সম্পাদকীয়

সময়ে বাগৰ সলাই আকৌ এটা নতুন বৰ্ষত প্ৰৱেশ কৰিলে আৰু সেয়ে পোনপ্ৰথমে মই সকলোলৈকে নৱবৰ্ষৰ হিয়াভৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো।কালচক্ৰৰ লগতে আমাৰ জীৱনত সুখ আৰু দুখৰো এক চক্ৰ অবিৰাম গতিশীল হৈ আছে,যেন এটা আনটোৰ পৰিপূৰক।

সুখ- দুখ বুলি কওঁতেই কবি আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ কবিতা এফাকি মনলৈ আহিল—-

           

             “সুখ সুখ বুলি মানুহ বলিয়া 

              নেদেখে সুখৰ মুখ, 

               সুখ বিচাৰোতে পায় সংসাৰত 

               দুখৰ ওপৰি দুখ।”

আচলতে সুখ মানেনো কি?আমি  ইয়াক কিয়  ইমানকৈ খেদি ফুৰো?সুখ বিচাৰি ফুৰোতেই আমাৰ অমূল্য জীৱনটো কেনেকৈ  পাৰ হৈ  যায় আমি  ধৰিবকে নোৱাৰো।জীৱনত ইমানখিনি  পালেই যে আমি সুখী হ’ম, তাক কেতিয়াও নিৰ্ণয়  কৰিব নোৱাৰি।যিটো নোপোৱা বস্তু বিচাৰি হাবাথুৰি খাই খাই আমি এটা সময়ত তাক পাবলৈ সক্ষম হওঁ,তেতিয়া আমি  প্ৰকৃততে সুখী হওঁনে?তেতিযা  যে সুদূৰৰ অন্য এক মৰীচিকাই আমাক হাত বাউল দি মাতি থাকে,আমি তাক আওকান কৰিব পাৰো জানো?আকৌ আৰম্ভ হয় আমাৰ অন্য এক সুখৰূপী মৰীচিকা খেদাৰ পৰ্ব।সুখৰ অন্বেষণতে জীৱনটো পাত হয়,অথচ সুখ হাতৰ মুঠিলৈ নাহে।

তেনেহলে  সুখক আমি কেনেকৈ  হস্তগত কৰিম? কেতিয়া  বুকু ফিন্দাই ক’ব পাৰিম ‘মই সুখী’ বুলি?সুখ থাকে ক’ত? আচলতে,সুখ হৈছে এটা মানসিক অৱস্থা। আমাৰ  প্ৰত্যেকৰে নিজৰ নিজৰ  মনবোৰেই হৈছে  সুখৰ আলয়।আমি  যেতিয়া কিবা এটা  কৰি নিজে নিজে সন্তুষ্ট হওঁ,সেই অৱস্থাটোকেই ‘সুখ’ বুলিব পাৰো।আমাৰ  কেওকাষৰ পৃথিৱীখনৰ বাবে  আমাৰ একো কৰণীয় নাইনে?নিচেই সাধাৰণভাবে হ’লেও আমি বিপদে-আপদে  কাষৰজনক মাত এষাৰ দিব পাৰো,চুবুৰীয়াজনক পৰাপক্ষত নূন্যতম সহায় কৰিব পাৰো।এই যে আমি  কাৰোবাৰ উপকাৰত অহা কিবা এটা কৰিলো,তাৰ বিনিময়ত আমি  তেওঁৰপৰা একো আশা কৰিব নালাগিব —- অৰ্থাৎ  এয়া আমি নিস্বাৰ্থভাবে কৰিব  লাগিব।তেতিয়াই  আমি এক অনাবিল  আনন্দ,এক ধৰণৰ বিশেষ সন্তুষ্টি লাভ কৰো।আমাৰ সামান্যতম সহায় বা সহযোগিতাৰ বাবে আৰ্তজনৰ  চকু- মুখত  জিলিকি উঠা  সকাহৰ জিলিঙনিয়ে আমাক বিশেষ ধৰণৰ  পৰিতৃপ্তি প্ৰদান কৰে আৰু আমাৰ বাবে এয়াই সুখ,যদিও ই ক্ষন্তেকীয়া।তেনেকৈ  যদি মই  মোৰ সামৰ্থ্য, মোৰ ক্ষমতাৰ পৰিসীমাৰে  আক্ৰান্তসকলক  বাৰে বাৰে অকণমান হলেও  সকাহ  দিব পাৰো , মোৰ সুখৰ পৰিসীমাও নিশ্চয়  বহল হৈ গৈ থাকিব।

অৱশ্যে প্ৰত্যেকৰে বাবে সুখ লাভৰ মাধ্যম পৃথক হ’ব পাৰে।এজনে আনৰ বাবে  কান্দি  সুখ পাব পাৰে কিন্তু আনজনে আকৌ আনক কন্দুৱাইও সুখ লাভ কৰিব  পাৰে।আমি  কাৰ মনত কি ভাবে  ক্ৰিয়া কৰি  আছে তাক কেতিয়াও ক’ব নোৱাৰো।কোনোজনে আন কাৰোবাৰ বাবে সৰ্বস্ব  ত্যাগ কৰিবলৈও  অহৰহ সাজু হৈ  থাকিব পাৰে আৰু আন কোনোজনে আনৰ সৰ্বস্ব  কাঢ়ি ল’বলৈও ষড়যন্ত্ৰ  ৰচনা কৰিব পাৰে । সৰ্বস্ব  ত্যাগ কৰাজনে  যেনেকৈ পৰিতৃপ্তি  লাভ কৰিব পাৰে,সৰ্বস্ব  কাঢ়ি অনাজনেও নিজৰ কাৰ্যত পৰিতৃপ্তি  লাভ  কৰিব পাৰে। কিন্তু  দ্বিতীয়জনৰ কাৰ্যক ‘আসুৰিক’ বুলিহে কোৱা হয়।তেওঁৰ  এই তৃপ্তি  কেতিয়াও  স্থায়ী  হ’ব নোৱাৰে। আনক কন্দুৱাই কোনেও কেতিয়াও বেছি  সময় নিজে হাঁহি থাকিব  নোৱাৰে।আনক কন্দুৱাবলৈ যোৱাতো  অপৰাধ, এটা পাপ। নহ’লে পৃথিৱীত অপৰাধী তথা পাপীৰে ৰাজত্ব  হ’লহেঁতেন।আমি পৃথিৱীৰ প্ৰচীনতম কাহিনীবোৰতো পাইছো — আনক বঞ্চনা কৰি লাভ কৰা  তৃপ্তি  সাময়িকহে , ই কেতিয়াও স্থায়ী হোৱা নাই। ৰামায়ণ- মহাভাৰতৰ  যুদ্ধবোৰৰ পৰিশেষেই ইয়াৰ জল্ জল্ – পট্ পট্  প্ৰমাণ।শৰীৰত ‘যমৰ যন্ত্ৰণা’ লৈও কোনোজন সুখী হ’ব পাৰে ।যীশুখ্ৰীষ্ট,ছক্ৰেটিছ  আদিৰ দৰে মহান আত্মাই তিল্ তিলকৈ অশেষ শাৰিৰীক যন্ত্ৰণাৰে মৃত্যৰ মুখলৈ গৈ থাকিও অত্যাচাৰীসকলৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰে,সতী জয়মতীয়ে অশেষ শাৰীৰিক কষ্ট ভুগি দেশৰ বাবে স্বামীৰ  প্ৰাণ ৰক্ষা কৰিব পাৰে।আনৰ বাবে,  দহৰ উপকাৰৰ বাবে  এইসকলে নিজৰ জীৱন পাত কৰিও মানসিকভাৱে  সন্তুষ্টি লাভ কৰিছিল।

অন্তৰৰ প্ৰেমহীনতাই সুখক আমন্ত্ৰণ কৰিব নোৱাৰে। এই প্ৰেম নিজৰ একান্ত প্ৰিয়জনৰ প্ৰতিও হ’ব পাৰে নাইবা বিশ্বপ্ৰেমো হ’ব পাৰে।প্ৰেমৰ বাবে আমি সুখ  অনুভৱ কৰো।প্ৰেমৰ এক সুতীব্ৰ আকৰ্ষণতে বিশ্ব- ব্ৰহ্মাণ্ডৰ প্ৰতিটো  অনু-পৰমাণু ইটো-সিটোৰ লগত এাকাকাৰ  হৈ আছে।দিগন্তত বিলীন হৈ যোৱা পশ্চিমৰ বেলিটিয়ে  ধৰিত্ৰীৰ প্ৰেমতেই পুনৰ নিতৌ পূৱত ভুমুকি মাৰেহি  । সেয়েহে কবিয়ে কয়——

                প্ৰেমত ফুলিছে শতদল,

                প্ৰেমত ঘূৰিছে ভূমণ্ডল।

আমি সুখ যেনেকৈ বাহিৰত বিচাৰি ফুৰিলেই নাপাওঁ,  তেনেকৈ প্ৰেমকো আন ঠাইত বিচাৰি নাপাওঁ।দুয়োটাৰে উৎস হৈছে আমাৰ হৃদয়খনেই।আমাৰ নিজৰ অন্তৰৰ প্ৰেম উজাৰি দিব পাৰিলেহে আনৰপৰাও প্ৰেম আশা কৰিব পাৰো।প্ৰেমত পৰিবলৈ কোনো নিৰ্দিষ্ট বয়স নাথাকে — নাথাকে কোনো নিৰ্দিষ্ট বিশেষ পাত্ৰ । আমাৰ ঘৰৰ পোহনীয়া প্ৰাণী এটাৰ প্ৰতিও আমি প্ৰেম অনুভৱ  কৰিব পাৰো । এই প্ৰেম প্ৰকাশ কৰিব পাৰিলেই  আমি সুখ অনুভৱ কৰো । ড৹ ভূপেন হাজৰিকাদেৱে  কাহানিবাই সুৰেৰে কৈ থৈ গৈছে  –‐

            “প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলো

              ঘৰতে আছিলে প্ৰেম ,

              ধনে ধনে কৰি ধাপলি মেলিলো 

              হিয়াতে পৰম ধন।”

পিছে সকলো প্ৰেমেই জানো পূৰ্ণতা লাভ কৰে?আমি নিজৰ প্ৰেম  আনৰ প্ৰতি প্ৰদান কৰিবহে পাৰো , আনৰপৰা প্ৰতিদান দাবী কৰিব নোৱাৰো।প্ৰতিদান নাপালে বুলিয়েই প্ৰেমাস্পদৰ  অপকাৰ কৰিব পৰাতো কেনে ধৰণৰ প্ৰেম?প্ৰেমত সফলতা- বিফলতা বুলি কিবা থাকে জানো?সুখৰ দৰেই প্ৰেমো অন্তৰৰ এক অনুভৱহে। প্ৰেমৰ বাবে আমি আত্মজাহ দিব পাৰো — আনৰ জীৱন কাঢ়ি ল’ব নোৱাৰো।মানুহক “অমৃতৰ সন্তান” বুলি কোৱা  হয়।মানুহৰ জীৱন ভগৱানৰ দান।এই ভগৱানৰ সন্তানৰেই জীৱন নৃশংসতাৰে কাঢ়ি ল’ব পাৰে তেওঁৰেই তথাকথিত প্ৰেমিকে।আচলতে  এই সকলোবোৰতে এটা সুস্থ জীৱনবোধৰ প্ৰয়োজন আছে।আমাৰ শিশুটি লালন-পালন কৰোতে  আমি  ঘৰতে এটা সুস্থ পৰিৱেশ দেখুৱাব লাগিব।ঘৰখনেই শিশুৰ প্ৰাথমিক পাঠশালা।সেই সময়ত  ঘৰত যদি এটা উপযুক্ত বাতাৱৰণ গঢ়ি তুলিব নোৱাৰো;কোনো বিদ্যালয়ে, কোনো বিশ্ববিদ্যালয়ে  কেতিয়াও এজন সুনাগৰিক গঢ়ি তুলিব নোৱাৰে।ঘৰখনৰ আৰ্থিক সবলতাই  সুস্থ  বাতাৱৰণ গঢ়ি তুলিব নোৱাৰিবও পাৰে।আৰ্থিকভাৱে  একেবাৰে অস্বচ্চল পৰিয়াল এটিতো সুস্থ বাতাৱৰণ বিৰাজ কৰিব পাৰে।বিশ্বৰ বহু আগশাৰীৰ ব্যক্তি  একেবাৰে  দুৰ্বল আৰ্থিক  অৱস্থাৰপৰা অহা কিন্তু  তেওঁলোকে একোটা সুস্থ শৈশৱ পাৰ কৰি আহিছে। বিশেষকৈ মাতৃসকলৰ ভূমিকা এই ক্ষেত্ৰত উল্লেখনীয়। আচাৰ্য বিনোৱা ভাৱেক বাল্যকালত তেওঁৰ মাতৃয়ে  মানৱ প্ৰেম আৰু সাহসৰ শিক্ষা দিছিল।

সুখ  অনুভৱ কৰিবলৈ হ’লে প্ৰথমতে আমি শান্তিত থাকিব পাৰিব লাগিব আৰু এই শান্তি আহিব মানৱ প্ৰেমৰপৰা।অৰ্থাৎ ইটো সিটোৰ পৰিপূৰক।জীৱশ্ৰেষ্ঠ মানৱ আজি প্ৰেমহীনতাত ভুগিছে ; সেয়ে আজি এই গ্ৰহৰ অ’ত ত’ত  সঘনে ৰণদঙ্কা বাজি উঠা শুনা যায়। এনে অৱস্থা বাহাল থাকিলে অনতিপলমে আমাৰ সেউজীয়া গ্ৰহটো যে ধ্বংস হ’ব ই ধুৰূপ।তথাপিও আমি  আশাবাদী—– দুষ্কৃতি বিনাশিবলৈ সংস্কৃতিৰ আগমন ঘটে।সংখ্যাত তাকৰ হলেও অসতৰ মাজতো সততাই বিৰাজ কৰি  থকাৰ বাবেই পৃথিৱীখন এতিয়াও  বাসোপযোগী হৈ আছে।আমি আশা কৰো আহিবলগা সময়বোৰে আমালৈ শান্তিৰ বতৰা কঢ়িয়াই আনিব।

সুখে দুখে ভৰপূৰ পুৰণি বছৰটোক সৌ সিদিনা বিদায় দি আমি  নতুন বছৰটো অসীম হেঁপাহেৰে আদৰি লৈছো।বিশ্বই ব্ৰাজিলৰ ‘ক’লা মুকুতা’ পেলেক হেৰুৱাইছে, তথাপি বিশ্ব শোকত ম্ৰিয়মান হৈ স্থবিৰ হৈ পৰা নাই। কিয়নো তেওঁৰ পদাঙ্ক অনুসৰণ কৰি আৰু  মুকুতাৰ সৃষ্টি হ’ব।ধ্বংসৰ বুকুতে সৃষ্টিৰ গজালি মেলে।নতুন বছৰটোৱে সকলোলৈকে লৈ আনক আশাৰ বতৰা——–সকলোৰে বুকুত প্ৰেমে পোখা মেলক;তেতিয়া  শান্তিয়ে নিজেই বাট বুলি আমাৰ কাষ চাপি আহিব আৰু আমি সুখৰ ৰেঙনিৰে মিচিকিয়াম।তেতিয়া আৰু  কোনো  প্ৰেমিকাৰ শৰীৰ খণ্ডিত হৈ সিঁচৰতি হৈ নপৰিব,কোনো  সন্তানক নিজৰ মাতৃয়ে নিজৰ স্বাৰ্থৰ  হেঙাৰ বুলি ভাবি পৃথিৱীৰ পৰা আঁতৰাই নপঠিয়াব,কোনো মানুহ নামধাৰী পিশাচে ফুল কুমলীয়া শিশুক ফালি-চিৰি বখলিয়াই নেপেলাব, কোনো সন্তানে অথৰ্ব  পিতৃ-মাতৃক পথৰ দাঁতিত এৰি থৈ নাহিব……..আমাৰ সন্তানক আমিয়ে গঢ় দিব লাগিব। অন্তৰৰ সকলো কলুষ- কালিমা  জাৰি-জোকাৰি আঁতৰাই থৈ নতুন বছৰৰ আৰম্ভণিতে আমি একোটা   সুন্দৰ  বাতাৱৰণ গঢ়ি তোলাৰ বাবে পণ কৰোঁ  আহক — তেতিয়াহে  আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে আমি  এখন শান্তিপূৰ্ণ পৃথিৱী এৰি থৈ যাব পাৰিম য’ত তেওঁলোকে একোটা  নিৰুদ্বেগ জীৱন উপভোগ কৰিব  পাৰিব ।

শেষত,ই- আলোচনীখনৰ এই সংখ্যাটো প্ৰকাশৰ বাবে অহোপুৰুষাৰ্থ কৰা সম্পাদনা সমিতিৰ সদস্যসকল আৰু  সৰ্বোপৰি  প্ৰধান চালিকা শক্তি শ্ৰীমান অৰবিন্দ গোস্বামী  আৰু দেৱজিত শৰ্মালৈ  কৃতজ্ঞতা জ্ঞাপন কৰিলো।

                 

                          

24 Comments

  • অঞ্জু মহন্ত।

    অতি সুন্দৰ লেখা। পঢ়ি বৰ ভাল লাগিল 👌

    Reply
    • চিত্ৰলেখা দেৱী

      মন্তব্যৰ বাবে ধন্যবাদ জনালো আপোনাক ।

      Reply
  • পূৰ্ণিমা শইকীয়া গগৈ

    সুন্দৰ অনুভৱ।

    Reply
  • সুন্দৰ সম্পাদকীয়।

    Reply
    • চিত্ৰলেখা দেৱী

      ধন্যবাদ জনালো আপোনাক ।

      Reply
  • কুমকুম শৰ্মাবৰুৱা

    সুন্দৰ সম্পাদকীয়টো পঢ়ি বৰ ভাল পালোঁ।

    Reply
    • চিত্ৰলেখা দেৱী

      ধন্যবাদ জনালো আপোনাক বাইদেউ মন্তব্যৰ বাবে ।

      Reply
  • গীতা মণি দত্ত ।

    পঢ়ি মনটো ভাল লাগি গ’ল । বৰ সুন্দৰ অনুভৱ ॥

    Reply
    • চিত্ৰলেখা দেৱী

      ধন্যবাদ জনালো আপোনাক ।

      Reply
  • সমুজ্জ্বল

    অভিনন্দন জনালো বাইদেউ।

    Reply
  • বন্দিতা জৈন

    বৰ সুন্দৰ সম্পাদকীয়। ভাল লাগিল।

    Reply
  • বন্দিতা জৈন

    বৰ সুন্দৰ সম্পাদকীয়। ভাল লাগিল পঢ়ি।

    Reply
    • চিত্ৰলেখা দেৱী

      মন্তব্যৰ বাবে ধন্যবাদ জনালো ।

      Reply
  • Raju Kumar Nath Tezpur

    সম্পাদকীয়টো পঢ়ি বৰ ভাল লাগিল বাইদেউ🙏

    Reply
    • চিত্ৰলেখা দেৱী

      আন্তৰিক ধন্যবাদ জনাইছো ।

      Reply
  • Debika Bordoloi

    সুখৰ এক সুন্দৰ অনুভৱ ।

    Reply
    • চিত্ৰলেখা দেৱী

      মন্তব্যৰ বাবে আন্তৰিক ধন্যবাদ জনাইছো ।

      Reply
  • Anonymous

    বৰ ভাল লাগিল বৌ

    Reply
    • চিত্ৰলেখা দেৱী

      ধন্যবাদ জনালো ।

      Reply
  • ববিতা গগৈ

    সুন্দৰ অনুভব, ভাল কাম কৰি আছা । এনেদৰেই আগবাঢ়ি যোৱা ।আমাৰ শুভেচ্ছা সদাই থাকিব।

    Reply
    • চিত্ৰলেখা দেৱী

      তোমাৰ মন্তব্যই উৎসাহিত কৰিলে ববিতা ।

      Reply
  • Ranjit Kumar Sarma

    বৰ ভাল ভাল কথাৰ সুন্দৰ সম্পাদকীয়৷

    Reply
    • চিত্ৰলেখা দেৱী ।

      ধন্যবাদ জনালো আপোনাক ।

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *