ব’হাগ-মোহাইমিনুৰ ৰহমান 

বৃষ্টিৰ প্লাৱনেৰে সু-সজ্জিত 

আজি মোৰ জন্মভূমিৰ 

প্ৰতিজোপা গছ

সেউজীয়া বৰণৰে

কুলিৰ কুউ কুউ মাতত

বাপতি সাহোন ব’হাগৰ আগমণ


শিপিনীৰ হাতৰ পৰশ

তাঁতশালৰ খিতিক্-খিতিক্ শব্দ

ডিঙিত স্বাভিমান গামোচা লৈ

নতুনত্বক আলিংগন

যৌৱনৰে ভৰপূৰ দেহ-মন

ঢোল পেঁপা গগনাৰ মাতত

অসমী আইৰ বুকুত

শান্তিৰ বাতাবৰণ 


ব’হাগ মানে প্ৰেম

কপৌ পাহি মুগা ৰিহা

অলংকৃত গাভৰু নাচনীৰ

তত নাই গাত

বিহুৱা ডেকাজাককো

স্পৰ্শ কৰি যায়হি

মৰমৰ সুবাস বিলোৱা

প্ৰেমৰ ধুমুহা এজাক 


আকৌ যদি লওঁ পুনৰ জনম

অসমী আইৰ বুকুত

বহাগীৰ কোলাতে মেলিম

জীৱনৰ প্ৰথম দুচকু

হওক মৃত্যু ব’হাগত

শেষ বিদায় ক্ষণতো

যেন ল’ব পাৰো

আপোন ব’হাগৰ সান্নিধ্য

উশাহত ল’ব পাৰো

চিনাকি মাটিৰ গোন্ধ।

************

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *