নদীৰ কাষত ৰৈ-ৰঞ্জিত কুমাৰ শৰ্মা  

নদী ঐ বৈ থাক অবিৰাম

নীলাভ্ৰই দিগন্ত চুলে

তোৰ লাৱণ্য চোৱাৰ হেঁপাহ পূৰাম৷


তোৰ পাৰতে কটাম এটি বিয়লি বেলা

দুনয়ন ভৰি চাম

চিকমিক তৰংগৰ চঞ্চল খেলা৷


তোৰ বুকুত ওপঙি থাকে যে খেলি

তলুৱাত তুলি ল’ম

পশ্চিমৰ সেই সেন্দূৰীয়া বেলি। 


নীড়মুখী পক্ষীয়ে লৈ আহিলে গধূলি

ৰৈ থাকিম চাবলৈ

তোৰ বুকুত চন্দ্ৰমাৰ ৰূপালী৷

************

Leave a Reply

Your email address will not be published. Required fields are marked *