শ্ৰীযুত দীপাংকৰ মল্ল বৰুৱাদেৱৰ সৈতে অন্তৰংগ আলাপ
অইল ইণ্ডিয়া লিমিটেডৰ এজন সুদক্ষ অভিযন্তা, উপন্যাসিক, প্ৰবন্ধ লেখক, সুবক্তা তথা এজন সামাজিক ভাৱে জনপ্ৰিয় লোক শ্ৰীযুত দীপাংকৰ মল্ল বৰুৱাদেৱৰ সৈতে এটি সাক্ষাৎকাৰ
( ‘শব্দচিত্ৰ’ গোটৰ তৰফৰপৰা ই-মেগাজিন ‘জীৱন জিজ্ঞাসা’ৰ কাৰণে এইবাৰৰ সাক্ষাৎকাৰটি গ্ৰহণ কৰিলে শ্ৰীমতী কুমকুম দেৱী শৰ্মাবৰুৱাই)
শৰ্মাবৰুৱা: নমস্কাৰ বৰুৱাদেৱ। মই ‘শব্দচিত্ৰ ‘ গোটৰ তৰফৰপৰা আপোনাৰ লগত আপোনাৰ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত দুআষাৰ কথা পাতিব খুজিছোঁ। আশাৰাখোঁ আপুনি সহায় কৰিব।
বৰুৱাদেৱ:- নিশ্চয়। মই ‘শব্দচিত্ৰ’ গোটৰ সকলো সদস্য-সদস্যা, লগতে আপোনাকো মোৰ দৰে অভাজনক সাক্ষাৎকাৰৰ বাবে নিৰ্বাচন কৰাৰ বাবে ধন্যবাদ জনাইছোঁ।
শৰ্মাবৰুৱা:- বৰুৱাদেৱ, আপোনাৰ জন্ম, জন্মৰ ঠাই আৰু শৈশৱকালৰ বিষয়ে দুআষাৰ কওকচোন প্ৰথমে।
বৰুৱাদেৱ:- মোৰ জন্ম গুৱাহাটীত। মোৰ ঘৰ গুৱাহাটীৰ কুমাৰপাৰাত। মোৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল ঘৰৰ কাষতে থকা হৰিপ্ৰিয়া বিদ্যাপীঠত। পঞ্চম শ্ৰেণীৰপৰা মই গুৱাহাটীৰ ডনবস্ক’ স্কুলত পঢ়িছিলোঁ। মই সৰুৰেপৰা গল্প, পদ্য আদি লিখিছিলোঁ। মই নিজে নাটক লিখি মঞ্চত অভিনয়ো কৰিছিলোঁ। মই আকাশবাণী গুৱাহাটীত শিশু শিল্পী হিচাপে কেইবাখনো অনাতাঁৰ নাটকত অভিনয় কৰিছোঁ। তদুপৰি মই আকস্মিক বক্তৃতা, আবৃত্তি, কুইজ, তৰ্ক আদি প্ৰতিযোগিতাতো ভাগ লৈছিলোঁ আৰু দুই এটা পুৰস্কাৰো পাইছিলোঁ।
শৰ্মাবৰুৱা:-অশেষ ধন্যবাদ। এতিয়া আপোনাৰ গৌৰৱময় শিক্ষা আৰু কৰ্মজীৱনৰ বিষয়ে আমি জানিব খোজোঁ। আপুনি কৰ্মক্ষেত্ৰত অতি দক্ষ আৰু দক্ষতা বিকাশৰ বাবে আপুনি চাকৰিকালত এম.বি.এ পঢ়িবলৈও গৈছিল আৰু সুখ্যাতিৰে উত্তীৰ্ণ হৈ আহিছিল বুলি আমি জানিব পাৰিছোঁ।
বৰুৱাদেৱ:- মই ডনবস্ক’ স্কুলৰপৰা ১৯৮৭ চনত অসমৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। ১৯৮৯ চনত মই কটন কলেজৰপৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত অসমৰ ভিতৰত তৃতীয় স্থান দখল কৰি উত্তীৰ্ণ হৈছিলোঁ। মই নাগপুৰৰ Visvsvaraya Regional College of Engineering পৰা ১৯৯৩ চনত Electronics Engineeringত স্নাতক ডিগ্ৰী লাভ কৰিছিলোঁ। তাৰ পাছত মই গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা Instrumentationত স্নাতকোত্তৰ ডিপ্ল’মা লাভ কৰিছিলোঁ। ২০১১ চনত অইল ইণ্ডিয়া লিমিটেডত কৰ্মৰত অৱস্থাত মই গুৰগাঁৱৰ Management Development Instituteৰ পৰা MBA ডিগ্ৰী লাভ কৰিছিলোঁ।
শৰ্মাবৰুৱা:-বৃটিছৰ বহুত নিয়ম-কানুন চলি থকা ঠাইখনত আপুনি এজন অইলৰ উচ্চপদস্থ বিষয়া হৈও একেবাৰে সাধাৰণ শ্ৰেণীৰ লোকৰপৰা সকলো লোককে বৰ সাদৰেৰে মাত-বোল কৰে। সেয়ে আপোনাক সকলোৱে ভাল পায়। আপোনাৰ পত্নীও এগৰাকী অইলৰ উচ্চপদস্থ বিষয়া। তেখেতক বেলেগ ঠাইলৈ বদলি কৰাত আপুনি ঘৰত বিনা পইচাই বহুতো দুখীয়ালোকৰ কণ কণ ল’ৰা-ছোৱালীক অংক শিকাইছিল। অন্য নহ’লেও যোগ, বিয়োগ , পূৰণ , হৰণকে মন দি শিকক বুলি আপুনি বৰ মৰমেৰে শিকাইছিল কাৰণে আপুনি অফিছৰপৰা অহাৰ আগতেই সিহঁত উপস্থিত হৈছিলহি। এনেকুৱা এখন অন্তৰ পাবলৈ আপোনাক নিশ্চয় ঘৰুৱা পৰিৱেশে সহায় কৰিছে। আপোনাৰ মা-দেউতাৰ বিষয়ে অলপ কওকচোন।
বৰুৱাদেৱ:- মোৰ দেউতা পেছাসূত্ৰে এজন অধিবক্তা আৰু মা গৃহিনী। ঈশ্বৰৰ কৃপাত দুয়োজনেই এতিয়া সুস্বাস্থ্যৰে গুৱাহাটীৰ নিজা ঘৰত আছে। মই এটা মধ্যবিত্ত পৰিয়ালত ডাঙৰ দীঘল হৈছোঁ কাৰণে সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ লগত মিলা মিচাৰে বাস কৰাৰ শিক্ষা ঘৰখনত সৰুৰেপৰা পাইছোঁ। মোৰ পত্নী কৰ্মসূত্ৰে কেইদিনমান গুৱাহাটীলৈ বদলি হোৱাত মই কোম্পানীৰ আবাসিক অঞ্চলৰ ছাৰ্ভেণ্ট কোৱাৰ্টাৰত বাস কৰা স্কুলীয়া ছাত্ৰ ছাত্ৰী কেইটিমানক ঘৰুৱাকৈ নিজৰ আবাসতে পাঠদান কৰিছিলোঁ। মই অনুভৱ কৰিছিলোঁ যে ঘৰত পঢ়া শুনাৰ কাৰণে পৰিৱেশৰ অভাৱ আৰু পিতৃ মাতৃৰ নিৰক্ষৰতাৰ কাৰণে সেই শ্ৰেণীৰ ল’ৰা ছোৱালীবোৰে পঢ়া শুনাত আগ্ৰহ হেৰুৱাই পেলায়। সেয়েহে মোৰ আজৰি সময়ত তেনে ল’ৰা ছোৱালীক অফিছ ছুটীৰ পাছত ঘৰুৱা শিক্ষকৰ দৰে পঢ়ুৱাইছিলোঁ।
শৰ্মাবৰুৱা:-আপুনি ‘ডিগ বয় ডিগ’ উপন্যাসৰ যোগেদি অইলৰ খননৰ বহু কথা , অইলৰ বুৰঞ্জী, মানৱীয় প্ৰেম ইত্যাদি বৰ সুন্দৰকৈ প্ৰকাশ কৰিছে। তাৰ আগতে আপুনি কিন্তু বৰ সুন্দৰ সুন্দৰ প্ৰবন্ধ বাতৰি কাকতত লিখি আছিল। সেইবোৰ সমাজ সংশোধনৰ বাবে বৰ উপযোগী আছিল। আজিকালি বৰকৈ তেনেকুৱা প্ৰবন্ধ নিলিখা হৈছে। কাৰণটো কেৱল ব্যস্ততা নে অন্য কাৰণো আছে। কওকচোন বৰুৱাদেৱ, আপোনাৰ সাহিত্য চৰ্চাৰ প্ৰেৰণা তথা সকলো ইতিকথা। নতুন পৰিকল্পনা অথবা আধালিখা কিতাপ ইত্যাদিৰ কথাও আমি জানিবলৈ বিচাৰোঁ।
বৰুৱাদেৱ:-মই কেতিয়াও সাহিত্যিক হ’ম বুলি লিখা-মেলা কৰা নাই। আমাৰ কোম্পানীৰ ইতিহাস অধ্যয়ন কৰোঁতে মই অনুভৱ কৰিছিলোঁ যে এই ইতিহাস অসমৰ সৰহভাগ মানুহেই নাজানে। সেইকাৰণে মই সেই ইতিহাসক আলম হিচাপে ব্যৱহাৰ কৰি এখন উপন্যাস ৰচনা কৰিলোঁ। সেইখন মোৰ প্ৰথম উপন্যাস আছিল যদিও ‘প্ৰান্তিক’ আলোচনীখনে উপন্যাসখন প্ৰকাশৰ বাবে যোগ্য বুলি বিবেচনা কৰিলে আৰু ‘ডিগ বয় ডিগ’ নামেৰে উপন্যাসখন প্ৰান্তিকত প্ৰকাশ হ’ল। উপন্যাসখন বিপুল ভাৱে জনপ্ৰিয় হোৱাত অসমৰ অগ্ৰণী গ্ৰন্থ প্ৰকাশক প্ৰতিষ্ঠান ‘বনলতা’ই উপন্যাসখন কিতাপ হিচাপে প্ৰকাশ কৰিলে। মোৰ দ্বিতীয়খন উপন্যাস ‘ডিভাইন কোড’ বিজ্ঞানভিত্তিক কল্প কাহিনীৰ উপন্যাস। সেইখনো বনলতাই প্ৰকাশ কৰিছে। মোৰ আন এখন গ্ৰন্থ ‘চেমনীয়াৰ গীতা’ও বিপুলভাৱে সমাদৃত হৈছে। প্ৰথমবাৰৰ কাৰণে গীতা অধ্যয়ন কৰি সৰু ল’ৰা ছোৱালীয়ে বুজি পোৱাকৈ গীতাৰ কথা লিখি উলিয়াবলৈ সংকল্প লৈছিলোঁ কাৰণেই ‘চেমনীয়াৰ গীতা’ৰ সৃষ্টি হ’ল। মোৰ ‘আজৰি পৰৰ গদ্য’ নামৰ এখন প্ৰৱন্ধ সংকলনো আছে। বাতৰি কাকতত বহুদিন প্ৰবন্ধ লিখা নাই। আমি চৰকাৰী কোম্পানীৰ চাকৰিয়াল কাৰণে কিছুমান স্পৰ্শকাতৰ বিষয়ত মতামত প্ৰকাশ কৰাত অসুবিধা আছে। সেইকাৰণে হয়তো শেহতীয়াকৈ প্ৰবন্ধ লিখা নাই। কিন্তু পাছলৈ আকৌ লিখিবলৈ ল’ম বুলি আশা ৰাখিছোঁ।
বৰ্তমান মোৰ আন এখন কিতাপ ‘গীতাৰ মণি মুকুতাবোৰ’ প্ৰকাশৰ পথত। ‘ডিগ বয় ডিগ’ৰ ইংৰাজী অনুবাদো প্ৰকাশ হৈছে আৰু আমাজনত উপলব্ধ হৈছে। মই এতিয়া অসমৰ চাহ উদ্যোগৰ ইতিহাসক আলম কৰি আন এখন উপন্যাস লিখি আছোঁ।
শৰ্মাবৰুৱা:-এতিয়া আপোনাৰ জীৱনসঙ্গী আৰু সন্তান দুটিৰ বিষয়ে দুআষাৰ কওকচোন।
বৰুৱাদেৱ:-মোৰ পত্নী প্ৰণীতা বৰুৱা অইল ইণ্ডিয়া লিমিটেডৰ সামগ্ৰী বিভাগত উপ মহা প্ৰৱন্ধকৰ পদত কৰ্মৰত হৈ আছে। মোৰ প্ৰথম সন্তান ‘নিয়ৰ’ শিলচৰৰ National Institute of Technologyত দ্বিতীয় বাৰ্ষিকত পঢ়ি আছে আৰু দ্বিতীয় সন্তান কুঁহি দুলীয়াজানৰ Delhi Public School ৰ দশম মান শ্ৰেণীৰ ছাত্ৰী।
শৰ্মাবৰুৱা:-আপোনাৰপৰা আমি সামাজিক মাধ্যমৰ সাহিত্য-চৰ্চাৰ ওপৰত অকণমান উপদেশ তথা দিহা-পৰামৰ্শ বিচাৰিলোঁ।
বৰুৱাদেৱ:-অসমীয়া সাহিত্য চৰ্চাত বৰ্তমান সময়ত সামাজিক মাধ্যমৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে। বহুতো দেশ- বিদেশত থকা মানুহে অসমীয়াত সাহিত্য চৰ্চা কৰাৰ মাধ্যম হিচাপে সামাজিক মাধ্যমক ব্যৱহাৰ কৰিছে। ইয়াৰ ফলত ইণ্টাৰনেটত অসমীয়া ভাষাৰ লেখা যথেষ্ট বাঢ়িছে আৰু Google, Microsoft ৰ দৰে কোম্পানীয়ে বিভিন্ন ভাষাৰপৰা অসমীয়ালৈ আৰু অসমীয়াৰপৰা বিভিন্ন ভাষালৈ অনুবাদক নিৰ্মাণ কৰি উলিয়াইছে। সামাজিক মাধ্যমত প্ৰকাশক নথকা বাবে আৰু যিকোনো বিষয়ৰ লেখাত মন্তব্য দিয়াৰ সুবিধাৰ বাবে এতিয়া সামাজিক মাধ্যমৰ লেখা ছপা মাধ্যমতকৈ অধিক জনপ্ৰিয় হ’বলৈ লৈছে। কিন্তু সকলো ভাল বস্তুৰে এটা বেয়া দিশ থকাৰ দৰে সামাজিক মাধ্যমৰ লিখা মেলাত কোনো ধৰণৰ বাধা বা ছেকনি নথকাৰ বাবে কিছুমান সামাজিকভাৱে অগ্ৰহণীয় লিখা মেলা আৰু মন্তব্যৰো সৃষ্টি হৈছে।
শৰ্মাবৰুৱা:-আমি আপোনাৰ সুস্বাস্থ্যৰে দীৰ্ঘায়ু জীৱন কামনা কৰাৰ লগতে কৰ্মব্যস্ততাৰ মাজতো এনেদৰে সাহিত্য চৰ্চাত ব্ৰতী হৈ থাকিবলৈ ভগৱানে শক্তি প্ৰদান কৰিবলৈ প্ৰাৰ্থনা জনালোঁ। আপোনাৰ বহুমূলীয়া সময় আমাৰ বাবে ব্যয় কৰাত অশেষ কৃতজ্ঞ হৈ ৰ’লো।
9:37 PM
খুব ভাল লাগিল
12:05 PM
ধন্যবাদ জনালোঁ।
9:59 PM
বৰুৱাদেৱৰ সাক্ষাতকাৰ পঢ়ি ভাল লাগিল । ভৱিষ্যতেও এই শিতানটো অব্যাহত ৰাখিলে বহুলোকৰ লগত নজনা কথা জানিব পাৰিম ।
12:06 PM
ধন্যবাদ জনালোঁ।
10:26 PM
জনপ্ৰিয় সাহিত্যিকগৰাকীৰ বিষয়ে সাক্ষাৎকাৰটিৰ যোগেদি জানিবলৈ পাই ভাল লাগিল । এই সুবিধাকণ কৰি দিয়াৰ বাবে কুমকুম বাইদেউলৈ আন্তৰিক ধন্যবাদ জনালোঁ
12:06 PM
অশেষ ধন্যবাদ জনালোঁ।
12:59 AM
সাক্ষাৎকাৰটি ভাল লগিল পঢ়ি।
11:06 AM
ধন্যবাদ জনালোঁ।
11:30 AM
সাক্ষাৎকাৰটি পঢ়ি বৰ ভাল লাগিল 👌
12:07 PM
অশেষ ধন্যবাদ জনালোঁ।
5:27 PM
সাক্ষ্যাৎকাৰটো পঢ়ি ভাল লাগিল ।কিছুমান মানুহে নিৰৱে সমাজৰ ভালৰ বাবে কাম কৰি আছে ।
6:14 AM
ধন্যবাদ জনালোঁ
8:39 PM
সুন্দৰ
6:14 AM
ধন্যবাদ জনালোঁ
6:44 AM
বৰ সুন্দৰ সাক্ষাৎকাৰ । বৰুৱা দেৱৰ ছাত্ৰ জীৱনৰ কৃতিত্ব এতিয়াও কৰ্ম জীৱনৰ সুৰুঙাৰ মাজতো বিলাই দিয়াৰ হাবিয়াসৰ কথাখিনি জানিব পাৰি নথৈ আনন্দিত হ’লো।
সাক্ষাৎকাৰটো লোৱাৰ বাবে কুমকুম শৰ্মাবৰুৱাক ধন্যবাদ জনালো।
6:48 AM
সুন্দৰ সাক্ষাৎকাৰটো বৰ ভাল লাগিল। বৰুৱা দেৱৰ ছাত্ৰ জীৱনৰ কৃতিত্ব নিজৰ কামৰ মাজতো আনৰ মাজত বিলাই দিয়াৰ হাবিয়াসৰ কথাখিনি জানিব পাৰি নথৈ আনন্দিত হ’লো।
সাক্ষাৎকাৰটো লোৱাৰ বাবে কুমকুম শৰ্মাবৰুৱাক ধন্যবাদ জ্ঞাপন কৰিলোঁ।