ৰুগীয়া_প্ৰেম-অজান অনুভৱ বৰা

(এক)

“ফোনটো ধৰিবলৈ ইমান‌ সময় লাগে?কাৰ লগত লাগি আছিলি?শেষ কৰি দিছ তই‌ মোক”- সদায় কৰাৰ দৰে ৰিয়ানে আজিও তুলিকাৰ ওপৰত চিঞৰি উঠিছে ।তাই‌ বুজাবলৈ চেষ্টা কৰি কৰি ভাগৰি পৰে, সদায়ে ৰিয়ানৰ অশ্ৰাব্য  গালি-গালাজবোৰ কাণত বাজি থাকে ।

 তথাপি তাই‌ ৰিয়ানৰ কাষ চাপি যায়।তাক সাবটি ধৰে। মানসিক ৰোগ বিশেষজ্ঞা তুলিকাই ঠিকেই বুজে  thantophobia ত আক্ৰান্ত ৰোগী এজনৰ বাবে এইখিনি মৰমৰ কিমান প্ৰয়োজন । 

 

(দুই)

“তই মোক বুকুত কেনেকৈ হাত দিব পাৰিলি?ইমান দিনৰ বন্ধুত্বৰ এয়া কি উপহাৰ দিলি? ….” 

গালি পাৰি পাৰি জুতিকা আঁতৰি গৈছে পল্লৱৰ কাষৰ পৰা।

সি এতিয়াও বুজি‌ পোৱা নাই, তাৰ ভুল ক’ত ? আজি‌ দুইবছৰৰ ইমানখিনি মৰম‌ ভালপোৱা কেৱল বন্ধুত্বৰ বাবেই আছিল!

“কি‌‌ জান নে পল্লৱ? তই আচলতে বেমাৰী।You are suffering from Erotomania…।”

পল্লৱলৈ উভতি চাই‌ কন্দনামুৱা হৈ তাই কৈ গ’ল।

Leave a Reply

Your email address will not be published. Required fields are marked *