নাৰী মহিমাময়ী-নিবেদিতা শৰ্মা
‘নাৰী’ এটি মাথো শব্দই নহয়।নাৰী শব্দৰ মাজত অন্তৰ্নিহিত হৈ আছে নাৰীৰ সৌন্দৰ্য,মমতা, সাহস আৰু ত্যাগ।নাৰীৰ জীৱনটো সৰ্বগুণেৰে অলংকৃত কৰি আগুৱাই নিবলৈ আমাৰ সমাজ আৰু অভিভাৱক সকলৰ দায়িত্ব অনস্বীকাৰ্য।নাৰীক সৃষ্টিৰ মূল চালিকা শক্তি হিচাপে গণ্য কৰা হয় ।নাৰী আৰু পুৰুষ পৃথিৱীৰ দুটা অবিচ্ছেদ্য অংগ।নাৰী শব্দটো এটা অতি অনুভূতি প্ৰৱণ শব্দ যাৰ অৰ্থ হৈছে ললনা,তিৰোতা,মহিলা ইত্যাদি। নাৰী শব্দটোতে যেন সকলো সোমাই আছে।নাৰী হ’ব পাৰে কাৰোবাৰ জীয়ৰী কাৰোবাৰ বোৱাৰী কাৰোবাৰ পত্নী।নাৰীৰ অভিধা ইয়াতকৈও বিশাল যাক কেৱল সীমাহীন আকাশৰ লগতহে তুলনা কৰিব পাৰি।সেয়ে হয়তো নাৰীক “ অৰ্দ্ধ আকাশ ” বুলি কোৱা হয় ।নাৰীক সৃষ্টিকাৰী, মমতাময়ী, ৰহস্যময়ী, ছলনাময়ী আদি বিভিন্ন অভিধাৰে অলংকৃত কৰা হয়।নাৰী অবিহনে সৃষ্টিৰ কথা ভাবিবই নোৱাৰি।আনহাতে আমি ক’ব পাৰো যে- ঈশ্বৰ হ’ল পুৰুষ আৰু প্ৰকৃতি হ’ল তেওঁৰ ভাৰ্যা।
বৈদিক যুগত নাৰীৰ স্থান আৰু অধিকাৰ আছিল পুৰুষৰ সমান।তৈত্তৰীয় উপনিষদত মাতৃক দেৱীৰ স্থান দিয়া হৈছিল বুলি উল্লেখ পোৱা যায়।শতপথ ব্ৰাহ্মণৰ মতে পতিৰ স’তে পত্নী লগত নাথাকিলে বৈদিক যুগৰ যাগ- যজ্ঞত আহুতি নহৈছিল।সেই সময়ত নাৰী জাতিক দাসী বুলি ভবা নহৈছিল।নাৰী হ’ল শক্তিৰ আধাৰ;নাৰী শক্তি জাগ্ৰত হ’লে তাক পৰাভূত কৰা শক্তি কাৰো নাই।নাৰীৰ চণ্ডীৰূপ দেখিলে মানুহতো বাদেই স্বয়ং দেৱতাও ত্ৰস্তমান হয়।মহিমাময়ী আদ্যা শক্তি দুৰ্গাদেৱীয়ে প্ৰৱল প্ৰতাপী মহিষাসুৰক বধ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিছিল। নাৰীক কোৱা হয় ঘৰৰ লখিমী।এখন ঘৰৰপৰা আন এখন ঘৰলৈ ছোৱালী এজনীক লখিমী বোৱাৰী হিচাপে আদৰি অনা হয়।ন-ঘৰখনৰ লগত নিজক খাপ খুৱাই সকলোকে আপোন কৰি ল’ব পাৰিলে সংসাৰত কেতিয়াও ভাঙোন আহিব নোৱাৰে।নিজৰ সতীত্বৰ প্ৰভাৱত সতী-সাৱিত্ৰীয়ে স্বামী সত্যবানৰ প্ৰাণ ঘুৰাই আনিবলৈ সক্ষম হৈছিল।নাৰী মানৱ জাতিৰ সেই মহত্ত্বম অংগ,য’ৰপৰা সৃষ্টিধাৰাই গতিশীলতা লাভ কৰে।নাৰী বিহীন সৃষ্টিধাৰাৰ কল্পনাও স্থবিৰ ৰং ৰূপ আৰু বৈচিত্ৰ্যশূন্য।নাৰীৰ প্ৰেম ঐশ্বৰ্য গৰিমা আৰু মাধুৰ্যই পুৰুষৰ পৌৰুষত্বক উজ্জীৱিত কৰে।পুৰুষ শাসিত সমাজ ব্যৱস্থাৰ ঘোষিত – অঘোষিত প্ৰচুৰ বাধা-বিঘিণি অতিক্ৰমি নাৰীসকল নিজৰ প্ৰতিভা আৰু বুদ্ধিমত্তাৰে উজলি উঠিবলৈ সময় লাগিছিল।সময়ৰ লগে লগে বিভিন্ন দিশত নাৰীসকলৰ অগ্ৰগতি হৈছে নাৰীসকলৰ বাবে উৎকৃষ্ট পদক্ষেপ।সময়ৰ গতিত লাহে লাহে সাহিত্যৰ বিভিন্ন দিশত নাৰীবাদী চিন্তাই প্ৰাধান্য লাভ কৰে।ড° বাণীকান্ত কাকতিদেৱৰ ” সাহিত্য আৰু প্ৰেম ” নামৰ গ্ৰন্থৰ ” নাৰী হৃদয় ” এটা উল্লেখযোগ্য প্ৰৱন্ধ ৷ কাৰোবাৰ বাবে প্ৰেম ক্ষন্তেকীয়া অনুভৱ হোৱাৰ বিপৰীতে কাৰোবাৰ বাবে প্ৰেম – প্ৰেৰণাশক্তি।প্ৰেমে নাৰীৰ জীৱন ধন্য কৰে, মহিমামণ্ডিত কৰে নাৰীৰ জীৱন। পুৰুষৰ অবিহনে নাৰীক যেনেদৰে কল্পনা কৰিব নোৱাৰি সেইদৰে নাৰী অবিহনেও পুৰুষ বৰ্তি নাথাকে।ব্ৰহ্মাই সৃষ্টি কাৰ্যৰ আৰম্ভতে নিজৰ সোঁ-অংশৰ পৰা পুৰুষক আৰু বাওঁ-অংশৰ পৰা নাৰীক সৃষ্টি কৰিছিল।সেইকাৰণে পুৰুষক অৰ্দ্ধাংগ আৰু নাৰীক কোৱা হয় অৰ্দ্ধাঙ্গিনী ৷ নাৰী অতীতৰ পৰা বৰ্তমানলৈ এক শক্তি হিচাপে স্থান লাভ কৰি আহিছে।সেয়ে কোৱা হয় নাৰী মহিমাময়ী ৷
প্ৰতিজন পুৰুষৰ উন্নতিৰ আঁৰত এগৰাকী নাৰী থাকে বুলি কোৱা হয়।নাৰী এগৰাকীৰ অনুপ্ৰেৰণাই পুৰুষৰ জীৱনলৈ পৰিৱৰ্তন আনি দিব পাৰে। যিগৰাকী নাৰীয়েই নিজৰ দুখ-যন্ত্ৰণা পাহৰিও স্বাৰ্থহীনভাৱে আনৰ বাবে সকলো কৰি যাব পাৰে তেৱেঁই প্ৰকৃত নাৰীৰ স্থান পাব পাৰে। প্ৰতিগৰাকী নাৰীয়েই সকলোৰে মাতৃ, যাৰ তুলনা নাই মৰমৰ, দয়াৰ, ক্ষমাৰ, ধৈৰ্য্যৰ। নাৰীৰ ধ্বংসৰ নহয়, সৃষ্টিৰহে বীজ ৰোপণ কৰিব পৰা ক্ষমতা থকা উচিত। আনহাতে যি সকল নাৰী নিৰ্যাতিতা, লাঞ্ছিতা আৰু অৱহেলিতা হৈ আছে তেওঁলোকৰ উত্তৰণৰ বাবে নাৰীসকল আগবাঢ়ি আহিব লাগিব।কাগজে-কলমে, মেলে-মিটিঙে নহয়, হাতে-কামে কৰিলেহে সফল হ’ব।
যিখন দেশত নাৰী ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰী, পুলিচৰ বিষয়া, ডাক্তৰ, অভিযন্তা, পৰ্বতাৰোহী, খেলুৱৈ আদিৰে ভৰি উঠিছে, সেইখন দেশতে নাৰী নিৰ্যাতনো চলি আছে। এইবোৰৰ পৰা নাৰী মুক্ত হ’ব কেতিয়া?
৮ মাৰ্চৰ দিনটো বিশ্বৰ সকলো ঠাইতে নাৰী দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ চাৰিখন ৰাজ্যৰ বাহিৰে ৬০ শতাংশই সকলো দিশতে পুৰুষৰ ওপৰত নিৰ্ভৰশীল। তথাপি মানৱ জাতিৰ সৃষ্টিৰ ঘাই শিপাডালেই হৈছে নাৰী। নাৰী অবিহনে পৃথিৱীৰ সকলো অস্তিত্বহীন, অন্তঃসাৰশূন্য। কিন্তু অতি পৰিতাপৰ বিষয় যে পুৰুষৰ সমানে আগবাঢ়ি যোৱাৰ বাটত প্ৰতিগৰাকী নাৰীয়ে সমাজত শাৰীৰিক, মানসিকভাৱে বহুতো বাধাৰ সন্মুখীন হ’ব লগা হয়। সেইবাবেই আমি নিজকে সু-সভ্য জাতি হিচাপে গঢ়ি তুলিব পৰা নাই। বহুতো কথাৰপৰা ক’ব পৰা যায় নাৰীয়েই নাৰীৰ শত্ৰু। আমি নাৰীসকলে সভাই-সমিতিয়ে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে ভাষণ দিওঁ। কিন্তু মূৰকত নিজৰ ঘৰৰ বন কৰা ছোৱালীজনী বা বোৱাৰীগৰাকীৰ ওপৰত শোষণ চলাওঁ। আমি প্ৰত্যেকগৰাকী নাৰীয়ে প্ৰত্যেক নাৰীৰ হৃদয়ৰ অবুজ বেদনা বুজিবলৈ চেষ্টা কৰিব পাৰিব লাগিব। আমাৰ মনৰ নীচ মনোবৃত্তিক মচি পেলাব পাৰিলেহে এখন সুস্থ সমাজ গঢ়িব পৰা যাব।
আমি সকলো নাৰীয়ে অনুধাৱন কৰিব পাৰিব লাগিব যে “নাৰী” শব্দতেই লুকাই আছে মমতা, সৌন্দৰ্য, সাহস আৰু ত্যাগ।নাৰী শব্দটো পৃথিৱীৰ আটাইতকৈ কোমল আৰু মমতাময়ী শব্দ।নাৰীতেই আৰম্ভ হয় এটি এটি নিষ্কলুষ আৰু চৰ্তহীন সম্পৰ্কৰ ৷ ‘নাৰী’ ….আমাৰ জীৱনৰ নিয়ন্ত্ৰণ আৰু প্ৰেৰণা।বিশ্বৰ গতিশীলতা বৰ্তাই ৰাখিবৰ বাবেই সৃষ্টি কৰা হৈছিল নাৰীক।বিশ্ব ব্ৰহ্মাণ্ডত আদিম কালৰপৰাই নাৰীৰ প্ৰভাৱ অপৰিসীম।সেয়ে কোৱা হয় নাৰীসকল অনন্যা।
************