বিশ্বনাথৰ গোসাঁই বিহু -উপসা ভাগৱতী
‘বিশ্বনাথ’ অৰ্থাৎ পৃথিৱীৰ ত্ৰাণকৰ্তা।ব্ৰহ্মপুত্ৰৰ পাৰত তেখেত ত্ৰাণকৰ্তা ৰূপত আবিৰ্ভাৱ হৈ আছে বাবেই ঠাইখনৰ নাম বিশ্বনাথ।বিশ্বনাথৰ পৌৰাণিক অন্য তিনিটা নাম হ’ল- বাণ, বাৰাণসী, বাণকাশী বা গুপ্তকাশী।
‘বিশ্বনাথ ধাম’ সম্পর্কে সম্ভেদ দিব পৰা দুখন প্ৰসিদ্ধ গ্রন্থ হৈছে দশম শতিকাৰ ‘কালিকা পুৰাণ’ আৰু ষোড়শ শতিকাৰ ‘যোগিনী তন্ত্র’। এই দুয়োখন গ্ৰন্থতে এই ক্ষেত্ৰক হিন্দুসকলৰ এখন প্ৰধান তীৰ্থস্থান হিচাপে উল্লেখ কৰিছে।এই প্রাচীন ধর্মগ্রন্থত উল্লেখ আছে যে – ‘সৌমাৰ পী’ঠৰ অন্তৰ্গত ‘হিল্লোল’ নামৰ ঠাইৰ প্ৰথমতে ৰদ্ৰপদ, মধ্যত নাগশঙ্কৰ আৰু তৃতীয়তে হৈছে বিশ্বনাথ ক্ষেত্র। বিশ্বনাথ ক্ষেত্ৰৰ পৰিসৰ বিস্তৃত হৈছে পূৱে নাংগলেশ্বৰ, পশ্চিম দিশত কালভৈৰৱ, উত্তৰে বৰলা শিল আৰু দক্ষিণে ব্ৰহ্মপুত্র।
আদিম অৱস্থাত ইয়াত এক কোটি শিৱ লিংগ আছিল বুলি কোৱা হয়।তাৰে এটা লিংগ দেৱৰাজ ইন্দ্ৰই দক্ষিণলৈ লৈ যোৱাত ঊনৈশ কোটি হয়।গতিকে আখ্যান মতে, পূর্ণ কাশী হোৱাত বাধা পৰে। এই ঊনৈশ কোটি লিংগৰে আজিও বিশেষ বৈশিষ্ট্যৰে জিলিকি আছে বিশ্বনাথ নগৰ।গুৱাহাটিৰ পৰা প্ৰায় ২২৫ কিঃমিঃ নিলগত আৰু তেজপুৰৰ পৰা প্রায় ৭৪ কিলোমিটাৰ পূবে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে পাভৈ আৰু বিশ্বনাথ ঘাট পথ সংযোগ কৰি এটা চাৰিআলি সংযুক্ত হোৱা বাবে আজি ই ‘বিশ্বনাথ চাৰিআলি’ নামে পৰিচিত।
বিশ্বনাথৰ দক্ষিণে থকা বুঢ়ীগাং আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত অৱস্থিত প্রাচীন দেৱালয় বিশ্বনাথকে ধৰি বিভিন্ন স্থানত সিঁচৰতি হৈ থকা মুঠ সাতাইছখন পবিত্র স্থান থকাৰ আভাস পোৱা যায়। আহোম যুগৰ শিল্প আৰু ভাস্কৰ্যৰ সুন্দৰ নিদৰ্শন বিশ্বনাথ।আহোম যুগৰ পূৰ্বতে নিৰ্মাণ হোৱা এই মন্দিৰসমূহ আহোমৰ দিনত পুনৰ নিৰ্মাণ কৰা হয়।
আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ দিনত মুঠ ২৭ খন দেৱালয়ৰ ১৮ খন দেৱালয়ত পূজা-অৰ্চনা কৰা হৈছিল।এই ২৭ খন দেৱাল হৈছে বিশ্বনাথ, উমা, চণ্ডী, পূৰ্বশংকৰ, বুঢ়ামাধৱ, সূৰ্য্যমাধৱ, বাসুদেব, বাণেশ্বৰ, শিৱনাথ, ভৈৰৱ, কদমেশ্বৰ, মহাভৈৰৱ, নাংগলেশ্বৰ, সিদ্ধেশ্বৰ, কমলেশ্বৰ, বৃষভবাহন, সোমনাথ, কাশীনাথ, হৰিহৰ, চণ্ডেশ্বৰ, মহেশ্বৰ, বিষধ্বজ ,দুর্গাপদ, মুক্তিনাথ, গৌৰীবল্লভ, সোমেশ্বৰ, উগ্ৰেশ্বৰ। অৱশ্যে আটাইকেইখন মন্দিৰৰ সম্ভেদ এতিয়ালৈকে উলিয়াব পৰা নাই। বৰ্তমান আহোমসকলৰ নিৰ্মিত মুঠ এঘাৰটা মন্দিৰৰ কীৰ্তিচিহ্নহে দেখিবলৈ পোৱা যায় ।
বিশ্বনাথৰ মুঠ সাতাইছখন দেৱালয়ৰ এখন দেৱালয় ‘বুঢ়া মাধৱ বা বুঢ়া গোসাঁই’ বিশ্বনাথৰপৰা আনুমানিক ১৬ কিঃ মিঃ দূৰৰ প্রতাপগড় বাগিছাত আছে। বাকী ছাব্বিশখন বিশ্বনাথ আৰু উমাটুমনিত আছে। উমাটুমনি বিশ্বনাথৰ কাষতে থকা ব্ৰহ্মপুত্ৰৰ মাজৰ এটি নদীদ্বীপ। ই এটি ওখ টিলা। ইয়াত উমা দেৱীৰ মন্দিৰ আছে। সেইবাবে ইয়াক উমাটুমনি বোলে। ইয়াত উমাই তপস্যা কৰি শিৱক সাক্ষাৎ কৰিছিল।’শিৱ’ যি ঠাইত সাক্ষাৎ হ’ল সেই ঠাইতে বিশ্বনাথত শিৱলিংগৰ অৱস্থান হ’ল।বিশ্বনাথত থকা সাতাইছখন দেৱালয়ৰ ভিতৰত বৰ্তমান বামৰ আৰু পানীৰ বিশ্বনাথ, পূৰ্ব শৃংখ উমা, চণ্ডী, মুক্তিনাথ, অন্নপূর্ণা, বাণেশ্বৰ বৰদৌল, সূৰ্য মাধৱ, কমলেশ্বৰ আৰু প্ৰতাপগড়ৰ বুঢ়া মাধৱত পূজা উৎসৱাদি হৈ থাকে।
বিশ্বনাথ ঘাটত বাৰিষা বিশ্বনাথ লিংগ পানীৰ তল যায়। খৰালি দিনত ‘গোসাঁই’ ওলালে, বালি খান্দি পৰিষ্কাৰ কৰি ঘৰ সজা হয়।কাতি মাহত সাধাৰণতে এই কাম কৰিবপৰা হয়গৈ।বিশ্বনাথ লিংগ ওলালে আঘোণ মাহৰ এটি শুভ দিনত বছৰৰ প্ৰথম পূজা আৰম্ভ কৰা হয়। সেইদিনাখনৰপৰা ব’হাগৰ দুই তাৰিখে গোসাঁই বিহু লৈকে দৈনিক পূজা-অৰ্চনা কৰা হয়। কেনেবাকৈ পূজা বন্ধ হ’লে ৰজা-প্ৰজা আৰু পৃথিৱীৰ অমংগল হ’ব বুলি জনবিশ্বাস প্ৰচলিত।বামৰ আৰু পানীৰ দুয়োঠাইতে বিশ্বনাথৰ অৱস্থান হেতু ৰাইজে কয়— ‘বিশ্বনাথ গোসাঁই লৰক-ফৰক, ছমাহ জলত ছমাহ স্থলত’।
বিশ্বনাথৰ প্ৰধান উৎসৱ শিৱৰাত্ৰি আৰু গোসাঁই ফুৰোৱা। পানীতে পূজা কৰি আহি বামৰ ‘বিশ্বনাথ’ক আহোম ৰজাদিনীয়া ‘কেকোঁৰা দোলাত তুলি গোসাঁই বিহুৰ দিনা তিনি মাইল দূৰৰ ভীৰ গাঁৱলৈ ফুৰাবলৈ নিয়া হয়। গোসাঁইৰ দোলাৰ ওপৰত ‘আৰোৱাণ’ ধৰি ঠাকুৰ দেউৰী আৰু ৰাইজে শোভাযাত্ৰাৰে উৎসৱ কৰি গোসাঁইক ফুৰাবলৈ নিয়াৰ অপূৰ্ব দৃশ্য যি এবাৰ দেখিছে সি ধন্য হৈছে।ৰজাৰ দিনত ৰজা ফুৰিবলৈ ওলালে তিনিখন ‘আৰোৱাণ’ লয়। বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁই এই তিনি মন্ত্ৰী ফুৰিবলৈ ওলালে প্রত্যেকে একোখনকৈ ‘আৰোৱাণ’ লৈছিল । ‘বিশ্বনাথ মহাপ্রভু’ ফুৰিবলৈ ওলালে সাতখন ‘আৰোৱাণ’ লোৱাৰ নিয়ম আছিল। এই নিয়ম আজিও প্রচলিত হৈ আছে। কিন্তু ভক্তই মানস কৰি দিয়া ‘আৰোৱাণ’ৰ সংখ্যা আজিকালি পূৰ্বতকৈ বহু বৃদ্ধি পাইছে।
প্ৰাচীন কালৰেপৰা সংক্ৰান্তিৰপৰা ব’হাগৰ ছয় তাৰিখলৈ এই সাত দিন সাত বিহু বুলি পালিত হয় ।এই সাত বিহুৰে অন্তৰ্গত ৰঙালী বিহুৰ তৃতীয় দিনটি গোসাঁই বিহুৰূপে পালিত হয়।সৰ্বসাধাৰণতে মানুহে ঘৰৰ থাপনাত সেইদিনা গোসাঁইক এখন গামোচা আৰু মাহ-প্ৰসাদেৰে এখন শৰাই আগবঢ়াই বছৰটোলৈ ঘৰৰ সকলোৰে শুভ মঙ্গল কামনা কৰে। উজনিৰফালে বিশেষকৈ বিশ্বনাথ ঘাটৰ শিৱ মন্দিৰৰ গোঁসাইক সেইদিনা বাহিৰলৈ ফুৰাবলৈ অনা হয়।গোঁসাই ফুৰোৱা এই উৎসৱটি অতি উলহ-মালহেৰে পালিত হয়। বিশ্বনাথৰ মানুহৰ বাবে ই এক ডাঙৰ উৎসৱ।বছৰেকৰ বিহুটি বুলি সকলোৱে পিছে এই দিনটিলৈহে বাট চাই থাকে। বিভিন্ন সূত্ৰে আঁতৰত থকা সকলো সদস্যৰ বিহু বুলি গোট খোৱাতকৈও গোসাঁই বিহুৰ দিনাহে ঘৰত উপস্থিত হ’বলৈ অধিক উত্ৰাৱল হৈ থাকে। বিহুৰ তৃতীয় দিনা বিশ্বনাথ ঘাটৰ পৰা ভীৰ গাঁও পৰ্যন্ত বিশেষ ব্যস্ততা পৰিলক্ষিত হয়।ঘৰে ঘৰে গোঁসাইৰ সন্মুখত দিবলৈ ফল-মূলৰ শৰাই,ধূপ-ধুনা, চাকি-বন্তি আদি ষোড়শোপচাৰেৰে আদৰিবৰ বাবে সাজু হয়। গোসাঁই যোৱা পথৰ দুয়োকাষে থকা ঘৰৰ পদূলিত একোটা ভেঁটি সাজি চাৰিটা কলপুলি পুতি বিভিন্ন ৰঙেৰে ‘মৰিল’ আঁকে। কিছুমানে দোলাখন থ’বলৈ দুটা খুটি পোতাও দেখা যায়। কোনো কোনো চুবুৰীত কেওঘৰ মানুহ লগ হৈ এখন ঘৰতে চল্লিশ -পঞ্চাছখনমান শৰাই ভাগে ভাগে সজাই সমূহীয়াকৈ দি সেৱা কৰে। গৃহস্থৰ কুশলাৰ্থে পূজা-অৰ্চনা কৰি সন্ধিয়া অথবা পুৱতি নিশা বেলি উঠাৰ আগেয়ে গোসাঁইক মন্দিৰলৈ উভতাই অনা হয়।
গোসাঁই বিহুৰ দিনাখন বিশ্বনাথ গোঁসাইক আহোম ৰজাদিনীয়া কেঁকোৰা দোলাত তুলি নি ভীৰ গাঁওলৈ নিয়া ,গোসাঁই ফুৰোৱা বিশ্বনাথৰ ৰজাদিনীয়া প্রাচীন উৎসৱ আছিল যি আজিও প্ৰচলিত হৈ আছে।গোসাঁই ফুৰোৱাৰ গধূলি গোসাঁই ঘূৰি আহি মাজৰাতি মন্দিৰ পায়হি। গোসাঁনী পক্ষৰ মানুহে গোসাঁইক মন্দিৰত সোমাবলৈ নিদি বাধা দিয়ে। গোসাঁই আৰু গোসাঁনীপক্ষৰ মানুহৰ আমোদজনক সাংসাৰিক লোক শিক্ষামূলক কথাৰ তৰ্কা-তর্কি হয়। এইদৰে গোসাঁনী পক্ষৰ মানুহে চাৰিবাৰ গোসাঁইক সোমাবলৈ নিদি ঘূৰাই দিয়ে আৰু গোসাঁই পক্ষৰ মানুহে গোসাঁইক লৈ তিনিবাৰ মন্দিৰ প্ৰদক্ষিণ কৰি শেষবাৰ জোৰকৈ মন্দিৰত প্ৰৱেশ কৰে।
এই অঞ্চললৈ বিবাহসূত্ৰে সংযুক্ত হোৱা বহু বছৰ হ’ল যদিও গোঁসাই ফুৰোৱা উৎসৱৰ চাক্ষুষ দৰ্শন ঘটিল ক’ভিড আৰম্ভ হোৱা বছৰৰ ঠিক আগে আগে।ক’ভিডৰ সময়ৰ বছৰ দুটাত এই অনুষ্ঠানটো বন্ধ হৈ আছিল । যোৱা বছৰ ২০২২ চনত হৈছিল যদিও পূৰ্বৰ তুলনাত মানুহৰ উৎসাহ সেমেকা আৰু ভীৰ গাঁৱত হোৱা মেলাখনো পূৰ্বৰদৰে হোৱা দেখা নগ’ল। এইবাৰ যথেষ্ট উৎসাহ উদ্দীপনাৰে মানুহে এই উৎসৱৰ বাবে ক্ষণ গণিছে।গোঁসাইক লৈ কৰা যাত্ৰাৰ অপূৰ্ব দৃশ্য যি প্ৰত্যক্ষ কৰিছে তেওঁ কেতিয়াও পাহৰিব নোৱাৰে ইয়াৰ আনন্দ উচ্ছাসখিনি।সাধাৰণতে গোসাঁই আহোতে ঢোলে-দগৰে মানুহে নাচি বাগি আহি দক্ষিণ ভীৰ গাঁৱৰ পথেৰে সোমাই ভীৰ গাঁৱৰ নামঘৰত অলপ পৰ ৰয়।গোসাঁই অহা বাবে উপস্থিতি হোৱা মানুহে আৰোৱানসহিতে ঢোলে-দগৰে নাচি বাগি আদৰি অনাৰ উৎসাহ-উদ্দীপনা চাক্ষুষ দৰ্শন অবিহনে অনুভৱ কৰা কঠিন। প্ৰতি বছৰে আৰোৱান নতুন লোৱা হয়। এই অৰোৱানসমূহৰ বাবেই গোসাঁই যে আহি আছে সেয়া দূৰৰপৰাই অনুমান কৰিব পাৰি। ঢোলে-দগৰে নাচি-বাগি অলেখ মুনিহ তিৰোতাৰে নামঘৰৰ বাটচ’ৰাত উপস্থিত ভগৱন্তক বিভিন্ন উপাচাৰেৰে আদৰি নামঘৰৰ মণিকূটত উপবিষ্ট কৰাৰ পিছত তেখেতৰ ওচৰত সকলোৱে আঁঠু লয়। তাৰ পিছত গোসাঁইক লৈ পুনৰ যাত্ৰা আৰম্ভ হয়।বাটে বাটে আদৰিবলৈ সাজু হৈ থকা পদূলি মুখবোৰত অৰ্থাৎ বাটচ’ৰাত ৰয়।তাৰ পিছত অন্নপূৰ্ণা মন্দিৰত অলপ সময় জিৰণি লয় আৰু পুনৰ নিজ স্থানলৈ উভতনি যাত্ৰা কৰে। গোসাঁই ফুৰোৱা উৎসৱ উপলক্ষে অন্নপূৰ্ণা মন্দিৰৰ প্ৰাঙ্গন আৰু ঘাটলৈ যোৱা মূল বাটৰ কাষত এখন ডাঙৰ মেলাও অনুষ্ঠিত হয়।বিশ্বনাথৰ গোসাঁই ফুৰোৱা উৎসৱৰ চাক্ষুষ দৰ্শনে মনত এক ন-উৎসাহ প্ৰদান কৰে।প্ৰভুৰ দৰ্শনত বছৰটোলৈ যেন ৰাইজৰ সুখ -শান্তি প্ৰাপ্তি হ’ল তেনে বোধ হয় । এনে এক উৎসৱ বৰ্তমান পৰ্য্যটন উদ্যোগৰ আহিলা হ’ব পাৰে।
(উৎস-বিশ্বনাথ সম্পৰ্কে পোৱা বিভিন্ন প্ৰবন্ধ তথা চাক্ষুষ দৰ্শনৰ আঁত ধৰি।)
************