সকাহ-মন্দিৰা শৰ্মা

ৰ’দটো দেখি নীলাৰ মনটো ভাল লাগিছিল।কিমান দিন যে ৰ’দৰ পোহৰ দেখা নাই!নেৰা-নেপেৰাকৈ হৈ থকা বৰষুণ জাকে নীলাৰ মনটো সেমেকাই ৰাখিছিল। চহৰলৈ অহাৰ পিচৰপৰাই চহৰৰ কৃত্রিম বানপানীৰে মুখামুখি হ’ব লগা হৈছিল।বৰষুণ দিলেই কৃত্রিম বানপানীৰ কবলত পৰে বুলি নীলাৰ চিন্তাৰ তত নোহোৱা হয়। বানপানীৰ লগত যুঁজি যুঁজি নীলাৰ পৰিয়ালটোৱ ভাগৰি পৰিছিল।আৰু কিমান ঘৰ সলাব!পানী কেনেবাকৈ যদি ঘৰৰ ভিতৰত সোমাই ওলোৱাৰ নাম নলয় ! তেনেকুৱাত ল’ৰা-ছোৱালী দুটাৰ স্কুল খতিৰ লগতে বেমাৰো হয়।সেই সময়ত ভাল ঘৰ এটা লবলৈ অৰূপৰ চৰকাৰী চাকৰিৰ পৰ্য্যাপ্ত পৰিমাণৰ দৰ্মহা নাই।ল’ৰা-ছোৱালী দুটাৰ পঢ়া শেষ নোহোৱালৈকে অৰূপ আৰু নীলাই চহৰৰ এই ঠাই খিনিত থকাৰ সিদ্ধান্ত ল’লে।দুয়োটা ল’ৰা-ছোৱালীৰ স্কুল আৰু অৰূপৰ অফিচ ওচৰত থকাৰ কাৰণে কৃত্ৰিম বানপানীত কষ্ট পালেও ইয়াতে থাকিবলৈ ললে।

সৰুৰেপৰা নীলাই বানপানীৰ মাজতে ডাঙৰ হৈ আহিছে।এবাৰ মাজৰাতি যেতিয়া পানীয়ে সিহঁতৰ গাঁও খন বুৰাই পেলাইছিল,তেতিয়া নীলাৰ গাঁৱৰ মানুহে আশ্ৰয় বিচাৰি ওচৰৰ গাঁৱত থাকিবলৈ লৈছিল।নীলাহঁতে নতুন গাঁৱত নতুনকৈ ঘৰ পাতিব লগা হৈছিল।

নীলাৰ ৰ’দত বহাটো আগৰে স্বভাৱ আছিল।ৰ’দত বহি থাকোতেই  নদীয়ে উটুৱাই নিয়া গাঁওখন আৰু নতুন গাঁও খনৰ কথাবোৰ এটা এটাকৈ তাইৰ মনত পৰিবলৈ ধৰিলে—-। তাইৰ যেন কাণত আজিও বাজি উঠে “পানী আহিল” বুলি কৰা চিৎকাৰবোৰ।নতুন গাওঁখনৰ ল’ৰা  অৰূপৰ লগত বিয়া হোৱাৰেপৰাই নীলাই চহৰত থাকিবলৈ লৈছিল।সৰু চৰকাৰী চাকৰিৰে অৰূপৰ এখন সুন্দৰ সংসাৰ আৰম্ভ হ’ল।বৰষুণ দিলে ল’ৰা-ছোৱালী দুটাক নীলাই ঘৰৰপৰা ওলাবলৈ নিদিছিল।আনকি দেউতাকে স্কুললৈ নিবলৈ বিচাৰিলেও যাবলৈ নিদিছিল। ক’ত ফুটপাথ আৰু ক’ত ৰাষ্টা একো ধৰিব নোৱাৰি। বানপানীৰ বিষয়ে টেলিভিশ্যনত দেখা পালেই তাইৰ  অন্তৰখন কঁপি উঠে।সৰুতে গাঁৱত দেখা আৰু বৰ্তমান চহৰত দেখা বানপানীয়ে তাইৰ অন্তৰখন জুয়ে পোৰাদি পুৰিছিল।এতিয়া সেই দিন নাই।ল’ৰা-ছোৱালী দুটাই পঢ়া শেষ কৰি চাকৰিত সোমোৱাৰ পিছত অৰূপে চাকৰি কৰি থকা সময়ত লৈ থোৱা মাটিখিনিত এটা সুন্দৰ ঘৰ সজালে।এই অকণমান  মাটিখিনি কিনিবলৈও অৰূপে কম কষ্ট কৰা নাছিল।বেংক আৰু এল.আই.চিৰপৰা ল’ন  লৈহে কোনোমতে পইচাখিনি গোটাব পাৰিছিল।এটুকুৰা ওখ ঠাইত বিচাৰি বিচাৰি মাটিখিনি  লৈ থোৱাৰ কাৰণে অৰূপ আৰু নীলাই পিছলৈ বানপানীৰ মুখামুখি হ’ব নালাগিছিল।নতুন ঘৰলৈ যোৱাৰ পিচত আগতে বানপানী দেখিলেই ভয় কৰা নীলা আৰু অৰূপৰ মনত আনন্দৰ জোৱাৰ উঠিছিল।এটা সময় আছিল অৰূপ আৰু তাই  ল’ৰা-ছোৱালী লগত লৈ কৃত্রিম বানপানীৰ লগত যুঁজি যুঁজি ভাগৰুৱা হৈ পৰিছিল।এয়া যেন তাইৰ বাবে  এক প্ৰত্যাহবান আছিল।তাইৰ শংকিত মনটোৱে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰে,আৰু যেন কেতিয়াও এনে দৃশ্য দেখা নাপায়।

কৃত্রিম বানপানী আৰু নদীৰ বাঢ়নি পানীৰ মাজত যথেষ্ট পাৰ্থক্য আছে।ৰাতি যেতিয়া নদীত পানী বাঢ়ে,অন্ততঃ ‘পানী সোমাল’ বুলি কৰা হুলস্থুলত মানুহ সজাগ হব পাৰে।কিন্তু কৃত্রিম পানীত এজাক বৰষুণতে আৱৰ্জনাৰে সৈতে  নলা-নৰ্দমাবোৰ  ভৰি  পৰে আৰু কেতিয়া গোটেই অঞ্চলটো পানীৰে ভৰ্তি হয় গমেই নাপায়।ইয়াত কোনেও  ‘বানপানী’ বুলি চিঞৰিবলৈ নাহে।এই পানীৰ বাবে হোৱা কষ্ট ভুক্তভোগীয়েহে  অনুভৱ কৰিব পাৰে।

অৱশ্যে এতিয়া ভয়ানক কৃত্রিম বান পানীৰপৰা অৰূপ আৰু নীলাৰ পৰিয়ালটোৱে সকাহ পালে বহুত দিনৰ আগতেই  এই টিলাটোত মাটিকণ লৈ থোৱাৰ বাবে।

      

One comment

  • পূৰ্ণিমা শইকীয়া গগৈ

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *