প্ৰমূৰ্ত-অংকিতা বৰুৱা

: তুমি সুখী নে ৰাগিনী ?

: সুখী প্ৰিয়ম।অন্ততঃ সুখী হোৱাৰ কৌশলবোৰ আয়ত্ব কৰি লবলৈ শিকিছোঁ।

: কিমান বছৰৰ পাছত আমি লগ হৈছোঁ বাৰু আজি মনত আছেনে তোমাৰ?

: পঁচিশ বছৰ।সেই যে দৰং কলেজত হায়াৰ ছেকেণ্ডেৰী শেষৰ পৰীক্ষাৰ দিনা তুমি মোৰ লগত তোমাৰ ৰঙা ৰেঞ্জাৰ চাইকেলখন হাফ পেডেল মাৰি মাৰি মোৰ হোষ্টেলৰ পদূলিলৈকে আহিছিলা!সেয়াই শেষ দেখা হৈছিল আমাৰ!

জীৱনৰ সকলো সমীকৰণ সলনি হ’ব পৰাকৈ এক দীৰ্ঘ সময়ৰ ব্যৱধান আছিল এই পঁচিশটা বছৰ।অপলক নেত্ৰে চাই ৰ’ল প্ৰিয়মে তাইলৈ।ইমান সূক্ষ্মতাৰে তাই কথাখিনি কৈ গৈছে যেন কালি পৰহিৰ কথাহে!সুদীৰ্ঘ পঁচিশটা বছৰ পাৰ হৈ গ’ল সিহঁতৰ মাজত।কত ধুমুহা হা-হুতাহেৰে জীৱন ভাৰাক্ৰান্ত হৈ পৰিছিল তাৰ।কতবাৰ আত্মহত্যাৰ চিন্তাও মনলৈ আহিছিল । তথাপি জীৱনৰ প্ৰতি থকা অদম্য হেঁপাহে তাক আজিৰ প্ৰিয়ম কৰি জীয়াই ৰাখিছে।জীৱনৰ ব্যস্ততাৰ মাজত সি পাহৰিয়েই পেলাইছিল সেই সৰু সৰু ৰাগীলগা কথাবোৰ।

: তুমি  হয়তো পাহৰি পেলালা কথাবোৰ ! স্বাভাৱিক।

: কিছুমান কথা কেতিয়াও পাহৰা নাযায় ৰাগিনী।কেৱল সময়ে সুযোগ নিদিয়ে বাবেই মনৰ মাজতে ৰৈ যোৱা কথাবোৰ দুনাই মনত পেলাবলৈ আমি অক্ষম।কিন্তু ভাবি আচৰিত হৈছোঁ যে সেই কথাবোৰ তোমাৰো মনত আছে।

: আৰু বহু কথাই নাই পাহৰা মই প্ৰিয়ম।ফিজিক্সৰ ক্লাচ কৰি থাকোতে যে তুমি মোৰ পাছফালে বহিছিলা প্ৰায়ে! মোৰ চুলি বহুত দীঘল আছিল তেতিয়া।মোৰ কাণত পৰাকৈ তুমি জোকাইছিলা —

‘ৱাহ!লং ব্ৰাউন হেয়াৰ!ব্লেক চানচিল্ক লগোৱা নেকি?’

 আৰু মই পাছলৈ ঘূৰি চাওঁতে তোমাৰ চকুৱে চকুৱে পৰাত তোমাৰ বেৰীয়া দাঁতটোৰে বৰ নিষ্পাপ হাঁহি এটা মাৰিছিলা।

: তোমাৰ মনত আছে ৰাগিনী মোৰ পাগলামিবোৰ!মোক দৰং কলেজৰ সেই দিনবোৰলৈ উভতাই লৈ গৈছা তুমি। আৰু কি কি মনত আছে তোমাৰ?

: তোমাৰ পৰা মই ‘কেমেষ্ট্ৰী’ৰ প্ৰশ্নোত্তৰ লিখা বহীখন বিচাৰিছিলোঁ।পূজাৰ বন্ধত ঘৰলৈ গৈ ঘূৰি আহোতে দেৰি হৈছিল বাবে সেইকেইটা ক্লাচ মোৰ খতি হৈছিল।মোৰ হোষ্টেলৰ সন্মুখত তুমি বহীখন দি গুচি গৈছিলা। কেইটামান পৃষ্ঠাৰ পাছতে তোমাৰ হাতৰ ধুনীয়া ধুনীয়া আখৰেৰে জুবিনৰ গান আৰু হীৰুদাৰ কবিতাৰ পংক্তিৰে কেইটামান কাগজৰ টুকুৰা পাইছিলোঁ। সোতৰবছৰীয়া মোৰ তেতিয়া তোমাৰ ওপৰত ভীষণ অভিমান হৈছিল ।  পাছদিনা কলেজলৈ আহিয়েই প্ৰথম কাম আছিল তোমাক বহীখন ঘূৰাই দিয়াটো।

: তুমি… তুমি মোক এতিয়াও পাগল কৰিছা ৰাগিনী।

: নহ’বা প্ৰিয়ম!সময়বোৰ এতিয়া আমাৰ হাতত নাই আৰু!

: তুমি প্লীজ কৈ যোৱা।তোমাৰ মনত থকা এটা এটা কথা মই শুনিব বিচাৰোঁ।

: বুটাৰাম ছাৰৰ তাত মোৰ ‘বায়’লজী’ টিউচন থাকে পুৱা পাঁচ বজাতে।তুমি মানা কৰিছিলা।

‘ইমান সোনকালে কিয় টিউচন লৈছা ! কেনেকৈ আহিবা অকলে অকলে?ৰাস্তাত কিন্তু কোনোবাই অকলে পালে ধুনীয়া ছোৱালী বুলি পাছে পাছে আহিব দেই!তেতিয়া কি কৰিবা?’

……সেই সময়বোৰক সুঁৱৰি সামান্য হাঁহে ৰাগিনীয়ে।

: তুমি মোক ভয় খুৱাইছিলা।আৰু পাছদিনা অকলশৰীয়া বাটটোৰে মই টিউচনলৈ বুলি আহি থাকোতে তুমি মোৰ পাছে পাছে আহি এপাকত পাছফালৰ পৰা মাত দিছিলা –

‘ধুনীয়া ছোৱালীবোৰ ইমান ৰাতিপুৱাই অকলে অকলে আহিব নাপাই দেই।’ 

মই ঘূৰি চাই তোমাক দেখি অবাক হৈছিলোঁ।কিন্তু কি জানা প্ৰিয়ম সেইদিনা মোৰ কিবা এটা খুব ভাল লাগি গৈছিল তোমাক।তুমি যে কেৱল মোৰ বাবেই ইমান পুৱাই আহিছিলা!কিয় ভাল নালাগিব কোৱা!

: ইমান মিঠা মিঠা অনুভৱবোৰক মোহাৰি তুমি কিয় আঁতৰি গৈছিলা মোৰপৰা ৰাগিনী ? 

: হয়তো সময়ে কথাবোৰ তেতিয়া তেনে হোৱাটোৱেই বিচাৰিছিল প্ৰিয়ম!নহলে জানো আজি তুমি মই এনেদৰে লগ হৈ পুৰণা কথাবোৰৰ মাজত নিজক বিচাৰিবলৈ চেষ্টা কৰিলোহেঁতেন!সম্পূৰ্ণ হৈ উঠাৰ পাছত যিকোনো বস্তুৰ প্ৰতিয়েই মানুহৰ মোহ কমি যায় । আমাৰ সম্পৰ্কৰ মধুৰতাবোৰো সংসাৰৰ দায়িত্ব আৰু একাকীত্বৰ মাজত হেৰাই গ’লহেঁতেন।

এপলক প্ৰিয়মৰ দুচকুলৈ প্ৰশ্নবোধক চাৱনিৰে চাই ৰৈ যায় ৰাগিনী । 

: তেতিয়া ‘অটগ্ৰাফবুক’ এখন প্ৰায় সকলোৰে লগত থকাটো নিয়মৰ দৰে আছিল।মনত আছেনে তোমাৰ? মোৰ অ’টগ্ৰাফখন তোমাক লিখিবলৈ দিছিলোঁ।তুমি সেইখন ঘৰলৈ লৈ গৈ দুদিন পাছত মোক ঘূৰাই দিছিলা। মোৰ অভিমান হৈছিল –

‘কিয় এনেকুৱা কৰিছা?দিয়ানা মোৰ অটগ্ৰাফ বুকখন।’

: মই কন্দনামুৱা হৈছিলোঁ।তুমি ধুনীয়া হাঁহি এটা মাৰি তোমাৰ মুগাবৰণীয়া বেগটোৰপৰা মোৰ হাতত তুলি দিছিলা অটগ্ৰাফবুকখন।হোষ্টেলৰ ৰূমলৈ আহি বৰ আগ্ৰহেৰে পঢ়ি চাইছিলোঁ তোমাৰ লেখাখিনি।প্ৰায় প্ৰতিটো বাক্যতে তুমি ইমান দ্ব্যৰ্থকভাবে বুজাইছিলা যে  তুমি মোক ভাল পোৱা!

 খিলখিলাই এজনী সৰু ছোৱালীৰ দৰেই হাঁহি উঠে ৰাগিনীয়ে।প্ৰিয়মে মুগ্ধ হৈ চাই ৰয় তাইলৈ।

: কিয় হেৰাই গ’লা তেনেহ’লে মোৰ জীৱনৰপৰা ৰাগিনী? তুমি সকলো বুজি পাইছিলা।মোৰ মনৰ প্ৰতিটো অনুভৱক তুমি এতিয়াও সযতনে ৰাখি থৈছা তোমাৰ মাজত।অথচ তুমি মোৰ নহ’লা।কিয়!কিয় ৰাগিনী?

: কিয় পাহৰি গৈছা প্ৰিয়ম তুমি বাংগালোৰলৈ পঢ়িবলৈ গুচি যোৱাৰ পাছত একো যোগাযোগ ৰখা নাছিলা মোৰ লগত।কোনোদিন মোক তুমি ভালপাওঁ বুলিওতো কোৱা নাছিলা!কিদৰে তোমাৰ হোৱাৰ সপোন দেখোঁ মই !

: বহু বিচাৰিছিলোঁ তোমাক ৰাগিনী।বহুত বেছি বিচাৰিছিলোঁ।বাংগালোৰৰপৰা ঘূৰি আহি চাকৰি বিচৰাত লাগিছিলোঁ।বাহিৰত চাকৰি কৰাৰ মন নাছিল মোৰ।তেনেকুৱাতে আমাৰ ঘৰখনলৈ এজাক ধুমুহা নামি আহিল।মাৰ ব্লাড কেন্সাৰ।ডাক্টৰে কোৱামতে ছেকেণ্ড ষ্টে’জ।দেউতাৰ অসহায় মুখখনলৈ চাবলৈ মই সাহস হেৰুৱাইছিলোঁ।কেনেকৈ কিবা এটাত মূৰ গুজি দুটকামান দেউতাৰ হাতত গুজি দিওঁ তাৰ চিন্তাত পাৰ হৈছিল দিন ৰাতি।ভাইটি তেতিয়াও বহুত সৰু।তুমি জানা ভাইটি মোতকৈ সাত বছৰে সৰু।যেনে তেনে গুৱাহাটীত এটা চাকৰি যোগাৰ কৰি লৈছিলোঁ মই।

: জানো প্ৰিয়ম।তোমাৰ ঘৰৰ লেণ্ডলাইন ফোনত মই দুদিন ফোন কৰিছিলোঁ;তোমাৰ ভাইটিয়ে কৈছিল তুমি যে পঢ়িবলৈ বাংগালোৰ গুচি গৈছিলা।

: মাৰ অসুখ বাঢ়ি আহিছিল।ঘৰখনত এজনী বোৱাৰীৰ খুবেই প্ৰয়োজন অনুভৱ কৰিছিলে মা দেউতাই।মায়ে বৰ আশা কৰিছিল বোৱাৰীজনী চাই যাবলৈ।ছোৱালী চোৱাৰ দায়িত্ব লৈছিল মামাৰ ঘৰখনে।তেতিয়া তোমালৈ খুব মনত পৰিছিল ৰাগিনী।বহুত বিচাৰিলোঁ তোমাক। ইতিমধ্যে তোমালোক তেজপুৰ এৰি গুৱাহাটীলৈ একেবাৰে গুচি আহিছিলা বুলি খবৰ পালোঁ।তোমাক লগ পোৱাৰ সকলো আশা শেষ হৈছিল।তেতিয়াৰ দিনত কিয় যে আজিৰ দৰে সামাজিক মাধ্যম নাইবা মোবাইলৰ সুবিধা নাছিল!থকা হ’লে তুমি মোৰপৰা এনেদৰে হেৰাব নোৱাৰিলাহেঁতেন।অৱশেষত মোৰ বাবে ছোৱালী এজনী ঠিক কৰা হ’ল।ঘৰৰ পছন্দমতেই মই তেওঁক বিয়া কৰালোঁ।বিয়াৰ এমাহৰ পাছতে মা ঢুকাল।দেউতা আৰু ভাইটি অকলশৰীয়া হৈ পৰিল ঘৰখনত।ভাইটি দৰং কলেজত পঢ়ি আছে তেতিয়া।ডিগ্ৰী প্ৰথম বছৰ।আৰু এজাক ধুমুহাই কোবাই থৈ গ’ল আমাৰ ঘৰখনক।ভাইটি লগৰ ল’ৰাৰ লগত চেৰাপুঞ্জীত পিকনিক খাবলৈ আহোতে এক্সিডেন্ট হৈ ঢুকাল।মই ককায়েকটো হৈ একোৱেই কৰিব নোৱাৰিলোঁ তাৰ বাবে।এই দুখন হাতেৰেই মই তাৰ মুখাগ্নি কৰিছিলোঁ।দেউতা মানুহজন একেবাৰে জহি খহি গ’ল তেতিয়াৰপৰা।মোৰ লগলৈ লৈ আনিলোঁ দেউতাক।কথাবোৰ পাহৰি গৈছে এতিয়া। কেতিয়াবা মোকে চিনি নাপায়।কেতিয়াবা শ্ৰীপৰ্নাক মানে মোৰ পত্নীকে ভাইটিৰ নামেৰে মাতে।উপাই নাই। তেনেদৰেই চাই আছোঁ দেউতাক।বয়সো হৈছে যথেষ্ট। শ্ৰীপৰ্নাই যথেষ্ট যত্ন লয় দেউতাৰ।মোৰ বাবে সেয়াই যথেষ্ট।তাইৰ অকলশৰীয়া সময়বোৰ দেউতাৰ যত্ন লৈয়েই পাৰ কৰে।

: তোমাৰ … 

: আমাৰ সন্তান নাই ৰাগিনী।শ্ৰীপৰ্নাৰ লগত বিয়া হওঁতেই সেই কথা জনাইছিলে মোক।তাইক ডাক্টৰে কেতিয়াও মা হ’ব নোৱাৰিব বুলি তাইৰ বিশ বছৰ বয়সতে জনাই দিছিল।শ্ৰীপৰ্নাৰ জৰায়ুত বিসংগতি আছে।কিন্তু সেইবুলিতো মই তাইক নাকচ কৰিব নোৱাৰোঁ।পাৰো জানো ৰাগিনী?এগৰাকী নাৰীৰ মাতৃ হোৱাৰ ক্ষমতা নাথাকিল বুলিয়েই জীৱনৰ বাকী সুখবোৰৰপৰা বঞ্চিত হ’ব লাগিব বুলিতো কথা নাই।

ৰাগিনীয়ে তধা লাগি চাই ৰৈছে প্ৰিয়মলৈ।এইটো সেইটো প্ৰিয়মেই নে ,মেণ্ডোলিন বজাই কলেজত সকলো ছোৱালীৰে দৃষ্টি আকৰ্ষণ কৰিবপৰা চটফটীয়া লৰাটো! ইমান গভীৰ মন এটা লুকাই আছিল নে তেতিয়াও তাৰ মনত!

: প্ৰিয়ম , শ্ৰীপৰ্না বহুত ভাগ্যৱান তোমাৰ দৰে এজন স্বামী পাইছে তাই।সদায় সুখেৰে থাকা তোমালোক।

হাতৰ ঘড়ীটোলৈ চাই অলপ চিন্তিত হ’ল তাই।যথেষ্ট দেৰি হ’ল ঘৰৰপৰা ওলোৱা।ৰণ ৰুহিৰ ” মা মা”চিঞৰৰ মাজতে দেবৰ্ষিয়ে চাগে মনত সন্দেহৰ জাল এখন গুঠিছেই ইতিমধ্যে!

: মই যাওঁ দিয়া প্ৰিয়ম।দেৰি হ’ল যথেষ্ট।

: যাবৰ হ’ল তোমাৰ ৰাগিনী?আকৌ কেতিয়া লগ পাম তোমাক?

 সামান্য হাঁহে তাই।

: আকৌ?লগ পাম আকৌ এনেদৰেই , হয়তো বহু বছৰৰ পাছত ! যেনেদৰে আজি  ইমান বছৰৰ পাছত আমি লগ হলোঁ।পুৰণি কথাৰে এবাৰ জীপাল হলো।ঠিক তেনেদৰেই জীৱনৰ বিয়লি বেলাত পুনৰ লগ পাম নিশ্চয়! কথাবোৰ আকৌ ভগাই লম দিয়া।ভাল লাগিব।সঘনাই লগ পাই থাকিলে এই মধুৰতাবোৰ হয়তো নাথাকিবওতো পাৰে ! এই পৃথিৱীৰে কোনোবা এটা চুকত নিৰলে বহি মই তোমাক মোৰ ভিতৰত অনুভৱ কৰিম।মোৰ নিঃসংগ সময়বোৰত আজিৰ এই সময়খিনিক মনত পেলাম। তুমিও তোমাৰ পৃথিৱীৰ মাজত সন্তৰ্পনে এটা চুকত মোক অনুভৱ কৰিবা।সেয়া জানো ভাল লগা কথা নহয় প্ৰিয়ম! আজিৰ সন্ধ্যাৰ দৰেই জীৱনৰ প্ৰতিটো সন্ধ্যাতে মোৰ তোমালৈ এবাৰ হ’লেও মনত পৰিব।সেয়া জানো বুকু জুৰ কৰি ৰখা অনুভবৱ নহয়!এই আস্থা যাতে আমাৰ মাজত সদায় থাকে।বৰ নিষ্পাপ অনুভৱ এইবোৰ প্ৰিয়ম!এটা কথা সোধোনে তোমাক ?

: সোধানা ৰাগিনী,কি সুধিবা … 

: আজি যে মোক লগ পালা শ্ৰীপৰ্নাক ক’বানে তুমি ? 

: ক’ম ৰাগিনী।সকলো ক’ম তাইক।মই জানো তাই খুব সুখী হ’ব।

: কিন্তু মই নকওঁ প্ৰিয়ম।মই মোৰ স্বামীক আজিৰ সন্ধ্যাটোৰ কথা নকওঁ।সকলোৰে এখন একান্তই আপোন পৃথিৱী থাকে।সেই পৃথিৱীখনত নিজৰ বাদে আন কোনেও বিচৰণ কৰিব নোৱাৰে।এনে নহয় সেই পৃথিৱী গোপনীয়তাৰ অংশীদাৰ!সকলো কথা স্ফটিকৰ দৰে স্বচ্ছ হোৱাৰ পাছতো বুকুৰ ভিতৰত নিজেও নিজক বুজাব নজনা কিছুমান অনুভূতিৰে আমিবোৰ অহৰহ যুজি থাকোঁ।সেই পৃথিৱীখন তেনে অবুজ অনুভৱৰ অংশীদাৰ।দায়িত্বৰে ঘেৰি থকা জীৱনবোৰৰ আঁৰৰ এটা আলসুৱা মনে আমাক “আমি” বুলি ভাবিব জনা কৰি ৰাখে।যি কেৱল নিজৰ শুনে,যি কেৱল আলসুৱা হ’ব জানে।এটি শিশুৰ দৰে নিষ্পাপ হ’ব জানে যি।সেই একান্তই আপোন পৃথিৱীখন কেৱল নিজৰ কৰি ধৰি ৰখাৰ দায়িত্বও নিজৰ।কাৰোবাৰ অনাধিকাৰ প্ৰৱেশক ওফৰাব জনাটোও নিজৰেই কৌশল।সেইখন পৃথিৱী অনাঘ্ৰাত প্ৰিয়ম!কাৰোবাৰ সন্দেহৰ বীজে মোৰ নিষ্পাপ পৃথিৱীখনক ক্ষত-বিক্ষত কৰাটো নিবিচাৰোঁ মই। জীৱনৰ কোনোবা এটা সন্ধ্যাত আকৌ লগ হ’ম আমি। তেতিয়ালৈ ভালে থাকিবা।

… সন্মুখৰ টেবুলখনত পৰি থকা ঈষৎ হালধীয়া বেগটো হাতত লৈ গম্ভীৰ খোজেৰে আতৰি যোৱা ৰাগিনী সন্ধ্যাৰ ছাঁ-পোহৰৰ মাজত ক্ৰমাৎ বিলীন হৈ গ’ল।প্ৰিয়মৰ চকুৰ আগত হালধীয়া দোপাট্টা উৰুৱাই কলেজলৈ যোৱা ৰাগিনীজনী অগা-দেৱা কৰি থাকিল।

************

3 Comments

  • বন্দিতা জৈন

    সুন্দৰ

    Reply
  • Trishna Deka

    Kothabur bor sundar vabe uposthapon hoise aru xei babei vitoroloi xumai goi jen ak nijjaswa prithibit bisaran kori asu aru kothabur milai goi asu ….tenekua anuvab hoise ….anekua swacha aru Nika anuvutir prem e hridoikhon vorai tule .. kiba ak bixesh anuvabe alorita kore ….sundar anuvuti …barnana vaxsha totha sabdare koribo pora nai moi ba nuarim …val lagise…❤❤❤ akou kiba natunoloi adhir agrahere…..

    Reply
  • Kumkum Sarmabaruah

    ভাল পালোঁ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *