বুৰঞ্জীয়ে পৰশা নাহৰকটীয়া, শলগুৰি আলি, চাঁচনি আৰু কালৰ বুকুত হেৰাই যোৱা দুটি মৈদামৰ পম খেদি যৎকিঞ্চিত-জয়ন্ত গগৈ
বুৰঞ্জীৰ চৰিত্ৰবোৰ মনেসজা আৰু কাল্পনিক নহয়। বুৰঞ্জীত অতীত,বৰ্তমান আৰু ভৱিষ্যত- একেডাল সূতাৰে গঁথা থাকে। বুৰঞ্জীত অতীজৰপৰা শিক্ষা লৈ বৰ্তমানক বুজিব পাৰি, ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰিব পাৰি। সেইবাবেই নতুনক পালেও পুৰণিক ৰোমন্থন কৰি মনলৈ আহে এক বৰ্ণনা কৰিব নোৱাৰা সুখানুভূতি। এই বুৰঞ্জী বুৰঞ্জী লগা এক স্মৃতিময় কথা কিছুমানে শৈশৱতে এছোৱা সময় পাৰ কৰা চাঁচনি পথাৰৰ মাজত থিয় দি থকা দুটা বৃহৎ মৈদামৰ স্মৃতিয়ে আজি মোক বহুত ভাৱ বিভোৰ কৰি তোলে।তাতোকৈ বেছি দুখ অনুভৱ কৰিবলগা হয় সেই বৃহৎ মৈদাম দুটাক হেৰুৱাৰ দুখে। শৈশৱতে সেই স্মৃতিজড়িত ঠাইডোখৰৰ সতে কটোৱা সময়বোৰক কেতিয়াও মনৰপৰা মচিব পৰা নাযাব। বেদনাগধুৰ মন এটিয়ে অনবৰতে ভাৰাক্ৰান্ত কৰি থাকে। কালৰ সোঁতত হেৰোৱা এই ঐতিহাসিক মৈদাম দুটিৰ আলমতে মোৰ অঞ্চলটিৰ আশে-পাশে বুৰঞ্জীয়ে চুই যোৱা দুটিমান বিষয়ৰ ওপৰত কিছু লিখাৰ চেষ্টা কৰিলোঁ। প্ৰতিটো অঞ্চলৰে কোনো নহয় কোনো ইতিহাস আছে অথবা বুৰঞ্জীয়ে চুই গৈছে। বুৰঞ্জীৰ অবিহনে বৰ্তমানৰ স্থিতি হ’ব নোৱাৰে। সেয়ে আমি যদি প্ৰতিজনেই স্থানীয় ইতিহাসবোৰ লিখি উলিয়াওঁ , তেন্তে তেনে ইতিহাসৰ পৃষ্ঠাবোৰৰপৰা বহু কথা জানিব পাৰিম অথবা পৰিচয় জানিব পাৰিম।
“বঙহৰদেউ…ৰহাৰ ৰহদৈ তিপামৰ ভাদৈ….শলগুৰিৰ আঘোণী বাই…বঙহৰ দেউ…তোমাকে সুধিছো , মনত ৰাখিছানে নাই ,দেশখন ৰঘুমলাই খাই….৷”
এই বাক্যশাৰী অসম বুৰঞ্জীৰ এক ঐতিহাসিক সময়ৰ পটভূমিত উদ্ধৃত কৰা আপ্তবাক্য। আহোম কোঁৱৰ গদাধৰ সিংহক ল’ৰা ৰজাৰ সৈন্য সামন্তই বা চাওদাংসকলে বিচাৰি ফুৰা সময়তে ৰহদৈ , ভাদৈ আৰু আঘোণী বাই – এই তিনিগৰাকী আহোম ৰমণীয়ে ৰাজ সৈনিকসকলৰ পৰা গদাধৰ সিংহক ৰক্ষা কৰি যি মহত্ত্ব নিদৰ্শন ৰাখি গ’ল , তাৰ পৰিপ্ৰেক্ষিততে শলগুৰিৰ আঘোণী ভেঁটিৰ পৰা তিপামৰ ভাদৈ নগৰলৈ আঘোণী আৰু ভাদৈৰ স্মৃতি ৰক্ষাৰ্থে বৰ্ত্তমানৰ চাঁচনি মৌজাৰ (ঘাইপথ) মাজেদি পূবা-পশ্চিমাকৈ স্বৰ্গদেউ গদাধৰ সিংহই শলগুৰি আলিটো বন্ধাইছিল। যিটো পথেৰে ৰাজকোঁৱৰ গদাধৰ সিংহই নগা পাহাৰত পলাই থাকোঁতে জয়মতী কুঁৱৰীক জেৰেঙা পথাৰত শাস্তি দিওঁতে লুকাই চুৰকৈ চাবলৈ আহোঁতে ব্যৱহাৰ কৰিছিল বুলি প্ৰবাদ আছে।
গদাপাণি কোঁৱৰে ছদ্মবেশেৰে মাজে-সময়ে ভৈয়ামলৈ আহি নগৰৰ গম-গতি বুজি শাহুৱেকৰ ঘৰত থকা তেওঁৰ ল’ৰা দুটিকো দেখা কৰি গৈছিল ৷ তেনেকৈ জেৰেঙা পথাৰত আহি জয়মতীকো চাই গৈছিল। এবাৰ ভৈয়ামলৈ আহোঁতে ৰজাৰ চাওদাঙে চিনি পাই তেওঁৰ পাছ লয় ৷ গদাপাণি কোঁৱৰে সম্ভাব্য বিপদৰপৰা হাত সাৰিবৰ কাৰণে দৌৰিবলৈ ধৰিলে। অৱশেষত তেওঁ আহি জয়পুৰৰপৰা নামচাঙলৈ যোৱা আলিৰ ওচৰ পালেহি। সেই সময়ত সেই ঠাইৰ এজোপা ডাঙৰ গছৰ তলত বহি ৰহা অৰ্থাৎ ৰহন পথাৰৰ পৰা মাছ বেচিবলৈ অহা ৰহদৈ, তিপাম অঞ্চলৰ পৰা অহা ভাদৈ আৰু শলগুৰিৰপৰা অহা আঘোণী নামৰ তিনিজনী পোহাৰীয়ে জিৰাইছিল । পৰিশ্ৰান্ত গদাপাণিয়ে নিজৰ পৰিচয় আৰু সাম্ভাব্য বিপদৰ কথা জনাই গছৰ তলতে শুই দিলে আৰু তিনিওজনী পোহাৰীয়ে তেওঁৰ পৰামৰ্শমতে নিজৰ গাৰ চাদৰেৰে তেওঁক ঢাকি ইজনীয়ে সিজনীৰ ডিঙিত ধৰা-ধৰি কৰি ইনাই-বিনাই কান্দিবলৈ ধৰিলে । গদাপাণিক খেদি অহা ৰজাৰ চাওদাংবিলাক আহি সেইখিনি পাই পোহাৰী তিনিজনীক কান্দি থকা দেখি কি হৈছে বুলি সুধিলে।তেতিয়া পোহাৰীকেইজনীয়ে ক’লে বোলে—
“সিহঁত তিনিওজনী সতিনীৰ এই একেটা গিৰীয়েক আৰু আজি সিও বৰবেমাৰত পৰি মৰিল।”
এইবুলি আকৌ তিনিওজনীয়ে –
”আমাৰ নো এতিয়া কি গতি হ’ব ঐ”………..
বুলি হুৰাওহুৰাওকৈ কান্দিব ধৰিলে । চাওদাংবিলাকে তেতিয়া তাত ৰৈ নাথাকি গদাপাণিক বিচাৰি নামচাঙৰ ফালে গুচি গ’ল।চাওদাংবিলাক আঁতৰি যোৱাত গদাপাণিয়ে দিহিং নদী পাৰ হৈ তিপাম সত্ৰত কেইদিনমান থাকি আকৌ ভটিয়াই গৈ কলিয়াবৰত থকা ভিনীহিয়েক লানমাপ্রু চেতিয়াৰ বন্দৰ বৰফুকনৰ ওচৰত আশ্ৰয় ল’লেগৈ।ৰজা হৈ গদাপাণি কোঁৱৰে এসময়ত তেওঁৰ জীৱন বচোৱা ৰহদৈ, ভাদৈ আৰু আঘোণী পোহাৰীক ৰাজচ’ৰালৈ মতাই নি ৰাজৰোষত পৰা এজন লোকক কিয় ছল-বুদ্ধি কৰি ল’ৰা ৰজাৰ চাওদাঙৰ হাতৰপৰা ৰক্ষা কৰিছিল বুলি সুধিলত সিহঁতে ভয়তে কন্দা-কটা কৰাত গদাপাণিৰ দয়া উপজিল।পিছত স্বৰ্গদেউ গদাধৰ সিংহই ৰহদৈ পোহাৰীৰ নামেৰে তুংখাঙত ৰহদৈ পুখুৰী খন্দাই ৰহদৈ আলি বন্ধালে। আঘোণীক লেঙেৰী মৌজাত ৮/৯ পুৰা মাটিৰ চাৰিওফালে গড় মৰাই আঘোণীবাৰী পাতি দিলে আৰু ভাদৈ পোহাৰীক তিপামত মাটি-বাৰী দি ঢাপ মৰাই নগৰ কৰি পাতিলে।সেয়াই ঐতিহাসিক ভাদৈ নগৰ ৷ স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকাল ১৬৮১ খৃঃৰ পৰা ১৬৯৬ খৃঃলৈ আছিল। তেখেতে ৰজা হৈ চাৰিবছৰ মানৰ ভিতৰত ভগা দেশখন থানথিত লগাই ১৬৮৫ খৃঃৰপৰা জনহিতকৰ কামত আগবাঢ়িছিল। ১৬৮৫ খৃঃৰপৰা ১৬৯৬ খৃঃৰ ভিতৰতে উপৰোক্ত বুৰঞ্জীপ্ৰসিদ্ধ স্মৃতি বিজড়িত এই ‘শলগুৰি আলি’টো বন্ধাইছিল। এই ‘শলগুৰি আলি’ নামটো কালক্ৰমত ‘চাঁচনি আলি’ হিচাপে জনাজাত হৈ পৰিল। নাহৰকটীয়া নগৰৰপৰা এই আলিয়েদি গৈ আঘোণবাৰী, লেঙেৰী, বামুনবাৰী হৈ মৰাণ চহৰলৈ অতি কম সময়ৰ ভিতৰতে উপস্থিত হ’ব পাৰি। অৰ্থাৎ নাহৰকটীয়াৰপৰা শিৱসাগৰলৈ যাব পৰা এক চমু বাট। এই ঐতিহাসিক আলিটোৰ কিছু কিছু অংশ বুঢ়ীদিহিং নদীৰ বুকুত জাহ গ’ল যদিও নতুন পথৰ সংযোজনে এই আলিটোৰ গৰিমা এতিয়াও ধৰি ৰাখিছে। বুৰঞ্জীয়ে গৰকা এই ঐতিহাসিক আলিটোৰ আধুনিকীকৰণ লগতে নামকৰণৰ ব্যৱস্থা অদূৰ ভৱিষ্যতে চৰকাৰেও ল’ব বুলি আশা কৰিব পৰা যায়।
এই শলগুৰি বা চাঁচনি আলিৰ কাষতে অৱস্থিত গজপুৰীয়া গাঁওখনি। গজপুৰীয়া গাওঁখন ডিব্ৰুগড় জিলাৰ অন্তৰ্গত নাহৰকটীয়া ৰাজহ কেন্দ্ৰৰ চাঁচনি মৌজাৰ অন্তৰ্গত । ৰাজহ চক্ৰৰ মেপত বিচাৰিলে গজপুৰীয়া নামৰ কোনো গাঁৱৰ নাম পোৱা নাযায় । মাত্ৰ ৰাজহ চক্ৰৰ তিনিটা চিতক সাঙুৰি এই গাওঁখন। এই চিত্ কেইটা হৈছে চাচনী পথাৰ, বালিপৰা আৰু তৰাণী পথাৰ ৰাজহ খণ্ড । গজপুৰীয়া গাওঁখনিৰ জন্মও ইতিহাস প্ৰসিদ্ধ। ঊনৈছশ শতিকাৰ প্রথম দশকলৈ অৰ্থাৎ ইংৰাজী ১৯০২ চন পৰ্য্যন্ত এই চাঁচনি ঠাইডোখৰ অটব্য হাবি-জঙ্ঘলেৰে আবৃত হৈ আছিল । ১৯০২ চনৰে জেঠ মাহত যোৰহাট কৰঙা চেচাসত্ৰৰ গোসাঁই প্রয়াত বসুচন্দ্র গোস্বামীদেৱে শিষ্যগাওঁ ফুৰিবলৈ ন-হাত ওখ এটা দঁতাল হাতী লৈ বুঢ়ীদিহিঙৰ পাৰ অঞ্চলটোত মাটি চাইছিল । তেখেতে নাহৰকটীয়া নগাঁৱৰ গৰাৰপৰা মেৰবিল পর্যন্ত পৰ্যবেক্ষণ কৰিছিল।সর্বশেষত চাঁচনি পথাৰৰ আশে-পাশে আৰু মেৰবিল অঞ্চলটো তেওঁ জনবসতিৰ উপযোগী হ’ব বুলি বিবেচনা কৰে আৰু তেখেতে উভতি গৈ নিজ ঠাইত (যোৰহাট) চেচাসত্ৰৰ সমীপৰ মৰাণ গাঁৱৰ মানুহৰ আগত ঠাইডোখৰৰ বিৱৰণ দি বসবাসৰ উপযোগী ঠাই বুলি কয়গৈ । ১৯০৩ চনত অসম-বেঙ্গল ৰেল তিনিচুকীয়া পৰ্য্যন্ত চলিছিল । সেই ৰেলৰ যোগেদি ১৯০৮ চনত প্রয়াত গোঁসাই বসুচন্দ্ৰদেৱে যোৰহাট কৰঙাৰ গছপুৰীয়া গাঁৱত বসতি কৰা এঘাৰ ঘৰ পৰিয়ালক লৈ শলগুৰি আলিৰ কাষত তাপ চিলিঙ দি গজপুৰীয়া গাওঁ পাতিলে। গজপুৰীয়া এই শব্দটোৰ সৈতেও এক ঐতিহাসিক কাহিনী জড়িত হৈ আছে। ইতিহাসৰ প্রবাদ অনুসৰি স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত যোৰহাটৰ এটা খণ্ডক (মৰিয়ণি) হস্তিনাপুৰ পতাৰ মানসেৰে এক হাজাৰ হাতী ধৰাৰ প্রচেষ্টা চলিছিল । এক হাজাৰ হাতী বান্ধিব পাৰিলে হস্তিনাপুৰ নামকৰণ হ’ব, এয়া ৰজাৰ আদেশ আছিল । কিন্তু এক হাজাৰ হাতী ধৰা কাম কোনোপধ্যেই পূৰ কৰিব নোৱাৰে।এইদৰে ৮/৯শ পৰ্য্যন্ত হাতী ধৰা হয় আৰু এহেজাৰ পূৰ হোৱাৰ পূৰ্বেই হাতীবোৰ মৰে । অশেষ পৰিশ্ৰমৰ অন্ততো একহাজাৰ হাতী পূৰ কৰিব নোৱাৰাত সেই হাতী ধৰা লোকসকলক গজপুৰ নাম ৰাখিবৰ কাৰণে স্বৰ্গদেউৱে আদেশ দিলে।সেইদৰে হাতী ধৰা লোকসকলেই হৈছে গজপুৰীয়া আৰু তেখেতসকলৰ নাম অনুসৰিয়েই সেই ঠাইৰ নাম গজপুৰীয়া ৰখা হ’ল । যোৰহাটৰ ওচৰত এই নামৰ এখন গাওঁ এতিয়াও আছে আৰু সেই ঠাইৰপৰা অহা লোকসকলৰ পৰাই এই গাওঁখনৰ নাম চাঁচনিত ‘গজপুৰীয়া’ হ’ল বুলি জনা যায়। এই প্রবাদ বুৰঞ্জীবিদ স্বর্গীয় লীলা গগৈদেৱেও আলোচনা কৰা পুথিত পোৱা যায়।
শলগুৰি মূল আলিৰপৰা জয়াচাঁচনি গাঁওলৈ সোমাই যোৱা আলিটোৱেদি পাঁচশ মিটাৰমান আগুৱাই গ’লেই পূৱ দিশত বা চেচাসত্ৰৰ গোঁসাই প্রয়াত বসুচন্দ্র গোস্বামীদেৱৰ “চেচাসত্ৰ” ঘৰৰ সমান্তৰালকৈ দক্ষিণ দিশত অৱস্থিত পথাৰৰফালে চকু দিলেই থিয় হৈ থকা ওখ দুটা মৈদাম দেখিবলৈ পোৱা গৈছিল (১৯৮৯ চন মানলৈকে)। মৈদাম দুটিৰ চাৰিওকাষে কৃষিভূমিৰে বিস্তৃত আছিল। এটা মৈদাম আনটোতকৈ অলপ বেছি ডাঙৰ আছিল। মৈদাম দুটিৰ আনুমানিক উচ্চতা প্ৰায় ২০-২৫ ফুট উচ্চতাৰ আছিল আৰু একেদৰেই ইহঁতৰ উচ্চতা অনুসৰিয়েই বহল আছিল। ডাঙৰ মৈদামটিৰ টিলাত এজোপা বগৰী গছ আছিল আৰু আনটোত এজোপা কেচেৰু গছ আছিল। শৈশৱতে এই মৈদামৰ ওপৰত থকা বগৰী জোপাৰ বগৰী খাবলৈ প্ৰায়ে যোৱা হৈছিল। পথাৰৰ সোঁমাজত মৈদাম দুটি আছিল বাবেই ইয়াৰ কাষৰীয়া পথাৰৰ গৃহস্থই টিলাৰ ওপৰত একোটাকৈ সৰু চাংঘৰ তৈয়াৰ কৰি লৈছিল। য’ত পথাৰত কৃষি কৰ্ম কৰি ভাগৰি পৰিলে ক্ষন্তেক জিৰণি লোৱা বা চাংঘৰত উঠি কঠীয়াতলি বা শস্য পথাৰখনক চৰাই -চিৰিকতি, গৰু-ম’হ আদিৰপৰা পহৰা দিব পাৰিছিল।এই পথাৰ খনৰ উত্তৰ দিশে নিচেই ওচৰৰে বুঢ়ীদিহিং নদীখন পশ্চিমলৈ বৈ গৈছে।সেয়ে মৈদামৰ ওপৰত উঠিলে অনবৰতে এজাক ফিৰফিৰিয়া বতাহে দেহত চুই গৈছিল। ৰিব-ৰিবকৈ বলা মলয়া বতাহজাকিৰ বাবেই গৰমৰ দিনত সেয়ে এই মৈদাম দুটিলৈ প্ৰায়ে উঠি চাঙঘৰত বা ইয়াৰ টিলাত বহি থাকিবলৈ হেঁপাহ লাগিছিল। শৈশৱতে তাতোকৈ বেছি আমোদ লভিছিলো যে – মৈদামৰ ওপৰৰ পৰা তললৈ টিকা চোঁচৰাই নামি অহা খেলবিধ খেলি। চোঁচৰাই অহাৰ ফলত হাফপেণ্টৰ পিছৰ অংশ ধূলি-মাটিৰ চামনিৰে কঁৰাল বান্ধিছিল। সেয়ে আমাৰ সমনীয়াহঁতৰ প্ৰায়বিলাকৰে পেণ্টৰ পিছফালৰ অংশ আৰু সিঁয়নিৰ চিলাই ফাটিছিল।১৯৮৭-৮৮ মান চনত হঠাৎ এদিন এই মৈদাম দুটি থকা পথাৰ মাটিৰ গৃহস্থই বিহাৰৰপৰা অহা মাটি খনা মানুহ ( আমি সেই সময়ত এই শ্ৰেণীৰ মানুহক ” নুনিয়া কলি” হিচাবে জানিছিলো।) আনি মৈদামৰ মাটি কাটি কেইবাজনো ব্যক্তিৰ ঘৰ-বাৰীৰ ভেঁটি বান্ধিছিল। কিছু অংশ জয়া চাঁচনি আলি বন্ধোৱা কামত ব্যৱহৃত হৈছিল। এইদৰে ক্ৰমান্বয়ে বিভিন্ন জনৰ ঘৰ-বাৰী ভেঁটিৰ তাগিদাত দুয়োটি মৈদামেই পথাৰৰ লগত মিলি সমতল ভূমি হৈ পৰিল। মৈদাম খননৰ ফলত মৈদাম ভেঁটিৰ তলত ওলোৱা কিছুমান পুৰণি দিনৰ সা-সামগ্ৰী যি উলাইছিল সকলো মাটি খননৰ লগত জড়িত ব্যক্তি সকলেই লৈ গৈছিল। খনন কালৰ সময়ত প্ৰায়েই স্কুল ছুটীৰ পিছত সেই মৈদামৰ ওচৰলৈ গৈছিলো। লাহে লাহে ওখ মৈদামৰপৰা সমতল হৈ পৰাৰেপৰা সেই ঠাইখনৰ প্ৰতি আকৰ্ষণ নোহোৱা হৈ পৰিল। শৈশৱৰ এই কথাবোৰ এতিয়াও চকুৰ আগত ভাহি আছে। আজি জ্ঞান -বুদ্ধি বাঢ়ি অহাৰ বাবে এতিয়া পলে পলে অনুতপ্ত হৈ পৰিছো হেৰাই যোৱা মৈদামৰ স্মৃতি ৰোমন্থন কৰি ! মনলৈ বিষাদগ্ৰস্ততা আহিছে ইমান এক আপুৰুগীয়া ঐতিহাসিক সম্পদ আমি ওচৰতে পায়ো হেৰুৱালো। ক্ষোভ উপজে সেই সময়ৰ অগ্ৰজ সকলৰ প্ৰতি , কাৰোৱেও জ্ঞানৰ পৰিধিয়ে ঢুকি নাপালেনে এই ঐতিহাসিক মৈদাম দুটি সংৰক্ষণৰ বিষয়ত!
মৈদাম দুটিৰ সংৰক্ষণ নহ’লেও ঐতিহাসিক আহোম ৰাজত্বকালৰ মৈদাম দুটিৰ অৱস্থিতিৰ কথা লিপিবদ্ধ হৈ থাকক বুলিয়েই এক প্ৰয়াস কৰিলোঁ।একেদৰেই মোৰ দোদুল্যমান হৈ থকা মৈদাম দুটিৰ বিষয়ে অধিক জানিবলৈ এক দুৰন্ত স্পৃহা এতিয়াও জাগি আছে। আহোমৰ কোন ৰাজবিষয়াৰ মৈদাম আছিল বা কোন জন স্বৰ্গদেউৰ সময়ত এই মৈদাম বন্ধাইছিল ইত্যাদি ইত্যাদি। চাঁচনিৰ সোঁমাজেৰে গঢ় দিয়া শলগুৰি আলিৰ যি ঐতিহাসিক সমল আমি বিচাৰি পাওঁ, ঠিক সেইদৰে এই বুৰঞ্জী প্ৰসিদ্ধ শলগুৰি আলিৰ সমীপতে অৱস্থিত মৈদাম দুটিৰ বিষয়ে বৰ্তমানে তেনে কোনো বুৰঞ্জীমূলক লিখনিৰ সমল পোৱা নাই বা পোৱা নাযায়। মাথোন এই অঞ্চলৰ দাঁতি কাষৰীয়া অঞ্চলৰ যি ইতিহাস আছে; সেই ইতিহাসৰ ওপৰত লিপিবদ্ধ হৈ থকা বুৰঞ্জীৰ কেইটিমান টোকাৰ কথা উনুকিয়াই চাবহে পাৰি। আৰু নিশ্চয় এই ইতিহাসৰ মাজৰে কোনো আহোম ৰাজ বিষয়াৰ বা পদবীধাৰীৰ মাজৰে হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
ইতিহাসেনো কি কয় আহকচোন এবাৰ ফঁহিয়াই চাওঁ।
চাঁচনি এটা অতি শুৱলা মনোগ্রাহী অর্থবহ নাম।চাঁচনি বাসীৰ কাৰণে এই চাঁচনি ঠাইখন অতি আপোন আৰু শান্তিময়।এই ঠাইখনৰ বিশেষত্ব কেৱল চাঁচনিবাসীৰ বাবে, জিলাখনৰ বাবে নহয়, সমগ্ৰ অসম ৰাজ্য তথা ভাৰতবৰ্ষতো পৰিচয় লভিবলৈ সক্ষম হৈছে ধান খেতিৰ আৰু পনীয়া সোণৰ কাৰণে। সেয়ে কবিয়ে লিখিছে –
“দিহিং পাৰত নাহৰকটীয়া
দাঁতিৰ পথাৰত বিবিধ কঠীয়া
আৰু দেখিবা তেল খাৰুৱা
বৰণ যাৰ কজলা- মাটিয়া।”
‘চাঁচনি’ নামৰ অৰ্থবহ ইতিবৃত্তক ৰক্ষা কৰি পিছলৈ চাঁচনি নামতে যোৱা উনবিংশ শতিকাত চৰকাৰৰ ৰাজহ বিভাগৰদ্বাৰা ইয়াক এটা মৌজাৰূপে গঠন কৰিলে। চাঁচনি মৌজা গঠন হোৱাৰ পূৰ্বে এই ঠাইৰ গাঁওসমূহ নাহৰকটীয়া ৰাজহ চক্ৰ জয়পুৰ মৌজাৰ অন্তৰ্গত আছিল। চাঁচনি মৌজাত বৰ্তমানলৈকে ৭৫ খন ৰাজহ গাঁও আৰু ৮ খন এন, চি, গাঁও আছে বুলি ৰাজহ বিভাগৰ তথ্যৰপৰা জনা গৈছে।এই মৌজাত ১৯১০ চনত প্ৰথমে মাটিৰ জৰীপ হৈছিল।পুনৰ ১৯৩৩ চনত মাটিৰ জৰীপ হয় আৰু সেই বছৰতে চাঁচনি পূৰ্ণ মৌজাৰূপে স্বীকৃতি লাভ কৰে। এই মৌজাৰ পূবে জয়পুৰ মৌজা, পশ্চিমে টিংখাং মৌজা, উত্তৰে বুঢ়ীদিহিং নদী আৰু দক্ষিণে হৰিহট্ট আলি (নাহৰকটীয়া-টিংখাং ৰাজগড় আলি)। প্রাকৃতিক গঠন অনুসৰি উত্তৰে বুঢ়ী দিহিং নদী আৰু দক্ষিণ-পশ্চিমেৰে বৈ যোৱা বুঢ়ী দিহিঙৰ উপনৈ বৰডিচাম বৈ গৈ শোভা বৰ্দ্ধন কৰাৰ উপৰিও বানপানীৰে এই অঞ্চল বুৰাই প্ৰতি বছৰে উৰ্বৰা কৰি থাকে আৰু মাছ-কাছ আদিৰো বংশ বিস্তাৰ কৰি থাকে। ঠাইখনত পাহাৰ, টিলা-টিলি নথকা সমভূমি,সম্ভৱ পূৰ্বৰেপৰাই। সমস্ত চাঁচনি মৌজাটোৱেই দ সাৰুৱা পথাৰ, বিল, বিভিন্ন সুকাঠি-আওকাঠি মূল্যৱান গছ-বনেৰে ভৰা ঠাই। বামতকৈ দ মাটি অধিক।পূৰ্বতে এই ঠাইখন নগা পাহাৰৰ সংলগ্ন হৈ নাম্ম্ৰক (নামৰূপ), দীঘলীঘাট (দিল্লীঘাট), জয়পুৰ, কলিয়াপানীৰ লগত একোখন অটব্য ডাঠ অৰণ্যৰে গেজেপনি মাৰি থকা ঠাইৰ কথা বুৰঞ্জীত পোৱা গৈছে। এই অজুহাতত তাহানিৰ ইংৰাজ চৰকাৰে এই অঞ্চলক ‘দিহিং ৰিজাৰ্ভ’ৰ লগত চামিলকৰণ কৰিব বিচাৰিছিল।কিন্তু স্বৰ্গীয় বসুচন্দ্ৰ গোস্বামীৰ দুঃসাহসিক প্ৰচেষ্টাত বৃটিছ শাসকৰ লগত হোৱা আইনৰ যুদ্ধত জয়ী হৈ এই অঞ্চলক জনবসতিপূৰ্ণ কৰি তোলে।তেতিয়া জিলাৰ বৰচাহাবে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত এই অঞ্চলত যথেষ্ট সংখ্যক মানুহ বহুৱাব পাৰিলে তেখেতৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ কথা দিছিল । সেই অনুসাৰে বৰচাহাবৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি গোস্বামীদেৱে নিৰ্দিষ্ট সময়ৰ ভিতৰতে এই অঞ্চল জনবসতিপূৰ্ণ কৰি বৃটিছ চাহাবক চমকিত কৰি তুলিছিল।
আহোমৰ ৰাজত্ব কালত ৰাজ অপৰাধী সকলক এই অৰণ্যত নির্বাসন দিয়া,আনহাতে বিদ্রোহীসকলেও আত্মগোপন কৰি থকা কথা বুৰঞ্জীত পোৱা যায়। উদাহৰণ স্বৰূপে (খৃঃ ১৫৫২ ১৬০৩ খৃঃ লৈ) খৰা ৰজা চুখাম্ফাৰ সৰু ৰাণী মেচলোৰ তোলনীয়া পুত্ৰ ‘নাহৰ’ যুৱৰাজ বৰ উদণ্ড আছিল। খোৰা ৰজাৰ মৃত্যুৰ পিচত নাহৰৰ প্ৰতাপ দুগুণে বাঢ়িছিল। সেয়ে খোৰা ৰজাৰ পুত্ৰ প্ৰতাপ সিংহৰ দিনত ৰজাৰ সন্মতি পাই সলাল বৰগোঁহাইৰ মানুহে মহঙত লোণ বেহাবলৈ আহোঁতে বৰদৈয়া চাঙৰ মুখতে নাহৰক কাটি বধ কৰিছিল। নাহৰক কটা মানুহজনক জয়পুৰৰ উত্তৰে বুঢ়ীদিহিঙৰ পাৰতে ঘৰ-বাৰী দি পাতি থ’লে। আৰু নাহৰক কটা সেই বিষয়াজনৰ নামে পিছলৈ ‘নাহৰকটীয়া’ হয় ঠাইখনৰ নাম। বৰ্ত্তমানৰ নাহৰকটীয়া ৰেল ষ্টেচনটো থকা ঠাইতে নাহৰক কটা মানুহজনৰ ঘৰ- বাৰী আছিল বুলি ড০ লীলা গগৈৰ ‘বুৰঞ্জীয়ে পৰশা নগৰ’ নামৰ পুথিৰ ৬২ পৃষ্ঠাত পোৱা যায়।
‘চাঁচনি’ নামৰ উৎপত্তি বিষয়ে এতিয়ালৈকে ঐতিহাসিক ভাবে নিৰ্দ্দিষ্টকৈ একো নিদিষ্ট তথ্য পোৱা নাই । সৰু সৰু বুৰঞ্জী যেনে ‘আমাৰ অসম’, ‘পুৰণি অসম বুৰঞ্জী’, ‘বুৰঞ্জীবোধ’, ড০ লীলা গগৈৰ ‘বুৰঞ্জীয়ে পৰশা নগৰ’, ৰিপু নাথ বুঢ়াগোঁহাইৰ ‘ৰঙা আৰোৱানৰ ছাঁ’ নামৰ পুথি সমূহত আৰু কিছুমান গুৰু চৰিতৰ পুথিতো চাঁচনিৰ নামৰ বা ওচৰ সম্বন্ধীয় কথা উল্লেখ নাই অথবা বৰ্তমানলৈকে তেনে কোনো লিখিত তথ্যৰ কথা জনা নাযায়। চাঁচনি ইতিবৃত্তক লৈ চাঁচনি অঞ্চলৰ কেইবাজনো আদিপুৰুষে চাঁচনিৰ বিষয়ত যি তথ্য প্ৰকাশ কৰি গ’ল সেয়াই সমলৰূপে বিবেচনা কৰি অহা হৈছে। অন্য কোনো বুৰঞ্জীত বা লেখাত যদি আছেও তথাপি অদ্যপৰিমিতো উক্ত নাম উদ্ঘাটন হয়, তেনেহ’লেহে চাঁচনিবাসীৰ মনৰ উৎকণ্ঠা মাৰ যাব। সেয়ে বৰ্তমানলৈকে আগৰ চামৰ বৃদ্ধ লোকসকলৰদ্বাৰা মুখে মুখে চলি অহা কিম্বদন্তি সমূহকে সঁচা-মিছা দোদুল্যমানভাবে লৈ ‘চাঁচনি’ নামৰ উৎস বিচাৰি ল’ব লগা হৈছে। ইয়াৰে বহুলভাৱে গ্ৰহণীয় কিম্বদন্তি বিষয়ে জনা যায়। যেনে –
(১) জয়পুৰত তৃতীয়বাৰ ১৮২১ খৃঃত হোৱা মানৰ আক্ৰমনৰ আগে আগে এটা কোঠ মৰাইছিল। তাৰ দায়িত্বত আছিল বৰবৰুৱা খিতাপ পোৱা ‘পাতাল বৰুৱা’ নামৰ কছাৰী জনগোষ্ঠীৰ এজন লোক। এই কথা বুৰঞ্জী প্ৰমাণ। সেই ‘বৰবৰুৱা’ই বোলে কোঠত থকা বিষয়া-কৰ্মচাৰী, সৈনিক, বনুৱাৰ পালন পোষণৰ অৰ্থে থাওকতে পোৱাকৈ এই অঞ্চলৰ মাটি চাঁচি-চুচকী সমান কৰি খেতি কৰাইছিল। সেই হেতু এই ঠাইৰ নাম চাঁচনি হোৱা বুলি কয়।( বৰ্তমানে নাহৰকটীয়া জয়পুৰ অঞ্চলত থকা ঐতিহাসিক পাতাল বৰুৱা কোঠটোক সংৰক্ষণৰ বাবে চৰকাৰৰ পুৰাতত্ব বিভাগে উদ্যোগ লৈছে বুলি সংবাদ প্ৰতিষ্ঠানৰ জৰিয়তে জানিব পৰা গৈছে আৰু এই প্ৰচেষ্টা আদৰণীয়। আহোমৰ সৰ্বপ্ৰথম অস্থায়ী ৰাজধানী “তিপাম”ক ঐতিহাসিক পৰ্যটন প্ৰকল্প গঢ়িবলৈ আগবাঢ়িছে)।
(২) শলগুৰিৰ আঘোণী ভেঁটিৰপৰা তিপামৰ ভাদৈ নগৰলৈ আঘোণী আৰু ভাদৈৰ স্মৃতি ৰক্ষাৰ্থে বৰ্ত্তমানৰ চাঁচনি মৌজাৰ মাজেদি পূবা-পশ্চিমাকৈ স্বৰ্গদেউ গদাধৰ সিংহই আলিটো বন্ধাইছিল তেখেতৰ ৰাজত্ব কাল ১৬৮৫ খৃঃৰপৰা ১৬৯৬ খৃঃৰ ভিতৰত। এই শলগুৰি আলিটো বন্ধাৰ সময়ত জৰুৰী অৱস্থা নাছিল। ধীৰেশাঁতে আলি বন্ধোৱা কাম হৈছিল।গতিকে সেই সময়তো বনুৱাক খুৱাবলৈ এই ঠাইত মাটি চাঁচি-চুচকী সমান চচ্ কৰি খেতি কৰাইছিল ৰাজ বিষয়াসকলে।শলগুৰি আলিটো বন্ধাৰ সময়ৰপৰা পিছলৈ জয়পুৰত কোঠ মৰা ১৮২০/২১ খৃঃ লৈ প্ৰায় ১২০/২৫ বছৰৰ ব্যৱধান দেখা গৈছে। এতেকে চাঁচি-চুৰুকী সমান চচ্ মাটি কৰি খেতি কৰোৱা আৰু ‘চাঁচনি’ নাম ৰখাটো এই কালছোৱাতেই হৈছে বুলি ধাৰণা কৰিব পৰা যায়।
(৩) আন এটা কিম্বদন্তি মতে শুনিবলৈ পোৱা যায় যে – নাহৰকটীয়াৰ পৰা দক্ষিণলৈ তিনি কিলোমিটাৰ দূৰৈত অৱস্থিত কলীয়াপানী গাঁৱত আহোম ৰাজত্বকালত হাতীৰ দাঁতৰপৰা চাচৰি কলম চাঁচি প্ৰস্তুত কৰি ৰজাঘৰলৈ যোগান ধৰা বাঢ়ৈ (কমাৰ) আছিল। কিম্বদন্তিটোৰ মতে ‘চাচৰি’ শব্দৰ পৰা ‘চাঁচনি’ হোৱা বুলি প্ৰকাশ।সেই কলীয়াপানী অঞ্চলত তিনিজন বাঢ়ৈ আছিল। নাম আছিল নাহৰ, ৰহণ আৰু হিৰণ। নাহৰ আৰু ৰহণৰ কলীয়াপানী অঞ্চলৰে আৰু হিৰণ নামৰ জন নামৰূপৰ। নাহৰ আৰু ৰহণৰ মৰিশালী দুটা সন্মানীয় সৰু মৈদাম হিচাপে কলীয়াপানী চাহ বাগিচাৰ কলঘৰৰ সমীপতে ( নাহৰকটীয়া ৰাজগড় মূল আলিৰ নিচেই কাষত দেখিবলৈ পোৱা যায় আৰু চৰকাৰীভাৱে সংৰক্ষিত কৰিছে) এতিয়াও দেখিবলৈ পোৱা যায় । ওখ ওখ ঢিপ দুটাই সেই দুজন কমাৰৰ মৰিশালী। হিৰণ ক’লৈ গ’ল সেই বিষয়ে অজ্ঞাত। তেওঁলোকে হাঁতীৰ দাঁত চাচি চাঁচৰি কলম তৈয়াৰ কৰা সেই কিম্বাক্তিৰপৰাই যে এই ঠাইৰ নাম “চাঁচনি’ হৈছে, এই বুলি জনপ্ৰবাদ চলি আহিছে।
এই ‘চাঁচনি’ নামৰ আঁতি-গুৰি সম্পৰ্কত ওপৰত উল্লেখ কৰা কিম্বদন্তি অথবা বুৰঞ্জীসমূহৰ বিষয়ে আলোকপাত কৰি সুহৃদ পাঠক পাঠিকাবৃন্দৰ মনোযোগৰ বাবে ৰাখিলোঁ। কাৰণ ঐতিহ্যময় চাঁচনিৰ “মেৰবিল পৰ্যটন প্ৰকল্প”লৈ দৈনিক বহুতো দেশী-বিদেশী অতিথিৰ আগমন ঘটিছে। চাঁচনি ঠাইখনৰ ইতিহাসৰ বিষয়টি অত্যন্ত গুৰুত্বপূৰ্ণ । হেৰোৱা মৈদাম দুটিৰ লগতে চাঁচনি নামৰ ইতিবৃত্ত সম্বন্ধীয় ইতিহাসবিলাক বুৰঞ্জীবিদ সকলৰ বাবে গবৱেষণাৰ পথ এটি উন্মুক্ত হৈ আছে বুলি ক’ব পাৰি। এইখিনিতে আন এটি প্ৰবাদ থকা ইতিহাসৰ কথা পাঠক সমাজত জনোৱা উচিত হ’ব বুলি বিবেচনা কৰিব পাৰি।শলগুৰি আলিৰপৰা দক্ষিণলৈ সোমাই যোৱা আৰু মৈদামৰ কাষেৰে যোৱা পথটো জয়া চাঁচনি পথাৰ গাঁওলৈ গৈছে। মৈদাম দুটিৰপৰা এক কিলোমিটাৰ মান আঁতৰত অৱস্থিত চাঁচনি পথাৰ গাঁৱৰ এটি মূৰে আহোম ৰাজত্বকালৰ সময়ৰপৰা বৰ্তমানেও বৃহৎ ৰজাদিনীয়া পদুম পুখুৰী এটি (প্ৰায় ৬ পোৰা মাটিকালিৰ আৰু গোটেই পুখুৰীটোৱে পদুম ফুলেৰে জাতিষ্কাৰ হৈ থাকে) অৱস্থিত। অঞ্চলটিৰ বয়োবৃদ্ধসকলৰ মাজত থকা প্ৰবাদ অনুসৰি আহোম যুগৰ ল’ৰা ৰজা ৰাজত্বকালত এহাল ৰাজকোঁৱৰ আৰু ৰাজকুঁৱৰী পলাই আহি এই পদুম পুখুৰীৰ পাৰতে জিৰণি লৈছিল অথবা লুকাই আছিলহি। ৰজাঘৰীয়া সেনাই তেওঁলোকক সেই ঠাইত বিচাৰি পোৱাত ৰাজকোঁৱৰ আৰু ৰাজকুঁৱৰী দুয়োৱে লগত থকা হীৰাৰ মণি চলেকি আত্মবলিদান দিয়াৰ কথা জানিব পৰা যায়। এনেধৰণৰ স্থানীয় ঐতিহাসিক সমলৰ বিষয়ে গৱেষণাৰ থল নিশ্চয়ে আছে বুলি ক’ব পাৰি।
মিচৰৰ পিৰামিড বিলাক যিদৰে বিশ্বজনীন খ্যাত ঠিক একেদৰেই চৰাইদেউ মৈদামক্ষেত্ৰও সমানেই বিশ্ববিখ্যাত। সেয়ে চৰাইদেউ মৈদাম ক্ষেত্ৰক লৈ আজি সমগ্ৰ বিশ্বৰ সন্মুখত অসমবাসী গৌৰৱান্বিত।একেদৰে আহোম ৰাজত্বকালত অসমৰ বিভিন্ন ঠাইত অৱস্থিত মৈদামবিলাকো সমানেই সন্মানীয়। চৰকাৰে আমাক গৌৰৱান্বিত কৰিব পৰাকৈ অতিশীঘ্ৰে UNESCO য়ে বিশ্ব ঐতিহ্যক্ষত্ৰ হিচাপে চৰাইদেউৰ মৈদাম ক্ষেত্ৰক স্বীকৃতি প্ৰদান কৰাৰ সম্ভাৱনা অতি প্ৰকট।গতিকে আহোম ৰাজত্বৰ গৌৰৱোজ্জ্বল ছশ বছৰীয়া ইতিহাসৰ বহুতো গুৰুত্বপূৰ্ণ সমলেৰে মহিমামণ্ডিত জাতীয় সম্পদবোৰ , মৈদামবোৰ পুনৰুদ্ধাৰ আৰু সংৰক্ষণৰ ব্যৱস্থা ল’বলগীয়া বিষয়ত আমাৰ একান্ত সদিচ্ছা থকাটো বাঞ্চনীয়।
(লিখনিটি চাঁচনিৰ ইতিবৃত্ত সম্পৰ্কে লিখা স্বনামধন্য স্বৰ্গীয় কমলাকান্ত গোস্বামী, স্বৰ্গীয় গেঠুৰাম গগৈ আৰু শ্ৰীযুত পীতাম্বৰ শইকীয়া দেৱৰ লিখনিৰ অলপ ছাঁ লোৱা হৈছে।)
************