গছৰ উশাহ-কুমকুম দেৱী শৰ্মাবৰুৱা

“ৰুমীবা , আজিৰপৰা মই তোমালোকৰ ঘৰত থাকিম”, 

মুনুৱে চিঞৰি আহিল।

“আহি যোৱা, আহি যোৱা। তোমাৰ বস্তু লৈ”, 

ৰুমীয়ে মাত লগালে।

মুনু আৰু ৰুমীৰ ঘৰ সন্মুখা-সন্মুখি। ৰুমীয়ে পঢ়ে কলেজত বি.এচ.চি আৰু মুনুৱে পঢ়ে ষষ্ঠ শ্ৰেণীত।ৰুমীৰ খুৰাকৰ ছোৱালী মুনু। মুনুহঁতৰ কেঁচা ঘৰবোৰ ভাঙি নতুনকৈ সাজিবলৈ লৈছে কেঁচাকৈয়ে।সেয়ে তাই ৰুমীহঁতৰ ঘৰত থাকিবহি ঘৰ সাজি নোহোৱালৈকে।

মুনুৱে প্ৰথমে কিতাপখিনি আনিলে বেগত ভৰাই। তাৰপিছত অলপ কাপোৰ আনিলে। তাই ৰুমীবাৰ লগতে শুব, লগতে খাব আৰু লগতে পঢ়িব। ৰুমীবায়ে তাইক নজনাটো শিকাই দিব।

“ৰুমীবা আজি বিজ্ঞান পঢ়িম। তুমি পঢ়াই দিবা।”

“মোৰো পঢ়িবলৈ আছে। তোমাক প্ৰথমে পঢ়াই ল’ম বাৰু মই। আজি কোনটো পাঠ পঢ়িবা?”

“আজি উদ্ভিদে যে উশাহত অম্লজান গেছ আৰু খাদ্য প্ৰস্তুত কৰোঁতে এঙাৰ গেছ ব্যৱহাৰ কৰে তাকে ভালকৈ বুজাই দিবা।”

“হ’ব বাৰু। ৰ’বা , এতিয়া চাহ-বিস্কুট খাই লওঁ। পকৰি ভাজিম বুলি ভাবিছিলোঁ, নাভাজো আৰু।”

“হ’ব ৰুমীবা।”

“আহা এতিয়া মোৰ টেবুললৈ।” 

ৰুমীয়ে মৰমেৰে মাতিলে। 

তাৰপিছত ৰুমীয়ে কিতাপখন মেলি বুজাবলৈ আৰম্ভ কৰিলে – 

“উদ্ভিদেও প্ৰাণীৰ নিচিনাকৈ উশাহ লয় জীয়াই থাকিবলৈ। উশাহ ল’বলৈ নাপালে উদ্ভিদ মৰি যাব। কিন্তু প্ৰাণীৰ দৰে উদ্ভিদৰ উশাহ ল’বৰ বাবে কোনো অঙ্গ নাই কাৰণে উদ্ভিদে ছালৰ জৰিয়তে গোটেই গাটোৰেই  উশাহ লয়। উদ্ভিদৰ শিপাইও উশাহ লয়। সেয়ে গছৰ গুৰিয়েদি বতাহ সোমাব নোৱাৰিলে গছজোপা মৰি যায়। তোমালোকৰ শেৱালিজোপাৰ গুৰিত পানী জমা হৈ থকাৰ বাবে উশাহ নাপাই মৰি থাকিল। আমাৰ বেলগছজোপাত আকৌ পুখুৰীৰ বোকাবোৰ উঠাই গুৰিত দিয়াৰ বাবে শিপাই উশাহ নাপাই মৰিলে। সেইকাৰণে শাক-পাচলিৰ গছৰ গুৰিবোৰ খুচৰি দিব লাগে। উদ্ভিদেও উশাহত অক্সিজেন গেছ লয় আৰু খাদ্যবস্তু ভাগি কাৰ্বন-ডাই-অক্সাইড, পানী আৰু শক্তি তৈয়াৰ হয়। 

C6H12O6 + 6(O2) =6(CO2)+6(H2O)+Energy

উদ্ভিদকো জীয়াই থাকিবলৈ শক্তি আৰু খাদ্য লাগিবই। ৰাতি গছৰ তলত শোৱা বেয়া। ৰাতি গছৰ উশাহ-নিশাহ লোৱা কামটো বেছিকৈ হয়। দিনত আহাৰ তৈয়াৰ কৰা কামটো বেছিকৈ হৈ থাকে। উদ্ভিদে নিজৰ খাদ্যবস্তু নিজে তৈয়াৰ কৰি লয়। দিনৰ ভাগত গছৰ পাতে হৰিৎকণাৰ সহায়ত সূৰ্য্যৰ পোহৰত কাৰ্বন-ডাই-অক্সাইড আৰু পানীৰ সহায়ত জটিল কাৰ্বোহাইড্ৰেট আৰু অক্সিজেন গেছ প্ৰস্তুত কৰে। প্ৰাণীজগতেও এই খাদ্যবস্তুকে ব্যৱহাৰ কৰে। লগতে অম্লজান গেছ প্ৰস্তুত হোৱাটোৱে প্ৰাণীজগতক বৰ উপকাৰ কৰি আছে। গছ নাথাকিলে প্ৰাণীও পৃথিৱীত থাকিব নোৱাৰে।”

   

“ৰুমীবা, দেখিছানে তুমি? সকলো গছ কাটি আমাৰ ওচৰতে থকা গোটেই ঠাইবোৰত দেখোন ঘৰ সাজিলে! কি যে হ’ব আৰু।তোমালোকৰো যে ডাঙৰ শিমলুজোপা কাটিলে ,তাত থকা শগুণবোৰ ক’লৈ গ’ল জানো, আবেলি আবেলি গছৰ তলত সবাহ পাতিছিল যে সিহঁতে।” 

মুনুৱে মাত লগালে।

” হয়, হয়। তুমি ঠিকেই কৈছা। শিমলুজোপা কাটিলত গোটেইখন কিবা উদং উদং লাগিছে। এতিয়া গছে কেনেকৈ আহাৰ তৈয়াৰ কৰে সেয়া কওঁ শুনা- 

এজোপা গছত শিপাৰপৰা পাতলৈ দুই প্ৰকাৰৰ নলী আছে যিবোৰৰ মাজেদি পানী আৰু খাদ্যবস্তু গছজোপাৰ ভিতৰত চলাচল কৰে। জাইলেম নলীয়ে মাটিৰপৰা শিপাইদি পানী আৰু খনিজ লৱণ পাতলৈকে কঢ়িয়াই নিয়ে। অতিৰিক্ত পানী বাষ্পীভূত হৈ পত্ৰৰন্ধ্ৰইদি বায়ুলৈ যায়গৈ। ফ্লোৱেম নলীৰে গছৰ পাতত তৈয়াৰ হোৱা খাদ্য গছজোপাৰ গোটেই শৰীৰৰ বিভিন্ন অঙ্গলৈ সৰবৰাহ হয়। সূৰ্যৰ পোহৰত গছৰ পাতত থকা হৰিৎকণাই পানী আৰু কাৰ্বন-ডাই -অক্সাইড গেছৰপৰা জটিল কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে। কেৱল গছৰ পাতেহে খাদ্যবস্তু তৈয়াৰ কৰিব পাৰে। কিছুমান কোমল সেউজীয়া গছৰ গা-গছতো হৰিৎকণা থাকে। তেতিয়া হৰিৎকণা থকা অংশত আহাৰ তৈয়াৰ হ’ব। 

     

6(CO2)+12(H2O)=C6H12O6+6(H2O)+ 6(O2)

 গছে দিনে-ৰাতিয়ে উশাহ লয়। কিন্তু দিনত সালোক সংশ্লেষণ বেছিকৈ হৈ থাকে কাৰণে উশাহ-নিশাহ লোৱাটো তল পৰাৰ দৰে হয়। সালোক সংশ্লেষণত যিমান অক্সিজেন প্ৰস্তুত হয়  উশাহত তাতকৈ বহুত কম খৰছ হয়। তুমি অলপ সময় ৰ’বা। বৰমাৰ ভাত কি হৈছে মই চাই আহোঁ।”

“ময়ো যাওঁ।”

দুয়োজনী পাকঘৰলৈ গৈ মাকক অলপ কাম কৰি দিলে । তাৰপিছত আকৌ পঢ়িবলৈ আহিল।

“এতিয়া তুমি নিজে পঢ়া। ময়ো পঢ়িব লাগে।” 

ৰুমীয়ে মুনুক ক’লে।

এইবাৰ দুয়োজনীয়ে নিজে নিজে পঢ়িবলৈ ল’লে।

************

Leave a Reply

Your email address will not be published. Required fields are marked *