে সাধাৰণ অথচ আমাৰ জীৱনত অসাধাৰণ হৈ পৰা পাৰ্থিৱ বস্তু কিছুমানৰ সৈতে কেতিয়াবা, কিবা কাৰণত সম্পৰ্ক ছেদ হ’লে মনটো কিয় বাৰু সেমেকি উঠে?

হেৰোৱা ঘড়ীটোৰ কথা আৰু ভাবি নাথাকোঁ বুলিয়েই মনটোক দৃঢ় কৰি দৈনন্দিনৰ জগতত প্ৰবেশ কৰিলোঁ।

ফোনত ডা: ৰাজুৰ মেচেজ…..

“কালি আপোনাৰ সৈতে কথা পাতিবলৈ সুযোগেই নাপালোঁ| অনুষ্ঠান কেনে পালে?”

“হয় দিয়া, মানুহৰ সমাগম আৰু বিৰতিহীন সুন্দৰ অনুষ্ঠানবোৰ উপভোগ কৰোঁতে আমি কথা-বতৰা পাতিবলৈ সুযোগেই নাপালোঁ।বৰ ভাল লাগিছিল অনুষ্ঠানবোৰ।কিন্তু আন এটা কথাতহে মোৰ মনটো বেয়া লাগি আছে।কালি মোৰ ঘড়ীটো হেৰাল।তাতে ক’ৰবাত পৰিল নেকি!”

সাধাৰণতে মই এনে ধৰণৰ কথাবোৰ বৰকৈ মনত লৈ নাথাকোঁ|কথাটো মনৰপৰা আঁতৰাবলৈ চেষ্টা কৰি আছোঁ যদিও কিয় জানো ডা: ৰাজুৰ আগত  হঠাতে কথাটো ওলাই গ’ল।

“অ’ ঘড়ীটো আপোনাৰ নেকি?”

“মানে?”

—মই ডা: ৰাজুৰ কথাৰ একো ভূ নাপাই ক’লোঁ।

“কালি সেই হলতে মহিলাৰ ঘড়ী এটা কোনোবাই পালে আৰু ডা: ৰ’দালিয়ে কথাটো ঘড়ীটোৰ ফটো এখনৰ সৈতে আমাৰ হোৱাটছ্‍ আপ গ্ৰুপটোত দি দিছে।আপোনাৰ ঘড়ীটো বাৰু সোণালী ৰঙৰ নেকি?”…….

মোৰ ঘড়ীটো ডা: ৰ’দালি বৰুৱাই থৈ দিছিল।তেওঁ সযতনে থৈ দিয়া ঘড়ীটো আনিবলৈ বুলি প্ৰথমবাৰৰ বাবে সেই সৰল, মুকলি মনৰ চিকিত্‍সকগৰাকীৰ ঘৰলৈ গৈ তেওঁৰ জীৱনৰ ভালেমান অনন্য ঘটনাৰ কথা জানিলোঁ যিবোৰে আমাৰ মনতো দোলা দি গ’ল।

ডিব্ৰুগড়ৰ অসম চিকিত্‍সা মহাবিদ্যালয় হস্পিতালত এক সাধাৰণ অস্ত্ৰোপচাৰ কৰাবলৈ গৈ এক অসাধাৰণ জটিল অৱস্থাত পৰিছিল ডা: ৰ’দালি।স্বাস্থ্যজনিত আঁসোৱাহৰ কবলত পৰি হঠাতে তেওঁৰ শৰীৰৰ প্ৰায় আটাইবোৰ অংগ-প্ৰত্যংগৰ ক্ৰিয়া বিকল হৈ পৰিছিল; যাক চিকিত্‍সা-বিজ্ঞানৰ ভাষাত কোৱা হয় ‘মাল্টিপল্ অৰগেনছ ফেইলৰ’।চিকিত্‍সকৰ চেষ্টা-কষ্টৰ হাতত নিজকে এৰি দি হস্পিতালৰ বিচনাত এক নিৰ্জীৱ পদাৰ্থৰ দৰে পৰি ৰৈছিল ডা: ৰ’দালি।তেওঁৰ চিকিত্‍সক স্বামী ডা: ৰূপকে যেন আশা এৰি দিছিল তেওঁৰ জীৱন পোহৰাই তোলা মৰমী ৰ’দালিজনীৰ।আনকি এসময়ত ৰ’দালিক অহৰহ চিকিত্‍সা-সেৱা আগবঢ়াই থকা অভিজ্ঞ চিকিত্‍সকসকলেও হাত দাঙি দিলে।অ’ত-ত’ত আনকি ডা: ৰ’দালিৰ নামত শোকসভা পতাৰো আয়োজন চলিল|সেই সময়ত তেওঁৰ পৰিয়ালৰ আটাইৰে একমাত্ৰ ভৰষা কোনো এক অদৃশ্য শক্তিৰ ওপৰত।

ডা: ৰ’দালি আছিল শোণিতপুৰ জিলাৰ বৰগাঙৰ কেথলিক হস্পিতালত কৰ্মৰত চিকিত্‍সা-বিষয়া।যেতিয়াই হস্পিতালৰ আন আন কৰ্মচাৰী, নাৰ্চ-চিষ্টাৰসকলে জানিব পাৰিলে যে তেওঁলোকৰ মৰমিয়াল ডা: ৰ’দালিয়ে ইতিমধ্যে হস্পিতালৰ বিচনাত নিৰলে জীৱন-মৰণৰ সৈতে যুঁজ দি আছে, লগে লগেই তেওঁলোক গৈ ডা: ৰ’দালিৰ ওচৰ পালেগৈ|তেওঁ থকা কোঠাটো ফুল-পাতেৰে সজাই চিষ্টাৰসকলে সেই মানৱ-দৰদী চিকিত্‍সকগৰাকীৰ আশু আৰোগ্য কামনা কৰি,একান্তমনে তেওঁলোকৰ ইষ্ট-দেৱতাৰ পৰম্পৰাগত প্ৰাৰ্থনা আৰম্ভ কৰিলে।প্ৰভু যীচুৰ আশীৰ্বাদ-পুষ্ট নিৰ্মালি ডা: ৰ’দালিৰ শৰীৰ স্পৰ্শ কৰালে।

ইতিমধ্যে শোভনৰ হাতত ঘটনাক্ৰমে আহি পৰা ….. দৰগাহৰ পৰা অহা আতঁৰৰ বটলটোতে যেন আহিল ডা: ৰ’দালিৰ বাবে বিশেষ আশীৰ্বাদ।মুম্বাইত কৰ্মৰতা ডা: ৰ’দালিৰ বায়েকে ওৰে ৰাতি জপ কৰা গণেশ বন্দনায়ো যেন ক্ৰিয়া কৰিলে তেওঁৰ শৰীৰত।ৰাতিপুৱালৈ ডা: ৰ’দালি উঠি বহিল।

এয়া বাৰু কেনেকৈ সম্ভৱ হ’ল? সন্দেহ নাই,  প্ৰাৰ্থনাৰ শক্তি অসীম৷ তথাপিও ই  চিকিত্‍সক ডা: ৰ’দালিৰ বাবেও এয়া যেন এক অদ্ভূত সাঁথৰ।অভিধানত ‘মিৰাকল’ বুলি থকা শব্দটোৰ বাহিৰে আৰু কিবা ক্ষেত্ৰত এনে ঘটনা সম্ভৱ হ’ব পাৰেনে?

সঁচাকৈয়ে মোৰ সেই লাকী ঘড়ীটোৱে সেইদিনা মিৰাকল কৰি ডা: ৰ’দালিৰ সেই অনন্য জীৱন-অভিজ্ঞতাৰ ভাগ আমাকো দিয়ালে।পাৰ্থিৱৰ মাজতে যেন অপাৰ্থিৱৰ সন্ধান পালোঁ।

2 Comments

  • কমলা দাস

    ভাল লাগিল পঢ়ি

    Reply
  • কুশল মহন্ত।

    ভাল লাগিল , মোৰ তেনেকুৱা ঘটনা কেইবাটাও ঘটিছে ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *