অসমীয়া ফকৰা-যোজনাত নাৰী-ড° মৃদুস্মিতা ফুকন
লোক-সাহিত্যৰ বিভিন্ন বিভাগসমূহৰ ভিতৰত ফকৰা-যোজনাৰো সাহিত্যিক তথা সামাজিক মূল্য অনস্বীকাৰ্য। কোনো এটা গূঢ় তত্ত্ব বা একোটা গধুৰ কথাৰ সাৰমৰ্ম কম কথাৰে, সৰ্ব-সাধাৰণে বুজি পোৱাকৈ ফকৰা-যোজনাৰে বুজাই ক’ব পাৰি। নিৰক্ষৰ চহালোকৰ জীৱনৰ অভিজ্ঞতা আৰু জ্ঞানৰ ভঁৰালস্বৰূপ এনে ফকৰা-যোজনাসমূহৰ প্ৰচলন পৃথিৱীৰ প্ৰায় সকলো ভাষা-ভাষীৰ মাজতে প্ৰচলিত। তাৰ ভিতৰত সৰ্বাধিক স্থান অধিকাৰ কৰিছে নাৰীকেন্দ্ৰিক ফকৰা-যোজনাই।
অসমীয়া ফকৰা-যোজনাও নাৰীকেন্দ্ৰিক
ফকৰা-যোজনা, পটন্তৰ আদিৰে চহকী। এগৰাকী নাৰী জীয়াৰী- বোৱাৰী, স্ত্ৰী, ভনী আৰু গৌৰৱময়ী মাতৃ। নাৰীৰ এই সকলো ৰূপেই সুন্দৰভাৱে প্ৰতিফলিত কৰাবলৈ এই ফকৰা-যোজনাসমূহ যথেষ্ট। তদুপৰি এইসমূহৰ মাজেদি এখন সমাজ তথা একোজন ব্যক্তিৰ জীৱনত একোগৰাকী নাৰীৰ প্ৰভাৱ কেনে তাৰো প্ৰমাণ পোৱা যায়। ‘বৰঘৰ শুৱনি জীয়াৰী ছোৱালী’জনী মাক-দেউতাকৰ আনন্দৰ নিজৰা, ককাই-ভাইৰ আটোল-টোল, আলাসৰ লাৰু। তথাপি আমাৰ সমাজত কন্যা সন্তানৰ প্ৰশংসা নিজৰ পৰিয়ালৰ লোকে কৰাটো সমাজৰ চকুত হেয় –
‘মাকে শলাগে জী,
বাপেকে শলাগে জী,
ওচৰ-চুবুৰীয়াই যাক শলাগে,
সেয়েহে আচল জী।’
জীয়াৰী ছোৱালীয়ে ঘৰখন পোহৰাই ৰাখে। চুবুৰীটো সঁজাল কৰি ৰাখে।সেয়েহে কোৱা হয় –
‘কথাৰ মূৰত কঠিয়া, সৰিয়হৰ মূৰত তেল
যাৰ ঘৰত জীয়াৰী আছে, তাৰ ঘৰত মেল।’
কিন্তু কেৱল মেল মাৰি থাকিলেই কোনো কাৰো প্ৰিয়পাত্ৰ হ’ব নোৱাৰে।আনকি সাতোটা ভায়েকৰ মাজৰ জীয়াৰীজনীয়েও ভায়েকহঁতৰ পৰা মৰম-চেনেহ আদায় কৰিব নোৱাৰে যদিহে —
‘সাত ভাইৰ মাজৰে ভনী
কৰোঁতেহে ল-নী।’
মাক-দেউতাকৰ আলাসৰ লাৰু, ককাই-ভাইৰ চেনেহৰ ভনীজনী লাহে লাহে ডাঙৰ হয়। ‘জোঁৱায়ে নিলেও নিয়া, যমে নিলেও নিয়া’ বুলি জানিও ছোৱালীটিৰ বাবে জোঁৱাই এটি গোটোৱাৰ সময় লাহে লাহে উপস্থিত হয়।
‘উৰুখা ঘৰত বাৰিষা বাসা যুৱতী কন্যা ঘৰতে ৰখা।’—এই দুয়োটা কাৰ্য সমানেই বিপদজনক| তদুপৰি ‘ল’ৰা ধান, ছোৱালী পতান’ হেন জ্ঞান কৰা সমাজখনত এসময়ত ছোৱালীৰ শিক্ষা-দীক্ষাৰ প্ৰতি আওকাণ কৰি, কোনোমতে কন্যাকাল পোৱাৰ আগে আগে বুঢ়া-থেৰা দৰা এটা বিচাৰি হ’লেও ছোৱালীজনী গতাই দিব পাৰিলেই যেন অভিভাৱকে উশাহ ল’ব পাৰে।
‘কৰিছোঁ- মেলিছোঁ মই হিয়া-মূৰ ধুনি
গা-মন নুঠে মোৰ বুঢ়া দৰা শুনি।’
কিন্তু মাক-দেউতাকৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ তথা সাহসকণ আমাৰ ছোৱালীবোৰে যেন জন্মতে হেৰুৱাই পেলাইছে। ইয়াৰোপৰি সৰহভাগ পৰিয়ালতে বিবাহৰ ক্ষেত্ৰত ছোৱালীজনীৰ মতামতক মূল্য দিয়া নহয়।
‘আঁচলতে পটাগুটি নলৈ কৰিম কি,
আয়ে দিছে বুঢ়া দৰা নগৈ কৰিম কি?
কোনো সময়ত আকৌ ছোৱালীৰ কপালৰ ফেৰত ‘বৃদ্ধস্য তৰুণী ভাৰ্যা’ হৈ এনেও হয় যে –
‘মাজ মূৰত নাই চুলি
পৈয়েকে মাতে ৰূপহী বুলি।’ বা
‘বেটীয়ে ভাঙিলে কঁতৰা,গড়গাঁও পালেগৈ বতৰা।
ঘৈণীয়ে ভাঙিলে কাঁহী, থ’লে মিচিকাই হাঁহি।’
সমাজত সুন্দৰী নাৰীৰ আদৰ যদিও –
‘সুফল কদলী,
সুতিৰী ফেদেলী।’
‘ৰূপে কি কৰিব পাৰে,
গুণেহে সংসাৰ তৰে।’
‘পাণৰ নাখাবা আউনী,
তিৰীৰ নানিবা বাউনী।’
‘ভাল ঘৰৰ বান্দীকো আনিবা’
বেয়া ঘৰৰ বেটীকো নানিবা।’
এই ধৰণৰ অলেখ প্ৰবচন আওৰাই ল’ৰাৰ ঘৰেও ছোৱালী এটি বন্দৱস্ত কৰে। কিন্তু পৰিয়ালৰ আন আন মানুহবোৰতকৈ ল’ৰা ঘৰে বেছি লক্ষ্য কৰে ছোৱালীটিৰ মাকগৰাকীকহে! কাৰণ –
‘মাটি কিনিবা মাজ খাল,
ছোৱালী আনিবা মাক ভাল।’
নতুবা
‘টিক বলধা ওলাই মাটি
মাক ভালেহে জীয়েক জাতি।’
কিন্তু কেতিয়াবা আকৌ দেখা যায় –
‘মাকতকৈ জীয়েক কাজী,
ঢেঁকীথোৰা লৈ বাটে পাঁজি।’
কিন্তু কেতিয়াবা কাজীয়েও সংসাৰত আশানুৰূপ স্থান দখল কৰিব নোৱাৰে –
‘কাজী,কাজী বুলি জগতে জানে
কাজীক বিয়া কৰাই ঘৰলৈ নানে।’
‘অতি ফুলতীৰ ঘৰ নাশ|’
‘গধূলি বেলিকা তঁৰিছে তাঁত;
পৈয়েকে ছিঙিছে উজুটিত দাঁত।’
এনে অৱস্থাত বোৱাৰী চাওঁতে ল’ৰাৰ অভিভাৱকে বিভিন্ন লৌকিক প্ৰবচনসমূহৰ উপৰিও সনাতনীয় পাঠসমূহো দোহাৰিব লগা হয় –
‘অমৃতে শিশিৰে বহ্নি,
অমৃতে শিশু ভাষিতা,
অমৃতে গুণৱতী ভাৰ্যা,
অমৃতে পুত্ৰ পণ্ডিতা।’
‘ভাৰ্যা ৰূপৱতী শত্ৰু,
পুত্ৰ শত্ৰু কুপণ্ডিতা।’
নাৰীৰ দোষ-গুণ প্ৰকাশক বহুতো ফকৰা-যোজনা আমাৰ সাহিত্যত আছে। প্ৰাচীন সংস্কৃত শাস্ত্ৰসমূহতো নাৰীৰ দোষ-গুণ বিষয়ক অসংখ্য শ্লোক পোৱা যায়। য়েনে –
‘কাৰ্যেষু মন্ত্ৰী, কৰণেষু দাসী’
ধৰ্মেষু পত্নী, ক্ষময়া ধৰিত্ৰী,
স্নেহেষু মাতা, ৰমণেষু বেশ্যা’
ৰঙ্গে সখী লক্ষণ সা প্ৰিয়া মে।’
এই শ্লোকৰ সমগোত্ৰীয় এটা অসমীয়া প্ৰবচন এনেধৰণৰ –
‘বুদ্ধিত মন্ত্ৰী, পথত সখী,
ভোজনত মাতৃ, শয়নত নাৰী।’
ঘৰৰ গৃহিণীগৰাকীৰ প্ৰতি আস্থাশীল স্বামীজনেও কিন্তু জীৱনৰ পদে পদে পত্নীৰ সহযোগিতা নুই কৰিব নোৱাৰে।সেয়ে কোৱা হয় –
‘ঘৰৰ ঘৈণী ল’ৰাৰ মাক
তোক নুসুধি সুধিম কাক?’
ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ থকা তিৰোতা জীৱনৰ এসময়ত প্ৰধান উদ্দেশ্য আছিল সন্তানৰ মাক হোৱা –
‘পুৰুষৰ ৰণ, তিৰীৰ বিয়ন।’
কিন্তু সৰ্বসাধাৰণ লোকৰ বিশ্বাস আছিল যে,
‘অধিক পাতৰ গছ প্ৰায় ফলহীন,
ৰূপহী ৰমণী প্ৰায় সন্তান বিহীন।’
এগৰাকী নাৰীৰ জীৱনৰ সৈতে সাঙোৰ খাই থকা শাহুগৰাকীক লৈও ভালেমান ফকৰা-যোজনা আছে। অৱশ্যে আমাৰ প্ৰাচীন পৰম্পৰাই এগৰাকী নাৰীৰ বাবে এই চৰিত্ৰ সচৰাচৰ আদৰণীয় নোহোৱা কৰি থৈছে। সেয়ে কোৱা হয় –
‘কচু হ’লে খজুৱাই
শাহু হ’লে নচুৱাই।’
আকৌ….
‘মাছে গৰকা পাচলি খাবা’
শাহুৱে গৰকা বোৱাৰী বাবা।’
আমাৰ সমাজত বেছিভাগ শাহুৱে বোৱাৰীৰ পদে পদে দোষ, কথাই কথাই আঁসোৱাহেই দেখে —
‘বোৱাৰী আনিলোঁ বেটী,
তাইৰ নুগুছিল কাষৰ কলসী,
মোৰ নুগুছিল ঢেঁকী।’
আনকি বোৱাৰীৰ খোৱা-বোৱা, খোজ-কাটলো শাহুৰ চকুত দোষনীয়।সেয়ে –
‘তিনি কাঁহী খাই বোৱাৰী কঁপে,
মই বোলো বোৱাৰীক ভূতেহে জপে।’
এনে শাহুৰ কেঁটেৰা-জেঙেৰা খাই বোৱাৰীজনীৰ পদে পদে মনত পৰে মাকজনীলৈ –
নৈৰ সমান ব’ব কোন?
আইৰ সমান হ’ব কোন?
প্ৰত্যেক মানুহৰ জীৱনত নাৰীৰ প্ৰভাৱ অপৰিসীম। কেৱল সেয়ে নহয়, আমি বিশ্বৰ বুৰঞ্জীত চকু ফুৰালেও দেখা পাঁও যে, নাৰীৰ বাবেই অনেক বিশ্ববিখ্যাত ঘটনা সংঘটিত হৈছে। সীতাৰ বাবেই সোণৰ লংকা ধ্বংস, দ্ৰৌপদীৰ বাবেই ভাৰতবৰ্ষ বীৰশূন্য, হেলেনৰ বাবেই ট্ৰয় নগৰী ধ্বংস তাৰেই চাক্ষুষ প্ৰমাণ মাত্ৰ। সেয়েহে অসমীয়া প্ৰবচনটোৱে সোঁৱৰাই দিয়ে –
‘তিৰী, ধৰী, কড়ি
এই তিনি প্ৰাণৰ বৈৰী।’
স্থান-কাল বিশেষে আকৌ তিৰোতাক বিধাতাৰ সমগোত্ৰীয় জ্ঞান কৰিও কোৱা হয় –
‘বিধাতাই দিলেও তিৰোতাই নিদিয়ে।’
ইতিহাসৰ পাত লুটিয়ালে আমি ফ্ল’ৰেন্স নাইটিংগেল, ভগ্নী নিবেদিতা, মাদাৰ টেৰেছা, এলিজাবেথ ফ্ৰাই আদি এনে একোগৰাকী নাৰীৰ নাম পাওঁ যি আনৰ উন্নতিৰ বাবে, দুখীয়া, অসুস্থ, পীড়িতজনৰ দুখ-কষ্ট লাঘৱৰ নিমিত্তে নিজৰ জীৱন উচৰ্গা কৰিছিল।
আপেক্ষিকভাৱে পুৰুষৰ তুলনাত নাৰীৰ পৃথিৱীখন সৰু। তথাপি এই সৰু পৃথিৱীখনতে অতবোৰ ফকৰা-যোজনা, পটন্তৰে খুন্দ খাই আছে, ভাবিলে আচৰিত লাগে (এই প্ৰৱন্ধত তাৰ মাত্ৰ সামান্য অংশহে আলোচনালৈ অনা হৈছে)। বৰ্তমান অৱশ্যে বিশ্বৰ বিভিন্ন দেশৰ উন্নতিৰ লগে লগে নাৰীৰ এই সৰু পৃথিৱীখনৰো প্ৰসাৰ ঘটিছে। কিন্তু প্ৰসাৰ ঘটা নাই এই অমূল্য ফকৰা-যোজনা, পটন্তৰ আদিৰ। সময়ৰ সভ্যতা-সংস্কৃতিৰ কোবাল সোঁতত পৰি অসমীয়া সাহিত্যৰ এই সোণসেৰীয়া হাৰগছি কেতিয়াবা হেৰাই যাব পাৰে বুলিও মাজে মাজে ভয় হয়।
************