ঘৰৰ সংজ্ঞা-চিত্ৰলেখা দেৱী

তলসৰা  বকুলৰ মালা গাঁথি থাকোঁতেই 

পোখা মেলিছিল বুকুৰ কোণত 

এটি বকুলৰ বীজে।

মোৰ বাৰীত ৰুই থ’লে 

ছিঙিব পাৰিমচোন – এপাহ, দুপাহ 

তল সৰিবলৈ নৌপাওঁতেই  ।

দেউতাই কলে – থ থ, বকুল নোৰোৱে ঘৰত ;

মোৰ বাৰীৰে ডাল-গছবোৰ ভাগি গৈছে

তগৰ, খৰিকাজাঁইৰ ভৰত।


শিৰত সেন্দুৰেৰে এওঁৰ হাতত ধৰি যাওঁতেও 

বুকুত কঢ়িয়ালোঁ বীজটি ;

জানোচা জেগা অকণ পাওঁ।

ঠাই ক’ত —ঠাই  ?

ঘৰ-বাৰী ভৰি আছে ৰঙীন ফুলেৰে।

শহুৰ, শাহু, দেওৰ, ননদ

ভিন্ন চখ সকলোৰে 

এওঁ ক’লে — ঠাই নাই, ঠাই নাই; 

আগৰে ভৰা আমাৰ…

সাঁচি থোৱা নিজৰ ঘৰলৈ।


ল’ৰাইও সাজিলে ঘৰ – আকাশলংঘী।

বোৱাৰী,জীয়ৰী উথপথপ 

আমদানি বিদেশী ফুল;

মোৰ বুকুৰ বকুলৰ বীজটো!

ই চোন শুকায়ে গ’ল !

মোৰ ঘৰনো কোনটো

য’ত মই ৰুব পাৰোঁ একোজোপা বকুল ?

আৰু মন গ’লে নিশাই ছিঙিব পাৰোঁ

এপাহ, দুপাহ  

তলসৰিবলৈ নৌপাওঁতেই।

************

One comment

  • Kumkum Sarmabaruah

    ভাল পালোঁ কবিতাটি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *