ইচ্ছা-মামণি কলিতা
অকলশৰীয়া মানুহগৰাকীক দেখিলে ওচৰ চুবুৰীয়াই সদায় কয়…..
“আপুনি নিমাওমাওকৈ অকলে থাকি কি ভাল পায়? ল’ৰা ছোৱালীৰ ওচৰলৈ গুচি নাযায় কিয়”?
এই কথাৰ একো উত্তৰ নিদি তেওঁ মিচিকিয়াই হাঁহে। চুবুৰীৰ মানুহবোৰে তেওঁ নুশুনাকৈ ফুচফুচনিৰ মেল পাতি হাঁহে। নিজৰ ঘৰত থাকি মুকলিকৈ উশাহ লোৱাৰ সুখ আনৰ ঘৰত কেনেকৈ পাব; লাগিলে তেওঁৰ নিজৰ পুত্ৰ কন্যাৰ ঘৰেই হওক। আজিকালি সকলো নিজৰ নিজৰ কেৰিয়াৰ গঢ়াত ব্যস্ত।আগৰ দিন নাই। নিজৰ সৰু অৱস্থালৈ মনত পেলাই সেই সময়বোৰলৈ ঘূৰি যাবলৈ হেঁপাহ জাগে।
ককা-আইতা,বৰদেউতা,বৰমা,দদাইদেউ,খুৰী আদিৰ যৌথ পৰিয়ালত কোনো অকলশৰীয়া অনুভৱ নকৰাকৈ থকা জেষ্ঠ সকললৈ প্ৰায়ে মনত পৰে। পিছে অতীত অতীতেই; ঘূৰাই কেতিয়াও পোৱা নাযায়। এতিয়া এনে পৰিবেশ ‘পৰ্বতত কাছ কণী বিচৰা’ৰ দৰে। গতিকে যেতিয়ালৈকে পাৰি নিজৰ জীৱনটো নিজৰ ঘৰখনত নিজৰ মতেই জীয়াই থকাৰ ইচ্ছা মনতে পুহি সময়ৰ লগত আগবাঢ়ি যাবলৈ কৰা চেষ্টাত আনে কি কয় তালৈ তেওঁ গুৰুত্ব কিয় দিব! ‘অনাগত দিনবোৰৰ মুখামুখি হ’বলৈ প্ৰভু ভগৱন্তই শক্তি আৰু সাহস দিয়ক’… বুলি সদায় কৰাৰ দৰেই নেদেখা জনলৈ সেৱা জনাই তেওঁ পুৱাৰ চাহকাপ খাবলৈ বহিল।
************