হো চি মিন চিটি …কু চ্চি সুৰঙ্গ আৰু ভিয়েটনামৰ অন্ধকাৰ পৰ্যটনৰ এছোৱা-ৰঞ্জনা দত্ত

সকলোদিশে  উন্নতিৰ শিখৰলৈ আগুৱাই যোৱা আজিৰ ভিয়েটনামখন দেখিলে কোনেও বিশ্বাস কৰিব নোৱাৰে ৪০ বছৰ আগলৈকে যুদ্ধৰ সন্ত্ৰাস আৰু বিভীষিকাৰে জৰ্জৰিত ভিয়েটনামখনৰ কথা। ১৯৭৪ চনত স্বাধীনতা লাভ কৰা ভিয়েটনামৰ প্ৰাক স্বাধীনতা কালছোৱাৰ প্ৰকৃত ছবিখন চাবলৈ হ’লে চাইগন চহৰলৈ পৰ্যটকসকল যেনে  তেনে এবাৰ যোৱা উচিত।

আমাৰ ১৩ দিনীয়া ভিয়েটনাম ভ্ৰমণৰ প্ৰথম ৬ দিন উত্তৰ ভিয়েটনামৰ হানয় আৰু ইয়াৰ ওচৰ-পাঁজৰৰ ঠাইসমূহ চাইছিলো । ইয়াৰ পিছৰ চাৰি দিন দা নাং, হুৱে আৰু ঐতিহাসিক চহৰ হই এনৰ আশেপাশে আৰু শেষৰ তিনিৰাতি আছিলো চাইগন চহৰত। 

চাইগনৰ নতুন নাম হো চি মিন চিটি। ন মিলিয়ন জনসংখ্যাৰ সতে ভিয়েটনামৰ দক্ষিণ পূৱত অৱস্থিত এই চহৰখন দেশখনৰ সৰ্ববৃহৎ চহৰ। হানয়ত বেছ ঠাণ্ডা আছিল আৰু আমি গৰম কাপোৰ পিন্ধিবলগীয়া হৈছিল। আমি হানয়ৰপৰা যিমান দক্ষিণ দিশলৈ আহিছিলো গৰম সিমানেই বেছি অনুভৱ কৰিবলৈ ধৰিছিলো।’হই এন’ আৰু ‘দা নাঙ’ত ঠাণ্ডা  নাছিল যদিও গৰমো অনুভৱ কৰা নাছিলো। দা নাঙৰ বিমান বন্দৰৰপৰা এঘাৰ বজাৰ বিমানত আহি আবেলি ৩:৩০ মান বজাত হো চি মিনত উপস্থিত হ’লোহি। ইয়াৰ বতৰ বেচ গৰম আৰু সেমেকা। শ্ৰীমতী ৱিন নামৰ এগৰাকী শকত আৱত স্থানীয় মহিলাই আমাক বিমান বন্দৰৰ বাহিৰত লগ ধৰিলেহি। ইয়াত থকা সময়ছোৱা তেওঁ আমাৰ লগত গাইড হিচাবে থাকিব। ভিয়েটনামৰ আগৰ দুয়োজন গাইডৰ লগত আমাৰ অভিজ্ঞতা বৰ সুন্দৰ আছিল। দুয়োজনেই আছিল তজবজীয়া হাঁহিমুখীয়া ল’ৰা। সেই অনুপাতে এই মহিলা গৰাকী কিছু গোমোঠা যেন ভাৱ হ’ল। তেওঁ কোৱা ইংৰাজী বুজিবলৈও আমি আটাইকেইজনে বহুত কষ্ট কৰিব লগীয়া হৈছিল।

গাড়ীত উঠাৰ পাছতেই তেওঁ ঠাণ্ডা বাকচ এটাৰপৰা আমাক ঘাম মচিবলৈ একোখনকৈ ঠাণ্ডা টিচু পেপাৰ আৰু সৰু খোৱাপানী এবটলকৈ দিলে। আমাৰ হোটেলখন আছিল ‘বেন থান’ নামৰ ব্যস্ত বজাৰ এখনৰ মাজত। আমাক হোটেলত নমাই থৈ ৱিন গ’লগৈ। সেইদিনাৰ বাবে তেওঁৰ কাম শেষ। আমাৰ ভ্ৰমণ তালিকা খনত দিয়া মতে আমাৰ হোটেলৰ কোঠাটোত আছিল চহৰৰ দৃশ্য উপভোগ কৰিবপৰা খিৰিকী। কোঠাটোত সোমাই দেখিলো যে তেনে ধৰণৰ একো খিৰিকী নাই। তলৰ ৰিচেপচনত গৈ কথাটো ক’লোগৈ। তেওঁ সকলোবোৰ কাগজ-পত্ৰ ভালকৈ চাই ক’লে….

“চৰি ফৰ দা মিচটেক। আপোনালোকৰ হোটেল এইখন নহয়।”

তেওঁলোকৰ সৈতে একে নামৰে আৰু এখন হোটেল আছে। আমি থকাখনৰপৰা অকণমান আগত।গতিকে আকৌ বাকচ,বেগ আদি লৈ সিখন হোটেল পালোগৈ। এইবাৰ সন্তুষ্ট হ’লো। আমাক তালিকাত জনোৱা ধৰণৰেই কোঠা। খিৰিকীৰে বিতোপন হো চি মিন চহৰৰ দোকান বজাৰ, ৰাস্তা ঘাট আদি বহুত দূৰলৈকে দেখা যায়।

মুখ হাত ধুই আবেলি বাহিৰলৈ ওলাই আহি আচৰিত হ’লো। হোটেলৰ সমুখৰ ৰাস্তাবোৰত লাইন লাইন পদপথৰ দোকান। ফেন্সি বজাৰৰ নদীৰ পাৰৰপৰা সোমাই অহা ৰাস্তাটোৰ দৰেই। পিছত গম পাইছিলো এই বেন থান নামৰ ৰাতিৰ বজাৰখন হো চি মিন চিটিৰ এখন অন্যতম ব্যস্ত বজাৰ। এইখিনিতে নজনাকৈ এখন বিখ্যাত( কুখ্যাত) ঠাইত সোমাই পৰাৰ ঘটনা এটা লিখিবলৈ ওলাইছো। আমাৰ লগত যোৱা ৰাজীৱ শৰ্মা আৰু অদিতিয়ে নিৰামিষ খাদ্য বেচি ভাল পাইছিল। আমি আছিলো হিন্দু আমিষ আহাৰ খোৱা মানুহ। গতিকে নিশ্চিন্তমনেৰে ৰাতিৰ সাজ খোৱাৰ বাবে এখন ভাৰতীয় ৰেষ্টুৰেন্টৰ খবৰ ল’লো। অদিতিয়ে গুগলত চাই তিনি কিলোমিটাৰমান দূৰত এখন ভাৰতীয় ৰেষ্টুৰেন্ট আছে বুলি ক’লে। চাৰিওজনে মেপত চাই চাই সৰু ডাঙৰ ৰাস্তা দুটামান পাৰ হৈ সাংঘাটিক ব্যস্ত এলেকা এটাত গৈ সোমালোগৈ। ৰাস্তাবোৰত গাড়ী মটৰ নাই। চকী টেবুল পাৰি শয়ে শয়ে মানুহে বহি ফাষ্ট ফুডৰ জুতি লৈ লৈ সুৰাপান কৰি আছে। সৰহ ভাগেই বিদেশী যুৱক যুৱতী।ৰাস্তাৰ দুয়োকাষে ৰঙীণ লাইটেৰে জিলিকি থকা ফাষ্টফুড, সুৰা আৰু আন পণ্য সামগ্ৰীৰ দোকানবোৰ।লগতে উচ্চ ডেচিবেলত বজা পাশ্চাত্য সংগীতৰ সুৰ। কিছুমান পৰ্যটকে সংগীতৰ সতে তাল মিলাই মিলাই নাচি আছে। আমি ভিৰ ঠেলি ঠেলি সিহঁতৰ মাজে মাজেই গুগল মেপত চাই আগুৱাই গৈ আছো। মাজে মাজে দুই এগৰাকী ধুনীয়া ছোৱালীয়ে  এওঁলোকক কিবা প্ৰশ্ন কৰাও দেখিবলৈ পালো। মুঠতে কোনোমতে গৈ ভাৰতীয় ৰেষ্টুৰেন্টখন গৈ পালোগৈ। পিছত অদিতিয়ে গুগলত চাই মোক কৈছিল—-

“বৌ কালি আমি যোৱা ঠাইখন বৰ বেয়া ঠাই আছিল জানে। সুৰা , সুন্দৰী আৰু ড্ৰাগছৰ বাবে জনাজাত এই বজাৰখন গোটেই ৰাতিয়েই খোলা থাকে হেনো।”

যি নহওক নজনাকৈ হ’লেও ভিয়েটনামৰ এই ৰূপটোও নিজ চকুৰে দেখাৰ সৌভাগ্য ঘটিল। ৰাতি খোৱাবোৱা কৰি কেব এখনতেই হোটেললৈ ঘূৰি আহিলো। কাইলৈ পুৱাতে আমি বিশ্ব প্ৰসিদ্ধ কু চ্চি সুৰঙ্গ চাবলৈ যাম।

কু চ্চি সুৰংগ ( Cu Chi tunnel) আৰু ভিয়েটনামৰ অন্ধকাৰ পৰ্যটনৰ এছোৱা:

***থিয়কৈ ৰখা নলাৰ পানী যোৱা ডাঙৰ টুকুৰাটোত ধৰি স্তব্ধ হৈ ৰৈ আছিলোঁ।এইটোৱেই সেই নৃশংস হত্যাকাণ্ডৰ জ্বলন্ত সাক্ষী।তিনিটা কণমানি শিশুক ইয়াৰ পৰা টানি আঁজুৰি উলিয়াই পাশবিকভাৱে হত্যা কৰিছিল আমেৰিকান শত্ৰু সৈন্যই । সিহঁতক লাগে মাথো ভিয়েটনামী বিদ্ৰোহী সকলৰ সম্ভেদ, যিবোৰ লুকাই আছিল কু চ্চি সুৰংগৰ গভীৰ অন্ধকাৰৰ মাজত**।

 কোনোবা এখন নতুন ঠাইলৈ ভ্ৰমণ কৰিবলৈ  ওলালে মই বহুত আগৰেপৰা ঠাইখনৰ চাবলগীয়া ঠাইবোৰৰ কথা ভালদৰে পঢ়াশুনা কৰি জানিবলৈ চেষ্টা কৰো। হো চি মিন চিটিৰ চাবলগীয়া ঠাইৰ ভিতৰত মেকং নৈৰ যাত্ৰাৰ উপৰিও ভিয়েটনাম যুদ্ধৰ বিদ্ৰোহী সৈনিকসকলৰ ত্যাগ, বলিদানৰ জ্বলন্ত সাক্ষী কু চ্চি সুৰংগৰ ভিতৰভাগ যেনেতেনে চাব লাগিব বুলি  আগতীয়াকৈ বন্দবস্ত কৰিছিলোঁ ।

আগদিনা আমাক বিমানবন্দৰৰপৰা লৈ অনা সময়ত ‘ৱিন’ নামৰ গাইড গৰাকীয়ে ৰাতিপুৱা ৮:০০ বজাত সকলোকে সাজু হৈ থাকিবলৈ কৈ গৈছিল।হোটেলত পেট পূৰাই ৰাতিপুৱাৰ আহাৰ কৰি আমি সময়তকৈ আগেয়ে সাজু হৈ তলত ৰৈ আছিলোঁ।

হো চি মিন নগৰৰপৰা উত্তৰ পশ্চিম দিশে ৭০কিলোমিটাৰ আঁতৰৰ কু চ্চি জিলাত থকা কু চ্চি সুৰংগ এচিয়াৰ ৭ টা সকলোতকৈ চাবলগীয়া স্মাৰকৰ ভিতৰত অন্যতম।এই সুৰংগটো আৰু  ইয়াৰ ভিতৰত থকা লোকসকলক বচাবৰ বাবে অতি কমেও ৪৫,০০০ ভিয়েটনামী পুৰুষ আৰু মহিলাই নিজৰ প্ৰাণ আহুতি দিছিল।১৯৭৫ চনত চাইগনৰ পতনৰ পিছত চৰকাৰে ইয়াক  সংৰক্ষণ কৰি যুদ্ধ স্মাৰক হিচাবে জনসাধাৰণৰ বাবে মুকলি কৰে।

২০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগটো ভিয়েটনাম যুদ্ধৰ সময়ত স্বাধীনতাপ্ৰেমী বিদ্ৰোহী লোকসকলে (ভিয়েট কং) সাজি উলিয়ায়।এই সম্পূৰ্ণ সুৰংগটো সাজি উলিয়াবলৈ ২০ বছৰতকৈও বেছি সময় লাগিছিল। আৰম্ভণিতে ফ্ৰান্সৰ ঔপনিবেশিক সকলৰ বিৰুদ্ধে কৰা যুদ্ধৰ সময়ত ( ১৯৪৫-১৯৫৪) ভিয়েটনামী বিদ্ৰোহী সৈনিকসকলে গাঁৱৰ মানুহৰ পূৰ্ণ সহযোগত এই গুপ্ত সুৰংগবোৰত লুকাই আছিল।এবাৰত এজন মানুহ  সোমাবপৰা সৰু বাটটোৰ মুখখন এখন সৰু ঢাকনিৰে বন্ধ কৰা হৈছিল আৰু শত্ৰু সৈনিকবোৰৰ বাবে সুৰংগৰ অৱস্থান জনাটো সহজ নাছিল।তাৰ মাজতো শত্ৰুপক্ষই তেওঁলোকক বিচাৰি কঠোৰ শাস্তি বিহিছিল। মাটিৰপৰা ১০ মিটাৰ তলত থকা এই সুৰংগসমূহ প্ৰথমতে গোপনীয় নথিপত্ৰ আৰু অস্ত্ৰ-শস্ত্ৰ আদি লুকুৱাই থ’বৰ বাবে ব্যৱহাৰ কৰিছিল।পিছলৈ এইবোৰ বঢ়াই বঢ়াই ২০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ জালিকটা নক্সাৰ দৰে হৈ পৰিছিলগৈ। ইয়াৰ ভিতৰত থাকি ভিয়েটনামৰ গৰিলা যুঁজাৰুসকলে  অসীম সাহসেৰে যুঁজি আধুনিক সমৰ সজ্জাৰে সুসজ্জিত আমেৰিকাৰ শক্তিশালী শত্ৰুসৈন্যক তচনচ কৰি পেলাইছিল। ১৯৬১ চনৰপৰা ১৯৬৫ চনৰ ভিতৰত এই সুৰংগৰ ভিতৰত থাকিয়েই বিদ্ৰোহী গৰিলা সকলে ধূৰ্ত আমেৰিকানবোৰৰ ৰাজহাড় বেঁকা কৰি পেলাবলৈ সক্ষম হৈছিল। ১৯৬৭ চনলৈকে এই সুৰংগৰ দৈৰ্ঘ্য ২৫০ কিলোমিটাৰ হৈছিলগৈ। ইয়াৰ ভিতৰত সৈনিকসকল লুকাই থকাৰ বাহিৰেও অস্ত্ৰ শস্ত্ৰ লুকুৱাই ৰখা, গোলা বাৰুদ বন্দুক আদি বনোৱা কাৰখানা, ধোঁৱা ৰহিত পাকঘৰ (হোড়ৱান কম কিটচেন), খাদ্য সামগ্ৰীৰ ভাণ্ডাৰ, আঘাতপ্ৰাপ্ত সকলৰ বাবে হস্পিতাল  আৰু  মহিলা, শিশু তথা বৃদ্ধসকলৰ বাবে আছুতীয়াকৈ থকাৰ ব্যৱস্থা কৰা আছিল। মাটিৰপৰা দহ মিটাৰ  তলত যেন এখন বিৰাট নগৰহে আছিল । ধাৰাসাৰ বোমা বৰ্ষণ আৰু বিদ্ৰোহীবোৰ লুকাই থকা বুলি সন্দেহ কৰি আকাশৰ পৰা ছটিওৱা “এজেনট অৰেঞ্জ” নামৰ বিষাক্ত ৰাসায়নিক দ্ৰব্যৰদ্বাৰাও আমেৰিকান সৈনিকসকলে কু চ্চি সুৰংগৰ লুকাই থকা স্থানবোৰ সম্পূৰ্ণৰূপে নষ্ট কৰিব পৰা নাছিল । এতিয়া  অন্ধকাৰ পৰ্যটন (black tourism) ৰ এটা অংশ হিচাপে এই সুৰংগটোৰ অংশ বিশেষ জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হৈছে।

প্ৰকাণ্ড গেটখন পাৰ হৈ বেচ আহল বহল সুৰংগ এটাৰ মাজত সোমাই পৰিছিলো । তাতে টিকেট কটাৰ পিছত আমাৰ হাতত আৰু কাপোৰত একোটাকৈ ষ্টিকাৰ লগাই দিছিল। প্ৰায় ১৫ ফুটমান ওখ ধেনুভিৰীয়া সুৰংগটো কু চ্চি সুৰংগ এলেকাত সোমোৱা প্ৰবেশদ্বাৰ । এইখিনি পাৰ হৈ গৈয়ে সুৰংগৰ এলেকাটোত সোমাই পৰিছিলো। ইয়াত মাটিৰ তলে তলে আছে জালিকটা সুৰংগবোৰ। ৱিন নামৰ গাইড গৰাকীয়ে খুব আবেগেৰে আমাক প্ৰতিটো বস্তু দেখুৱাই কথাবোৰ কৈ গৈছিল।ৱিনৰ ইংৰাজী উচ্চাৰণ বুজিবলৈ ইমান কঠিন আছিল যে আমি চাৰিওজনে কেতিয়াবা দুবাৰ মানকৈ সুধিবলগীয়া অৱস্থাও হৈছিল । এওঁ ভ্ৰমণত গ’লে গাইডৰ প্ৰতিটো কথাই মনোযোগ দি শুনিবলৈ চেষ্টা কৰে। বহু কষ্ট কৰাৰ পিছতো কিছুমান কথা একেবাৰে বুজিবলৈ অসমৰ্থ হৈ এওঁ মাজতে এবাৰ কৈ উঠিছিল –

“বিৰাট কষ্ট পাইছো দেই। ক’ৰবাত লেংগুৱেজ ফিল্টাৰ এটা  পোৱা হ’লে!”

আমি গোটেই কেইজনে হাঁহিবলৈ লোৱাত ৱিনে অলপ বেয়া পোৱা যেন ভাব হ’ল। এঠাইত  ভিয়েটনাম যুদ্ধৰ বিধ্বংসী ৰূপ আৰু কু চ্চি টানেলৰ ভিতৰভাগ ভিডিওৰ যোগেদি মাটিৰ কিছু তলত সজা কোঠালী এটাৰ ডাঙৰ স্ক্ৰীনত দেখুৱাই আছিল। শাৰী  শাৰীকৈ পতা বেঞ্চ বোৰত বহি বহু লোকে মন দি এইবোৰ চোৱাত ব্যস্ত আছিল।আমি কিছু সময় বহি চাক্ষুস অভিজ্ঞতা লওঁ বুলি বাহিৰলৈ ওলাই আহিলোঁ ।

গছ গছনিৰে ভৰা এখন জঙ্ঘল যেন ঠাই।ৱিনে ওখোৰা- মোখোৰা মাটিত থকা উঁই হাফলুৰদৰে ওখ ঢাপবোৰ দেখুৱাই কৈছিল এইবোৰ সুৰংগৰ ভেণ্টিলেটৰ।ভালদৰে জুমি চাই তাত বতাহ সোমাব পৰা সৰু ডাঙৰ ফুটা কিছুমান দেখা পালোঁ। ফুটাবোৰ বৰষুণৰ পানী সোমাব নোৱাৰাকৈ এক বিশেষ কায়দাৰে বনাইছিল আৰু উঁই হাফলুৰ নক্সাৰে বনোৱা ভেন্টিলেটৰৰ ফুটাবোৰ তলৰপৰা জুমি চালেহে দেখা পোৱা গৈছিল।জঙ্ঘলৰ মাজেৰে ঘূৰি ফুৰোতে ঠায়ে ঠায়ে তেনেধৰণৰ আৰু বহুতো সৰু ডাঙৰ ঢাপ দেখিবলৈ পাইছিলো।সুৰংগৰ ভিতৰলৈ সৈনিকবোৰ সোমাবপৰা বাটটো সৰু ডেৰ স্কোৱেৰ ফুট মানৰ চাৰিকোণীয়া একোটাহঁত গাঁত।গাঁত বোৰৰ ওপৰত শিল বা চিমেন্টৰ ঢাকোন এখন দি তাক মাটি বা ঘাঁহ বন আদিৰে ঢাকি থোৱা হৈছিল। পৰ্যটক সমূহে গাঁতটোত আধা সোমাই ফটো লোৱাত ব্যস্ত আছিল। ৱিনে আমাক অলপ দূৰৈত থকা আন এটা গাঁতলৈ লৈ গ’ল। অদিতি হাত দুখনত ভৰ দি গাঁতটোত সোমাবলৈ চেষ্টা কৰি তলত খোপনি নোপোৱাত ভয় খাই চিঞৰিবলৈ ধৰিছিল। এওঁলোকে তাইক টানি-টুনি উলিয়ালে। ক্ষীণমীন অদিতিক উলিয়াই আনোতে বৰ কষ্ট নহ’ল।অদিতিক দেখি এইবাৰ ৱিন হাতৰ কিলাকুটিত ভেজা দি ওলমি পৰিল। দুয়ো হাতেৰে চিমেন্টৰ ঢাকনিখন মূৰৰ ওপৰত লৈ আমাক ফটোৰ বাবে প’জ দিলে। পিছে ওলাবৰ সময়তহে লাগিল লেঠা । স্বাস্থ্যৱতী ৱিন ফুটাটোত প্ৰায় লাগি ধৰিছিল । এওঁলোক দুজনে বলে নোৱাৰাত আমি দুজনীয়েও লগ লাগি তাইক কোনোমতে বাহিৰ কৰিলোঁ ।

 আমেৰিকান সৈনিকবোৰক মাৰিবলৈ ঠায়ে ঠায়ে বিভিন্ন কৌশলেৰে সজা ফান্দবোৰ দেখিবলৈ পাইছিলো। জলফাই সেউজীয়া ৰঙৰ ভিয়েটনামী সৈনিকৰ পোছাক পিন্ধা লোকবোৰে ফান্দবোৰ কেনেদৰে ব্যবহাৰ হয় তাক দেখুৱাই আছিল।

সুৰংগৰ ভিতৰতনো কি কি আছিল তাকে দেখুৱাবলৈ কিছুমান ভিয়েট কং গৰিলাৰ পোছাক পিন্ধা মূৰ্তি মাটিৰ পৰা বহুত তলত ৰখা হৈছিল।এই মূৰ্ত্তিবোৰৰ সহায়ত সুৰংগৰ ভিতৰত লোহা আৰু মাটিৰ বাচন-বৰ্তন ,অস্ত্ৰ শস্ত্ৰ আদি কিদৰে বনাইছিল তাকে দেখুৱাবলৈ চেষ্টা কৰিছিল।মাটিৰ তলত থকা সময়ত তেওঁলোকৰ বাবে প্ৰয়োজন হোৱা চেণ্ডেলবোৰ ফটা টায়াৰৰ ৰবৰেৰে বনোৱা হৈছিল।সুৰংগৰ বাহিৰত খোজ কাঢ়োঁতে তেওঁলোকে শত্ৰুপক্ষক বিভ্ৰান্ত কৰিবৰ বাবে পিছমুৱাকৈ খোজ কাঢ়িছিল। সৈনিকৰ পোছাক আৰু টুপী চিলাবৰ বাবে মাটিৰ তলত কাপোৰ চিলোৱা কাৰখানা আছিল । এই সকলোবোৰৰ  জীৱন্ত আৰ্হিবোৰ মাটিৰপৰা কিছু তলত সকলোৱে বুজিব পৰাকৈ ৰখা হৈছিল।কিছুমান কাৰখানাত সৈনিকৰ পোছাক পৰিধান কৰা লোকে কাপোৰ  বা জোতা চিলাই কৰি আছিল।আহত সৈনিক সকলৰ পৰিচৰ্যাৰ বাবে সুৰংগৰ ভিতৰত থকা হস্পিতালৰ আৰ্হি মাটিৰপৰা কেইমিটাৰমান তলত সাজি থোৱা আছিল। ৱিনে আমাক সকলোবোৰ দেখুৱাই গৈছিল। কিছু দূৰৈৰপৰা ৰৈ ৰৈ ৰাইফলৰ গুলিৰ আৱাজ ভাহি আহিছিল। ৱিনে আমাক সুধিলে যে আমি কোনোবাই এ কে ৪৭ ৰাইফল চলাবলৈ ইচ্ছা কৰো নেকি? অলপ আগত পৰ্যটক কিছুমান লাইনত থিয় হৈ থকা দেখিলোঁ। লাইনৰ দৈৰ্ঘ্য দেখি আমাৰ এজনৰো এই বিষয়ত আগ্ৰহ নোহোৱা হৈছিল।ওচৰতে আমেৰিকান সৈনিকবোৰে এৰি থৈ যোৱা টেঙ্ক, কামান আদি সজাই থোৱা আছিল। মাটিৰ তলত থকা সৈনিকসকলৰ বাবে খাদ্য প্ৰস্তুত কৰা কাৰখানা এটাও চালো।চাউলৰ গুৰিৰ পৰা পাপৰৰ দৰে বনোৱা ভিয়েটনামৰ এবিধ প্ৰধান খাদ্য কেনেকৈ তৈয়াৰ কৰে তাক ভাগ ভাগকৈ কৰি দেখুৱাইছিল ।

কিছুদুৰ আগুৱাই আহি ৱিনে আমাক বাট এটাৰে সুৰংগৰ ভিতৰত সোমাবলৈ দিলে। লগত ম’বাইল, কেমেৰা একো নিয়াৰ অনুমতি নাই।শৰ্মা  ভিতৰলৈ নাযাওঁ  বুলি  ক’লে।আমি পাৰ্চ , মোবাইল, বেগ সকলো ৱিনৰ হাতত দিলোঁ । সাংঘাটিক ঠেক  সুৰংগ।আমি আঠু কাঢ়ি বগুৱা বাই লাহে লাহে আগবাঢ়িছো।কোনোৰকমে এজন মানুহ আঠুকাঢ়ি গৈ থাকিব পৰা জেগা মাত্ৰ। ভিতৰত ঘোপমৰা এন্ধাৰ।অনুমানত গৈ আছোঁ।ভাবি আচৰিত লাগিল যে এই সুৰংগৰ মাজেদি অহা যোৱা কৰিয়েই দেশপ্ৰেমী গৰিলা সকলে দিন ,মাহ বছৰ অতিবাহিত কৰিছিল। মই  বাওঁহাতৰ সুৰংগ এটা নেদেখাকৈ পাৰ হৈ আগবাঢ়ি আহিলোঁ।পিছফালৰপৰা চিঞৰি মতা কাণলৈ আহিছিল। অলপ ৰৈ ঘূৰিবলৈ চেষ্টা কৰিলোঁ।কোনোমতে সুৰংগটোত সোমাব পাৰিছিলো, ঘূৰিবৰ বাবে অকণো ঠাই নাছিল।বহুত চেষ্টা কৰি হাত ভৰি আৰু কঁকালত দুখ পোৱাকৈ ভাঁজ দি কোনোমতে ঘুৰিব পাৰিলোঁ।ওলাই আহিবলগা সুৰংটোত বাহিৰৰ পৰা টৰ্চৰ পোহৰ পেলাই আছিল।

কোনোমতে বাহিৰ পালোহি।সুৰংগৰপৰা ওলাই অহা সময়ত ৱিনে ফটো দুখনমান তুলিলে। পিয়াহত অন্ঠ-কন্ঠ শুকাই গৈছিল।ওচৰতে ট্ৰিপালৰ চালি দিয়া দীঘলীয়া ঘৰ এটা আছিল।মাজত বেচ ডাঙৰ এখন টেবুল আৰু চাৰিওফালে বেঞ্চ পৰা আছিল।ৱিনে আমাক বেঞ্চত নি বহুৱালেগৈ।কাষত বহা অন্য লোকসকলৰ সন্মুখত দেখিলো সৰু চাহৰ টি পট আৰু  প্লেটত কিবা খোৱা বস্তু।ক’লা ৰঙৰ সৈনিকৰ পোছাক পিন্ধা ধুনীয়া যুৱতী এগৰাকীয়ে সমুখত চাহৰ পিয়লা, টিপটত গ্ৰীণ টী আৰু প্লেটত নিমখ ছটিওৱা মিঠা আলু দি গ’ল।এইবোৰ সকলোকে ফ্ৰীতে খুৱায়।সুৰংগত লুকাই থকা সৈনিক সকলে কেতিয়াবা এই ধৰণৰ খাদ্য খায়েই বহু দিন কটাব লগীয়া হৈছিল। ৰ’দটো চোকা হৈ আহিছিল।আমাৰ ভোক লাগিবলৈ আৰম্ভ কৰিছিল আৰু আমি বাহিৰলৈ ওলাই আহিছিলোঁ । 

ভাৰতীয় ৰেষ্টুৰেন্ট এখনত দুপৰীয়াৰ আহাৰ কৰাৰ পাছত এইবাৰ আমাক ভিয়েটনামৰ ক’লা পৰ্যটনৰ মুখ্য ভাগ যুদ্ধ অৱশেষ সংগ্ৰহালয়টো (War Remnants Museum) চাবৰ বাবে লৈ গ’ল। এসময়ত ই ‘আমেৰিকাৰ যুদ্ধ নৃশংশতাৰ মিউজিয়াম’ বুলি জনাজাত আছিল।তিনিমহলীয়া বিশাল ভৱনটোৰ বাহিৰফালে আমেৰিকান সৈন্যবোৰে ১৯৪৫-১৯৭৪ চনলৈকে ব্যৱহাৰ কৰা এজনীয়া সৰু যুদ্ধ জাহাজ,ৰকেট লন্সাৰ,টেঙ্ক আৰু অন্যান্য যুদ্ধ সামগ্ৰী সজাই থোৱা আছিল।এটা ৬৮০০ কিলোগ্ৰাম ওজনৰ ব’ম আমি সজাই থোৱা দেখিবলৈ পাইছিলোঁ।তলতে লোহাৰ পিঞ্জৰা কিছুমান দেখিছিলোঁ। তাতে লিখা আছিল ‘এবাৰত ১৪ জন মানকৈ ৰাজনৈতিক বন্দী ইয়াৰ ভিতৰত ঠেলি হেঁচি সুমুৱাই থৈছিল।খাদ্যৰ অভাৱত তেওঁলোক নৰ কংকালত পৰিণত হৈছিল ।‘ 

ধুনীয়াকৈ তত্বাৱধান লোৱা  ভৱনটোৰ প্ৰতিটো মহলাত আমেৰিকানসকলৰ নিষ্ঠুৰতাৰ নিদৰ্শন দেখি গা সিয়ৰি উঠিছিল, নিজকে সভ্য আৰু শিক্ষিত বুলি পৰিচয় দিয়া জাতিটোৰ প্ৰতি ঘৃণাত নাক কোঁচ খাই গৈছিল।প্ৰথম তলা আৰু দ্বিতীয় তলাত যুদ্ধৰ প্ৰায় ২৫০ টামান অৱশেষ আৰু অসংখ্য ফটো একোটাহঁত টোকাৰ সতে সজাই থৈছিল ।  

….১৯৬৯ চনত মি: বুই ভান ভাটৰ চৌহদত থকা নলাৰ পাইপৰ টুকুৰা টোত ধৰি মই স্তব্ধ হৈ ৰৈ আছিলোঁ। ১৯৬৯ চনৰ ২৫ ফেব্ৰুৱাৰী তাৰিখে আমেৰিকান সৈন্যবাহিনীৰ অন্যতম কুখ্যাত দল ‘চিল ৰেঞ্জাৰচ’ৰ কিছু সৈনিক থান ফুং গাঁৱত সোমায়।সিহঁতে ভিয়েটনামী বিদ্ৰোহীসকলৰ সম্ভেদ বিচাৰি ঘৰে বাৰীয়ে পিয়াপি দি ফুৰিছিল। সিহঁতে বুই ভান ভাটৰ নামৰ লোক এজনৰ তিনিজন নাতিনিয়েকক এই পাইপ টোত লুকাই থকাৰপৰা টানি উলিয়াই ৮ আৰু ১০ বছৰীয়া শিশু দুটাক  ডেগাৰেৰে  খুচি হত্যা কৰিছিল।আনকি কণমানি ৬ বছৰীয়া শিশুটোৰো পেটৰ নাড়ী-ভুৰু উলিয়াই হত্যা কৰিছিল। তেওঁলোকৰ হত্যাৰ ৪০ বছৰ পিছত বুই ভান ভাটৰ কন্যাই এই পাইপটো সংগ্ৰহালয়লৈ দান কৰে। 

বহুতো ধ্বংসপ্ৰাপ্ত যুদ্ধ জাহাজৰ টুকুৰা ইফালে সিফালে সজাই  থোৱা আছিল।গোটেই বিশ্ব কঁপাই তোলা এখন ফটো….’এজনী  প্ৰাণৰ মায়াত দৌৰি অহা ৯ বছৰীয়া নাঙঠ ছোৱালী যাৰ সকলো কাপোৰ জুইত পুৰি গৈছে আৰু তেওঁৰ আগে পিছে দৌৰি থকা আন কেইটামান শিশু’…পুলিৎজাৰ বঁটা লাভ কৰা এই ফটোখনে যুদ্ধৰ বিভীষিকা সকলোৰে আগত দাঙি ধৰিছিল আৰু এদিন এই কুখ্যাত যুদ্ধখনৰ অন্ত পৰিছিল। আন এখন ফটো…  ‘গছ গছনি ঘাঁহ বন সকলো পুৰি যোৱা লঠঙা জঙ্ঘল খনত অকলে এটা নাঙঠ শিশু’। দৰ্শক সকলৰ বেচিভাগৰে চকুত চকুপানী। খুব কঠিন অন্তৰৰ লোক এজনৰো চাগৈ চকুপানী নোলোৱাকৈ নোৱাৰে । ‘এজেন্ট অৰেঞ্জ’ নামৰ ৰাসায়নিক দ্ৰব্যটো ভিয়েট কং বিদ্ৰোহীবোৰ লুকাই থাকিব পৰা সাম্ভাব্য সকলো ঠাইতে আকাশৰপৰা বহুত বেচি পৰিমাণে ছটিয়াই দিছিল। ফলত খেতি-বাতি, হাবি-বননি সকলো নিমিষতে নষ্ট হৈ পৰিছিল।তথ্য অনুসৰি এজেন্ট অৰেঞ্জৰ ২ কোটি গেলন ভিয়েটনামৰ বিভিন্ন অঞ্চলত ছটিওৱা হৈছিল।মানুহৰ দেহত প্ৰৱেশ কৰা এই ৰাসায়নিক দ্ৰব্যৰ প্ৰতিক্ৰিয়াৰ দুৰ্ভোগ এতিয়াও ভুগি আছে বহু ভিয়েটনামী লোকে।’কেইবাজনো লোকক ৰছীৰে বান্ধি উৰন্ত হেলিকপ্তাৰত চোঁচৰাই লৈ যোৱা  ফটো’। ভাবিবলৈও টান লাগে এইবোৰ কথা।নিজকে সভ্য বুলি পৰিচয় দিয়া এখন দেশে চলোৱা  অমানৱীয়,  নৃসংশ যুদ্ধৰ বিভীষিকা  ইয়াত সকলোৰে চকুৰ আগত উদঙাই দেখুৱাইছে। ইমান ত্যাগ আৰু কষ্টৰ বিনিময়ত বিদেশীৰ কবলৰপৰা মুক্ত হৈ স্বাধীনতা লাভ কৰা প্ৰতিজন ভিয়েটনামী নাগৰিকলৈ অন্তৰৰ পৰা প্ৰণাম যাচিছিলোঁ। ভিয়েটনামৰ অন্ধকাৰ পৰ্যটনৰ এই অভিজ্ঞতা চিৰদিন মনত থাকিব।

হোটেললৈ ঘূৰি অহাৰ বাটত থিয়েন হাও ( Thien Hau) পেগোডা আৰু , নট্ৰে ডাম কেথেড্ৰেল ( Notre Dame Cathedral) আৰু পুৰণি পষ্ট অফিচটো  দেখুৱালেগৈ। মনটো শেষ হৈ যোৱা যুদ্ধৰ বিভীষিকাৰে হেঁচা মাৰি ধৰিছিল বাবে নতুন বস্তু একো চাবৰ হেঁপাহ নাইকিয়া হৈ পৰিছিল। 

 কিমান যে বৈচিত্ৰময় ডিয়েটনাম দেশখন! নদীৰ মাজত থকা গুহাৰ সুৰঙ্গৰ মাজেৰে নৌকা বিহাৰ কৰিলো, নীলা সাগৰৰ মাজত থকা পাহাৰৰ মাজে মাজে ঘূৰিলো,  সাগৰৰ দৰে বিশাল সেউজীয়া ধাননি পথাৰ দেখিলো, কেইবা শতিকা পুৰণি বুৰঞ্জীৰ মাজে মাজে ভ্ৰমণ কৰিলো । কৈ শেষ কৰিব নোৱাৰা বৈচিত্ৰময় এখন দেশ। লাহে লাহে আমাৰ ভ্ৰমণ শেষ কৰাৰ সময় চমু চাপি আহিছে।  সৰুৰে পৰা শুনি থকা মেকঙ নৈত এটা দিন কটোৱাৰ সপোনো অচিৰেই পূৰ্ণ হ’ব। 

( অহা সংখ্যাত আকৌ লগ পাম সকলোকে )

One comment

  • কুশল মহন্ত।

    বহুত ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *