ৰত্নাকৰ-বৰষা ডেকা
এটা জাতি বা প্ৰজন্মই চলচ্চিত্ৰক নিজা বৈশিষ্ট্যপূৰ্ণ ৰূপত তুলি ধৰে আৰু চলচ্চিত্ৰয়ো এখন সমাজক প্ৰভাৱান্বিত কৰাৰ ক্ষমতা ৰাখে। একে সময়তে সমাজৰ দাপোণ আৰু পৰিবৰ্তনৰ কাৰক হিচাপে কাম কৰিব পৰাৰ ক্ষমতাৰ বাবে চলচ্চিত্ৰক এটা অতি গুৰুত্বপূৰ্ণ কলা জ্ঞান কৰা হয়। চলচ্চিত্ৰই সফল মনোৰঞ্জনৰ আৰু জ্ঞানৰ ক্ষমতাশালী বাহক হিচাপে কাম কৰিব পাৰে। চলচ্চিত্ৰই একেসময়তে ছবি, শব্দ, সংলাপ সকলো সাঙুৰি লয় বাবে ই যোগাযোগৰ এটা বিশেষ প্ৰভাৱশালী মাধ্যম হিচাপে পৰিগণিত হৈছে। বহুতো চলচ্চিত্ৰই স্থান, কালৰ পৰিধি ভাঙি বিশ্বব্যাপি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। ২০১৯ বৰ্ষটোত সমাদৰ লাভ কৰা অসমীয়া চলচ্চিত্ৰৰ ভিতৰত “ৰত্নাকৰ” চলচ্চিত্ৰখন লেখত ল’বলগীয়া।
ৰত্নাকৰ (চলচ্চিত্ৰ)— মই লিখিবলৈ লৈছো সকলোৰে জনপ্ৰিয় তথা ভাললগা এখনি চলচ্চিত্ৰ ‘ৰত্নাকৰ’ৰ বিষয়ে।২০১৯ চনৰ ১১ অক্টোবৰত মুক্তি লাভ কৰা ৰোমাণ্টিক-একছনধৰ্মী অসমীয়া বোলছবিখনেই হৈছে ‘ৰত্নাকৰ’। এই চলচ্চিত্ৰখন যতীন বৰাৰ প্ৰযোজনা, পৰিচালনাত নিৰ্মিত।ছবিখনত মুখ্য চৰিত্ৰতো যতীন বৰাই নিজে অভিনয় কৰিছে।
‘ৰত্নাকৰ’ চলচ্চিত্ৰখনত অভিনয়ত থকা ব্যক্তিসকল একাদিক্রমে- যতীন বৰা (জয়ন্ত), বৰষা ৰাণী বিষয়া(মানসী), নিশিতা গোস্বামী (ডেইজী), আশ্ৰমিকা শইকীয়া (দুবৰি চৰিত্ৰত জয়ন্ত আৰু মানসীৰ কন্যা হিচাপে),
সঞ্জীৱ হাজৰিকা (দেৱৰাজ চৌধুৰীৰ চৰিত্ৰত,মানসীৰ পিতৃ আৰু জয়ন্তৰ পূৰ্বৰ শহুৰেক)
পদ্মৰাগ গোস্বামী (মানসীৰ ভাতৃ ৰাকেশ চৌধুৰীৰ চৰিত্ৰত)
চেতনা দাস (এগৰাকী জ্যেষ্ঠ নাগৰিকৰ ৰূপত)
বিষ্ণু খাৰঘৰীয়া (এজন জ্যেষ্ঠ নাগৰিকৰ ৰূপত)
হিৰণ্য ডেকা (এজন জ্যেষ্ঠ নাগৰিকৰ ৰূপত)
চলচ্চিত্ৰখনত সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গে। গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গৰ লগতে অন্যান্য শিল্পীয়ে। এলবামটিত মুঠ ৫টা গীত সন্নিবিষ্ট আছে।
এইবাৰ আহিছো চলচ্চিত্ৰখনত থকা সংগীতসমূহৰ বিষয়ে। সংগীতসমূহতো এক সুকীয়া আমেজ পোৱা যায়। ভিন্ন ৰস পোৱা চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গে। গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গৰ লগতে অন্যান্য শিল্পীয়ে। এলবামটিত মুঠ ৫টা গীত সন্নিবিষ্ট আছে।
চলচ্চিত্ৰখনত থকা সংগীতসমূহেই অন্য এক অৱসাদ দি গৈছে। সংগীতবোৰে প্রত্যেকজন ব্যক্তিৰ মন ভৰাই তুলিছিল৷ আচলতে অতীতৰপৰা এতিয়ালৈ ইমান ভাল ভাল গীতিকাৰ, গায়ক আৰু সুন্দৰ সুন্দৰ গীত আছে আৰু সৃষ্টি হৈ আছে যে কৈ বা লিখি শেষ কৰিব নোৱাৰি৷ এইবাৰ চিনেমাখনৰ মূল সাৰাংশলৈ আহিছো।
ছবিখনত জয়ন্ত নামৰ এজন ব্যক্তিৰ জীৱনৰ তিনিটা ভিন্ন পৰ্যায় দেখুওৱা হৈছে; এটা গুণ্ডাৰ লগতে এজন পাগল প্ৰেমিক আৰু এগৰাকী জীৰ দায়িত্ববহনকাৰী পিতৃৰ। জয়ন্তই নিজৰ একমাত্ৰ জীয়েকক পত্নীৰ আকস্মিক মৃত্যুৰ পিছত অতি কষ্টৰ মাজত ডাঙৰ দীঘল কৰিবলৈ আৰম্ভ কৰে। পূৰ্বে কৰা সকলো বেয়া কাম তেওঁ ত্যাগ কৰি দিছিল। কিন্তু অকস্মাতে জীয়েকক অপহৰণ কৰি নিয়ে জয়ন্তৰ প্ৰাক্তন মালিক তথা জয়ন্তৰ শহুৰেকে যিয়ে দুয়োৰে বিয়াখনত সন্মতি দিয়া নাছিল আৰু নাতিনীয়েকক নিজৰ কাষত ৰাখিব বিচাৰিছিল। কিন্তু অৱশেষত তেওঁ পিতৃ-সন্তানৰ স্নেহৰ আগত সেও মানিবলৈ বাধ্য হয়।
দুৰ্গম গাঁৱৰ এজন দায়িত্বশীল পিতৃ জয়ন্তই স্থানীয় বিদ্যালয়খনত পঢ়া মৰমৰ কন্যা দুবৰীৰ বাবে যিকোনো প্ৰকাৰে আগবাঢ়ি যায়। দুবৰীক কম নম্বৰ পোৱাৰ বাবে এগৰাকী শিক্ষকে ৰাজহুৱাভাৱে ধমকি দিয়াৰ পিছত তাই সমৰ্থনৰ বাবে দেউতাকৰ ওচৰলৈ যায়। জয়ন্তই শিক্ষয়িত্ৰী ডেইজীৰ মুখামুখি হৈ দুবৰীক একক পিতৃ-মাতৃ হিচাপে ডাঙৰ-দীঘল কৰি তেওঁ সন্মুখীন হোৱা সংগ্ৰামৰ বিষয়ে বুজাই দিয়ে। ডেইজীয়ে তেওঁৰ পৰিস্থিতিৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰে আৰু দুবৰীক পঢ়া-শুনাত সহায় কৰাৰ সিদ্ধান্ত লয়; এনেদৰে তেওঁলোকে এটা বান্ধোন গঢ়ি তোলে।
পিছত ৰাস্তাৰ গুণ্ডাবোৰে এখন পাৰ্কত দুবৰী আৰু ডেইজীক ঠাট্টা কৰে। জয়ন্তই গুণ্ডাবোৰৰ সন্মুখীন হোৱাৰ পৰিৱৰ্তে পলাই যায়, যাৰ ফলত ডেইজীয়ে তেওঁক কাপুৰুষ বুলি ভাবে। সেই নিশা জয়ন্তই (ডকাইতৰ পোছাক পৰিধান কৰি) গুণ্ডাবোৰক বিচাৰি পাই এটা এটাকৈ মাৰপিট কৰে। জয়ন্তৰ অজ্ঞাতে ডেইজীয়ে এই কথা দেখি থতমত খায়। তাই জয়ন্তক সুধিলে তেওঁ কোন আৰু তেওঁ নিজৰ অতীত প্ৰকাশ কৰে।
এটা মুহূৰ্ত্তত দেখুওৱা হৈছে, জয়ন্ত গুৱাহাটীৰ এজন শক্তিশালী ব্যৱসায়ীৰ গুণ্ডা। ব্যৱসায়ীজনৰ এগৰাকী কন্যা সন্তান আছে আৰু তাইৰ নাম মানসী। মানসী বহিঃৰাজ্যত পঢ়ি আছে। ঘৰলৈ উভতি আহোঁতে তাই জয়ন্তক লগ পায় আৰু তাৰ প্ৰতি আকৰ্ষিত হয়। তেওঁ বৃদ্ধসকলৰ শুশ্ৰুষা কৰে আৰু তেওঁলোকক নিজৰ একমাত্ৰ পৰিয়াল বুলি গণ্য কৰে। জয়ন্ত আৰু মানসীয়ে সামাজিকভাৱে লগ কৰিবলৈ লয় যদিও মানসীৰ কোনো ধাৰণা নাই যে জয়ন্ত দেউতাকৰ এজন গুণ্ডা। মানসীয়ে তেওঁক পিতৃৰ নিৰ্দেশ অনুসৰি এজন নিৰীহ মানুহক ভাবুকি দিয়া দেখিছে; কিছু দিনৰ পিচত তেওঁ তাইৰ ওচৰত ক্ষমা বিচাৰে আৰু কয় যে তেওঁ সহায় কৰা বৃদ্ধ মানুহবোৰৰ বাবেই এই কামটো কৰিছিল। তাই তাক ভাল কাম কৰিবলৈ কয় আৰু প্ৰতিশ্ৰুতি দিয়ে যে তাই তাক সমৰ্থন কৰিব। জয়ন্তই অসৎ পথ এৰি এটা সাধাৰণ বৃত্তি বিচাৰি পায়। দেউতাক আৰু নিষ্ঠুৰ ভায়েকৰ বিৰোধিতাৰ মাজতো মানসীয়ে তেওঁক বিয়া কৰায় আৰু গৰ্ভৱতী হয়। গাড়ী দুৰ্ঘটনাত এদিন মানসীৰ মৃত্যু হয়, কিন্তু কেঁচুৱাটো ৰক্ষা পৰে। মানসীৰ পিতৃয়ে জয়ন্তৰপৰা কেঁচুৱাটো কাঢ়ি লৈ প্ৰতিশোধ ল’ব বিচাৰে, কিন্তু জয়ন্ত আৰু তেওঁৰ সন্তান পলায়ন কৰি এখন দুৰ্গম গাওঁলৈ যায়।মানসীৰ দেউতাক, ভায়েক, গুণ্ডা দলে এতিয়াও শিশুটিক বিচাৰি ফুৰে; তেওঁলোকে দুবৰীক বিচাৰি পায় আৰু তাইক অপহৰণ কৰে। জয়ন্তই জীয়েকক উদ্ধাৰ কৰে মানসীৰ দেউতাকে নিজৰ ভুল উপলব্ধি কৰি দুয়োকে আশীৰ্বাদ দিয়ে। জয়ন্তই চাইকেল চলাই জয়ন্ত, দুবৰি, ডেইজীক লৈ যোৱা মূহুৰ্তত ছবিখনৰ সামৰণি পৰে।