সংখ্যাটোৰ আঁৰৰ কথা 

‘শব্দচিত্ৰ—জীৱন জিজ্ঞাসা’ৰ  ১ম বছৰৰ অন্তিম সংখ্যাটো প্ৰকাশ হোৱাৰ  দুদিনমানৰ পাছতেই  ‘শব্দচিত্ৰ’ গোটৰ প্ৰাণস্বৰূপ অৰবিন্দ গোস্বামীয়ে এদিন মোলৈ ফোন কৰি কলে,  

“বাইদেউ  , অনুৰোধ এটা কৰো— ৰাখিব দেই।”

মই ভাবিলো যে গোটত মাজে -সময়ে দুই এটা অনুবাদ গল্প প’ষ্ট কৰো বাবে পাছৰ সংখ্যাটোত প্ৰকাশ কৰিবলৈ  তেনে গল্প এটা লিখিবলৈ ক’ব।মই ক’বলৈ কোৱাত যিটো অনুৰোধ কৰিলে যে মোৰ কাণৰ কাষত এজাক কোদোৱেহে যেন গোঁ-গোঁৱাই উঠিল।উচপ খাই উঠিছিলো।তথাপিও, কৌশলেৰে মোৰপৰা সন্মতি আদায় কৰিহে এৰিলে অৰবিন্দই।সেয়ে—- এয়া মই দুআষাৰ কথা লিখি আপোনালোককো জনাব লগা হ’ল সংখ্যাটোৰ আঁৰৰ কথা দুটামান।

আলোচনী এখন নিয়মিতভাৱে প্ৰকাশ কৰিব পৰাতো বৰ সহজসাধ্য কথা নহয়,লাগিলে সেয়া  ই- আলোচনীয়েই নহওক কিয়।সেই অনুপাতে আলোচনীখনৰ সম্পাদকৰ দায়িত্বও কোনো গুণে কম নহয়।পিছে,আগতে কথা দি থোৱা মতে  অৰবিন্দই  মোক নিশ্চিন্ত হ’বলৈ কৈ সকলো কামৰ দায়িত্ব মূৰ পাতি ল’লে।এখন সম্পাদনা সমিতি গঠন কৰা হ’ল আৰু সমিতিৰ সকলো সদস্যৰ মাজত খা- খবৰবোৰ ভাগ- বতোৱাৰা কৰা হ’ল।শ্ৰদ্ধাৰ ইলি তালুকদাৰ বাইদেউ আৰু কুমকুম দেৱী শৰ্মাবৰুৱা বাইদেউৱে হোৱাটচ এপৰ যোগেৰে  মোক  উৎসাহিত কৰি থাকিল।

লেখা বিচাৰি গোটত গোহাৰি জনোৱাৰ ভালেমান দিনৰ পাছতো  কোনো লেখা পোৱা নাছিলো।কিছু ভয় খাইছিলো আৰু ভাবিবলৈ বাধ্য হৈছিলো যে মোৰ নিচিনা অযোগ্য লোকৰ হাতত সম্পাদকৰ ভাৰ পৰাত ৰাইজে আস্থা ৰাখিব পৰা নাই বুলি।পিছে,অৰবিন্দই মোক নিশ্চিন্ত হবলৈ কৈ কলে,

“চিন্তা কৰিব নালাগে,সময়ত একেলগে লেখাবোৰ আহিব।”

পাছলৈ অৱশ্যে এই বিষয়ে চিন্তা কৰিব লগা নহ’ল। সম্পাদনা সমিতিখনত  আলোচনী এখন প্ৰকাশ কৰাৰ বাবে কৰিব লগা কামবোৰ ভাগ ভাগ কৰি দিয়া হ’ল।

শ্ৰদ্ধাৰ ইলি তালুকদাৰ,মাতু কুকুৰাচোৱা,ড৹ চাহিন জাফ্ৰী আৰু ৰাজশ্ৰী শৰ্মাই  লেখাসমূহ বৰ্ণাশুদ্ধিৰে প্ৰকাশৰ বাবে আগবঢ়াই দিলে।ইলি বাইদেউৱে তেখেতৰ স্বামীৰ অসুস্থতা স্বত্বেও নিজৰ কৰ্তব্য সম্পাদন কৰে।

কুমকুম শৰ্মা বৰুৱা বাইদেউৱে সাক্ষাৎকাৰটি গ্ৰহণ কৰি অশেষ যত্নেৰে সজাই-পৰাই উলিয়াই দিলে।

আলোচনীখনৰ বেটুপাত আৰু  ভিতৰভাগ অলংকৰণ কৰি সুন্দৰ ভাবে সজাইছে শ্ৰী প্ৰাঞ্জল প্ৰতিম বৰাই।

সঁচা কথা কবলৈ গলে ই- আলোচনী এখন কেনেকৈ প্ৰকাশ কৰে,এই বিষয়ে মই একোৱেই নাজানো।এই গোটেই কাৰিকৰী ক্ষেত্ৰখন চম্ভালি ললে শ্ৰীমান দেৱজিত শৰ্মা আৰু অৰবিন্দ গোস্বামীয়ে।দেৱজিতে শেষৰ কেইদিনমান দিন- ৰাতিৰ ছেদ- ভেদ নোহোৱাকৈ খাটিব লগা হ’ল।

এই গোটেইবোৰৰ আঁৰৰ মূল মানুহজন কোন নাম নকলেও বুজিছেই চাগৈ।মোৰ দৰে সোৰোপা এজনীকো বুদ্ধিৰে যি কামত লগালে ,তেৱেঁই  হৈছে আলোচনীখনৰ মুখ্য ব্যৱস্থাপক — শ্ৰী অৰবিন্দ গোস্বামী।

ইয়াত যিখিনি মানুহৰ মই নাম লৈছো,তেখেতসকলৰ কাকোৱেই  কায়িকভাৱে মই লগ পোৱা নাই।তাৰে ভিতৰত  কেৱল অৰবিন্দৰ লগতহে মই দুদিনমান ফোনত কথা পাতি পাইছো।অথচ এই সকলোৰে মাজত যি আন্তৰিকতা সেয়া সদায় লগ পাই থকা মানুহৰ মাজতো বিচাৰি  পোৱা নাযায়।সকলোৰে মাজত থকা “টিম ৱৰ্ক” ৰ স্পৃহা শলাগিবলগীয়া।সকলোৰে আশাসুধীয়া কষ্টৰ বাবেই আজি আমি গোটৰ ই- আলোচনীখন সময়মতে আপোনালোকৰ আগলৈ আগবঢ়াই দিব পাৰিছো।এখন আলোচনীৰ বাবে পঢ়ুৱৈসকলেই হৈছে প্ৰধান কাৰক।আলোচনীখন পঢ়ুৱৈয়ে যদি আগ্ৰহেৰে হাত পাতি নধৰে আমাৰ সকলো  প্ৰচেষ্টা,সকলো শ্ৰম বৃথা হৈ পৰিব।আপোনালোকৰেই  সৃষ্টিক আপোনালোকে সাদৰেৰে গ্ৰহণ কৰিব বুলি আমি একান্ত আশাবাদী।নতুন বছৰ তথা ভোগালী বিহুৰ বাবে কিছু পলমকৈ হলেও  সকলোলৈকে শুভকামনা জনালো।

যিসকল লেখক-লেখিকাই নিজৰ বহুমূলীয়া সময় খৰচ কৰি আলোচনীখনলৈ লেখা পঠালে, তেওঁলোকলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো।

আলোচনীখনৰ সৈতে জড়িত থকা ওপৰত উল্লেখিত আটাইকেইগৰাকী ব্যক্তিলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ।

চিত্ৰলেখা দেৱী 

সম্পাদিকা 

শব্দচিত্ৰ , জীৱন- জিজ্ঞাসা  

২য় বছৰ, ১ম সংখ্যা

9 Comments

  • Anju Mahanta

    অভিনন্দন জনালোঁ 🎉🎉

    Reply
    • চিত্ৰলেখা দেৱী

      অশেষ ধন্যবাদ জনালো আপোনাক ।

      Reply
  • কমলা দাস

    অভিনন্দন জনালো

    Reply
  • কুমকুম শৰ্মাবৰুৱা

    সুন্দৰকৈ সকলোৰে শলাগ লৈছে।

    Reply
    • Anonymous

      বাইদেউ সকলোৱে নিজৰ নিজৰ কাম কৰিছে — মোৰ নামটোহে – – –

      Reply
  • চিত্ৰলেখা দেৱী

    অশেষ ধন্যবাদ জনালো আপোনাক ।

    Reply
  • সমুজ্জ্বল কাশ্যপ

    অভিনন্দন জনালো বাইদেউ। ভাল লগিল পঢ়ি।

    Reply
    • চিত্ৰলেখা দেৱী

      মন্তব্যৰ বাবে ধন্যবাদ জনালো ।

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *