নিশাৰ ফুল-হৰিচন্দ্ৰ ডেকা

“পলাশী………. !”

ছোৱালীজনীয়ে বিদিশাৰফালে ঘূৰি চালে।অচিনাকি মানুহ এগৰাকীয়ে আচম্বিতে এইদৰে তাইৰ বাহুত খামুচি ধৰি দুৰ্বোধ্য ভাষাত কিবাকিবি কৈ থকা দেখি আচৰিত হ’ল।কথা কোৱাৰ ধৰণ চাই মানুহগৰাকী মানসিকভাৱে অসুস্থ বুলিও পতিয়ন নিয়াব নোৱাৰি ৷ কিবা এটা  যে ভুল হৈছে কথাটো বুজিব পাৰি ছোৱালীজনীয়ে কোনো প্ৰতিক্ৰিয়া নেদেখুৱাই কেৱল আতুৰ মাতৃগৰাকীৰ চকুলৈ একেথৰে চাই থাকিল ৷ কাষতে থকা  ছোৱালীজনীৰ মাক উধাতু খাই দৌৰি আহিল ; কন্যাক মানুহগৰাকীৰ কবলৰপৰা উদ্ধাৰ কৰাৰ মানসেৰে তাইক আঁতৰাই নিবলৈ চেষ্টা কৰিলে।ইতিমধ্যে এজন আদবয়সীয়া লোক, বোধকৰো মানুহগৰাকীৰ স্বামী, বেগাবেগিকৈ আহি পত্নীৰ হাতখন ছোৱালীজনীৰ বাহুৰপৰা আঁতৰাই  মাতৃ কন্যালৈ হাত জোৰ কৰি হিন্দীতে ক’লে, 

“বেয়া নাপাবা দেই মাজনী ! তুমি আমাৰ ছোৱালীৰ বয়সৰ।আমাৰ একমাত্ৰ সন্তান ছোৱালীজনীৰ মৃত্যুৰ পিচত এওঁৰ কিবা এটা হ’ল ৷ তাইৰ বয়সৰ সকলো ছোৱালীকে আমাৰ মইনাজনী বুলি ভাবে।তোমাকো সেই একে ভুলেই কৰিলে ৷“

 এইবাৰ মাকৰ ফালে চাই ক’লে, 

 “মই বৰ দুঃখিত আপোনালোকক আমনি দিয়া কাৰণে ৷“

 “নাই নাই আঙ্কল,আপুনি তেনেকৈ নক’বচোন ৷

আন্টিয়েনো কি বেয়া পাবলগীয়া কাম কৰিলে?সকলোৰে এনেকুৱা ভুল হয় ৷ তাতে এখেতে মানসিক চক এটা  পাইছে ৷”

 এইবাৰ বিদিশাই দৃঢ়তাৰে হিন্দী আৰু ইংৰাজী মিশ্ৰিত ভাষাৰে ন দি ক’লে…..

“মোৰ ভুল হোৱা নাই । এয়া আমাৰ পলাশী হ’বই লাগিব। মই তাইৰ চকুলৈ চায়েই চিনিব পাৰিছোঁ । মোলৈ মৰমতে তাই  এনেকৈ মোৰফালে চাই  ডিঙিত আঁকোৱালি ল’বলৈ দৌৰি আহে।আজি আনদিনাৰ দৰে অহা নাই কাৰণে আচৰিত হৈছোঁ ৷“

ইতিমধ্যে ছোৱালীজনীৰ দেউতাকো উপস্থিত হ’ল ৷ মানুহগৰাকীৰ সকলো কথা তেওঁও মন দি শুনিলে ৷ খন্তেক কিবা ভাবি ওচৰৰ মুকলি ৰেষ্টুৰেণ্টখনলৈ পতি-পত্নীহালক মাতি লৈ গৈ আথে-বেথে মানুহগৰাকীক বহুৱাই দিলে।স্বামীয়ে বিদিশাৰ  হাতখন এৰুৱাই আনিলে যদিও ক’ব নোৱাৰকৈয়ে ছোৱালীজনীৰ কাষৰ চকীখনতে বহি লৈ তাইৰ হাতখন আকৌ এবাৰ কোলাত তুলি ল’লে ৷ হাতদুখনত  সাবটি ধৰি তেনেকৈয়ে মুখৰ ফালে একেধ্যানে চাই  থাকিল ৷ মাকে কিছু অস্বস্তি অনুভৱ কৰিছে  যদিও ছোৱালীজনী নিৰ্বিকাৰ ৷ জীয়ৰীৰ স্নেহত আকলুৱা মানুহগৰাকীৰ মনৰ বেদনা হয়তো বুজি পালে ৷ এনেকৈয়ে কিছু সময় মাতৃস্নেহত ডুবি থাকক, এয়াই হয়তো তাইৰ অনুভৱ ৷

 ছোৱালীজনীৰ দেউতাকে সকলোৰে কাৰণে কফি আৰু কিবাকিবি খোৱা বস্তুৰ ফৰমাইচ দিলে ৷ 

“এতিয়া কওকচোন মিঃ….. অ’ কথাহে পাতি আছোঁ  ; পৰিচয়  এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ কওকচোন ক’ৰ পৰা আহিছে আপোনালোক! “

“মোৰ নাম পৰাণ চহৰীয়া৷ এওঁৰ নাম বিদিশা, মোৰ ধৰম পত্নী।আমি অসমৰ পৰা আহিছোঁ ৷”

“মই সনজিৎ ফোগলা ৷ জয়পুৰৰ স্থায়ী বাসিন্দা যদিও দিল্লীত ব্যৱসায় কৰাৰ সূত্ৰে  ইয়াতে ঘৰ দুৱাৰ কৰিছোঁ৷ ছোৱালীজনীক লিজা  বুলি মাতোঁ ৷ এওঁ ইন্দুমতি,  লিজাৰ মাক ৷ আমাৰো একেজনীয়ে ভগৱানৰ দান। দিল্লীতেই পঢ়ি আছে ৷  এতিয়া কওকচোন কথাখিনি বহলাই।”

“মই বেঙ্কত চাকৰি কৰোঁ ৷ এওঁ শিক্ষয়িত্ৰী আছিল যদিও মোৰ সঘনাই বদলি হৈ থকা চাকৰিটোৰ কাৰণে ছোৱালীজনীৰ পঢ়া শুনাত ব্যাঘাত হ’ব বুলি চাকৰিৰ পৰা ইস্তফা দিলে ৷ আগে পিচে  তায়েই আমাৰ ৷  ছোৱালীজনীয়ে কেন্দ্ৰীয় বোৰ্ডৰ  চেকেণ্ডাৰী পৰীক্ষা সুখ্যাতিৰে পাছ কৰাৰ পিছত দিল্লীত পঢ়িবলৈ মন কৰিলে৷ তাইৰ মনৰ ইচ্ছা পূৰণ কৰাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব  নুখুজি মই দিল্লীলৈ পঠোৱাৰ পক্ষপাতী  যদিও মাকে কোনোমতে কথাটো মানি নলয় ৷ জীয়েকক কেতিয়াও চকুৰ আগৰপৰা  দূৰলৈ পঠিয়াব নোখোজে।

“এয়া কেতিয়াও হ’ব নোৱাৰে ৷ ইমান সৰু হৈ আছে তাই ৷  তাইক দিল্লীৰ নিচিনা ৰাক্ষসেৰে ভৰি থকা চহৰ এখনলৈ  পঠিওৱাৰ পিচত মই দুঃশ্চিন্তাতে আধামৰা হ’ব লাগিব ৷ আৰু এটা কথা ; তাই যোৱাৰ পিচত  ময়েইবা কাৰ লগত থাকিম! আপুনিতো ন বজাত ওলাই গৈ নিশা দহ বজাত ঘৰ সোমায় ৷”

“কি কথা  কোৱা হে পলাশীৰ মাক ? এনেকৈ জীয়ৰীক সদায় কোলাত বহুৱাই ৰাখিলে হ’ব নেকি!সংসাৰ সমুদ্ৰত এদিন নিজেই সাঁতুৰিব লাগিব ৷ এতিয়াই এৰি নিদিলে সদায় পৰমুখাপেক্ষী হৈ থাকিব ৷ তেতিয়া তোমাৰ আৰু বেছি দুখ লাগিব ৷ আৰু এটা কথা ; আজি নহয় কাইলৈ তাইক বিয়া দিবই লাগিব ৷ তেতিয়া আৰু বেছি কষ্ট পাবা।এতিয়াৰপৰাই দূৰত থকাৰ অভ্যাস কৰাচোন ; দেখিবা বিয়াৰ পিচত হাত জোকাৰি তাই আমাৰপৰা বিদায় ল’ব।”

মাকৰ ওচৰত জিদ নধৰিলে যদিও তাইৰ মন ভাগি পৰিল।লগৰ সকলোকে ইতিমধ্যে কৈছে তাই দিল্লীত পঢ়িব বুলি ; এতিয়া তাইৰ অন্তৰে কেতিয়াও গুৱাহাটীত এডমিচন ল’বলৈ অনুমতি নিদিয়ে।এইটো মনৰ অৱস্থাৰে তাইক গুৱাহাটীত পঢ়িবলৈ বাধ্য কৰালেও কেতিয়াও ভাল ফলাফল আশা কৰিব পৰা নাযাব ; যাব নোৱাৰাৰ কথা শুনিয়ে তাইৰ মন একেবাৰে ভাগি পৰিছে।

“চোৱা বিদিশা ! পলাশীয়ে আমাৰ একমাত্ৰ সন্তান ৷ তাই অশান্তিত থাকিলে আমাৰ কি শান্তি হ’ব তুমিয়ে কোৱাচোন!যিটো দেখিছোঁ তাই গুৱাহাটী ইউনিভাৰ্ছিটিত পঢ়িলে কেতিয়াও পঢ়াত মন বহুৱাব নোৱাৰিব।পিচত দেখিবা চেকেণ্ডাৰীত ইমান ভাল নম্বৰ পোৱা ছোৱালীজনীয়ে আধাতে পঢ়া সামৰিছে ৷ এনেয়েও তিনি বছৰৰ মূৰে মূৰে বদলি হোৱা মোৰ চাকৰি ৷ অসমত থাকিলেও  তাই  আমাক এৰি পি জিত থাকিয়েই  উচ্চ শিক্ষা গ্ৰহণ কৰিব লাগিব।তাতকৈ এতিয়াই যাওক। তাইৰো মনোবাঞ্ছা পূৰ্ণ হ’ব।”

“তেতিয়া হ’লে ঠিক আছে ৷বাপেক জীয়েকৰ কথা মতেই হওক ; কিন্তু মোৰো এটা চৰ্ত আছে ৷ ময়ো যাম তাইৰ লগত।তাইক  মুঠতে তাত  অকলে থাকিব নিদিও।”

সিদ্ধান্ত হ’ল পলাশীৰ লগত মাকো থাকিব দিল্লীত ৷ মাকক লৈ যোৱাৰ ইচ্ছা নাছিল যদিও দিল্লী বিশ্ববিদ্যালয়ত পঢ়াৰ হেঁপাহত মাকৰ কথাতে সন্মতি দিলে।অৱশ্যে মাক লগত থাকিলে তাই ভালেই পায়।

মাক জীয়েকক কলেজৰ ওচৰতে ফ্লেট এটা ঠিক কৰি দি কৰ্তব্যৰ খাতিৰত অকলে মই অসমলৈ গুচি  গ’লোঁ। এইদৰে মাকৰ আঁচলত ধৰিয়েই তাই ভালদৰে বি এচ চি পাছ কৰিলে ৷এইবাৰ মাকক থেন থেনাবলৈ ধৰিলে…..

“মা ! মই এতিয়া ডাঙৰ হৈছোঁ ৷ নিজৰ কাম নিজে কৰিব পৰা হৈছোঁ।মোক কিমানদিনলৈ এইদৰে তোমাৰ মৰমেৰে আবৰি ৰাখিবা?লগৰ ছোৱালীৰ আগত লাজ পোৱা হৈছোঁ৷ সিহঁতে মোক কেঁচুৱা বুলি জোকায় ৷ সিহঁতে আৰু কি কয় জানানে মা?”

“কি ক’লি তই?মোৰ লগত থাকিবলৈ এতিয়া লাজ পোৱা হ’লি?যিজনী ছোৱালীৰ এতিয়াও মোৰ লগত নুশুলে টোপনি নাহে তাইৰ আকৌ বান্ধৱীৰ আগত লাজ লাগে মাকৰ লগত থকা কাৰণে!তোৰ লগৰ কোনোৱে মাক দেউতাকৰ লগত নাথাকে নেকি?” 

“স্থানীয়সকল থাকে৷ বাহিৰৰপৰা অহাবিলাক  পি জিত নতুবা ভাড়াঘৰ লৈ থাকে।”

“অ’ সেইকাৰণে তই মোৰ লগত থাকিবলৈ লাজ পোৱা হ’লি ৷”

“তেনেকুৱা কথা নহয় অ’ মোৰ মৰমৰ মা!মই তোমাক বৰ ভাল পাওঁ ৷ তুমি কাষত নাথাকিলে  সঁচাকৈয়ে মোৰ টোপনি নাহে। আগতে মই দিল্লীৰ আওভাও পোৱা নাছিলোঁ৷ তুমি থকা বাবে মোৰ সুবিধা হৈছিল ৷ এতিয়া মই সকলো জনা হৈছোঁ ৷ আজিকালি মইহে তোমাক লৈ ফুৰিব লাগে দেখোন।”

“অ’ বুজিলোঁ ৷ এতিয়া মই তোৰ বোজা হৈ পৰিলোঁ।”

“তেনেকুৱা কথা নহয় মা ৷” 

এইবুলি কৈ তাই মাকৰ ডিঙিত আঁকোৱালি ধৰিলে, যিদৰে আজি লিজাই আঁকোৱালি ধৰিব বুলি আশা কৰি আছিল।এইবাৰ মাকৰ কান্ধত মূৰটো গুঁজি  দি আবেগিক হৈ ক’লে, 

“আচলতে এই বয়সত দেউতাই নিশা আহি আকৌ ৰন্ধা বঢ়া কৰি খোৱা কথাটো মোৰ বৰ এটা ভাল লগা নাই ৷ নিজকে বৰ স্বাৰ্থপৰ যেন লাগে।মোৰ সহায়ৰ কাৰণে দেউতাৰ কথা নাভাবি তোমাক মোৰ ওচৰত ৰখা বুলি দুখ অনুভৱ হয়।” 

“ঠিক আছে, ঠিক আছে তোৰ দেউতাৰালৈ বাৰু বৰ দুখ বুজিলোঁ৷ এতিয়া কচোন লগৰ ছোৱালীয়ে কিয় জোকায়?” 

“ধেমালি কৰে অ’ মা।”

“তথাপি ক’চোন শুনো লগৰীয়াবোৰৰ কি ধাৰণা মাকবোৰৰ প্ৰতি৷” 

“একো বেয়াকৈ নকয় ৷ জোকায় অ’!”…… কয়, 

“অই পলাশী, তোক যে এতিয়াও মায়ে পহৰা দি থাকিব লাগে, বিয়া দিলে কি কৰিবি তই?মাৰকো স্বামীৰ ঘৰলৈ লৈ যাবি নেকি?আমাক চা,টেন পাছ কৰাৰ পিচতে অকলে আমাক হোষ্টেলত পেলাই থৈ গৈছে, পইচা লাগিলে ফোন কৰিম বুলি জানে কাৰণে নিজে ফোন এটাও নকৰে।আমাক বিয়া দিলেও মা দেউতাৰ অনুভৱেই নহ’ব।তই পিচে  কি কৰিবি?মাৰকো লৈ যাব লাগিব দেখোন ৷”   

-“এনেকৈ ধেমালিহে কৰে দেই মা ৷ সঁচাকৈয়ে মনৰ পৰা কয় বুলি নাভাবিবা।”

“ বৰ নিলাজ দেই তোৰ বান্ধবীবোৰ।”

চহৰীয়াই পানী এবটল ঢোকঢোকাই পি আকৌ ক’বলৈ ধৰিলে, 

 “ময়ো লাহে লাহে অকলে ৰান্ধি বাঢ়ি  খোৱাত অসুবিধা পাবলৈ ধৰিলোঁ ৷ দুই এটা বেমাৰেও লগ দিলে।এম এচ চিত এডমিচন দিয়াৰ সময়ত মই আকৌ আহিলোঁ দিল্লীলৈ।তায়ো অলপ স্বাধীনতা পাওক,এইবুলি ভাবি তাইক ক’লোঁ, 

“আইজনী অ’!এইবাৰ মাৰক লৈ যাম দে ৷ তই দিল্লীৰ আওভাও  পোৱা হ’লি ৷ আমাক চহৰৰ অলি-গলি দেখুৱাব পৰা হ’লি ৷ এতিয়াৰপৰা তোৰ দায়িত্ব তোৰ নিজৰ ওপৰত।তয়ে তোৰ অভিভাৱক।ভালদৰে এম এচ চি কৰি ইয়াৰে ভাল প্ৰতিষ্ঠান এটাত কিদৰে গৱেষণা কৰিব পাৰ তাৰেই চেষ্টা কৰ।এয়াই তোৰ ইচ্ছা নাছিল জানো ?”

“পাৰিম দেউতা ! মোৰ একো অসুবিধা নহয়।টানে-বিপদে এছোছিয়েশ্যনৰ ল’ৰা-ছোৱালীবোৰ আছে নহয়।আমি প্ৰায়ে লগ হওঁ ৷ তোমালোকে অকণো চিন্তা নকৰিবা।”

“ল’ৰা ছোৱালীৰ প্ৰতি মাক দেউতাকৰ চিন্তাৰ কেতিয়াবা যতি পৰে জানো?চিন্তা আমাৰ সদায় থাকিব।চহৰখনৰ কথা আমাতকৈ তই বেছিকৈ বুজিবি ; তথাপিতো কওঁ ৰাতিলৈ বাহিৰত নাথাকিবি।নিশাৰ দিল্লী বৰ ভয়ানক ৷ মানুহক চিনি পোৱা বৰ কঠিন কাম।আটাইতকৈ বিশ্বাসীজনকো সম্পূৰ্ণ বিশ্বাস নকৰিবি।এনেকুৱা বিলাস বহুল চহৰত কেতিয়া পিছল মজিয়াত খোজ পৰি ভৰি পিছল খাব গমেই নাপাবি।কিবা এটা নকৰিবলগীয়া কাম কৰিবলৈ যোৱাৰ আগতে আমাৰ মুখ দুখন মনত পেলাবি।মোৰ কথা যদি মনত ৰাখিব পাৰ এই কথাই জীৱনত তোক পদে পদে সহায় কৰিব ৷ আমি এতিয়া যাওঁ ৷“

কেইজনীমান ইউনিভাৰ্ছিটিৰ বান্ধৱীৰ সৈতে ফ্লেট এটা ঠিক কৰি দি আমি গুচি আহিলোঁ ৷ ইয়াৰ পিচত ফোন আৰু ভিডিঅ’ কলেই আমাৰ যোগাযোগৰ একমাত্ৰ মাধ্যম হৈ পৰিল ৷ স্বাধীনতা পাই তাই কেতিয়া পাৰ ভঙা নৈৰ নিচিনা হ’ল আমি গমেই নাপালোঁ ৷ মাকে মাজে সময়ে মোক সোঁৱৰাই থাকে, 

“তাইক দেখোন আজিকালি ফোনত প্ৰায়ে নাপাওঁ।

দিনত যেনতেন ৰাতি ফোন কৰিলেও কয়, 

“মা, তোমাক অলপ পিচত ফোন কৰি আছোঁ।”

কেতিয়াবা পিচত ফোন কৰে, প্ৰায়ে নকৰে ৷ আমি এবাৰ যাওঁ ব’লক তাইনো আচলতে কি কৰি আছে চাই আহোঁ।”

মাকে কথাবোৰ ঠিকেই ভাবিছিল৷ মইহে ভেকাহি মাৰি উঠিলোঁ।

“তাইৰ এইবাৰ ফাইনেল ইয়েৰ।সিদিনা তোমাক কৈছিল দেখোন, ভাল ইনষ্টিটিউট এটাত গৱেষণা কৰিবলৈ হ’লে ইণ্টাৰভিউ ভাল হ’ব লাগিব।সেয়েহে প্ৰিপাৰেচনৰ কাৰণে তাইৰ কেতিয়াবা ঘূৰি আহোঁতে দেৰি হয়।”

 মাকৰ মনে নামানে ৷ তেওঁৰমতে ছোৱালীজনীক লৈ আহিব লাগে।তাই আগৰ ছোৱালীজনী হৈ থকা নাই।

“বুজিছে!মই কথা এটা মন কৰিছোঁ।আগতে তাই কথা পাতিলে এৰিবই খোজা নাছিল, আজিকালি অলপ কথা পাতিয়েই তাই ফোন থ’ব খোজে ৷”

“দেউতা ! মোৰ অলপ ষ্টাডি মেটেৰিয়েল যোগাৰ কৰিবলৈ আছে, তোমাক পিছত ফোন কৰিম দিয়া৷” 

তাইৰ আৰু পিচত ফোন কৰা নহয়।মাকে যি সন্দেহ কৰিছিল অৱশেষত সেয়াই সত্যত পৰিণত হ’ল।এদিন দোভাগ নিশাৰ ফোন কল এটাই আমাৰ জীৱনৰ সকলো হিচাপ-নিকাচ  ওলট-পালট কৰি দিলে।

 “আঙ্কোল ! আপুনি পলাশীৰ দেউতাক হয়নে?”

হিন্দীতে কোৱা কথাখিনি শুনি উচপ খাই বহি পৰিলোঁ বিচনাতে।

“হয় কোৱাচোন !“

“পলাশী হাস্পতালত  আছে ৷“

হাস্পতালখনৰ নাম ক’লে।আৰু কিবাকিবি কৈছিল, কাণত নোসোমাল ৷ নিশাটোৰ বাকীডোখৰ আমাৰ উজাগৰে গ’ল।পুৱাৰ বিমানতে দিল্লী পালোঁগৈ।তাইক আই চি ইউত ৰাখিছে ৷ ভিতৰলৈ যোৱা নিয়ম নাই যদিও মাক মজিয়াতে লেপেটা কাঢ়ি বহি পৰাত যেনিবা কোনো শব্দ নকৰাৰ প্ৰতিশ্ৰুতিৰে পাঁচ মিনিটৰ কাৰণে যাবলৈ অনুমতি দিলে৷ ওলাই আহি কথাৰ অন্ত নপৰা মানুহজনীৰ যি এবাৰ মাত বন্ধ হ’ল, আজিও তেনেকুৱাই হৈ থাকিল।প্ৰয়োজনীয় কথা দুই এটাহে সুধিলে কয় ৷“

“আচলতে ঘটনা হৈছিল নো কি?”

এইবাৰ কেৱল শ্ৰোতাৰ ভূমিকা লৈ থকা সনজিৎ ফোগলাই কৌতূহলেৰে সুধিলে।কিছু সময় অন্যমনস্ক হৈ থাকি চহৰীয়াই কোৱা কথাখিনি এনেকুৱা।

নয়দাৰ ফালে দূৰণিবটীয়া ঠাইলৈ সিহঁতে এটা বাৰ্থডে পাৰ্টিত যোগ দিবলৈ গৈছিল।আনন্দ উল্লাসৰ মাজত কেতিয়া দুপৰ নিশা হ’ল সিহঁতে হেনো গমেই নাপালে। ছোৱালীহঁতে আচলতে তেতিয়ালৈকে নাজানেই বন্ধুৰ যে জনমদিনটো আহি পৰাই নাই।নিশা বাৰ বাজিলেহে হেনো জনম দিন পৰিব।তাৰ পিচত জনম দিনৰ ৰং ৰহইচ।এক বাজি যোৱাতহে হুচ আহিল ৷ লগৰীয়াই চলাইছিল গাড়ী।  পাৰ্টিৰপৰা উভতি আহোঁতে এক্সপ্ৰেছ হাইৱেত গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিঙত খুন্দা মাৰিলে।তাৰ পাচত চহৰীয়া দম্পতীৰ সেয়া এক অন্য জীৱন পৰিক্ৰমা।হাস্পতালত  তেওঁলোকৰ  অন্তহীন অপেক্ষা।বহুদিনৰ প্ৰতীক্ষাৰ অন্তত ডাক্তৰে ঘোষণা কৰিলে……

“আপোনালোকক কথাটো কেনেকৈ কওঁ তাকেই ভাবিছোঁ ;দুখ লাগিলেও আজি নহয় কাইলৈ সত্যটো ক’বই লাগিব।আপোনাৰ ছোৱালী জীয়াই আছে যদিও ক্লিনিকেলি ডেড।এয়া হয়তো অনন্ত অপেক্ষাও হ’ব পাৰে।জীৱনদায়িনী যন্ত্ৰপাতি আঁতৰাই দিলে সকলো শেষ।”

কান্দিব পৰাকৈ  চকুপানী ইতিমধ্যে শেষ হৈ গৈছে ৷ বিদিশা যেন এক জড় পদাৰ্থ ৷ চকুৰ পতা জপাব পাহৰি গ’ল। ডাক্তৰে আকৌ ক’লে, 

“পাৰ্থিৱ শৰীৰটো নোহোৱা হ’লেও আপোনালোকে তাইক জীয়াই ৰাখিব পাৰে, তাইৰ অঙ্গ দান কৰি ; যদি সন্মতি দিয়ে এন জি অ’ৰ মানুহক খবৰ দিওঁ৷“

তাইৰ ঈষৎ নীলা চকু  দুটা বৰ ধুনীয়া আছিল।প্ৰথম লগ পোৱা মানুহে তাইৰ চকু দুটাৰ কথাই কয়।তাই মাকৰ ফালে চালেই মাকে বুজিব পাৰে তাইক কি লাগে বা তাই কি ক’বলৈ আহিছে।বিদিশাই  অকল চকু দুটাহে দান দিবলৈ অনুমতি দিলে।চকু দুটাৰেই তাইক জীয়াই ৰাখিব খোজে।একে ধৰণৰ দুটা পাথৰৰ চকু লগাই লৈ অৱশেষত আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি আমাৰ মৰমৰ পলাশীৰ প্ৰাণহীন দেহটো অসমলৈ লৈ গ’লোঁ৷“

 ইমান সময় মনে মনে শুনি থকা সনজিৎ ফোগলা উত্তেজিত হোৱা যেন লাগিল।

“এয়া কেতিয়াৰ ঘটনা বাৰু ?“

“ছমাহ হৈ গ’ল মাত্ৰ ৷“

 ক’লে, পৰাণ চহৰীয়াই তাৰিখটো।

“ইয়াৰ পিচত  মাক একেবাৰে নিৰ্বাক হৈ পৰিল ৷ মানসিক সন্তুলনো হেৰুওৱা বুলি বহুতে ক’ব খোজে যদিও সেয়া নহয়।কেৱল  তাই থকা ঠাইখন, ফ্লেটত থকা তাইৰ বিচনাখন এবাৰ প্ৰাণভৰি চাব খোজে।ইয়াৰ পিচত মোক হেনো কেতিয়াও আমনি নকৰে ৷ মোৰ কাৰণেই এনেকুৱা হ’ল বুলি অনুভৱ হয় যদিও এওঁ কেতিয়াও মোক দোষাৰোপ কৰিব নোখোজে, এয়াই হয়তো বিধিৰ বিধান ৷ ডাক্তৰে কথা-বতৰা পাতি পৰামৰ্শ দিলে, 

“এখেতৰ একো হোৱা নাই ৷ চক পাইছে সোনকালে ঠিক হৈ যাব ৷ পৰিয়ালৰ সহযোগ লাগিব।সোনকালে এপাক ফুৰাই আনক।তেখেতে বিচৰা বস্তুবোৰ এবাৰ দেখুৱাই আনকচোন, চাব সকলো ঠিক হৈ যাব।নহ’লে তেখেতৰ মানসিক সন্তুলন হেৰাই যাব পাৰে৷ সেয়েহে আমাৰ এই দিল্লী যাত্ৰা।”

 সনজিৎ আৰু ইন্দুৱে ইজনে সিজনৰ মুখলৈ চালে ৷ তাৰ পাচত লিজালৈ চালে।সনজিতে  থিয় হৈ তলমূৰ কৰি পাইচাৰী  কৰিবলৈ ধৰিলে।তাৰ পিচত  হঠাতে চহৰীয়া দম্পতীৰ সমুখলৈ চকীখন টানি আনি বহি লৈ ক’বলৈ ধৰিলে, 

“এই যে শান্ত-শিষ্ট হৈ বহি আছে আমাৰ লিজা,তাইৰো  এনেকুৱা কাহিনী এটা আছে ৷ শুনকচোন ৷ আপোনাৰ ছোৱালীৰ নিচিনা তায়ো এটা ডাঙৰ দুৰ্ঘটনাত পতিত হৈছিল।বাকী সকলো ঠিকেই থাকিলেও চকু দুটা ভগৱানে কাঢ়ি লৈ গ’ল।তাইৰ লগে লগে আমি দুয়ো চকু থাকিও পৃথিৱীখন আন্ধাৰ দেখা হ’লোঁ।ডাক্তৰে এটা আশাৰ বাণী শুনালে।

কোনোবা দাতা পালে হেনো তাই আকৌ দৃষ্টি শক্তি ঘূৰাই পাব ৷ এন জি অ’ৰ ফোন নং দিলে।তেখেতসকলে আমাক আশাৰ বাণী শুনালে ৷ ক’লে, দাতা পালেই তেওঁলোকে খবৰ দিব৷ কেৱল খবৰ পোৱা মাত্ৰকে যাতে ততাতৈয়াকৈ আহিব পৰাকৈ সাজু হৈ থাকে, তাৰ কাৰণে সকীয়নি  দি থ’লে।নিৰ্দিষ্ট হাস্পতালখনৰ  ঠিকনাটো দিলে।আপুনি কোৱা সেই তাৰিখটোতে নিশা আমাক ফোন কৰিলে।সেই দোভাগ নিশাই আমাৰ মনত সূৰ্য্য উদয় হোৱা যেন লাগিল।ভগৱানৰ কৃপাত তাইৰ অপাৰেচন সুকলমে হৈ গ’ল ৷ বহুত অনুনয় বিনয় কৰিলোঁ দাতাৰ ঠিকনা, ফোন নং দিবলৈ।সেয়া হেনো নিয়মৰ বাহিৰত।দাতা আৰু দান গ্ৰহণ কৰোঁতা দুয়োজনৰে পৰিচয় হেনো ইয়াত গোপনে ৰখা হয়।বিধিৰ কি সংযোগ চাওকচোন !  আজি আপোনালোকৰ  ছোৱালীক বিধাতাই নিজেই আনি আপোনালোকৰ সমুখত হাজিৰ কৰাই দিলে।মিছেছ বিদিশা চহৰীয়াই ঠিকেই কৈছে,এয়াই তেখেতৰ মৰমৰ পলাশী আৰু আমাৰ লিজা ৷ মাতৃয়ে জীয়ৰীৰ চকু চিনি পোৱাত কেতিয়াও ভুল নকৰে।”

বিদিশাই লিজাক “তুমিয়ে মোৰ পলাশী“ বুলি বুকুতে সাবটি ধৰি হুকহুকাই কান্দিবলৈ ধৰিলে।

************

Leave a Reply

Your email address will not be published. Required fields are marked *