অসময়-ঋতুপৰ্ণা দত্ত

হেঁকো-জেকোকৈ মানুহজনীয়ে চাউলকেইটা খুন্দিলে। ৰাতিলৈ পিঠাৰ খোলাখন পাতি দিবলৈ মানুহজনক কেৰজেৰ্ কৰি থাকিল। মানুহজনীয়ে নেদেখাকৈ চশমাযোৰ খুলি মানুহজনে চকু দুটা মচি ল’লে।

বজাৰৰ পিঠা কিনি বিহু পতা পুতেকহঁতে মিছাতে বিহুত আহি মাক দেউতাকক কষ্ট দিব নোখোজে হেনো!

বছৰ বছৰ জুৰি বিহুৰ পাছত মলঙা পিঠাবোৰ মানুহজনীয়ে পেলাই দিয়ে। পিঠাবোৰ উদং হোৱা দিনটো তেওঁৰ বাবে যে  আৰু কেতিয়াও নাহে!

************

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *