স্বাৱলম্বন-কুঞ্জ খাউণ্ড

ছেমুৱেল স্মাইছৰ (Self-Help)গ্ৰন্থখনৰ অসমীয়া অনুবাদ ভহ’ল স্বাৱলম্বন।ছেমুৱেল স্মাইলছৰ জন্ম ইংলেণ্ডৰ হেডিংটন নামৰ ঠাইত।তেওঁৰ পিতৃ আছিল এজন দোকানী।ছেমুৱেল নিজে এজন ছাৰ্জন,বাতৰি কাকতৰ সম্পাদক, এটা ৰেল কোম্পানীৰ ছেক্ৰেটাৰি।আজৰি সময়ত সামাজিক আৰু ৰাজনৈতিক সংস্কাৰৰ কথা চিন্তা কৰি বহুত নেতৃস্থানীয় ব্যক্তি ,উদ্যোগপতি আৰু নিজৰ ভৰিত থিয় দি মহান হোৱা ছাত্ৰৰ জীৱনী লিখিছিল।এইখন গ্ৰন্থকে ডঃ প্ৰফুল্ল কটকী দেৱে অসমীয়ালৈ সুন্দৰ অনুবাদ কৰি অসমীয়া সাহিত্যৰ ভঁৰাললৈ কিঞ্চিৎ হলেও অৱদান আগবঢ়ালে।এই গ্ৰন্থখনো পৃথিৱীৰ অনেক ভাষালৈ অনুবাদ কৰা হৈছে।যদিও সময় সলনি হৈ মানুহৰ ধ‍্যান ধাৰণা বেলেগ হৈছে, বিজ্ঞান প্ৰযুক্তিৰ অগ্ৰগতি হৈছে,তথাপি এই পুথিখনৰ প্ৰাসংগিকতা ম্লান পৰা নাই।উন্নতিৰ পথত খোজ পেলাবলৈ লোৱাসকলৰ বাবে এখন হাতপুথি হিচাবে ই সমাদৃত হৈ আছে।পুথিখনত প্ৰধানকৈ

শ্ৰমশীলতা,অধ‍্যৱসায়,মিতব্যয়িতা আৰু আত্মোৎকৰ্ষৰ ওপৰত আলোকপাত কৰা হৈছে।

স্বাৱলম্বনৰ গুণটো ব্যক্তি,সমাজ আৰু জাতিৰ বাবে কিমান অপৰিহাৰ্য সেই কথা পুথিখনত বিভিন্ন জীৱনৰ দৃষ্টান্তৰ যোগেদি লেখকে ডাঙি ধৰিছে।কবিয়ে কোৱাৰ দৰে–“সংসাৰ যুজঁৰ ঠাই/শুবৰ সকাম নাই/কাচি পাৰি লাগি যোৱা কৰি প্ৰাণপণ’–কথাখিনিকে গ্ৰন্থখনত প্ৰতিপন্ন কৰিবলৈ বিচৰা হৈছে।একেবাৰে নি:কিন অৱস্থাৰপৰা সুবুদ্ধি,আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰতাৰ বলত কেনেকৈ সফলতাৰ  শিখৰলৈ যাব পাৰি তাকেই গ্ৰন্থখনত কোৱা হৈছে।

‘যি লোকে নিজকে সহায় কৰে ভগৱানেও তেওঁক সহায় কৰে’— বোলা কথাষাৰ একেবাৰে সঁচা।

এজন মানুহে ধন কেনেকৈ ঘটে, সাঁচে আৰু খৰচ কৰে অৰ্থাৎ চমুকৈ তেওঁ ধনৰ ব্যৱহাৰ কিভাবে কৰে সেইটোৱেই কিজানি তেওঁৰ বুদ্ধিৰ অন‍্যতম শ্ৰেষ্ঠ পৰীক্ষা।যদিও ধনৰ ওপৰতে শাৰীৰিক সুখ আৰু সামাজিক কল‍্যাণ নিৰ্ভৰ কৰে তথাপি ধন ঘটাটোৱেই এটা লক্ষ্যও হ’ব নালাগে।

“প্ৰভু, প্ৰলোভনত যেন নেপেলোৱাঁ”——-এয়ে হ’ল উত্তম প্ৰাৰ্থনা।

একো কথাই দীৰ্ঘকাল অপৰিবৰ্তনীয় হৈ নাথাকে,লাগে জাতিয়েই হওক পৰিয়ালেই হওক বা দেশেই।নিজকে সামৰ্থ্যবান কৰি ৰাখিবলৈ বিশুদ্ধতম জ্ঞানৰ প্ৰয়োজন।  “য’তে ইচ্ছা ত’তে বাট” বোলা প্ৰাচীন আপ্তবাক‍্যশাৰী মনত ৰাখি নিজে দৃঢ় সংকল্প ললেহে সফলতাৰ বাট মুকলি হ’ব।

আমাৰ ইচ্ছাশক্তিৰ ওপৰত বাহিৰৰ কোনো নিয়ন্ত্ৰণ নাই।

ইচ্ছাশক্তি হ’ল স্বতন্ত্ৰ।প্ৰত‍্যেক মানুহেই নিজৰ সামৰ্থ‍্যৰ গণ্ডীৰ ভিতৰত জীৱন যাপন কৰিবলৈ যত্ন কৰিব লাগে।

কোনো প্ৰকাৰৰ শ্ৰমতে অখ‍্যাতি নাই কিন্তু সকলো শ্ৰমতে সন্মান আছে লাগে মাটি চহোৱাই হওক,হাতুৰী-বটালি গঢ়াই হওক বা বোৱা-কটাই হওক।সৰু সৰু কামৰপৰা ওপৰলৈ উঠাসকলৰ লজ্জিত হ’বলগা একো নাই কিন্তু নথকাবোৰৰ আছে।‍এনেবোৰ দায়বদ্ধতাই  মানুহক স্বাধীন আৰু স্বনিৰ্ভৰ কৰি তোলে লগতে মিতব্যয়ী হ’বলৈ শিকায়।লৰ্ড বেকনে কৈছিল বোলে মিতব্যয়ী হ’বলৈ হ’লে লাপি-লুপা উপাৰ্জনৰ কথা ভবাতকৈ,সামান্য সঞ্চয়ৰ কথা ভবাটো বেছি দৰকাৰ।

শিক্ষাও ঠিক তেনেকুৱাই।বিনা অধ্যয়ন আৰু বিনাশ্ৰমে অৰ্জন কৰা শিক্ষা শিক্ষাই নহয়।এনে শিক্ষাই মনটো উৰ্বৰ নকৰে ই মাথোঁ সাময়িক উদ্দীপনাহে আনে।

প্ৰকৃতাৰ্থত জনা বুজা হ’ব খুজিলে আমি পৰিশ্ৰমী আৰু অধ‍্যৱসায়ী হ’বই লাগিব।যি কোনো উত্তম কাৰ্য্যৰে অগ্ৰগতি সদায় মন্থৰ।আজি আমি যিদৰে পুথিগত বিদ্যাৰ ওপৰত বেছি গুৰুত্ব দিবলৈ লৈছোঁ সেইটো আচলতে আচল বিদ‍্যা নহয়।যিদৰে পুথিভঁৰাল থাকিলেই জ্ঞান থকা নুবুজায়, ঠিক সেইদৰে পুথিগত বিদ্যাই  শিক্ষিতহে কৰে।আচল শিক্ষা বাস্তৱ জীৱনৰপৰাহে পাব পাৰি।গৰিবৰো গৰিবজনে আনকি অতি নিঃকিনজনেও দৈনন্দিন জীৱনত  ইয়াক অনুসৰণ কৰিব পাৰে।মাত্ৰ লক্ষ্য হ’ব লাগে উচ্চ,য’ৰ পৰা আৰম্ভ কৰিছিল তাতকৈ বহুত ওপৰলৈ উঠিব পাৰে।কামবোৰ সদায় আনন্দ দায়ক হ’ব লাগে।কামে সুখী কৰাতকৈ সুখী হৈ কামবোৰ কৰিব পৰাটোহে উন্নতিৰ সোপান।কথাই কামে সততাই হ’ল চৰিত্ৰৰ ভিত্তি।সজ অভ‍্যাস অনুশীলনৰদ্বাৰাই  চৰিত্ৰ দৃঢ় হয় লগতে আচৰণসমূহ হ’ল কাৰ্যৰ অলংকাৰ।ই কোনো এক বিশেষ শ্ৰেণী বা পদমৰ্যাদাৰ লোকৰে একচেটিয়া নহয়।এখন মহৎ হৃদয় হ’ল  মানুহৰ প্ৰতি প্ৰকৃতিৰ শ্ৰেষ্ঠ আশীৰ্বাদ।চিত্ৰশিল্পী জেকচনে ডেকা বয়সলৈকে কাপোৰ চিলোৱা কাম কৰিছিল।এনদ্ৰু জনচনো এজন দৰ্জী আছিল যিজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হৈছিলগৈ।এওঁৰ আছিল অসামান্য চাৰিত্ৰিক দৃঢ়তা আৰু বলিষ্ঠ বুদ্ধিমত্তা।আব্ৰাহাম লিংকনৰ পিতৃ আছিল পেচাত এজন চমাৰ।এনে বহুতো বিদ্বান পণ্ডিত,বৈজ্ঞানিক আছে,যিসকলে তেওঁলোকৰ সাধাৰণ অৱস্থা এটাৰপৰা প্ৰতিবন্ধকতাক নেওচি ওলাইছিল সঁচা, কিন্তু বাস্তৱিকতে যদি তেওঁলোকৰ ধন দৌলত থাকিলহেঁতেন, সেইবোৰ গুৰুতৰ প্ৰতিবন্ধকহে হ’লহেঁতেন।এইসকলে দেখুৱাই গৈছে  আত্মপ্ৰত‍্যয়,দৃঢ়তা আৰু স্বাবলম্বিতাৰ গুণাগুণৰ কথা।সুখ-স্বাচ্ছন্দ্যত থকা এনে বহু মানুহ আছে যাৰ টানত পৰিলে চলিবলৈ অসুবিধা হয়।সামাজিক দুৰ্গতিবোৰৰ ই এটা প্ৰধান কাৰণ।দাৰ্শনিক চিন্তাৰ মুচী ছেমুৱেল দ্ৰুৱে ক’বৰ দৰে..

‘দূৰদৰ্শীতা,মিতব্যয়িতা আৰু গৃহস্থালিৰ সুব্যৱস্থাপন হ’ল দুৰ্দিনক দূৰত ৰখাৰ কৌশল।’

কিতাপখনত লেখকে মানুহে আত্মসংশোধন আৰু আত্মানুশাসনৰ  জড়িয়তে কেনেকৈ নিজকে অতি নিঃকিন অৱস্থাৰপৰা  উত্তৰণ ঘটাব পাৰে, তাৰেই আভাস দিছে।ময়ো কিতাপখন পঢ়ি সামান্য এটা আভাস দিয়াৰ চেষ্টা কৰিলোঁ।

2 Comments

  • পূৰ্ণিমা শইকীয়া গগৈ

    কিতাপখনৰ বিষয়ে জানি ভাল লাগিল।

    Reply
  • কুশল মহন্ত।

    এখন সুন্দৰ কিতাপৰ সম্ভেদ দিলে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *