অভিশপ্ত ঘৰ-কুশল মহন্ত
(পুনশ্চ::::::::::::::ৰক্তিম বৰুৱাই আত্মহত্যা কৰিছিল।আপাতদৃষ্টিত ৰক্তিমৰ দেউতাকক সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল যদিও প্ৰকৃততে ৰক্তিম বৰুৱাৰ দেউতাকক ৰক্তিমেই হত্যা কৰিছিল।মাকে কৰিছিল এই ষড়যন্ত্ৰ।ৰক্তিমে ভাবিছিল দেউতাকে মাকক মিছাকৈ পৰপুৰুষৰ লগত সন্দেহ কৰি মাৰধৰ কৰে।সিদিনাও ৰক্তিমৰ দেউতাকে মাকক মাৰধৰ কৰিছিল।হিতাহিত জ্ঞান হেৰুৱাই ৰক্তিমে দেউতাকক ক্ৰিকেট বেটেৰে কোবাই হত্যা কৰিছিল।ৰক্তিমে পিছতহে গম পালে যে আচলতে তাৰ মাকৰহে সম্পৰ্কীয় খুৰাকৰ সৈতে অবৈধ সম্পৰ্ক আছে।এয়া সি নিজ চকুৰে দেখিছিল।এক ভয়ানক পৰিকল্পনা কৰি ৰক্তিমে নিজৰ মাককো হত্যা কৰে।ৰক্তিমৰ মাকৰ মৃত্যুৰ পিচত ৰক্তিমৰ মানসিক ভাৰসাম্যতা হেৰাইছিল।তাক যেন মাক আৰু দেউতাকে হত্যা কৰিব।ভয়ৰ তীব্ৰতা ইমানেই বেছি হৈছিল যে ৰক্তিমে শেষত আত্মহত্যা কৰিছিল।ইয়াৰ পিছতে আত্মহত্যা কৰিছিল সেই ঘৰটোত থকা এজন ভাড়াতীয়াই।আচলতে ঘৰটোৱেই কিবা অভিশপ্ত নেকি বাৰু?)
(সাত)
: হেল্ল, কি!ঘৰটোত পুণৰ এটা আত্মহত্যা ?
:গগৈ,মই গৈ আছোঁ ,আপুনি মই তাত গৈ নোপোৱালৈকে প্ৰাৰম্ভিক তদন্ত কৰক কিন্তু বডীটো তললৈ ননমাব।মই দহ মিনিটত গৈ পাম,বেলেগ মানুহ সোমাব নিদিব।
:ছাৰ,আহক।
: গগৈ, কিবা নোট পাইছিলে নেকি?
: হয় ছাৰ,বহী এখন আৰু চিঠি এখন পাইছো।
: ঠিক আছে,সেইকেইখন মোক দিয়ক আৰু বডীটো নমাই দিয়ক আৰু পোষ্ট মৰ্টেমৰ কাৰণে পঠিয়াই দিয়ক এতিয়াই।
: হ’ব ছাৰ।
: গগৈ , আপুনি কি ভাৱে,এইটো আত্মহত্যা নে হত্যা ?
: ছাৰ,আত্মহত্যা।
: আপুনি কেনেকৈ জানিলে যে এইটো আত্মহত্যা?মই যদি কঁও ,এইটো হত্যা।
: জানিবলৈ কি আছে ছাৰ,নোটত তেখেতে স্পষ্টকৈয়ে লিখিছে যে তেওঁ কৰা পাপৰ বাবেই তেওঁ আত্মহত্যা কৰিলে।ঘৰটো সঁচাকৈয়ে অভিশপ্ত।এতিয়ালৈকে তিনিজনে আত্মহত্যা কৰিলে।
: বাৰু,মই নোটতো পঢ়া নাই ভালকৈ এতিয়ালৈকে, লগতে পোষ্ট মৰ্টেমৰ ৰিৰ্পটটোও আহি লওক।তেতিয়াহে এটা সিদ্ধান্ত ল’ব পাৰিম হত্যা নে আত্মহত্যা।বডীটোৰ পজিছন চাই এইটো হত্যা যেনেই লাগিছে,কাৰণ মানুহজনৰ ভৰিৰ বুঢ়া আঙুলিয়ে মজিয়া চুই আছে ।
(আঠ)
মোৰ এশ শতাংশই বিশ্বাস আছিল যে এইটো এটা হত্যা। তদন্তকাৰী বিষয়া হিচাবে যিহেতু কোনো এটা সিদ্ধান্ত লোৱাৰ আগতে সকলোখিনি তথ্য ভালকৈ চালি জাৰি চাইহে এটা শেষ সিদ্ধান্তত উপনীত হ’ব পাৰিম।সেয়েহে পুনৰ নোটটো পঢ়িলোঁ। নোটতোৰ মতে…তেখেতে কৰা পাপৰ অনুশোচনাতে আত্মহত্যা কৰিলে।ঠিক তেখেতৰ বন্ধুৱে কৰাৰ দৰেই। নোটটোত উল্লেখ কৰা মতে তেখেতে কি ভয়ানক পৰিকল্পনা কৰি তেখেতৰ পত্নীৰ হত্যা কৰিছে। তেখেতে লিখিছে , সেইদিনা মই মোৰ পত্নী জাহ্নৱীক মোৰ নতুন ভাড়াঘৰটোলৈ আনিবলৈ তাইক একো খবৰ নিদি চাৰপ্ৰাইজ দিম বুলি ঘৰলৈ গ’লো। কিন্তু ঘৰ পায় মইহে চাৰপ্ৰাইজ হ’লো।মই মোৰ পত্নীক এজন পৰ পুৰুষৰ লগত অন্তৰংগ অৱস্থাত দেখা পালোঁ। তেওঁলোকে মোৰ উপস্থিতি গম পোৱা নাছিল।মই সেই দৃশ্য দেখি খঙত জ্বলি উঠিছিলোঁ যদিও নিজকে সম্বৰণ কৰি তাৰপৰা গুচি আহিলোঁ। সেইদিনাৰপৰাই মই মোৰ পত্নীক মাৰিবলৈ সুযোগ বিচাৰি আছিলোঁ।এদিন সুযোগ ওলাল।পত্নী চৰকাৰী পশুপালন বিভাগৰ এটা প্ৰশিক্ষণ লবলৈ অন্ধ্ৰপ্ৰদেশলৈ যাবলৈ ওলাল।লগত তেওঁৰ প্ৰেমিক পশুপালন বিভাগৰ অফিচাৰ জন।আচলতে , সেইটো কোনো প্ৰশিক্ষণ নাছিল।তেওঁলোক দুজনৰহে বাহিৰত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা আছিল। মই সকলো জানিব পৰিছিলোঁ যদিও একো নজনাৰ ভাও লৈ জাহ্নৱীক প্ৰশিক্ষণলৈ বুলি যাবলৈ অনুমতি দিছিলোঁ। সিহঁতে যিহেতু ৰেলেৰে যাত্ৰা কৰিব,সেই কথা মই জানি সিহঁতক হাতে- লোতে ধৰাৰ স্বাৰ্থত আগতেই মই অন্ধ্ৰপ্ৰদেশত বিমানেৰে গৈ বাহৰ পাতিলোঁ। নিৰ্দিষ্ট দিনত সিহঁত অন্ধ্ৰপ্ৰদেশ গৈ পালে আৰু তাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰিবলৈ গ’ল।মই সিহঁতে নজনাকৈ সিহঁতক অনুসৰণ কৰাত লাগিলোঁ আৰু সিহঁতক হত্যা কৰাৰ সুযোগ বিচাৰি আছিলোঁ।এদিন সুযোগ পালোঁ।সিহঁতে “আৰাকো ভেলি”ৰ জলপ্ৰপাতটো চাবলৈ গৈছিল আৰু তাতেই সুযোগ বুজি মই অফিচাৰজনৰ অনুপস্থিতিত জাহ্নৱীক জলপ্ৰপাতটোৰ ওপৰৰপৰা ঠেলা মাৰি পেলাই দিলোঁ।মোক সেই কাম কৰা কোনেও নেদেখিলে আৰু মই সেইদিনাই বিমানেৰে আহি ঘৰ পালোহি।পিছদিনা মই স্বাভাৱিকভাবেই আহি ডিউটি কৰিলোঁ।জাহ্নৱীৰ বডীটো এসপ্তাহৰ পাছত পুলিচে উদ্ধাৰ কৰি মোক চিনাক্ত কৰিবলৈ অন্ধ্ৰপ্ৰদেশলৈ মাতি পঠিয়ালে।মই তালৈ গৈ বডীটো চিনাক্ত কৰি তাতেই বডীটো চমজি লৈ শেষকৃত্য সম্পন্ন কৰি ঘৰলৈ ঘূৰি আহিলোঁ । পুলিচেও ঘটনাটো এটা দুৰ্ঘটনা বুলি ভাবি বেছি তদন্ত নকৰি মোক বডীটো চমজাই দিছিল।ময়ো ইমান ডাঙৰ অপৰাধ এটা কৰি নিৰ্ভয়ে আছিলোঁ।কিন্তু আজি কিছুদিনৰ পৰা যেন মোক কোনোবাই অনুসৰণ কৰি আছে তেনে ভাব হৈছে। কোনোবাই যেন মোক মাৰিব।মোৰ বৰ ভয় লাগিছে, এয়া কি মোৰ হাত-ভৰি বোৰ দেখোন কঁপিব ধৰিছে।মোৰ পত্নীয়ে তেজেৰে ৰাঙলী হৈ মোক খেদি আহিছে, মোৰ বৰ ভয় লাগিছে ……!!মই…মৰি থাকিব লাগিব।…..মই চিপজৰীয়েই ল’ব লাগিব।
(ন)
: গগৈ,হত্যাকাৰীয়ে মুখ খুলিছে নে?
: হয় ছাৰ।তেখেতে যে হত্যা কৰিছে সেইটো স্বীকাৰ কৰিছে।
: কিন্তু কিয় কৰিলে সেই কামটো?
: সেইটো মোক কোৱা নাই ছাৰ।হয়তো আপুনি সুধিলে ক’ব।মোৰ মতে তেখেতে কাৰোবাক বচাব বিচাৰিছে।
: বাৰু,মই সুধিম তেখেতক।
: ছাৰ , আপুনি বাৰু কেনেকৈ জানিলে এইটো আত্মহত্যা নহয় হত্যা বুলি।নোটটোৰ লগতে পোষ্ট মৰ্টেমৰ ৰিপৰ্টততো আত্মহত্যা বুলিয়েই আছে।
: গগৈ,প্ৰথমতে ময়ো হত্যা বুলি সন্দেহ কৰিছিলোঁ যদিও এইটো আত্মহত্যা বুলিয়েই ভাবিছিলোঁ।কিন্তু যেতিয়া মই এখেতৰ নোটতো আৰু ৰক্তিম বৰুৱাৰ চিঠিখন পঢ়িছিলোঁ এটা সাদৃশ্য দেখা পাইছিলোঁ।
: কি ছাৰ ?
: হাতৰ আখৰ ।
: কি? হাতৰ আখৰ, ছাৰ?কিন্তু ই কেনেকৈ সম্ভৱ?
: তাকেই,মই যেতিয়া ফৰেনচিকত দুয়োটা কপি পঠালোঁ। তেতিয়াহে ৰিপৰ্টত পালোঁ যে দুয়োখন এজন মানুহৰে লেখা। এইবাৰ মোৰ আচৰিত হোৱাৰ পাল।
: মানে ছাৰ।
: মানে দুয়োখন ঘৰটোৰ তৃতীয় আত্মহত্যা কৰা ব্যক্তি অভি ওৰফে অভিনন্দন হাজৰিকাৰ হাতৰ আখৰ। ৰক্তিম বৰুৱাৰ চিঠিখন অভিনন্দন হাজৰিকাই লিখা।
: এইটো কেনেকৈ হ’ব পাৰে ছাৰ?ৰক্তিম বৰুৱাইটো দুবছৰৰ আগতেই আত্মহত্যা কৰিছিল।
: মই সেইখিনিতেই বিবুদ্ধিত পৰিছিলোঁ।অলপ দকৈ ভাবি অভিনন্দন হাজৰিকাৰ বিষয়ে অলপ অনুসন্ধান কৰিলোঁ আৰু গম পালোঁ যে তেখেত এজন ৰহস্য গল্পকাৰ। তেখেতে গল্পবোৰ কিতাপ আকাৰে প্ৰকাশ কৰা নাই যদিও বিভিন্ন আলোচনীত বিনয় বৰুৱা নামৰ ছদ্মনামেৰে প্ৰকাশ কৰে।হয়তো তেখেতে এইটো বন্ধু ৰক্তিমৰ আৰু নিজৰ নাম ব্যৱহাৰ কৰি এটা গল্প লিখি আছিল।
: ছাৰ, কিন্তু আপুনি কেনেকৈ নিশ্চিত হ’ল যে এইটো হত্যা?
: পোষ্ট মৰ্টেম ৰিপৰ্টৰপৰা আৰু আপুনি যে ৰচী ডালত এডাল চুলি পাইছিল তাৰেইপৰা।
: কিন্তু ৰিপৰ্টতটো পোনে পোনে হত্যা বুলি উল্লেখ নাই।
আত্মহত্যা বুলিও উল্লেখ নাই।মাথোঁ তাত লিখিছে যে চিপজৰীৰ আঘাত মতেই তেখেতৰ মৃত্যু হৈছে।কিন্তু সেইসময়ত তেখেত সুৰাসক্ত অৱস্থাত আছিল আৰু তেখেতৰ সোঁ-হাতৰ তৰ্জনী আঙুলিৰ নখত অকনমান মানুহৰ গাৰ ছাল পোৱা গৈছে। ফৰেনচিকৰপৰা জানিব পাৰিলোঁ যে চুলিডাল আৰু ছালৰ DNA ৰ সম্পূৰ্ণৰূপে মিল আছে।সেয়া একে গৰাকী মানুহৰ।তেতিয়াই মই নিশ্চিত হ’লো যে এইটো এটা হত্যাকাণ্ড আৰু সেয়ে মই হত্যাকাৰীক বিচাৰি উলিয়াৰ পণ ললোঁ । হত্যাকাৰীক বিচাৰি উলিওৱা মোৰ বাবে সহজ নাছিল কিন্তু তেওঁ কৰা এটা সামান্য ভুলৰ বাবে মই তেওঁক বিচাৰি উলিয়াবলৈ সক্ষম হলোঁ ।
(দহ)
: কিয় কৰিলে তেনে কাম?
: এনেই , কৰিলোঁ।
: এইটো এটা হত্যাকাণ্ড।মানুহে এনেই নকৰে।
: মই কৈছোঁৱেই দেখোন এনেই কৰিলোঁ।মোৰ কোনো কাৰণ নাই তেখেতক মাৰিবলৈ।
:আচ্ছা , আপুনি এনেই কৰিলে।কাক বচাবলৈ খুজিছে কওকচোন শুনো।
: কি একেটা কথাকেই বাৰে বাৰে সুধি থাকে।মই স্বীকাৰ কৰিছোঁ যেতিয়া মোক যি শাস্তি দিব লাগে দিয়ক।
: হয় নেকি?তেন্তে আপুনি লক- আপতেই থাৰ্ড ডিগ্ৰী শাস্তিৰ সন্মুখীন হওক।
: লীনা।
: হয় ছাৰ।
: তেখেতৰপৰা প্ৰকৃত সত্য উলিওৱা।তোমাক খোলা হাত দিছোঁ।
: হ’ব ছাৰ ।
(এঘাৰ)
: ছাৰ,তেখেতে মুখ খুলিলে।
: বঢ়িয়া।বিতংকৈ কোৱা লীনা।
: তেখেতে অকলে কৰা নাই কামটো,ছাৰ।আৰু এগৰাকী আছে তেখেতৰ লগত।
: কোন আছে।
:তেখেতৰ বন্ধু।
: হয় নেকি?
: হয় ছাৰ।
: কিয় কৰিলে তেওঁলোকে?
: অবৈধ প্ৰেম ছাৰ।
: মানে?
: তেওঁলোক দুয়োগৰাকী কলেজৰ দিনৰেই বন্ধু। দুয়োৱে দুয়োকে বৰ ভাল পাইছিল।কিন্তু জাহ্নৱীৰ অভিনন্দন হাজৰিকাৰ লগত বিবাহপাশত আৱদ্ধ হোৱাৰ পাছত দুয়োৰে মাজত সংযোগ নোহোৱা হৈছিল।পুণৰ তেওলোকে অন্ধ্ৰপ্ৰদেশলৈ প্ৰশিক্ষণৰ বাবে গৈ গোটেই সময়খিনি একেলগে কটাওঁতে পুৰণি অনুভূতিখিনি জাগি উঠে আৰু তাৰ পৰিণতিত এই হত্যাকাণ্ড কৰে।
: বাৰু লীনা, ইগৰাকীকো এৰেষ্ট কৰা।মই তেখেতৰপৰা কেনেকৈ এই হত্যাকাণ্ড সংঘটিত কৰিলে জানিবলৈ চেষ্টা কৰিম।
(বাৰ)
: আপোনাৰ নাম?
: জ্যোতিৰূপ ।
: বাহ্ , কি সুন্দৰ নাম।কামটো কিন্তু আন্ধাৰৰ।বেয়া কাম। বাৰু,কাহিনীটো গ’ম পালোঁ কিয় কৰিলে।এতিয়া কওকচোন কেনেকৈ কৰিলে?
: প্ৰশিক্ষণৰ কেইদিনত আমি দুয়ো দুয়োৰে বহুত ওচৰ চাপি গৈছিলোঁ।দুয়োৰে আধৰুৱা প্ৰেম পুণৰ জাগি উঠিছিল।ইজনীয়ে সিজনীক এৰি থাকিব নোৱাৰিম যেন ভাব হৈছিল।কিন্তু আমাৰ একলগ হোৱাৰ বাটৰ কাঁইট আছিল জাহ্নৱীৰ স্বামী অভিনন্দন।
: ৰ’ব ৰ’ব ,আপুনি যে ইজনীয়ে সিজনীক বুলি ক’লে যে! আপুনিচোন পুৰুষ।
: আচলতে, মই মহিলা, জ্যোতিৰূপা।জেণ্ডাৰ চেঞ্জ কৰি পুৰুষ হৈছো।
: আটছা্ , বুজিলো , কৈ যাওক।
: অভিনন্দনক আঁতৰাব পাৰিলেই আমি এক হ’ব পাৰিম। সেয়েহে আমি তাক আঁতৰোৱাৰ সুযোগ বিচাৰিব ধৰিলোঁ।এদিন সুযোগ আহিল তাকো খুদ অভিনন্দনৰ পৰাই।
: কেনেকৈ?
: যিহেতু অভিনন্দনে ছ’চিয়েল মিডিয়াত লিখা-মেলা কৰে,সি বোলে তাৰ বন্ধু ৰক্তিমৰ ঘৰটোক আৰু ৰক্তিমৰ আত্মহত্যাৰ এটা কাল্পনিক কাৰণ লৈ এটা গল্প লিখি আছে সি নিজে আৰু জাহ্নৱীকো সেই গল্পটোত লৈছে বুলি জাহ্নৱীক ফোন কৰি কৈছিল আৰু প্ৰত্যেক দিনাই গল্পটোৰ লিখি হোৱা খণ্ডটি ফটো মাৰি পঠিয়াই দিয়ে। সেইটোৱেই আমাৰ বাবে টাৰ্ণিং প’ইন্ট আছিল।যিহেতু অভিনন্দনে গল্পটোত জাহ্নৱীক হত্যা কৰিছিল বুলি উল্লেখ কৰিছিল,গতিকে আমি সেই সুযোগ নেহেৰুৱাই ততালিকে তাক খবৰ নিদিয়াকৈ প্লেনিং কৰি ইয়ালৈ গুচি আহিলোঁ। ইয়াৰ এখন হোটেলত ৰুম এটা লৈ ৰাতিয়েই সি থকা ঘৰটোলৈ গ’লো।যেতিয়া আমি ঘৰটোলৈ গ’লো,তেতিয়া অভিয়ে সুৰাপান কৰি আছিল। কলিং বেলটো বজোৱাত সি অলপ দেৰিৰ পিছত দুৱাৰ খুলি দিলে।মই তাক দেখা নিদিলো।জাহ্নৱীক দেখি সি আচৰিত হৈ গ’ল আৰু জাহ্নৱীয়ে চাৰপ্ৰাইজ বুলি কৈ ভিতৰলৈ সোমাই গ’ল।জাহ্নৱীয়ে তাক সুৰাপান কৰিবলৈ দি ফ্ৰেচ হ’বলৈ গৈ মোক পিচফালৰ দুৱাৰেৰে সোমাবলৈ দিলে।আমি দুইজনীয়ে লগত লৈ যোৱা গ্লভচ্ পিন্ধি ৰচী ডাল লৈ সি সুৰাপান কৰি অচেতন হোৱালৈকে ৰৈ থাকিলোঁ আৰু সুযোগ বুজি তাৰ ডিঙিত ফাঁচী লগাই ফেনখনত ওলোমাই তাক হত্যা কৰিলো। যিহেতু সি সুৰাসক্ত আছিল তাক মাৰিবলৈ আমাৰ বেছি কষ্ট হোৱা নাছিল।তাৰ পাছত আমি যি যি বস্তু চুইছিলো সকলোৰে আমাৰ হাতৰ আঙুলিৰ চাপ সমুহ মচি দি তাৰপৰা ওলাই আহি হোটেলত ৰাতিটো কটাই পুণৰ বিমানেৰে অন্ধ্ৰপ্ৰদেশ পাইছিলোঁ। অন্ধ্ৰপ্ৰদেশত আমি আমাৰ পুৰণি নম্বৰ সমূহ নষ্ট কৰিলোঁ লগতে অতীতৰ সকলো বস্তু।আমাৰ সেই দিনবোৰ বৰ ধুনীয়াকৈ উদযাপন কৰিলোঁ। মই মোৰ জেণ্ডাৰ চেঞ্জ কৰাৰ কথা ভাবিলো আৰু চেঞ্জ কৰি দুয়ো একে-লগে পতি-পত্নী হিচাপে থাকিলোঁ।
: বঢ়িয়া।এতিয়া দুয়ো একেলগে জেলৰ ভাত খাওকগৈ। লীনা লৈ যোৱা তেখেতক।কঠোৰৰপৰা কঠোৰতম শাস্তি দিয়াব লাগিব তেওঁলোকক।
(তেৰ)
: ছাৰ,চেল্যুট আপোনাক।মাত্ৰ তিনি মাহতেই ইমান কপ্লেক্স কেচ এটা চ’লভ কৰিলে।আমিতো সেইটো ভূতিয়া ঘৰ বুলিয়েই ভাবিছিলোঁ।আপুনি প্ৰথম ক্লুটো ক’ত পালে বাৰু?
: মই কৈছিলোঁৱেই দেখোন হাতৰ আখৰ বুলি।ঠিক আপুনি ভবাৰদৰেই ময়ো ভাবিছিলোঁ দুবছৰ আগতেই ঢুকুৱা মানুহজনৰ হুবহু আখৰ তৃতীয় ব্যক্তিজনৰ কেনেকৈ হ’ব পাৰে?সেয়েহে চিঠিখন আৰু নোটটো হেণ্ডৰাইটিং এক্সপাৰ্টৰ তালৈ পঠিয়াই ৰক্তিমৰ কেচ ডাইৰী বিচাৰি পঢ়িলোঁ।তাত ৰক্তিমে নিজকে নিঃসংগ অনুভৱ কৰি শেষত আত্মহত্যা কৰিলে বুলি লিখা আছে আৰু মই নিজাববীয়াকৈ অনুসন্ধান কৰি একে মতামত দিছোঁ।
: ছাৰ,আপুনি হত্যাকাৰীক কেনেকৈ ধৰিলে?
: হাতৰ আখৰৰপৰা ক্লুটো পাইছিলোঁ যদিও মোৰ বাবে হত্যাকাৰীক ধৰা সহজ নাছিল।কিন্তু মোৰ ভাগ্য ভাল যে ‘ক্ৰাইম চিন’ত পোৱা চুলিডাল আৰু নখত লাগি থকা মঙহকণৰ কাৰণেই হত্যাকাৰীক বিচাৰিব পাৰিলোঁ । আৰু ইণ্টাৰেষ্টিং কথা কি আছিল জানেনে?এই দুয়োটাই আছিল এগৰাকী মহিলাৰ।এই কথা জানিব পাৰি মই বৰ বিবুদ্ধিত পৰিছিলোঁ।এই হত্যা কোনোবা পুৰুষে কৰিছে বুলিহে ভাবিছিলোঁ কিন্তু এই তথ্য জানি হত্যাকাণ্ডৰ নায়িকা গৰাকীক বিচাৰিব ধৰিলোঁ।মই কেচটো সমাধান কৰিব নোৱাৰিলোঁহেঁতেন যদিহে হত্যাকাৰীয়ে নিজৰ পুৰণি একাউণ্টৰ পৰা এ.টি.এমৰ জৰিয়তে হত্যাকাণ্ডৰ তিনি মাহৰ পিচত ধনৰ লেনদেন নকৰিলেহেঁতেন।যেতিয়া ল’কেশ্যন ট্ৰেচ কৰিলোঁ তেতিয়াতো বেছি চক হৈ গ’লো।ল’কেচনটো হাইদৰাবাদৰ।পিছত হাইদৰাবাদ পুলিচৰ সহায় লৈ চি.চি.টি.ভিৰ সহায়ত দোষীক কাৰায়ত্ত কৰিলোঁ। নোটটো পঢ়ি জাহ্নৱীৰ মৃত্যু হৈছিল বুলিয়েই ভাবিছিলোঁ।কিন্তু তেখেতেই যে আচল কালপ্ৰিট সেইটো চি.চি.টি.ভিৰ ফটো দেখিহে গ’ম পালোঁ।শেষত যেনিবা তেখেতে সকলো কথা স্বীকাৰ কৰিলে যদিও জ্যোতিৰূপা ওৰফে জ্যোতিৰূপৰ কথাটো জনোৱা নাছিল।কিন্তু মই নিশ্চিত আছিলোঁ যে পৰিকল্পিতভাবে হত্যাকাণ্ডটো কৰা এগৰাকী মহিলাৰদ্বাৰা সম্ভৱ নহয়। সেয়েহে লীনাৰ সহায়ত মই এগৰাকী হত্যাকাৰীক বিচাৰি উলিয়াবলৈ পাৰিলোঁ।
: আৰু দ্বিতীয় গৰাকীয়ে আত্মহত্যা কিয় কৰিছিল ছাৰ।
: সেই গৰাকীৰ কেচ ডাইৰীত অত্যাধিক ধাৰৰ বোজা সহিব নোৱাৰি আত্মহত্যা কৰা বুলি উল্লেখ আছে।সেই গৰাকীৰ লগত অভিনন্দন হাজৰিকাৰ একো সম্বন্ধ নাছিল বাবে তেওঁৰ গল্পত স্থান দিয়া নাছিল।এতিয়া বুজিলে গগৈ,কোনো এটা কেচ সমাধান কৰিবলৈ কিমান গভীৰভাবে কেচটো অধ্যয়ন কৰিব লাগে।মই বিশেষকৈ অম্লান শইকীয়াই সকলো সিদ্ধান্ত ভালকৈ নিৰীক্ষণ কৰিহে শেষ সিদ্ধান্ত লওঁ।
: বুজিলোঁ ছাৰ,ঘৰটো কিন্তু অভিশপ্ত।সেই ঘৰটোতে ইমান ঘটনা হৈ গ’ল।
:একো অভিশপ্ত নহয় গগৈ,সকলো অন্ধবিশ্বাস মাথোঁ।
।।।।। সমাপ্ত।।।।।
************