সম্প্ৰদায়-আৰতি ডেকা

মৌচুমী আৰু মৌমন সৰুৰেপৰাই একেলগেই পঢ়া শুনা কৰি দুয়োজন এতিয়া নিজৰ কৰ্মজীৱনত ব্যস্ত।

:মৌমন, আজি তিনিবছৰ এৰি চাৰিবছৰত সোমাল…. আমাৰ প্ৰেম এইবাৰ দিঠকত নিশ্চয় দেখা পাম। 

:হয় মৌচুমী,আজি ভেলেন্টাইন দে’।এই দিনটোতেই    তোমাক মই প্ৰেম নিবেদন কৰিছিলো।এতিয়া কোৱা তোমাক কি উপহাৰ লাগিব??

: বাঃ! মই  যি বিচাৰোঁ– তুমি সচাঁকৈ মোক দিব পাৰিবা নে??

:মই কথা দিছো মৌচুমী কোৱা।

:মোক তুমি আজিয়েই সেন্দূৰ পিন্ধাই তোমাৰ অৰ্দ্ধাঙ্গিনী কৰি ল’ব পাৰিবা?

: উসঃ! কি ডাঙৰ বৰ বিচাৰিলা!! 

মই হৈছো নিম্নজাতৰ দাসৰ ল’ৰা আৰু তুমি হৈছা ব্ৰাহ্মণ জাতিৰ ছোৱালী।আমাক কোনে আদৰি লব কোৱা?

: জাতি-ধৰ্ম এইবোৰ মহাপাপ। কৰ্মই ধৰ্ম।এয়া লোৱা, সূৰ্য্যক সাক্ষী কৰি মোক সেন্দূৰ পিন্ধাই দিয়া।জনমে জনমে তুমি মোৰ হ’বা।

Leave a Reply

Your email address will not be published. Required fields are marked *