অনুভৱ-সংহিতা ভট্টাচাৰ্য্য
-সপোন হেঁপাহবোৰৰ মাজেৰে–জীৱন!
ৰূমটোৰ টেবুলখনৰ ওপৰৰ বাতৰিকাকতখনত জিলিকি থকা হেডলাইনটোলৈ প্ৰথমেই চকু গ’ল তাৰ।
‘ভেন্সাৰ পৰ্যায়ৰ বিদ্যালয়সমূহ এইবাৰো প্ৰাদেশিকৰণ কৰা নহয়।’
অলপ সময় ৰৈ থাকিল সি।
বিছনাৰ তুলিখনৰ তলত থৈ দিয়া তাৰ চাৰ্টিফিকেটৰ টোপোলাটো লাহেকৈ উলিয়াই আনিলে অনিৰ্বাণে।এখন এখনকৈ চাই গ’ল সি। এসময়ৰ সপোন আৰু আশাৰ এই চাৰ্টিফিকেটবোৰ আজি মাত্ৰ উকা কাগজ কেইখিলামানৰ দৰে লাগি গ’ল অনিৰ্বাণৰ।
দুদিনমান আগতে যমুনাই কোৱা কথাষাৰ তাৰ মনলৈ আহিল।
: বুজিছে এইবাৰ আপোনাৰ চাকৰিটো হ’লে ছিলঙলৈকে যাম দিয়ক। আমাৰ সোনটোৱেতো আজিলৈকে গাঁৱৰ বাহিৰখনকে দেখা নাই। কেৱল মোমায়েকৰ ঘৰখনৰ বাহিৰে আৰুনো সি ক’ত যায়?
ভেন্সাৰ স্কুলখনত চাকৰি কৰি থকা প্ৰায় তেৰবছৰেই হ’লহি অনিৰ্বাণৰ। আজিলৈকে একো এটাই চোন নহ’লগৈ….।
: কিনো ভাবি আছে ইমান। চিন্তা কৰিব নালাগে। এদিনটো হ’বই। নোহোৱালৈকে কিবা এটা কৰিব লাগিব। কিবা এটা উপায় ওলাবই।
হঠাতে শুনা যমুনাৰ মাতত সি পিছলৈ ঘূৰি চালে।
জীৱনৰ দুখ বা সুখৰ প্ৰতিটো মুহূৰ্ততে এই মানুহজনীয়ে তাক এনেদৰেই আৱৰি ৰাখিছে। মাজে মাজে আচৰিত লাগি যায় অনিৰ্বাণৰ। বুকুৰ কোনটো কোণত দুখবোৰ লুকুৱাই থয় এই মানুহজনীয়ে?কেনেকৈ হাঁহি হাঁহি সহজভাৱে ল’ব পাৰে জীৱনৰ প্ৰতিটো কথা! আচৰিত লাগি যায় তাৰ।
: মই কথা এটা ভাবিছোঁ।
: কি?
যমুনাৰ কথাত লাহেকৈ অনিৰ্বাণে মাত দিলে।
: আমাৰ যে আগৰ খেতি কৰা মাটিখিনি আছে তাতেই আমি পুনৰ খেতি কৰিব পাৰো দেখোন। দেউতাইতো সেই মাটিখিনিতেই খেতি কৰি আপোনালোক তিনিওটা ল’ৰাক পঢ়ুৱালে। উচ্চ শিক্ষিত কৰিলে।আপোনালোকেও পাৰিব।
: ময়ো ভাবিছোঁ কথাটো। নভবা নহয়। অলপ দিনৰ আগতে চাইও আহিছোঁ মাটিডৰা।
: তেন্তে কাইলৈৰপৰাই আৰম্ভ কৰোঁ।
যমুনাই বৰ উৎসাহেৰে ক’লে।
ৰাতিপুৱাই হালখন লৈ অনিৰ্বাণ যাবলৈ ওলাল। যমুনাই বেৰখন মাটিৰে লেপি লেপি সিফালৰ পৰা কৈ উঠিল..
: দুপৰীয়া ইমানদূৰ আকৌ আহিব নালাগে। ভাতকেইটা ময়েই লৈ যাম। গছৰ তলতে বহি দুয়ো একেলগে খাম। মনত আছে নে আপোনাৰ? বিয়াৰ আগতে যে বহিছিলোঁ…!
যমুনাই হাঁহি হাঁহি কোৱা কথাকেইটা শুনি সিও মিচিকিয়াই হাঁহিলে। ঠিকেইতো। কিমানদিন যে একেলগে বহি ভালকৈ কথা এষাৰ পতা নাই দুয়োটাই। মনৰ কথাবোৰ, মৰমবোৰ যেন বুকুতে ৰৈ গৈছে সদায়…!
আজি কেৱল কথা পাতিম।কেৱল কথা।আমাৰ দুয়োটাৰ কথা। মনত সাঁচি ৰখা সপোনবোৰৰ কথা। বুকুত পুহি ৰখা হেঁপাহবোৰৰ কথা!! জীৱনত প্ৰথমবাৰ সুহুৰি বজাই গোৱা গানটো আকৌ আজি তাৰ গাবলৈ মন গ’ল বৰ…
…..কৃষ্ণচূড়া.. কৃষ্ণচূড়া…..
কৃষ্ণচূড়া তোমাৰ প্ৰাণৰ ৰঙেৰে মোৰো জীৱন…এবাৰ ৰঙাই তোলা…কৃষ্ণচূড়া।।
অনিৰ্বাণে আজি প্ৰথম ইমান গৌৰৱ অনুভৱ কৰিলে যে সি এজন খেতিয়কৰ ল’ৰা।আজিৰেপৰা যেন অনিৰ্বাণে এটা নতুন পৰিচয় পালে। নিজাকৈ এটা পৰিচয়।
আজিৰেপৰা অনিৰ্বাণ এজন খেতিয়ক।
************