নিহত মই,মূল বাংলা কবিতা: ডঃ হিমাদ্ৰি সাহা, অনুবাদ-ডুলুমণি দাস
তোমাৰ হাতত নিহত হোৱাৰ পাছতো জীয়াই আছোঁ মই,
এতিয়াও
যি ৰাতি মোক হত্যা কৰা হৈছিল
তোমাৰ মুখত লাগি আছিল
শেৱালি ফুলৰ স্নিগ্ধ হাঁহি৷
তুমি মোক শুৱাই থৈ আহিছিলা
সোণালী শস্যৰ পথাৰত
তোমাৰ হাতত লাগি আছিল
মোৰ সেউজীয়া ৰক্ত ৷
মোৰ হৃদপিণ্ডৰ মাজত
মোৰেই পছন্দৰ
এটি গন্ধৰাজ ফুল
সিঁচি দিছিলা তুমি।
সেইকাৰণেই
মই এতিয়াও জীয়াই আছোঁ
সেয়ে পাৰা যদি মোক তুমি
প্ৰতি ক্ষণতে হত্যা কৰা৷
প্ৰবলা হৈ
মই জীয়াই থাকিব খোজোঁ।
************