চুনামী-নমী ফুকন বৰা

: হেল্ল’ বাইদেউ , হেল্ল’ —শুনিছেনে ?

: শুনি আছো কোৱা গীতি।

: বাইদেউ আজি ইমনক লৈ আমি এফালে যাবলগা আছে।অনুগ্ৰহ কৰি আপুনি বাৰু অলপ সোনকালে আহি মাঁহতৰ লগত থাকিব পাৰিবনে?

: অঁ,ঠিক আছে।মই এয়া যাবলে লৈছিলোৱেই ।তুমি নিশ্চিন্ত মনেৰে যাব পাৰা।

: বাইদেউ আপোনাক যে কি বুলি ধন্যবাদ দিম ——–।

: নালাগে ধন্যবাদ,মাত্ৰ তুমি তোমালোকৰ কাম কৰি যোৱা। 

ফোনটো কাটিয়েই মোৰ কামবোৰ সামৰি ছাৰক কৈ  লৰালৰিকৈ ই-ৰিক্সা এখন লৈ ঘৰ পালোহি।দেখিলো গীতুহঁতৰ গাড়ীখন সিহঁতৰ গাড়ী ৰখা জেগাতেই আছে। তাৰমানে সিহঁত ওলাই যোৱা নাই।ৰক্ষা,অলপ সময় জিৰণি ল’ব পৰা যাব বুলি কাপোৰ সলাই হাত-মুখ ধুই বিছনাত দীঘল দিলো। 

গীতু মই থকা ভাড়াঘৰখনৰ একমাত্ৰ বোৱাৰী।বৃদ্ধা শাহুৱেক ,স্বামী টুনটুন ,জুমণ আৰু ইমনৰ সৈতে তাইৰ সংসাৰ। মই তাইক লগপোৱা বহুত বেছি দিন হোৱা নাই যদিও দুয়োজনী অন্তৰংগ বান্ধৱীৰ দৰে।সকলো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবপৰা মানসিকতাৰ হোৱাৰ বাবেই তাইক বহুত ভাল লাগে । 

: জু ,আমাৰ গুদ গাৰ্ল ।এইয়া খাব খাব —–।  নেপায় নহয় গুদ গাৰ্লে পেণ্টত চু চু নকৰে নহয় —–।

মাজে মাজে বৰগীত ,নহ’লে প্ৰাৰ্থনা।

অফিচ বন্ধ থাকিলে ৰাতিপুৱা দেৰিকৈ উঠি  চাহ একাপ খাই খাই ভ্ৰাম্যমাণ যন্ত্ৰটো পিটিকি থকাটো মোৰ অভ্যাস।কৰ্মক্ষেত্ৰৰ বিভিন্ন ধৰণৰ খবৰ-বাতৰিয়ে হোৱাটছ এপত ভৰি থাকে,আজিও তাৰ ব্যতিক্ৰম নহ’ল। এফালৰপৰা পঢ়ি যাওঁতে হঠাতে উক্তকেইষাৰ শুনি মই মালিকৰ ঘৰৰফালে থকা খিৰিকীখনৰ ফালে আগুৱাই গ’লো।দেখিলো এজনী বোৱাৰী মানুহে প্ৰায় বাৰ বছৰীয়া শিশু এটিক এনেকৈ কৈ কৈ আহাৰ খুৱাবলৈ চেষ্টা কৰি আছে।কিন্তু শিশুটি কোনোপধ্যেই খাবলৈ মুখ মেলা নাই।  মনত কৌতূহল –সিহঁতৰ কাষলৈ যোৱাৰ মন গ’লেও ‘কি বুলি বা ভাবিব’ এনেভাৱ মনলৈ অহাত যাবলৈ লৈও থমকি ৰ’লো‌।  

মনত সৃষ্টি হোৱা ভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰ বিচাৰি ,অলপ সময়ৰ পিছতে মালিকৰ ঘৰৰ দুৱাৰত টোকৰ দিলোগৈ।

: অ’ ,বাইদেউ আপুনি …আহক বহকহি ।

দুৱাৰখন খুলি টুনটুনে ক’লে।

: গীতু ,অ’ গীতু অলপ আহিবচোন ,বাইদেউ আহিছে। বাইদেউ ,কালি গীতু মানে মোৰ পত্নী আৰু ইহঁত দুটাক লৈ ইয়ালৈ একেবাৰে গুচি আহিলো । ইয়াত মা তাত আমি ,মনত বিভিন্ন চিন্তা।ইফালে মাও তেনেকুৱা —-গতিকে ইয়ালৈকে গুচি আহিলো।

বুলি কৈ কৈ সি মোৰ সন্মুখৰ চকীখনতে বহিল । 

মুখত এমোৰোকা হাঁহি ,কোলাত মৰমলগা পুতলাৰদৰে ছোৱালী এজনী লৈ গীতু আমাৰ কোঠাত প্ৰবেশ কৰিলেহি।চা-চিনাকিৰ পিছত টুনটুনৰ কোলাত পুতলাজনী দি তাই চাহ কৰিবলৈ ভিতৰলৈ গ’ল।

: মাইনা,তোমাৰ নামটো কি ?   

তাৰ কোলাত মিচিক-মাচাককৈ হাঁহি থকা,গাখীৰত সেন্দূৰ মিহলালে হোৱা বৰণৰ,দেখিলেই খুউৱ মৰম লগা অকণমানিজনীক গালত লাহেকৈ চুই মই প্ৰশ্ন কৰিলোঁ। 

তাই  বৰ মৰমলগাকৈ হাঁহিলে মাত্ৰ । 

“জুমণ, তাইৰ নাম জুমণ বাইদেউ —তাই মাতিব নোৱাৰে।”

তাৰ কথাটো শুনি মনটো সেমেকি উঠিল । পুনৰ তাইক এবাৰ ভালকৈ লক্ষ্য কৰিলো ।

: কেইবছৰ হ’ল জুমণৰ?

: বাৰ বছৰ পাৰ হৈ গ’ল।

পেটত সামান্য বিষ অনুভৱ কৰি থকাৰ বাবে  সেইদিনা অন্তঃসত্তা গীতুক চিকিৎসালয়ত ভৰ্ত্তি কৰিলো। চিকিৎসকৰ পৰামৰ্শ অনুসৰি তাইক অতি সোনকালেই অস্ত্ৰোপচাৰ কক্ষলৈ লৈ গ’ল ।ভয়,উৎকণ্ঠাৰে বহু সময় অপাৰেচন থিয়েটাৰৰ সন্মুখত ৰোৱা পিছত এগৰাকী নাৰ্ছে  দুৱাৰ খুলি মই দেউতাক হোৱাৰ কথাটো জনালেহি।এজনী ছোৱালীৰ বাপেক হোৱাৰ হেঁপাহ পুহি ৰখাৰ বাবেই মই খবৰটো শুনি আনন্দত আত্মহাৰা হৈ পৰিলো।কপাহ কোমল ছোৱালীজনীক কোলাত লৈ মই পৃথিৱীৰ আটাইতকৈ সুখী মানুহ বুলি ভাবিলো। কেইদিনমান চিকিৎসালয়ত থাকি গীতুক ঘৰলৈ লৈ আহিলোঁ।এদিন দুদিনকৈ আমাৰ কণমানিজনী ডাঙৰ হৈ আহিল।তাই স্বাভাৱিক শিশুৰ দৰে ডাঙৰ হৈ আহিল। তাইৰ হাঁহিৰে ঘৰখন উজ্জ্বল হৈ পৰিল। দৈনন্দিন কামৰ ব্যস্ততাৰ মাজেৰ দিনবোৰ অতিবাহিত হ’ল যদিও এদিন গীতুৱে লক্ষ্য কৰিলে তাই দেখোন  কথা কবলৈ  নিবিচাৰে।হয় দেখোন কথাটো।তাইৰ সৈতে একে মাহতে জন্ম হোৱা প্ৰায়বোৰে এটা দুটা শব্দ ক’ব পৰা হৈছে! উপায়?চিকিৎসক।পুনৰ দৌৰাদৌৰি,শিশু চিকিৎসকে ভিন্ন ধৰণৰ পৰীক্ষা কৰিলে।নাই একোৱেই বিসংগতি দেখাই নেপালে।থেৰাপি ,বহুতো ঔষধ  —-নাই একোৰে কামত নাই।চোৱা-চিতাত বিশ্বাস নকৰা মই হেন মানুহটোৱে মানুহৰ কথাত ভোল গৈ  কত যে মঙলতী গণকৰ কাষ চাপিলো।যিয়ে যি কয় তালৈকে দৌৰ মাৰোঁ। 

এজন এজনকৈ বহু কেইজন শিশু বিশেষজ্ঞৰ কাষ চাপিলো।প্ৰায় চাৰিজনমান বিশেষজ্ঞই পৰীক্ষা-নিৰীক্ষা কৰি ক’লে  যে আপোনালোকে ছোৱালীজনীক সামাজিক ঠাইলৈ সঘনাই উলিয়াই লৈ যাওক।আগতে আমি মানুহৰ ভয়তে তাইক সামাজিক কৰ্মবোৰলৈ নিয়াৰ পৰা বিৰত থাকো বাইদেউ।কিন্তু তেখেতসকলৰ পৰামৰ্শ অনুসৰি তাইক এদিন এখন বিয়ালৈ লৈ গ’লো। কি ক’ম বাইদেউ বিয়া খোৱা নহ’ল আৰু—-।কেতিয়াবা নামঘৰ অথবা অন্য কোনো ঠাইলৈ লৈ যাবলৈ ধৰিলো যদিও সমাগত মানুহখিনিয়ে তাইৰ সন্মুখতে নক’বলগীয়া কথা কিছুমানেই কৈ দিলে।যাৰ ফলত তাই ঘৰলৈ আহি কিছু অদ্ভুত আচৰণ কৰেহি।ফলত সামাজিক স্থানৰপৰা আঁতৰি থকাৰ সিদ্ধান্ত ল’লো।

চাওকচোন বাৰু বাইদেউ, হ’লেই যেনিবা তাই অলপ অস্বাভাৱিক,সেইবুলি আমি তাইক কাপোৰ এযোৰো ভালকৈ পিন্ধাই নিয়াতো ভুল নেকি?তাইৰ বাবে হেনো আমাৰ বহুমূলীয়া সময় আৰু টকা-পইচা অপব্যয় কৰি আছো।এনে সন্তান থকাতকৈ হেনো মৰিবলৈ এৰি দিয়াই ভাল।বাইদেউ,কোন মাক-বাপেকে বাৰু সন্তানৰ মৃত্যু কামনা কৰিব পাৰে? তাই যিয়েই নহওক তাইৰ বাবেইতো আমি পিতৃ-মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিছো‌।

তাইৰে লগ এটা হওক বুলি আমি দ্বিতীয়বাৰৰ বাবে সন্তানৰ  কথা ভাবিলো।বহুতো কষ্টৰ মাজেদি গীতুৱে দ্বিতীয় সন্তানৰ মাতৃ হ’ল।অৱশ্যে ভগৱানৰ কৃপাত সি সম্পূৰ্ণ স্বাভাৱিক।ইমন–তাৰ নাম। ইমনৰ সংগ পোৱাৰে পৰা লাহে লাহে তাইৰ স্বাস্থ্যৰ অকণমান  উন্নতি হোৱাৰ লক্ষ্য কৰিছো। জানেনে,তাই কিন্তু মানুহ দেখিলেই চিনিব পাৰে।আপোনাৰ আগত তাই সহজ হৈ হাঁহি আছে কিন্তু কিছুমান মানুহ দেখিলে এনে কিছুমান আচৰণ কৰে যিবোৰৰপৰা আমি বুজি পাওঁ যে তাই সেইজনৰপৰা কিবা অসুবিধা পাইছে বা সুৰক্ষিত অনুভৱ কৰা নাই।

 

“বাইদেউ,আমি আহিলো” —গীতুৰ চিঞৰটোতহে মই ভাৱনা জগতখনৰপৰা ওলাই আহিলো।অথনিৰেপৰা টুনটুনে কোৱা কথাবোৰকে ভাবি আছিলো।

“অঁ ,যোৱা”—বুলি লৰালৰিকৈ মুখ-হাত ধুবলৈ বাথৰুম পালোগৈ।চাহ একাপ খাই অকণমান লাহেকৈ সিহঁতৰ ঘৰলৈ যাম বুলি পাকঘৰ সোমালো। চাহকাপ খাই সিহঁতৰ বাৰাণ্ডাত ভৰি থৈয়ে মই কিছুমান অস্ফুট শব্দ  শুনিবলৈ পালো।মোৰ এনে লাগিল সেয়া যেন জুমণৰ স্বৰ,তাই যেন কিবা অসুবিধা অনুভৱ কৰিছে —। কুকুৰ লৰ মাৰি জুমণ থকা কোঠাত সোমালোগৈ।এজন ব্যক্তিয়ে তাইক সাৱটি ধৰিব খুজিছে আৰু তাই  অস্বাভাৱিক আচৰণেৰে ব্যক্তিজনক আঁতৰাই পঠাব বিচাৰিছে।কিন্তু পৰা নাই যাৰ বাবে মুখত অস্ফুট শব্দ। এক বিপদৰ ইংগিত।দৌৰমাৰি মানুহজনক ভালকৈ ঠেলামুৰি দি মই জুমণক সাৱটি ধৰিলো আৰু তায়ো মোক জোৰেৰে গবা মাৰি ধৰিলে।তাইৰ বুকুৰ ধপধপনি মোৰ কাণত স্পষ্টকৈ পৰিল।

: বাবু চাহটোপা খাই ল।অ’ তুমিও আছা ,মই আকৌ ইয়ালৈহে চাহ কাপ আনিলো।অ’ ৰ’বা, ই আমাৰ তাৰ পৰা আহিছে ।মোৰ ভাইটোৰ ঘৰৰ।মই বোলো তই এইৰ স’তে খেলি থাকচোন ,মই তোলৈ সাউতকৰে চাহ এটোপা কৰি আনো। ইহঁত নাই যে,ক’ৰবালৈ ওলাই গৈছে।

ঠিক তেনে সময়তে চাহ একাপ লৈ সোমাই অহা কাণেৰে কমকৈ শুনা  জুমণৰ আইতাকে মোক ডাঙৰ ডাঙৰকৈ ক’লে।খঙত নাকৰ পাহি ফুলি গৈছে ।মানুহটোক ভালকৈ কেইচৰমান দিবলৈ মন গৈছে ,কিন্তু কলা মানুহগৰাকীৰ ওচৰত আৰু কথা বহল নকৰি তাইক সিটো কোঠালৈ লৈ গ’লো।আসন্ন বিপদ এটাৰ পৰা সেই কণমাণি ছোৱালীজনীক বচাব পাৰি মনটো ফৰকাল লাগিল।

************

Leave a Reply

Your email address will not be published. Required fields are marked *