শ্ৰদ্ধাঞ্জলি-পূৰ্ণিমা শইকীয়া গগৈ
শ্ৰাদ্ধৰ সকলো আয়োজন চলি থকাৰ মাজতে হঠাতে বৰ পুত্ৰ প্ৰশান্তৰ মনত পৰিল কথাটো।শ্ৰাদ্ধৰ দিনা শ্ৰদ্ধাঞ্জলি জনাবলৈ দেউতাকৰ ফটো এখন লাগিব।তাৰ ওচৰত নাই।ভায়েক দিগন্ত আৰু ৰক্তিমৰ ওচৰতো নাই।কি হ’ব এতিয়া?সকলোৰে ঘৰত শ্ৰাদ্ধৰ দিনা ধূপ,বন্তি জ্বলাই ফুলেৰে সজাই থোৱা ফটো সিহঁতে দেখিছে।
সকলোৰে হাতত দামী দামী মোবাইলত পৰিয়ালৰ লগত তোলা বহুত ফটো আছে। কিন্তু দেউতাৰ ফটো এখন তুলি থোৱাৰ কথা কোনেও নাভাবিলে।
শেষত তিনি পুত্ৰই মাকৰ কাষ চাপিল।
”তোমাৰ ওচৰত দেউতাৰ ফটো আছে নেকি?”
মাকে নতুন ঘৰত এলাগী হৈ পৰি থকা পুৰণি বাকচটো খুলিলে।উলিয়াই আনিলে কেইখনমান ফটো।তাৰ মাজৰেপৰা এখন ফটো লৈ প্ৰশান্তই কলে,
”এইখনৰ পৰা এখন ফটো বনাব লাগিব।”
শ্ৰাদ্ধ সুন্দৰকৈ হৈ গল।বহু লোকক নিমন্ত্ৰণ কৰিলে তিনি পুত্ৰই । ৰাইজে কলে ”বৰ সুন্দৰকৈ পাতিলা শ্ৰাদ্ধ।”
শ্ৰাদ্ধৰ দুদিনৰ পিছত প্ৰশান্ত আৰু দিগন্তৰ পৰিয়াল যাবলৈ ওলাল।
সৰু পুত্ৰ ৰক্তিমে মাকক কলে,
”মা ভাল কাপোৰ এযোৰ পিন্ধি আগফালে আহিবা চোন।”
মাক ৰমলাই কাপোৰ পিন্ধি থাকোতে ভাবিলে,
“মোক ইহঁতে লৈ যোৱাৰ কথা ভাবিছে নেকি? মই কিন্তু এই ঘৰ এৰি কলৈকো নাযাওঁ।”
”মা হ’লনে তোমাৰ?”
ৰক্তিমৰ মাত শুনি ৰমলা ওলাই আহিল।সকলো ৰৈ আছে তেওঁৰ বাবে। চকীখনত বহুৱাই দিলে ৰমলাক। তাৰ পিছত কিমান যে ফটো সকলোৰে লগত।
প্ৰশান্ত আৰু দিগন্তৰ পৰিয়াল গ’লগৈ। ৰমলা নিজৰ কোঠাত সোমাল।জীয়াই থকা বাকী দিনকেইটা মানুহজনৰ অবিহনে অকলে পাৰ কৰিব লাগিব।বৈ অহা চকুপানীখিনি মোহাৰি দিলে। তাই মৰিলে আৰু ফটো এখনৰ বাবে একো অসুবিধা নহয়। এতিয়া সকলোৰে ওচৰত আছে তাইৰ ফটো।
স্বামীৰ ফটোখনৰ কাষত ৰৈ কৈ উঠিল,
“তুমি জীয়াই থাকোঁতে যদি ফটো এখন তুলি থ’লে হেঁতেন!”
9:50 PM
ভাল লাগিল।