অণুগল্প-নাজিয়া হাচান
(১) ভোগ
মছজিদৰপৰা আজানৰ সুৰটো ৰিণিকি ৰিণিকি উৰি আহিল।দোপাট্টাখন মূৰলৈ আৰু অলপ টানি মানুহগৰাকীয়ে এটা খেজুৰ আৰু এগিলাচ পানী নিৰাকাৰজনৰ নাম লৈ মুখত দি,বিৰিয়ানিখিনিৰ আগভাগ সহায়িকা ৰুণু দেৱীৰ পৰিয়াললৈ বুলি টিফিন বাকচ এটাত সুন্দৰকৈ সজাবলৈ ল’লে।
-বাইদেউ আপোনালোকে নোখোৱাকৈ মোলৈ বিৰিয়ানিৰ আগ ভাগ কিয় সজাইছে? মইতো ৰোজাও নাৰাখোঁ বাইদেউ! আপোনালোকলৈ প্ৰথমে ৰাখি যি ৰয় মোক দিলেই হ’ল হয়….!
―একো নকৈ মিচিকিয়া-হাঁহিৰে মানুহগৰাকীয়ে ৰুণুৰ হাতখনত মৰমেৰে টিফিন বাকচটো উঠাই দিয়ে।
বিৰিয়ানি চামুচ মুখত লৈ মানুহগৰাকীয়ে নিজকে ক’লে―ৰোজা ৰখা নাই তাই,জানো;কিন্তু ভোক পিয়াহৰ অনুভৱ আমাতকৈযে তাই আৰু তাইৰ পৰিয়ালটোৱে পদে পদে কিদৰে অনুভৱ কৰে, তাৰ অনুমান এই ৰোজাৰ মাহটোৱেইতো আমাক আৰু বেছিকৈ অনুভৱ কৰিবলৈ শিকায়..!
(২) শ্ৰমিক
ব্যৱসায়ৰ কামত বাহিৰলৈ যোৱা মোহন, এইবাৰ হেনো বিহুত ঘৰলৈ নাহে।
দুখত জেতুকীৰ হিয়াখন মনে মনে উচুপি উঠিল!
প্ৰায় সাত আঠ মাহ পিচত…! পথাৰত কাম কৰি থকা জেতুকীৰ কাষলৈ মোহনে হেঁপাহেৰে আগুৱাই গৈ ক’লে,
” জাননে? ঐ! যোৱা বিহুত মনতে পণ কৰিছিলোঁ, এইবাৰ কামৰপৰা আহি তোক কইনা সজাই ঘৰলৈ আনিম বুলি।সেয়ে বিহুত এইবাৰ ঘৰলৈ নাহি, টকা দুটামান তোলৈ বুলিয়ে সাচিলোঁ।”
নিৰ্বাক জেতুকীৰ হিয়াভাঙি দুচকু অশ্ৰুৰে ভৰি আহিল!
ঘৰে পছন্দ কৰা দৰাজনে জেতুকীক পিন্ধোৱা আঙঠিটো, ৰ’দৰ পোহৰত জিলিকি আছিল তেতিয়া!
************
6:00 PM
সুন্দৰ 👌