জুনুকা-পল্লৱী কৌশিক শৰ্মা

নাই,  এটা চৰম সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তাক জুনুকাই আৰু নুই কৰিব নোৱাৰে। বিশ্বাসৰ চিলাখন ভূলুণ্ঠিত হোৱাৰ পিছত, ভ্ৰম এটাকে সত্য বিবেচনা কৰি হাত সাবটি বহি ৰোৱাটো কোনোমতে যুক্তিসংগত নহয়। 

প্ৰচণ্ড আক্ৰোশত যোৱা কেইবাদিনো ধৰি অৱহেলিতভাৱে পৰি ৰোৱা চাউল সিজোৱা চিলভাৰৰ চৰুটো দমকলৰ পাৰলৈ উলিয়াই নিলে তাই।চৰুটোৰ তলিৰ অৱশিষ্ট ভাতকেইটাৰ ওপৰত ইতিমধ্যে ভেঁকুৰে তৰপ বান্ধিছিল। ফলত অকটা গোন্ধ এটা বাহিৰ হৈ পেটটো পকাই ধৰিলে।এনেয়ো আজিকালি অদ্ভুত গোন্ধ কিছুমানে অহৰহ খেদি ফুৰা হৈছে মানুহজনীক। যেন পানীটোপাও ডিঙিৰে নসৰকিব!

চাদৰৰ আঁচলেৰে নাকটো সোপা মাৰি ধৰি, দমকলৰ নলটোৰ ঠিক তলতে চৰুটো পাতি হেণ্ডেলডাল জোৰেৰে হেঁচি দিলে তাই।হুৰুসকৈ ওলাই অহা পানী এসোপাৰে মুহূৰ্ততে চৰুটোৰ প্ৰায় অৰ্ধাংশ ভৰি পৰিল আৰু ভেঁকুৰ উঠা ভাতকেইটা ওপৰলৈ ভাহি আহি, ফৰিং ছিটিকা দিলে।সমান্তৰালকৈ চাউলৰ দানা সদৃশ ক্ষুদ্ৰাকৃতিৰ ঘিউ ৰঙী পোক কিছুমান, ভেঁকুৰখিনিৰ মাজেৰে প্ৰকট হৈ লিকলিকাই-লিকলিকাই চৰুটোৰ ডিঙিলৈ বগাবলৈ হেতা-ওপৰা লগালে। যেন প্ৰাণ ৰক্ষার্থে যুদ্ধ বিধস্ত চহৰ এখনৰ সুৰক্ষিত অঞ্চল এটালৈ দ্ৰুত গতিৰে আগুৱাই যোৱা এয়া কোনো শৰণাৰ্থীৰ লানি নিচিগা মিছিল ! পোককেইটাৰ উদ্দেশ্য সফল্যমণ্ডিত হোৱাৰ পূৰ্বেই, পানীখিনি পেলাই ছাই এসোপাৰে ধান খেৰৰ সোপা এটা লৈ চৰুটো বাহিৰে-ভিতৰে মাজি পেলালে তাই। 

এই গোটেইখিনি কাম যদিও জুনুকাই যথেষ্ট পৰিপাটিকৈ কৰি গ’ল , তথাপি বুকুখনত উঠি অহা গোটাকৈ বিষ এটাই প্ৰতি নিয়ত খুন্দিয়াই থাকিল মানুহজনীক।

খৰি চাঙৰপৰা শুকান খৰি এমুঠা বিচাৰি আনি,জুহালৰ জুইকুৰা দপদপকৈ জ্বলাই ল’লে তাই আৰু আনোৱাৰে দি পঠিওৱা চাউলকেইটাৰপৰা তিনিমুঠিমান চাউল লগতে আলু এটা চাৰিফাল কৰি ছাইৰে মাজি চিকচিকাই লোৱা চৰুটোত উঠাই দিলে।আগফালৰ পিৰালিত ছেদেলি-ভেদেলি হৈ পৰি থকা ভীমকলৰ বাকলিকেইটা ৰ’দত শুকাই তেনেই কৰকৰীয়া হৈছিল। অকস্মাতে শূন্য হৈ পৰা ঘৰখনৰদৰে পাকঘৰৰ চাউল-দাইলৰ বৈয়ামকেইটাৰো তলি উদং হোৱাত যোৱা কেইবাদিনো সেই কলকেইটাকে খাই জুনুকাজনীয়ে পেটৰ ভোক নিৰাময় কৰিছিল।ভীমকলৰ বাকলিকেইটাও পিৰালিৰপৰা বুটলি আনি, চৌকাৰ কাষলৈ চপাই ল’লে তাই। আজি জুনুকাই খাৰনিৰে ভাত খাব।সেই উদ্দেশ্যে চাউলকেইমুঠি সিজাৰ পিছত সাৱধানে ভাতৰ মাৰখিনি কাঢ়ি , খৰিৰ আঙঠাতে কলৰ বাকলিকেইটাও পুৰি ল’লে আৰু ছাঁইখিনি বাতি এটাত লৈ পানী অলপ ঢালি দিলে। 

হঠাতে যেন বিষাদ এখিনিয়ে বুকুখন খোঁচা-বিন্ধা কৰিলে জুনুকাৰ।ইতিমধ্যে লৈ পেলোৱা সিদ্ধান্তটোৰ বিষয়ে পুনৰ ভাবি চাব নেকি বাৰু ! আচলতে এইখিনি সময়ত তাইক কুটি-কুটি খাই থকা বিশ্বাসঘাতকতাৰ পোকটোক সমূলে নষ্ট কৰা উচিত হ’বনে, অন্ধৰ দৰে মনতে পুহি ৰখা বিশ্বাসৰ পৰিণতিত লহপহকৈ ফুলিবলৈ ধৰা ৰক্তমাংসৰ চুপহিটোক সাৰ-পানী যুগুতোৱা উচিত হ’ব – বিমোৰত পৰিল মানুহজনী। পিছে আধা পোৰা খৰিকেইডালৰপৰা কুণ্ডলী পকাই উৰি যোৱা ধোঁৱাখিনিৰ লগতে চিন্তাৰ গধুৰ ভাৰখনো তাই উৰুৱাই দিবলৈ যত্ন কৰিলে।

চৰুৰ পৰা ভাত এহেতা ষ্টিলৰ থালখনত উলিয়াই লৈ ছাঁই নিগৰি ফটফটীয়া হোৱা খাৰণীখিনি আঙুলিৰে চেলেকি চালে।চোকত জিভাখন দেৰদেৰাই গ’ল। অলপ আগতে আনোৱাৰৰ মুখৰপৰা কথাকেইটা শুনি যিদৰে তাইৰ বুকুখনত জুয়ে পোৰাৰ দৰে চেকচেকনি এটা উঠিছিল – ঠিক সেইদৰে। এইবাৰ সৰহকৈ খাৰণী অলপ ঢালি নিমখ এজেবা, কেঁচা তেল দুটোপালমান আৰু জলকীয়া এটা মোহাৰি গো-গ্রাসে ভাতকেইটা গিলি পেলালে তাই । ডিঙিয়ে বুকুয়ে অদ্ভুত চেকেচেকনি এটা উঠি নাকৰ পানী, চকুৰ পানীয়ে একাকাৰ কৰিলে তাইক। লৰালৰিকৈ ভাতৰ পাতৰপৰা উঠি বিছনাত পৰিল জুনুকা। 

যোৱা ছটা মাহে এই বিছনাখনতে প্ৰতি নিশা উত্তমৰ ভোগৰ সামগ্ৰী হৈছিল জুনুকা।বুকু আৰু তলপেটৰ প্ৰচণ্ড বিষত কোঙা হ’লেও প্ৰেমৰ বলিয়া বা এজাকত উটি-ভাহি ফুৰিছিল তাই।অবুজ অনুভৱ আৰু অচিনা স্পৰ্শবিলাক দেখোন বেয়া লগা নাছিল তাইৰ!অৱশ্যে লাগিবনো কেনেকৈ?অনাথ ছোৱালী এজনীয়ে আপোন বুলি কাৰোবাৰ হাত এখন খামুচি ধৰিছিল,জুপুৰী হ’লেও নিজৰ বুলি ঘৰ এখন পাইছিল। সেইখিনি সুখৰ লগত শৰীৰৰ বিষৰ তুলনা হয় জানো ! 

এৰা, অনাথালয়ত ডাঙৰ হোৱা জুনুকাজনী কোনোবা মাতৃৰ পেলনীয়া সন্তান। 

হৈমন্তিক কুঁৱলীয়ে ঘোপ মাৰি ধৰা এটি শীতাৰ্ত পুৱা। গেটৰ মুখতে কান্দি ঠেৰেঙা দিয়া সদ্যোজাত কেঁচুৱা এটাক আলফুলে অনাথালয়ৰ ভিতৰলৈ লৈ গৈছিল হেড বাইদেৱে। লাহে-লাহে সকলোৰে আদৰ যত্নত আৰু তাত থকা কেইবাটাও শিশুৰ লগতে একেলগে উমলি-জামলি কোনোবাই এলাগী কৰি পেলাই যোৱা সেই কেঁচুৱাটোও ডাঙৰ হ’বলৈ ধৰিলে। জুনুকা এটা হাততে লৈ খেলি খেলি ব্যস্ত হৈ থকা ছোৱালীজনীক মৰমতে হেড বাইদেৱে নাম  দিলে –  ‘জুনুকা’। 

সময়ৰ লগে-লগে চকুত লগাকৈ ধুনীয়া হৈ উঠা জুনুকাজনী, অনাথালয়ত লাভ কৰা ব্যৱহাৰিক শিক্ষা আৰু লিখা পঢ়াৰ লগতে কাপোৰত ফুল তোলা কামতো সিদ্ধহস্ত হৈ উঠিল।নিপুণ হাতেৰে কৰা জুনুকাৰ চিলাইৰ কামবোৰে সকলোৰে প্ৰশংসা বুটলিবলৈ ধৰিলে। হেড বাইদেউৰ চিনাকি দুই এজনৰ পৰা জুনুকাই কাপোৰত ফুল তোলাৰ অৰ্ডাৰো পালে। ফলত  অনাথালয়ৰ চৌহদৰপৰা ওলাই চাৰিআলিৰ কেঁকুৰিটোতে থকা এখন চিলাইৰ দোকানলৈ জুনুকা প্ৰায়েই যাবলৈ ল’লে। দেখিলেই মৰম লগা ছোৱালীজনীক চাৰিআলিৰ প্ৰায়বোৰ দোকানীয়ে চিনি পোৱা হ’ল।তাৰ ভিতৰত চিলাই দোকানৰ কাষতে থকা গেলামাল দোকানী আনোৱাৰৰ লগত তাইৰ এটা আত্মিক সম্বন্ধ গঢ়ি উঠিল। অনাথ শিশুৰ টেগ এটা লাগি থকাৰ বাবেই হয়তো জুনুকা তাৰ বৰ মৰমৰ হৈ পৰিল – নিজৰ ভনীয়েকৰ দৰেই।

পিছে অনাথ শিশুৰ পৰিভাষাক নস্যাৎ কৰিব পৰাকৈ, তেতিয়ালৈ যথেষ্ট বুজন হৈ উঠিছিল জুনুকা।কাৰণ কেঁচুৱা কালৰেপৰা ‘ঘৰ’ মানে তাইৰ বাবে অনাথালয়ৰ চালিখন আৰু ‘মাক-বাপেক’ মানে হেড বাইদেউৰ স্বাৰ্থহীন মৰমবোৰ। আপোন-পৰ আৰু সত্য-অসত্যৰো ঊৰ্দ্ধত যেন এই আত্মিক সম্পৰ্কবোৰ!

আনোৱাৰৰ দোকানতে প্ৰথমবাৰৰ বাবে উত্তম আৰু জুনুকাৰ চাৰি চকুৰ মিলন হৈছিল। প্ৰথম দৃষ্টিতে কিবা এক অনামী অনুভৱে যেন জোকাৰি পেলাইছিল জুনুকাক!কি আছিল বাৰু সেই চাৱনিত!ইমান সন্মোহন! উত্তমৰ সান্নিধ্য বিচাৰি চাৰিআলিলৈ তাইৰ সঘন আহ-যাহ চলিল আৰু তেনেকৈয়ে দুয়োৰে মাজত ভাবৰ আদান-প্ৰদানো হ’ল।সৰলমনা জুনুকাই কালক্ৰমত উত্তমৰ কথাৰ জালত বন্দী হৈ হিয়াখনেই সঁপি দিলে তাক। পিছে তাইৰ বুকুত সংগোপনে ফুলিবলৈ ধৰা প্ৰেমৰ ফুলপাহ আনোৱাৰৰ চকুত ধৰা নপৰাকৈ নাথাকিল। আনোৱাৰে হেড বাইদেউকো  কথাবোৰ জনাই, দুয়ো সেই বিষয়ে উত্তমৰ লগত আলচ কৰাৰ সিদ্ধান্ত ল’লে।  

চহৰৰ উপকণ্ঠত নিৰ্মীয়মান এটি চৰকাৰী আবাসগৃহৰ এজন সহকাৰী নিৰীক্ষক হিচাপে উত্তমক নিয়োজিত কৰা হৈছে। ল’ৰাটোৰ ঘৰ হেনো উজনিত। চৰকাৰী কামখিনি হৈ নুঠালৈকে চাৰিজন বন্ধুসহিতে ইয়াৰে  ভাড়া ঘৰ এটাত অস্থায়ী ঘৰ এখন পাতি লৈছে সি।  কথাই-বতৰাই যথেষ্ট অমায়িক যেন অনুভৱ হোৱা উত্তমক জুনুকাৰ বাবে যোগ্য বিবেচিত কৰিয়েই আনোৱাৰ আৰু হেড বাইদেৱে সিহঁতৰ সম্পৰ্কটোক স্বীকৃতি দিয়াৰ সিদ্ধান্ত ল’লে আৰু অনাথালয়ৰ সকলো নীতি-নিয়ম মানি,উত্তমেও জুনুকাক স্ব-ইচ্ছাৰে পত্নীৰ মৰ্যাদা দিয়াৰ চুক্তিপত্ৰত সাক্ষৰ কৰি তাৰ ভাড়া ঘৰটোলৈকে লৈ আহিল।পিছে কেইবাজনো ল’ৰাৰ লগত একেটা ঘৰতে থাকিব লগা হোৱাত বৰ অসুবিধাত পৰিল সদ্য বিবাহিতা জুনুকা। গতিকে উত্তমৰ কামবোৰৰ অন্ত নপৰালৈকে, আনোৱাৰে সিহঁতৰ খেতিডৰাত থকা এচলীয়া ঘৰটোতেই জুনুকাহঁতৰ থকাৰ ব্যৱস্থা কৰি দিলে। 

                         

                          ———————-

স্মৃতিৰ মূৰ্ত-বিমূৰ্ত পৰশবোৰত আত্মমগন হৈ  দুপৰ বেলাতে বিছনাত উঠা জুনুকাৰ চিলমিলকৈ টোপনি আহিছিল।হঠাতে প্ৰচণ্ড পেটৰ বিষত খপজপাই উঠিল তাই আৰু চকু মেলি দেখিলে ভিতৰখন ঘোপমৰা এন্ধাৰ। পেটটোতে হেঁচা মাৰি ধৰি, বাগৰ সলাওঁতেই এনে অনুভৱ হ’ল – শাৰীৰৰ নিম্নাংশ ভিজাই এসোঁতা গৰম তৰল যেন বৈ গৈছে তাইৰ দেহৰপৰা ! প্ৰচণ্ড বিষতো এটি কুটিল হাঁহি বিয়পি পৰিল জুনুকাৰ দুই ওঁঠত।পোহৰ হোৱালৈ অপেক্ষা কৰি বিছনাখনতে নিৰুদ্বেগভাৱে পৰি থাকিল তাই।

দোকমোকালিতে থৰক-বৰক খোজেৰে বিছনা চাদৰখন সোপা মাৰি লৈ কলৰ পাৰলৈ উঠি গ’ল জুনুকা।বিছনা চাদৰখনত ইতিমধ্যে শুকাই খলমা পতা বখলা-বখল তেজৰ চেঁকুৰাবোৰে একেসময়তে সুখ,দুখ আৰু যন্ত্ৰণাৰ মিশ্ৰিত অনুভৱ এছাটিৰে কোবাই থৈ গ’ল মানুহজনীৰ অন্তৰাত্মা।অলপ সময় বুকুৰ মাজতে সেইখন সাবটি ধৰি, দমকলৰ পাৰতে লেপেটা খাই বহি পৰিল তাই। 

এৰা,অসহায়তাৰ চৰম বিন্দুত উপবিষ্ট হৈ জুনুকাই আজি গজালি মেলাৰ পূৰ্বেই নিঃশেষ কৰি পেলালে উত্তমে প্ৰতাৰণাৰে তাইৰ গৰ্ভত সিঁচি দিয়া তিনিমহীয়া বীজটোক।আজিৰে পৰা এজনী হত্যাকাৰী তাই। 

মূৰটো চক্ৰাকাৰে ঘূৰিবলৈ ধৰিলে জুনুকাৰ। চাৰিওফালে এসোপা ক’লা ধোঁৱাই যেন পলকতে ঘেৰি ধৰিলে তাইক। বলিয়াৰ দৰে চিঞৰি হুকহুকাই কান্দি উঠিল জুনুকাই ।

 

                           ———————-

যোৱা এটা এসপ্তাহৰ নিৰন্তৰ অপেক্ষাৰ অন্তত , উত্তমৰ দ্বাৰা প্ৰতাৰণাৰ ছবিখন চকুৰ সন্মুখত স্পষ্ট হৈ ধৰা দিয়াত দিক-বিদিক হেৰুৱাই পেলালে জুনুকাই।তাই জানো ভাবিছিল – ভুৱা পৰিচয়েৰে ইমান দিনে এখন প্ৰবঞ্ছনাৰ নাট ৰচি, স্বাৰ্থ পূৰণৰ অন্তত উত্তম এইদৰে অন্তৰ্ধান হ’ব ! কেনেকৈ সহে তাইৰ অন্তৰখনে ! চৰকাৰী কামখিনি হৈ উঠাৰ পিছত বাকীবোৰ ল’ৰাৰ লগতে উত্তমো সেই ঠাই এৰি আঁতৰি গৈছিল, আৰু এৰি গৈছিল জুনুকাৰ শৰীৰত তাইৰে এটা অংশ। তাৰ প্ৰকৃত ঠিকনা বিচাৰি বাউলি হৈছিল জুনুকা। আনোৱাৰৰ লগত অফিচে অফিচে ঘূৰিও একো খবৰ পোৱা নাছিল তাৰ।

সপোন ভঙাৰ যন্ত্রণাত কাতৰ হ’ল জুনুকা। উত্তমৰ প্ৰতি প্ৰচণ্ড ঘৃণাত প্ৰতিশোধৰ জুই একুৰা মুহূৰ্ততে জ্বলি উঠিল তাইৰ বুকুত । 

কথাবোৰ জানি হেড বাইদেউ ঢপলিয়াই আহিছিল জুনুকাৰ ওচৰলৈ। অনাথালয়লৈ পুনৰ লৈ যাবলৈ বিচাৰিছিল তাইক। পিছে জুনুকা মান্তি নহ’ল। প্ৰতাৰিত হ’লেও আজিৰ তাৰিখত একান্ত নিজৰ বুলি থাকিবলৈ চালি এখন পাইছে তাই। গতিকে তাতেই থকাৰ সিদ্ধান্ত ল’লে। তথাপি হেড বাইদেউৰ মনটোৱে তেনে অৱস্থাত জুনুকাক অকলশৰীয়াকৈ এৰি যাবলৈ কোনোমতে অনুমতি নিদিলে । বুজালে তেওঁ ..

: তই এই অসুস্থ দেহাটোৰে ইয়াত অকলে কেনেকৈ থাকিব জুনুকা। নালাগে, এতিয়াই ব’ল মোৰ লগত।

পিছে নিজৰ কপালখনৰ ওপৰতে পৰম বিতৃষ্ণা জন্মা জুনুকাই বিদ্ৰূপসূচক হাঁহি এটাৰে হাতযোৰ কৰি হেড বাইদেউক ক’লে ..

: কাবৌ কৰিছো বাইদেউ মোক ইয়াতে থাকিবলৈ দিয়ক। চাওঁচোন ভগৱানেনো আৰু কিমান পৰীক্ষা কৰে ! জন্মোতেই আয়ে দলিয়ালে। উকা কপালত ৰং বোলাই,  স্বামী নামৰ পশু এটাই দলিয়ালে। আৰু বা কি আছে মোৰ ফুটা কপালত ? কিমান ব’ব আৰু মোৰ দুখৰ ভাৰখন আপুনি ? 

                     —————————-

                    

কিছুদিনৰপৰা আনোৱাৰৰ দোকানৰ সন্মুখত থকা বাছ ষ্টপেজটোৰ পৰিত্যক্ত চালিখনৰ তলতে বস্তা এটা পাৰি থাকিবলৈ লৈছে জুনুকা। অবিন্যস্ত চুলি একোছা, উৱলি যোৱা চাদৰ-মেখেলাযোৰেৰে তাইক দেখি প্ৰথম আনোৱাৰৰ বুকু কঁপি উঠিছিল।জুনুকাৰ অসংযত কথাবোৰত বুজিব পাৰিছিল সি – জুনুকা এতিয়া সকলো মায়া-মোহ, দুখ-সুখৰ পৰা মুক্ত।সি বুজোৱা কোনো কথাই বুজি পাবলৈ সক্ষম নহয় তাই।তথাপি ৰাতিপুৱা দোকান খোলা আৰু গধূলি দোকান বন্ধ কৰাৰ সময়ত , প্ৰতিদিনেই জুনুকাক খোৱা বস্তু অলপ দি যায় সি। 

কেতিয়াবা জুনুকাই হাততে গছৰ ডাল এটা লৈ ডেকা ল’ৰাবোৰক খেদি আহে আৰু কেতিয়াবা সম্পূৰ্ণ উলংগ হৈ আকাশলৈ চাই কান্দিবলৈ ধৰে। 

: আহ অ’ উত্তম, মোক অলপ মৰম কৰহিচোন। কিয় গুচি গ’লি অ’ তই?

আৰু কেইটামান গেঙনি মাৰি পিছ মুহূৰ্ততে ফটা চাদৰখন গাতে পকাই , তেজৰ দাগেৰে ক’লা পৰা বিছনা চাদৰখন জোকাৰি অট্টহাস্য কৰি উঠে….

: দেখিছ, মাৰি পেলালোঁ তোক মই।মোৰ পেটত সোমাবলৈ আহিছিলি হা?

  

চূড়ান্ত বিতৃষ্ণাত থুৱাই দিয়ে তাই।

আনোৱাৰে আঁৰ কাপোৰ এখনেৰে তাই থকা ঠাইখিনি বেৰি দিছে।থাকক তাই তাতে। নিজৰ দুনীয়াখনতে ব্যস্ত হৈ থাকক।ৰাস্তাৰে যোৱা মানুহবোৰৰ তাইৰ প্ৰতি অৱজ্ঞা আৰু ঘৃণাৰ দৃষ্টিয়ে বুকুখন বিন্ধে তাৰ। 

আজিও দোকান বন্ধ কৰি আঁৰকাপোৰখনৰ তলেৰে খোৱা বস্তু অলপ দি জুনুকাক জুমি চালে আনোৱাৰে। খাৰণী ভাত খাই, হত্যা কৰা ভ্ৰূণটোৰ শুকাই ক’লা হোৱা তেজ লগা বিছনাচাদৰখন বুকুতে সাবটি কুচিমুচি শুই আছে মানুহজনী।

এৰা, জুনুকাই জানিছিল গৰ্ভাৱস্থাত খাৰ খালে গৰ্ভপাত হোৱাৰ সম্ভাৱনা থাকে। সেই খাৰকে অস্ত্ৰ হিচাপে লৈ উত্তমৰ ওপৰত পোতক তুলিলে তাই। বিনিময়ত হেৰুৱালে আত্মপৰিচয়। 

জুনুকা আজি কেৱল অনাথেই নহয়, 

জুনুকা আজি এটা বোধশক্তিহীন শৰীৰ ।

জুনুকা ‘পাগলী’।

************

One comment

  • মলিন মজুমদাৰ

    গল্পটোৰ সুন্দৰ আৰম্ভণিয়ে মুগ্ধ কৰিলে।
    পঢ়ি ভাল পালোঁ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *