ব’হাগ বিহুৰ এটা দিন-ইলি তালুকদাৰ
বিহুৰ বতৰ বুলিলে মনলৈ যিবোৰ ভাৱ আহে সেয়া ডেকাৰপৰা বুঢ়ালৈ সকলোৰে বাবে একেই চাগৈ। নহ’লে মোৰ দৰে বুঢ়ী এজনীৰ বিহুৰ দিনত জীয়ৰী জীৱনৰ উৰণীয়া দিনবোৰৰ লগত যোৰ পাতি থকা বিহুনাম দুটামান গাবলৈ, ঢোলৰ চাপৰ শুনিলে এতিয়াও এপাক বিহু নাচিবৰ মন যায়নে?ঘৰত আজি মই আৰু মোৰ বুঢ়াটো। ল’ৰা-ছোৱালীহাল ওলাই গৈছে।পাকঘৰত কাম কৰি আছিলোঁ। মাইকত ভাঁহি অহা বিহুগীত শুনি মন ৰাইজাই কৰা বতৰ। অকল মোৰেই নহয়, মোৰ নিচিনাকৈ বুঢ়াৰো চাগৈ অৱস্থা নাই। ডেকা বয়সত কম টটাটিঙা আছিলনে এই বুঢ়া?এতিয়াও যেন বুঢ়া আগৰদৰেই খামিডাঠ ডেকাটো! নহলেনো গলহেকাৰি এটা মাৰি মই শুনাকৈ বুঢ়াই বিহুগীত গায়নে?
লোকে মাছ মাৰে আন্ধুলি-কান্ধুলি
আমি মাছ মাৰোঁ কুঢ়ি,
লোকে বিয়া কৰায় গাভৰু ছোৱালী
মোলৈকেহে আছিলে এইজনী বুঢ়ী।
হে হৰি, কি শুনিলোঁ মই! এই বুঢ়ীকে গাভৰু কালত এইজনাই লক্ষীটু, দেহেশ্বৰীটু বুলি মতা নাছিলনে? মোক লৈ এইজনাই গোৱা নাছিলনে?
আইকো তেজিব পাৰোঁ মই লাহৰী
বোপাইকো তেজিব পাৰোঁ,
তোকে ঐ লাহৰী তেজিব নোৱাৰি
ব্ৰহ্মপুত্ৰত জাপে দি মৰোঁ।
হুহ! মই এতিয়া বুঢ়ী! আই, পিতাইৰ ভয়ত লগ নকৰা বাবে এইজনা বুঢ়া মহাপুৰুষে মোক শুনাই গোৱা নাছিল জানো?
চেলু চাই পীৰিতি কৰিবি ঐ লাহৰী
সময় চাই লগাবি মাত,
মাৰ বাপেৰৰ আগত ককাইদেউ বুলিবি
ভিতৰি বুলিবি নাথ।
ময়ো ওস্তাদনী ৰৈ নাথাকি লগে লগে শৰ এৰিলোঁ –
লোকে মাছ মাৰে আন্ধুলি-কান্ধুলি
আমি মাছ মাৰোঁ তোৰা ,
লোকে বিয়া কৰায় চেঙেলীয়া ডেকা
মোৰ ভাগত আছিলে ফপৰা বুঢ়া।
শৰ চোঁ চোঁৱাই গৈ বুঢ়াৰ কৰ্ণপটহত খুন্দা মাৰিলেগৈ। বুঢ়াই এইবাৰ ফেপেৰি পাতি ধৰিলে। মই শুনাকৈ গাই গ’ল,
হাতী বুঢ়া হ’ল মাউতৰ দোষতে
গৰু বুঢ়া হ’ল হালত,
তইনো বুঢ়ী হ’লি মাৰ-বাপেৰৰ দোষতে
পৰিলি বুঢ়াৰে প্ৰেমত।
ময়ো বোলো, হুহ!
বুঢ়াটো বুঢ়াটো ধুন্দুলা বুঢ়াটো
উধানত উজুটি খাই পৰে,
চকুৰে নেদেখে কাণেৰে নুশুনে
ছোৱালী বিচাৰি ফুৰে।
মোৰ বিহুগীত শুনি বুঢ়াই এইবাৰ গালে,
ধেৎতেৰি লেতেৰী খৰেখাটি ফাপৰী
নাপাইহে আনিলোঁ তোক,
সমনীয়াৰ আগত নোলাবি ফাপৰী
সমনীয়াই হাঁহিব মোক।
বুঢ়াৰ বিহুগীত শুনি কাণ মূৰ গৰম হৈ গ’ল মোৰ। মই বোলো এই কথাই কথা নহয়। বুঢ়াচোন বহুখিনি পালেগৈ। ৰহ বুঢ়া, দি আছোঁ তোক। ময়ো দিলোঁ নহয় বাপ্পেকে –
মোকে নিন্দা কৰি যিজনী আনিবি
মেখেলা ধুবলৈ পাবি,
তিতা চুৰীয়াৰে চকুপানী মচিবি
মোৰে গুণ গাবলৈ লাগিবি।
মোৰ খং উঠা গম পালে চাগৈ বুঢ়াই। অলপ নৰম হৈ গাবলৈ ধৰিলে,
হাঁহে হৈ চৰিমগৈ তোৰেনো ঐ পুখুৰীত
পাৰ হৈ পৰিমগৈ চালত
ঘামে হৈ সোমামগৈ তোৰেনো ঐ শৰীৰত
মাখি হৈ চুমা দিম গালত।
ময়ো সুদাই এৰা ভকতনী নহয়।
পাকঘৰৰপৰাই বাণ মাৰিলোঁ :
হাঁহে হৈ চৰিব নালাগে সোণ পুখুৰীত
পাৰ হৈ পৰিব চালত,
মাখিনো মায়া ধৰি চুমা খাব নালাগে
দাড়িয়ে বিন্ধিব গালত।
বুঢ়াৰ গাত বিহু ভালকৈ লাগিল হবলা। অ’ৰ ত’ৰ বিহুগীতৰ শাৰী লগ লগাই গাবলৈ লাগিল –
কুমলীয়া তামোলৰ থোকে ঐ মাজনী
কুমলীয়া তামোলৰ থোক,
তিয়ঁহো নহলি চিৰালো নহলি
কেঁচাই খালোঁহেঁতেন তোক।
মই বোলো,
কুমলীয়া তামোলৰ থোকে ঐ দেহাটো
কুমলীয়া তামোলৰ থোক,
তিয়ঁহো নহওঁ মই চিৰালো নহওঁ
কেঁচাই খাবলৈ মোক।
মোৰ বিহুগীত শুনি ৰ’ব নোৱাৰি বুঢ়াই এপাকত কৈয়েই দিলে…….
ঐ বুঢ়ী, বিহুগীত গাই মোক ভূলাব খুজিছ নেকি নতুনকৈ?এনেকৈ ভূলাব নালাগে, এনেও তোক নেৰোঁ মই।
মই বোলো,
ঐ বুঢ়া, এই বয়সত পৰকিতি লৰিল নেকি? মুখৰ লেকাম টান।
পাচে কি হ’ব, বেচেৰাই বেছি সময় তামাচা কৰিবলৈ নাপালে। ভাবিছিলোঁ আজি বিহুগীতেৰে দুয়ো দুয়োকে থেকেচিম। নাই, নহ’ল। ৰাতিপুৱাই বিহু বুলি খকতে তিলপিঠা, নাৰিকলৰ পিঠা উগাৰি উগাৰি খাইছিল। মই বোলো,
: ইমানকৈ নাখাবি, গেষ্ট্ৰিকে ধৰিব আহি। ডাক্তৰ বাবুই কৈছেনে নাই, কলিজাৰ যে দুখনকৈ দৰ্জাত ফাট মেলিছে।দৰ্জা মেৰামতি কৰাৰ পাচত যিমান খাৱ খাই থাকিবি।
নাই, নুশুনে, ওলোটাকৈ মোকেহে ক’লে বোলে মই হেনো হিংসাকুৰীয়া, পৰশ্ৰীকাতৰ, ইৰ্ষাপৰায়ণ জীৱ। ভালকৈ এসাঁজ খোৱা দেখিলে মোৰ হেনো জ্বলন আৰম্ভ হয়।হে হৰি, এইসোপা বিশেষণ মোৰ নামৰ আগফালে! ধাৰাসাৰে চকুলো বৈ আহিছিল মূহুৰ্ততে। নাই, একো নকওঁ আৰু। যি হয় হৈ থাকক।
পাচে পালে নহয় মজাটো । আমাৰ অঘোষিত বিহুগীতৰ প্ৰতিযোগিতাৰ মাজতে ৰাতিপুৱাই গলাধঃকৰণ কৰা পিঠাই গেষ্ট্ৰিক নামৰ অসুৰৰ ৰূপ ধাৰণ কৰি বুঢ়াৰ বুকুতে বহি লৈ বুঢ়াক হেঁচা মাৰি ধৰিলে।এনেয়ে বুকুৰ কলিজাটোৰ কলঢপ-কলঢপ অৱস্থা । তাতে আকৌ গেষ্ট্ৰিক। পানীৰপৰা বামলৈ তুলি অনা মাছৰদৰে কলপ-কলপ কৰিবলৈ ধৰিলে।বিহুগীতৰ সলনি এইবাৰ বৰগীত ওলাল বুঢ়াৰ মুখেৰে……
পাৱে পৰি হৰি কৰোহোঁ কাতৰি
প্ৰাণ ৰাখবি মোৰ
বিষয় বিষধৰ বিষে জৰ জৰ
জীৱন নাৰহে মোৰ
প্ৰাণ ৰাখবি মোৰ……..
অথিৰ ধন জন জীৱন যৌৱন অথিৰ এহু সংসাৰ…..
বুঢ়াৰ অৱস্থা দেখি আৰু তালে তালে গোৱা গান শুনি মই তামাকাঁহা দেখিলোঁ। দৌৰা দৌৰিকৈ কেঁচা হালধিৰ ৰস উলিয়াই পানীৰে সৈতে খাবলৈ দিলোঁ। গিলাচটো হাতত লৈ কি দিছ বুলি সোধোঁতে খাৰাংখাচ কৈ দিলোঁ – আগতে খাই ল। প্ৰশ্ন পাচত। মোৰ খং উঠা জানি একেবাৰতে হালধি ৰসখিনি ঘোট ঘোটকৈ গিলি থ’লে। কিছুপৰৰ পিচত অলপ ভাল পালে যদিও গম পালোঁ একেবাৰে কমি যোৱা নাই। মই বোলো এই কথাই কথা নহয়। বিহু বুলি খাবলৈ অনা দৈ, চিৰা, কোমল চাউল একাষৰীয়া কৰি ভাতত লাগিলোঁ। এহেতা ভাত কলাখাৰেৰে ভাজি বাটি এটাত লৈ বুঢ়াৰ ওচৰলৈ আহিলোঁ। দৈ, চিৰাৰ সলনি ভাতৰ বাটি দেখা পাই বুঢ়াই মুখ বিকটাই দিলে। ময়ো বাপ্পেকে চকু দুটা জ্বলা অঙঠাৰ দৰে ৰঙা কৰি কাষত বহি ল’লোঁ। চামুচেৰে এচামুচকৈ ভাত খুৱাই খুৱাই বুঢ়াই শুনাকৈ ক’লোঁ,
“পেট ঠিক হোৱাৰ পিচত যি মন যায় তাকে খাবি। এতিয়া মোৰ মতে চলিব লাগিব।”
মোৰ চকুৰ ৰং, মুখৰ কথাত বুঢ়াই ভয়তে পেপুৱা লাগি ভাতখিনি পেটত ভৰাই থ’লে।
বুঢ়াটোৰ গা বেয়া হ’লে বৰ কষ্ট পাওঁ। বুঢ়াই নুবুজে। খকত পিঠা খাই বিহুটোকে শেষ কৰিলে। ভাবিছিলোঁ ওচৰতে ৰাতিলৈ বিহু পাতিছে, তালৈ এপাক মাৰিম। মনৰ ইচ্ছা মনতে মাৰ গ’ল। বুঢ়াই শুনা নুশুনাকৈ মুখেৰে লোভে পাপ, পাপে মৃত্যু জাতীয় দুটামান বিখ্যাত ফকৰা-যোজনা বিৰবিৰাই থাকিলোঁ ।কি বলকি আছ অ’ বুলি দুবাৰমান সুধিছিল বুঢ়াই।মই গান গোৱা বুলি ক’লত পোন্দোৱাকৈ মোৰ পিনে চাই মুখখন অইনফালে ঘূৰালে। দুখে খঙে বুঢ়াক শুশ্ৰূষা কৰি থাকোঁতে মোৰ বিহুগীতেও পলাই পত্ৰং দিলে। শেষত কি কৰিম আৰু। দূৰদৰ্শন বাকচটোৰ আগত বহি লৈ চেনেল বিহুকে উপভোগ কৰিলোঁ চকু আৰু কাণেৰে । হাত চলি থাকিল মোৰ বুঢ়াৰ বুকুৱে পিঠিয়ে।
তাৰমানে এইবাৰ মোৰ বিহু চাবলৈ বাহিৰলৈ ওলাই যাব লগা নহ’ল।শহুৰৰ পুতেকে ঘৰতে বিহু দেখুৱালে।
************
3:39 PM
বৰ সুন্দৰ কৈ লিখিলে
10:20 AM
বাস্তৱৰ অনুৰণন।