এনেকৈয়ে আগুৱাই জীৱন-দুলুমণি শইকীয়া

: অনুৰাগ,তুমি কিয় এনেকুৱা কৰিছানো,কোৱাচোন কি হৈছে তোমাৰ?মই একো ধৰিব পৰা নাই দেই!!কি দেখিনো মৌন হৈ গ’লা তুমি!মোৰ উপস্থিতিয়ে তোমাক আনন্দ দিব পৰা নাই নেকি বাৰু?মই বৰ অশান্তি পাইছোঁ দেই এনেদৰে থাকি। ঠিক আছে তেন্তে। আজিলৈ যাওঁগৈ ব’লা।এনেদৰে থাকিব নোৱাৰি আৰু।

অনুৰাগে তাইৰ হাতখনত থাপ মাৰি ধৰি ক’লে….

: অনামিকা,মোক ক্ষমা কৰিবা।তোমাক বহুত কথা ক’বলৈ আছে।এদিন সকলো ক’ম তোমাক ।কিন্তু আজি জোৰ নকৰিবা প্লিজ ।মোৰ মনটো কিবা এটা ভাল লগা নাই।

: তোমাৰ মনটো বেয়া লগা বাবেই কৈছোঁ অনু,আজি যাওঁগৈ বুলি।।ইয়ালৈ বেলেগ এদিন আহিম নহ’লে।

: মোৰ অকণমান অকলশৰে থাকিবলৈ মন গৈছে অনা। যদি তুমি বেয়া নোপোৱা……….।

অনামিকাই একো নকৈ  পাৰ্কখনৰপৰা ওলাই আহিল। তাই একো অনুমান কৰিব নোৱাৰিলে আচলতে অনুৰাগৰ হৈছে কি!পাৰ্কত এনে কি দেখিলে যে তাইৰ উপস্থিতিয়েও আনন্দ দিব নোৱাৰিলে তাক।গোটেই ৰাস্তাটো ওৱাদিহ নোহোৱা কথাবোৰ ভাবি ভাবি ৰূম পালেহি।

ৰূম সোমায়েই তাই বিচনাখনত দীঘল দি পৰিলহি।মনটো বহুত বেয়া লাগিল তাইৰ।স্কুলত সদায়ে সিহঁত লগা লগি হয়।কথাও পাতে।কিন্তু এতিয়া গৰমৰ বন্ধ চলি আছে। সি বৰকৈ লগ ধৰাৰ বাবেই হেঁপাহেৰে ওলাই গৈছিল তাৰ লগত।ঘৰতে সোমাই থাকি এনেও মনটো বেয়া লাগি আছিল।কিন্তু কিয় সি এনেকুৱা কৰিলে!তাইৰ বৰ খং উঠিল।তালৈ ফোন কৰোঁ নকৰোঁকৈ  ফোন লগালে।সি ৰিচিভ নকৰিলে।তাইৰ মনটো  সেমেকি উঠিল।কি কৰিব এতিয়া তাই! 

এদিন-দুদিনকৈ এসপ্তাহ পাৰ হ’ল অনুৰাগে তাইলৈ ফোন নকৰিলে।তাইৰো খংটো বাঢ়ি গৈ থাকিল।সি নিজেই মাতি নি তাইক অপমান কৰিলে।তাই ইচ্ছা কৰিয়েই ফোন নকৰিলে আৰু তালৈ।এনেদৰে দিন গৈ দুসপ্তাহ পাৰ হোৱাত তাইৰ চিন্তা লাগিল।তাৰ বেলেগ কিবা হৈছে নেকি বাৰু! তাইৰ নিজৰ ওপৰতে খং উঠিল।কথাবোৰ নজনাকৈ তাই তাৰ ওপৰত মিছাকৈ খং  কৰি আছে। তালৈ ফোন লগালে সি ডাঙৰ বিপদতো পৰিব পাৰে বুলি ভাবি।

: হেল্লো অনুৰাগ।

: কোৱা অনা।

: তোমাৰ আচলতে হৈছে কি?না তুমি মোলৈ ফোন কৰিছা, না মোৰ ফোন ৰিচিভ কৰিছা।কিয় এনে কৰিছা তুমি মোৰ লগত?মই কিমান চিন্তাত আছোঁ তুমি জানানে?নে মই তোমাৰ কোনোৱেই নহয়।সিদিনা নিজেই মাতি নিলা।অথচ তুমি…….

: অনুৰাগে তাইৰ মুখতে ধৰি ক’লে,চোৱা অনা, তুমি মোক অকণো ভুল বুজি নাথাকিবা। মই এইকেইদিন মানসিক ভাবে অসুস্থ হৈ আছিলোঁ,যাৰ বাবে তোমালৈ ফোন কৰিম বুলি ভাবিও কৰিব পৰা নাছিলোঁ।প্ৰতি ৰাতি সুৰাৰ নিচাত মই পৰি আছিলোঁ বিচনাত।মোক বেয়া নাপাবা তুমি। অপ্ৰিয় হলেও মই সঁচা কথা কৈছোঁ।আগতে মই কেতিয়াও মদ খোৱা নাছিলোঁ।

: কি! তুমি মদ খাইছা!কিন্তু কিয় অনু?কিহৰ বাবে তুমি মদৰ দৰে এটা বিষাক্ত বস্তুত হাত দিলা।তুমিতো তেনেকুৱা নাছিলা।মোক তুমি বেয়া পাইছা নেকি বাৰু?

: নাই অনা,তোমাক মই অকণোৱেই বেয়া পোৱা নাই।তুমি  আজি এপাক সেই পাৰ্কখনলৈ আহিব পাৰিবা নেকি?বহুত কথা ক’বলৈ আছে তোমাক।মই তাতেই তোমালৈ অপেক্ষা কৰিম ।আহিবানে তুমি? প্লিজ অনা,সিদিনাৰ কথাটো ধৰি নাথাকিবা।

: চাৰি বজাত পোৱাকৈ মই যাম বাৰু। তুমি সিদিনা বহা বেঞ্চখনতে বহি থাকিবা।আজি  তুমি ক’বই লাগিব কথাবোৰ।মই শুনিম আজি তোমাৰ মনত সোমাই থকা সকলো কথা।

: তুমি সঁচাকৈয়ে বহুত ভাল অনা।মোৰ বাবে তুমি এইকেইটা দিন মনত ভাবিব নোৱাৰা কষ্ট খালা। তাৰ বাবে ময়ো বহুত দুখ পাইছোঁ।

অনামিকাই সি কোৱা কথাত গুৰুত্ব নিদি ক’লে….

: পাৰ্কতে কথা পাতিম আমি।আজি মুদটো অফ কৰি নাৰাখিবা। নহ’লে আজিও সেইদিনাৰ দৰে গুচি আহিম আকৌ নোযোৱাৰ প্ৰতিশ্ৰুতিৰে।

তাই ফোনটো কাটি দিলে।

চাৰি বজাৰ আগতেই অনুৰাগ আহি  বেঞ্চখনত বহি তাইলৈ অপেক্ষা কৰিলে ।কিছু সময়য পিছতে অনামিকা আহি অনুৰাগৰ কাষতে বহিলহি।

: অনু, তোমাৰ মুখখন ইমান শুকাই গৈছে।এইকেইদিন ভালকৈ খোৱা-বোৱা কৰা নাই নেকি তুমি!

সি একো নক’লে।জোৰেৰে তাইৰ হাতখন সাবটি ধৰি কলে….

: মোক ক্ষমা কৰিবা অনা।মই তোমাক বহুত কষ্ট দিলোঁ।ফোনটো ধৰি কথা পতাৰ মোৰ মানসিকতা নাছিল।কিন্তু তোমাৰ মনত কষ্ট দিয়াৰ বাবে মই দুঃখিত।মোক অকণো বেয়া নাপাবা তুমি।

অনামিকাই ক’লে…. 

: একো নাই দিয়া।পৰিস্থিতিয়ে কেতিয়াবা ভাবি থকা  কথাবোৰ সলনি কৰে। তোমাৰ মোৰ মাজত সঁচা আন্তৰিকতা আছে।সেয়ে ইমানখিনি হোৱাৰ পাছতো আমি আকৌ লগ পালোঁ।এতিয়া ধুনীয়াকৈ কোৱাচোন তোমাৰ কি হৈছিল অনু?

: ভয় লাগে ক’বলৈ অনা,তুমি যদি মোক এৰি গুচি যোৱা।

: গলে যাম আৰু।সেই বুলি তুমি মোক নোকোৱাকৈ থাকিলে শান্তি পাবা জানোঁ। এনেদৰে অশান্তিত থকাতকৈ কৈ দিয়া।মই শুনিবলৈ আগ্ৰহী।এটা কথা তুমি ভালকৈ জানা অনু, মই তোমাক বহুত ভাল পাওঁ।সেয়ে যি কথা ক’বা মই সহিবলৈ বুকু ডাঠ কৰি ৰাখিছোঁ।একো নহয় কৈ যোৱা নিঃসন্দেহে।

: ময়ো তোমাক বহুত ভাল পাওঁ অনা কিন্তু মোৰ অতীততো জানি যদি তুমি মোক সহজ ভাবে ল’ব নোৱাৰা! আকৌ এবাৰ  জীৱনটো সজাই লৈছিলোহে।হঠাৎ…….

: এনেবোৰ কথা কৈ মোৰ খং নুঠাবা না।হঠাৎ সিদিনা কি হৈছিলনো অনু?যদি মোক  নোকোৱা তেন্তে একো কথা নাই।মই সদায়ে তোমাৰ। কথাবোৰ ক’লে অৱশ্যে তোমাৰ মনটো পাতল হ’ব।তাতে মই জানিলোৱেই ন তোমাৰ এটা অতীত আছে বুলি।নহ’লে ইমানতে সামৰা কথাবোৰ।ব’লা আমি হাতত হাত ধৰি দুখোজ আগুৱাই যাওঁ।

:অনা,তুমি সঁচাকৈয়ে  আচৰিত।মই জানো তুমি মোক মৰমেৰে আকোঁৱালি ল’বা বুলি।তথাপি মই তোমাক মোৰ অতীতৰ ক’লা অধ‍্যায়টোৰ কথা ক’ম। মোৰ কথাবোৰ শুনি তুমি পাছত  যি কোৱা মই মানি ল’ম।

: অপৰূপা আছিল তাইৰ নাম।নাম যেনে দেখিবলৈও তেনেকুৱাই আছিল।সৰুৱেপৰা একেলগে খেলি ধূলি ডাঙৰ হৈছিলোঁ আমি।তাই মোতকৈ দুবছৰৰ সৰু আছিল।স্কুল আমাৰ একেখনেই আছিল।অহা-যোৱা একেলগেই কৰিছিলোঁ। তাই যেতিয়া ক্লাচ নাইনত আছিল মই মেট্ৰিক পাছ কৰি  হায়াৰ ছেকেণ্ডেৰী পঢ়িবলৈ বেলেগলৈ গুচি গৈছিলোঁ।টাউনৰ ফালে আছিল

কলেজখন। অহা যোৱা কৰোঁতে কিন্তু ৰাস্তাত লগালগি হৈছিলোঁ আমি। এটা দুটা কথাও পাতিছিলোঁ। এদিন কলেজৰপৰা আহোঁতে বাটতে তাইক অকলশৰে লগ পাইছিলোঁ।কওঁ নকওঁকৈ মই ভাবি থকা কথাটো তাইক কৈ দিছিলোঁ।তাইক মই ভালপাওঁ ,বহুত ভালপাওঁ আৰু তাইৰ উত্তৰটো পাছদিনা জনাবলৈ কৈছিলোঁ।কিন্তু তাই 

মোৰ কথাৰ উত্তৰ দিয়ক চাৰি ঘৰত মই কোৱা কথাটো কৈ দিছিল।তাইৰ দেউতাকে খঙত আহি মোৰ দেউতাক কথাটো কৈছিল,

‘ল’ৰাক শাসন কৰিবি ককাই,নহলে কথা বেয়া হ’ব।সি মোৰ ছোৱালীক ভাল পাওঁ বুলিবলৈ ক’ত ইমান সাহস পালে।’

: মোৰ দেউতাই বৰ লাজ পালে আৰু মোক ধৰি  তামোল গছত বান্ধি বহুত পিটিছিল।কথাটো গাঁৱৰ সকলোৱে গম পাইছিল।মই বৰ লাজ পাইছিলোঁ।সেইদিনাৰপৰা মই তাইৰ লগ এৰি দিছিলোঁ।লগৰবোৰে মোক খুউব জোকাইছিল। মই কলেজলৈ যোৱাৰ বাহিৰে ঘৰৰপৰা নোলোৱা হৈছিলোঁ।এনেকৈয়ে দিনবোৰ পাৰ হৈছিল। মই হায়াৰচেকেণ্ডীৰ দ্বিতীয় বৰ্ষত উঠিছিলোঁ।অপৰূপাৰ ক্লাছ টেনৰ ক্লাচ আৰম্ভ হৈছিল।এদিনাখন অপৰূপাৰ লগৰ নিহাৰিকাই  মোক ৰাস্তাতে লগ পাই চিঠি এখন দিছিল।মই কোনে দিছে সোধাত তাই কলে… ‘পঢ়ি চোৱা গম পাবা’।মই চিঠিখন নিহাৰিকাই দিছে বুলি ভাবিছিলোঁ আৰু ঘৰলৈ আহি মোৰ ৰূমৰ দৰ্জা মাৰি মনে মনে চিঠিখন পঢ়িছিলোঁ।বহুত ভয় লাগিছিল।জীৱনৰ প্ৰথম চিঠি।দেউতা,মায়ে দেখিলেতো মোক থব।এনেও মই পঢ়াৰ বাহিৰে অন্য কথা নভবা হৈছিলোঁ।এবাৰ অপৰূপাক কৈ লৈ যি হৈছিল তাক পাহৰা নাছিলোঁ।চিঠিখন পঢ়ি মোৰ চকুপানী ওলাই গৈছিল।

মাজতে অনামিকাই জানিব খুজিলে কাৰ আছিল চিঠিখন।তুমি আকৌ কিয় কান্দিছিলা অনু!

: অপৰূপাৰ আছিল অনা।

: কিন্তু কিয় দিছিল!!তাইতো তোমাক পিটন খুৱাইছিল ন।

: তাই মোৰ ওচৰত ক্ষমা বিচাৰিছিল তাইৰ ভুলৰ বাবে যে মই পিটন খাইছিলোঁ সেইবাবে তাই নিজকে ক্ষমা কৰিব পৰা নাছিল।লগতে মই তাইক নমতা হোৱাৰ কথাটো তাই সহ‍্য কৰিব পৰা নাছিল।সদায়ে কান্দিছিল বোলে আৰু সকলো কথা পাহৰি তাইক আকৌ আগৰ দৰে মাতিবলৈ অনুৰোধ কৰিছিল মোক।কেইদিনমান মই একো জনোৱা নাছিলোঁ।তাইক মোৰ বহুত ভাল লাগিছিল।তাইলৈ মোৰ মৰম উপজিছিল।কিন্তু পেটে পেটে খং উঠি আছিল।এদিন মনে নামানিলে।সেয়ে একলম লিখি তাইক জনাইছিলোঁ—-

 

“লাজ আৰু অপমানত মই বৰ কষ্ট পাই আছোঁ অপৰূপা। মোৰ ভুলবোৰ ক্ষমা কৰিবা।তুমি ভাল ছোৱালী।পঢ়াতো ভাল।ভালদৰে পঢ়ি ভাল ৰিজাল্ট কৰা।এতিয়া আৰু এইবোৰ ভাবি সময় নষ্ট নকৰিবা।মই তোমাক অকনো বেয়া পাই থকা নাই।আমি আকৌ আগৰদৰেই থাকিম। কাইলৈ স্কুললৈ যাওঁতে পদূলিতে ৰ’বা।একেলগে যাম।”

: পিছদিনা তাই মোৰ বাবে ৰৈ আছিল পদূলিত।মোৰ অকনমান লাজ লাগিছিল।পিটন খোৱা কথাটোৰ বাবে।তথাপি নিজকে সংযত কৰি তাইৰ লগত কথা পাতিলো।আমি আগৰ দৰে হৈ গৈছিলোঁ আকৌ। 

 

: তোমালোকৰ মাজত প্ৰেম হৈছিল ন পিছত! 

অনামিকাই সুধিলে।

: নাই, তেতিয়া আমাৰ মাজত একো হোৱা নাছিল।তায়ো জনা বুজা ছোৱালী আছিল।পঢ়া শুনাৰ বাহিৰে এইবোৰত মূৰ ঘমাই থকা নাছিল।

: তেন্তে তুমি ইমান বিচলিত হৈছা কিয়?

: মেট্ৰিক পাছ কৰাৰ পিছত তাই হায়াৰ ছেকেণ্ডেৰী ক্লাছ  মই পঢ়া জুনিয়ৰ কলেজখনতে কৰিছিল। মই আকৌ হায়াৰ চেকেণ্ডেৰী পাছ কৰি বেলেগ এখন কলেজলৈ গুচি গৈছিলোঁ। অকনমান দূৰ হোৱা বাবে মই চাইকেল লৈ গৈছিলোঁ আৰু তাইক সদায়ে গাড়ী দি থৈ আহিছিল। তাইৰ কলেজ আৰু মোৰ কলেজ প্ৰায় ওচৰা-ওচৰিকৈয়ে আছিল।টিফিন টাইমত সদায়ে আমি দুটাই পোনাকনৰ হোটেলত বহি ৰসগোল্লা- চিংৰা খাইছিলোঁ।মই চিংৰা বৰ এটা ভাল নাপাইছিলোঁ কিন্তু তাই ভালপোৱা বাবেই ময়ো খাই দিছিলোঁ।

আমাৰ দুটাৰ মিলামিচাত লগৰবোৰে জোকাবলৈ লৈছিল। এটা সময়ত মই আকৌ সেই ভুলটো কৰি দিছিলোঁ।তাইক এদিন কৈ দিছিলোঁ 

“তোমাৰ অবিহনে মোৰ কি হব ৰূপা!মই যে ভাবিবই নোৱাৰোঁ।কিন্তু তুমিতো মোক মোৰ দৰে নাভাবা ন।একো নাই দিয়া তোমাৰ সুখেই মোৰ সুখ।”

: সেই দিনা ৰূপাই মোক আচৰিত কৰি কৈছিল…

“তোমাৰ অবিহনেও মই থাকিব নোৱাৰিম অনু ।ময়ো তোমাক ভাল পাওঁ বহুত।কিন্তু দেউতালৈ মোৰ বৰ ভয় লাগে।”

: সেইদিনা মই বহুত সুখী হৈছিলোঁ আৰু ৰূপাক কৈছিলোঁ

” আমাৰ কথাবোৰ আমাৰ দুয়োখন ঘৰেই গম নাপাব ৰূপা। আমি গোপনেই আগবঢ়াই নিম আমাৰ ভালপোৱাবোৰ। মৰহি যাব নিদিবা ৰূপা।সময় হলে মই তোমাৰ ঘৰত গৈ নিজেই ক’মগৈ।তুমি মোৰেই হবা ৰূপা।”

: ৰূপাই মোৰ প্ৰস্তাৱক সঁহাৰি জনাইছিল ।আৰু আমি লাহে লাহে আগবাঢ়ি গৈছিলোঁ এটা জোনাকৰ পথেৰে।

 তাইৰ লগৰ আৰু মোৰ লগৰখিনিয়ে গম পাইছিল আমাৰ প্ৰেমৰ কথা। মোৰ বন্ধু আকাশে এদিন কৈছিল..

“চাবি দেই বন্ধু আকৌ যাতে কষ্ট নাপাৱ।”

: মই কথাটো হাঁহি উৰুৱাই দিছিলোঁআমি দুয়ো প্ৰতিজ্ঞাবদ্ধয়ো হৈছিলোঁ হাজাৰ বিপদ আহিলেও

আমি কেতিয়াও এৰা এৰি নহওঁ।

আমাৰ দিনে দিনে মৰম ভালপোৱাবোৰ বাঢ়ি গৈছিল।এদিন নেদেখিলেও আমি থাকিব নোৱাৰা হৈছিলোঁ।

কিন্তু আমাৰ দুয়োখন ঘৰে আমাৰ সম্পৰ্কৰ কথা গম পোৱা নাছিল।ভাবিছিল আমি আগৰ দৰেই বন্ধু হৈ গলো বুলি।সেয়ে আমাৰ মিলামিচাক সহজ ভাবে লৈছিল।বিশেষকৈ তাঁহাতৰ ঘৰখনে তাইক বিশ্বাস কৰিছিল।

ৰূপাই হায়াৰচেকেণ্ডী পাছ কৰাৰ পাছত দেউতাকে তাইক গুৱাহাটীত পঢ়োৱাৰ সিদ্ধান্ত লৈছিল। তাই বহুত আপত্তি কৰিছিল কিন্তু দেউতাকে নুশুনিলে।আৰু এদিন মোৰপৰা বিদায় লৈ তাই গুৱাহাটীৰ মাহীয়েকৰ ঘৰত থাকি পঢ়িবলৈ গুছি গৈছিল।কথা দিছিল সুবিধা বুজি তাই সদায়ে মোলৈ ফোন কৰিব।

মই বৰ অকলশৰীয়া হৈ পৰিছিলোঁ।তাই আৰু মোৰ মাজত ফোনতে কথা হৈ আছিল।মাজ ৰাতিও আমি ফুচফুচাই কথা পাতিছিলোঁ।কিমান যে সুখ আছিল কথাবোৰত। কিন্তু বহুত মন গৈছিল লগ কৰিবলৈ। নোৱাৰিছিলোঁ ।মহাক মাহীয়েক বৰ কাঢ়া আছিল।তাই ভয় কৰিছিল।

সময় আগবাঢ়ি গৈছিল।ময়ো ডিগ্ৰী কমপ্লিট হোৱাৰ পিছত স্কুলৰ   চাকৰিটো  পাই সোমাই গৈছিলোঁ ।নহলে দেউতাৰ মুখলৈ মই চাব নোৱাৰা হৈছিলোঁ।কিমান কৰিব ঘৰখনৰ বাবে। মোৰ চাকৰিটো হোৱাত দেউতাই অকনমান শান্তিৰ উশাহ লৈছিল বুলি মোৰ অনুমান হৈছিল।

মায়ে মাজে মাজে মোৰ বিয়াৰ কথা কৈছিল।মই ভনীজনীক নিদিয়াকৈ বিয়া নকৰাওঁ বুলি কৈছিলোঁ।ভন্তী মোতকৈ সাত বছৰৰ সৰু আছিল।মায়ে কৈছিল 

“তাই দেখোন সৰু হৈয়ে আছে,তাইলৈ ৰ’লে তইচোন বুঢ়াই হ’বি।মাৰ কথাত মই খুৱ হাঁহিছিলো।”

: চাকৰিটো পাই ঘৰখন সুন্দৰকৈ সজাই লৈছিলোঁ।ৰূপাই আহি যাতে কষ্ট নাপায় ।আমি অভ্যস্ত আছিলোঁ তেনেকৈয়ে।ইপিনে ৰূপাৰ মহাকে তাইক আমেৰিকাত থকা বন্ধু এজনৰ পুত্ৰলৈ  বিয়া দিবলৈ যো- জা কৰিছিল।কাৰণ মাহীয়েকে কিবা কাৰণত আমাৰ মাজত যে কিবাএটা সমন্ধ গঢ়ি উঠিছে গম পাইছিল।কথাটো ৰূপাহঁতৰ ঘৰখনেও গম পাইছিল।আৰু এদিন সকলো লগ হৈ ৰূপাৰ আমেৰিকাৰ ল’ৰাজনৰ লগত বিয়া ঠিক কৰি দিছিল।তাই মোক জনাবও পৰা নাছিল কাৰণ ফোনটো সিহঁতে ৰাখি থৈছিল।

কেইদিনমান  তাইৰ ফোন নহাত মই পাগলৰ দৰে হৈছিলোঁ।মই আগতে তাই দিয়া নিৰ্দিষ্ট সময়ত কৰিছিলোঁ ফোন।কিন্তু লাহে লাহে ধৈৰ্য্যৰ বান্ধ ছিঙি গৈছিল।মই যেতিয়াই তেতিয়াই ফোন কৰিও নিৰাশ হৈছিলোঁ।এনেকৈয়ে এমাহ পাৰ হৈছিল।মই ঠিৰাং কৰিছিলোঁ নিজেই এপাক গুৱাহাটীলৈ গৈ তাইক লগ কৰাৰ কথা।

যোৱাৰ আগত ফোন এটা কৰি চাওঁ বুলি কৰোঁতে এইবাৰ মাহীয়েকে ৰিচিভ কৰিছিল আৰু কৈছিল সেই অসনীয় কথাটো। তাইৰ আমেৰিকাত থকা অভিযন্তা নিলাভ নিলয়ৰ লগত যোৱা সোমবাৰে বিয়া হৈ গৈছে।

আজি পুৱাৰ ফ্লাইটত সিহঁতে আমেৰিকালৈ ৰাওনা হৈছে।

মই ঠাইতে বহুপৰ ৰৈ আছিলোঁ।কি হৈ গ’ল এয়া।এইবাৰো ৰূপাই মোক কঠোৰ শাস্তি দি গ’ল। প্ৰথম দেউতাই তামোল গছত বান্ধি মাৰা বিষটো পাহৰি যোৱাটোৱেই মোৰ দ্বিতীয় ভুল হৈছিল।মই পাগলৰ দৰে হৈছিলোঁ।মোৰ ঘৰখনেও কথাটো গম পাইছিল।

দেউতাই মাথোঁ কৈছিল….

“বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব নাপায় অ’ বোপাই।”

: এনেকৈয়ে পাঁচ বছৰ পাৰ হৈছিল।লাহে লাহে মই সহজ হ’বলৈ চেষ্টা কৰিছিলোঁ।এনে সময়তে তুমিও আমাৰ স্কুলতে জইন কৰিছিলা।লাহে লাহে কমন ৰূমত আমাৰ কথা-বতৰা বাঢ়িছিল।ঘৰতো বিয়া পতাক লৈ হুলস্থূল কৰিবলৈ লৈছিল।স্কুলৰ সকলো সহপাঠীয়ে মোক তোমাৰ কথা কৈছিল।বিয়াখন পাতিবলৈ জোৰ দিছিল।এটা সময়ত মই মনটো বান্ধি তোমাক বিয়াৰ প্ৰস্তাৱ দিছিলোঁ।তুমিও ঘৰৰ মানুহৰ লগত আলোচনা কৰি ইয়েচ কৈছিলা।ময়ো ঘৰত কথাটো জনাইছিলোঁ।ভন্তীজনীৰ আনন্দত সীমা নোহোৱা হৈছিল।

মা-দেউতা মোৰ এই সিদ্ধান্তত সুখী হৈছিল।মোৰ দুগালে চকুপানী বৈ গৈছিল।

সিদিনা পাৰ্কলৈ মই তোমাক মোৰ অতীতটোৰ বিষয়ে ক’বলৈকে মাতিছিলোঁ অনা।কিন্তু!সময় আকৌ মোৰ বাবে কাল হৈ ৰৈ আছিল।

আমি যে বহিছিলোঁ বেঞ্চখনৰ সিটো পাৰৰ বেঞ্চ এখনত বহি এগৰাকী মহিলাই  ফটো মাৰি আছিল বাচ্ছা এটাৰ।বাচ্ছাটোক খেলাই আছিল এজন ধুনীয়া ল’ৰাই। হয়তো মহিলাগৰাকীৰ স্বামী আছিল। মোৰ চকু বাৰে বাৰে মহিলাগৰাকীলৈ গৈছিল। এটা সময়ত তেওঁ এখন চেল্ফী লৈছিল।জুম কৰি লওঁতে হয়তো মই তেওঁৰ কেমেৰাত বন্দী হৈছিলোঁ।তেওঁ ঘূৰি চাইছিল।মই আচৰিত হৈছিলোঁ সেয়া অপৰূপা আছিল।অলপ আগতকৈ শকত হৈছিল।মই লগে লগে ঘূৰি তেওঁক নেদেখাৰ দৰে কৰিছিলোঁ

বাকী মোৰ অৱস্থা কি হৈছিল তুমি জানাই। বহুত সময় এটা চুকত বহি ৰৈছিলোঁ  তাই নেদেখাকৈ ।তায়ো মোক বিচাৰি আছিল সেইটো মোৰ মোবাইলটোত দেখি আছিলোঁ ।আচলতে মোৰ মনে নমনাত চাই আছিলোঁ ।আৰু এটা সময়ত  মই নজনাকৈয়ে কেমেৰাত হাত লাগি ক্লিক হৈ গৈছিল।

 সিহঁত গুচি গৈছিল।মই আকৌ পাগলৰ দৰে হৈছিলোঁ।বাৰে বাৰে চেল্ফীখন চাইছিলোঁ।বুজি নাপালোঁ তাই এতিয়া সুখীনে দুখী। মোৰ মনটোৱে কিন্তু হাহাকাৰ কৰি আছিল।কিয় তাই এবাৰো মোৰ কথা ভাবি প্ৰতিবাদ নকৰিলে! সুধিবলৈ ,জানিবলৈ বহু কথাই থাকি গ’ল অনা।

অনামিকাই সকলো কথা একান্ত মনে শুনি গৈছিল। অনুৰাগৰ মুখলৈ চাই দেখিছিল তাৰ মুখখনত অকনমান প্ৰশান্তি।হয়তো কথাবোৰ তাইৰ আগত খোলাখুলিকৈ কৈ দিয়াৰ বাবে।

সি তললৈ মুৰ কৰি থাকিল বহুত পৰ।

অনামিকাই তাৰ অৱস্থাটো বুজি পাইছিল।অকনমান সময় দুয়ো মৌন।অৱশেষত তাই তাৰ হাত দুখনত সাবটি ধৰি কৈছিল, 

: মানুহৰ জীৱনলৈ এনেকুৱা ধুমুহা আহেই অনু।ঘৰ-দুৱাৰ ভাঙি তচ্ নচ্ কৰি পেলাই কেতিয়াবা।তথাপি মানুহ জানো থমকি ৰয়? জীৱনটো নতুনকৈ আকৌ  আৰম্ভ কৰে নহয় জানো।দিয়াচোন চাওঁ তোমালোকৰ চেল্ফীখন।

অনুৰাগে তাইক চাবলৈ দিয়াৰ লগে লগেই অনামিকাই ফটোখন দিলিট কৰি দিছিল।

আৰু কেমেৰাটো অন কৰি কৈছিল,

: এইফালে চোৱা অনু,হাঁহি দিয়া।

ক্লি—ই——ক।

************

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *