হায় টোপনি!-অনিমা বড়া
“মৰ টোপনি”—কথাষাৰ বেলেগৰ লগত ঘটিছে নে নাই নাজনো কিন্তু আজি মই নিজৰ লগত ঘটা দুটা মাত্ৰ ঘটনাৰ লিখিত ৰূপ দিয়াৰ প্ৰয়াস কৰিছো।এতিয়াতো মোৰ অফুৰন্ত সময়।এটা পেট,ওলোটাকৈয়ো নাচিব পাৰি!কোনে দেখা পাব!এথাল ভাতেই হওক বা অন্য খাদ্য আগত লৈ আপোনবোৰৰ বাবে অলপ অলপ কৰি মনতেই বিলাপ গাই গাই নাকৰ পানী, চকুৰ পানী একাকাৰ।ভাব হয় গঙ্গা-যমুনাৰ দুটি ধাৰা বৈ আহি মুখ নামৰ সাগৰত থিতাপি।সোৱাদটোও বেয়া নহয় নিমখ নিমখ……
আচল কথাৰপৰা ফালৰি কাটিলো নেকি বাৰু! শিৱসাগৰৰ ভিতৰুৱা গাওঁ নামতিত মামাৰ ঘৰ।সত্তৰ দশকত সৰু মামাহঁতে আহাৰ মাহৰ প্ৰথম দিন কেইটালৈকে বিহু গোৱাৰ কথা জানিছিলো।প্ৰতিজন লোকেই পাকৈত বিহুৱা।মাজু মামাৰ বিয়া।সপ্তমমানত পঢ়ি আছিলো চাগৈ….গড়গাঁৱৰ অলপ হ’লেও টাউনীয়া ঢং গাত আছে।গপতে দিনটো পাৰ হ’ল।দৰা,কইনা আনিবলৈ সাজু।ঠেংটো দাং খায়েই আছে —-কইনা আনিবলৈ যাম।ডাঙৰ মামাৰ লগতে চাৰি পাঁচটা ঢোল দৰাৰ লগত যাব।এজনে ক’লে,এচাপৰ মাৰি লওঁ আহ। প্ৰায় বিশ ফুট বহল,ত্ৰিশ ফুট দীঘল —গাৱঁৰ চ’ৰা ঘৰৰ কোঠা।কাষতে এখন সৰু বিছনা।মণি মামা নাচনী।চাৰি পাচঁটা ঢোলৰ মাতৰ লগতে নাচনী দেখি জঁপিয়াই বিছনাখনত উঠি ভৰিকেইটা মেলি পৰি লৈ চাবলৈ লাগিলো।ঢোলৰ মাতত যেন ঘৰটো উৰি হে যাব!….হঠাৎ ধাম্ কৈ উঠা শব্দ এটাত লাহেকৈ চকু কেইটা মেলো-নেমেলোকৈ মূৰটো দাঙি চাওঁ——-ডাঙৰ মামাৰ মাত,
“ঐ এইজনী জীয়াই আছেনে নাই চাচোন….ৰাতি পুৱাবৰ হ’ল,কইনা আহি পাবহিয়ে এতিয়া।”
মোৰ মুখখন মেল খায়েই থাকিল।
দ্বিতীয়টো গুৱাহাটীত।থকা ঘৰটোৰপৰা চাৰি আলিটোলৈ এশ মিটাৰ মান হ’ব।চাৰিআলিৰ কাষতে থকা এটা পৰিচিত পৰিয়াল — এটা ঘৰুৱা সম্পৰ্ক আছিল তেখেতলোকৰ লগত।চাকৰিৰপৰা অৱসৰ লোৱাৰ পাচত সময় অতিবাহিত কৰিবলৈ প্ৰায়ে তেখেতে আমাৰ এওঁক মাতে ; সুখ দুখৰ লগতে বিভিন্ন কথাৰ আলোচনা চলে।দুদিনমান দাদাৰ জ্বৰ।পুৱা আমাৰ জনে অফিচলৈ যোৱাৰ আগতেই খবৰ এটা লৈ আহিল।
“ভাল পাইছে”,মোক ক’লে।
দুয়োজনী ছোৱালীকে স্কুলত থৈ নিজেও অফিচলৈ গ’ল। আনদিনাৰ দৰে ময়ো দৌৰা দৌৰিকৈ কাপোৰ ধোৱা, বাচন ধোৱা ,ঘৰ মোচা কামকেইটা সামৰি চিলাই কাম এটাৰ উপৰিও কিতাপ এখন মেলি ললো।
টক্ টক্ টক্….দৰজাত টোকৰ।
‘কোননো আহিল’….বুলি দৰজাখন মেলি আচৰিত!
“কি হ’ল, ইমান সোনকালে আহিলা যে ?”
“দুই বাজিল”—-তেওঁ ক’লে।
“শ্মশানলৈকে যাম বুলি সোনকালে আহিলো, কিন্তু মানুহবোৰ দেখোন ঘুৰিলেই,এতিয়া নাযাওঁ আৰু!”
তেনেতে কাষৰ ঘৰৰ বাইদেউগৰাকীৰ মাত…..
“অ’ বৰা,প্ৰচেচনত যাবলৈ বুলি বৰানীক ইমান চিঞৰিলো…..মানুহজনী ওলাই নাহিল পাই! বিভিন্ন সামাজিক কামত লাগি থকাৰ হেতুকে দাস দাদাক প্ৰায় তিনি চাৰিশ মানুহ ওলাই প্ৰচেচন কৰি শ্মশানলৈ নিলে।”
কথাবোৰৰ একো ওৱাদিহ নাপাই তেওঁৰ মুখলৈ চাই থকা দেখি তেওঁ কলে,
“দাস দাদা ঢুকাল নহয়!”
অলপ পৰ গিৰিহঁতৰ মুখলৈ চাই থাকি নিজকে কলো,
‘হে হৰি!মোৰ মৰ টোপনীটো!!’
7:53 PM
মজা লাগিল পঢ়ি