বে-হিচাপ-কৰবী দাস

দাইলখন ফোৰণ দি গেছটোৰ এফালে প্ৰেচাৰ কুকাৰটোত ভাতখিনি উঠাই দি দৌৰা-দৌৰিকৈ কাম খিনি কৰি শেষ কৰি ডাক্তৰৰ ওচৰলৈ যাবৰ বাবে সাজু হ’ল বাসৱীয়ে। যোৱা তিনি-চাৰি মাহৰপৰা হৈ থকা বুকুৰ বিষটোৱে অসহ্য কৰি দিছে বাসৱীক।ল’ৰা-ছোৱালী

দুয়োটাকে স্কুললৈ পঠিয়াই তাই চিটি বাছত উঠিল হস্পিতাললৈ বুলি।দুঘণ্টা অপেক্ষাৰ অন্তত ডাক্তৰক দেখুৱালে।এসোপামান পৰীক্ষা কৰিব দিলে। কাউণ্টাৰত

প্ৰেচক্ৰিপচনখন দেখুওৱাত ল’ৰাজনে পৰীক্ষাবিলাক কৰিবনে নকৰে বাসৱীক সুধিলে। একেলগে পৰীক্ষা বোৰ কৰিবৰ  মন আছিল যদিও সমস্যা হ’ল টকাৰ হিচাপটো শুনি। চিটিস্কেন, এক্সৰে, তেজৰ পৰীক্ষা সকলো মিলাই আঠ হেজাৰ টকা লাগিব। ইমান টকা এতিয়াটো নহব!লিখি দিয়া দৰৱখিনি লৈ ওলাই আহিল হস্পিতালৰ পৰা।

        

: বাসৱী।

চিনাকি চিনাকি লগা কণ্ঠত তাইৰ নামটো শুনি অলপ আচৰিত হ’ল।

মনৰ ভ্ৰম বুলি খোজ ললে। আকৌ সেই একেই মাত….

: বাসৱী…..

নাই তাইৰ ইমান ভুল হ’ব নোৱাৰে। পিছলৈ ঘূৰি চাই

দেখিলে প্ৰশান্ত……  

এটা সময় আছিল যেতিয়া সি তাইৰ বাবে পাগল আছিল।বহুত ভাল পাইছিল বাসৱীক কিন্তু তাই যে কেতিয়াওঁ প্ৰশান্তক প্ৰেমৰ চকুৰে চাব নোৱাৰিছিল। এয়াই আছিল বাসৱীৰ ভুল সিদ্ধান্ত।সেই সময়ত আৱেগিক হৈ লোৱা সিদ্ধান্তবোৰে তাইক জীৱনত বহুত শিকালে।বহুত দেৰিকৈ বাসৱীয়ে বুজি পাইছিল জীৱনটো আৱেগেৰে নহয় কাৰ্য্যমূলক দিশেৰে চাব লাগে।  

: বাসৱী, কি হ’ল মোক চিনি পোৱা নাইনে সঁচাকৈ?তুমি ইয়াত কিয়? তুমি ক’ত থাকা? 

: ইমান বছৰ পিছত দেখা পাইছোঁ যে ধৰিবই পৰা নাছিলোঁ।বেয়া নেপাবা। মই নুনমাটিত থাকো। গাটো ভাল নহয়।ডাক্তৰৰ ওচৰত আহিছিলোঁ। তুমি ইয়াত যে?

: মোৰ পোষ্টিং এতিয়া গুৱাহাটীত।বন্ধু এজন ইয়াত এডমিট হৈছে, খবৰ ল’ব আহিছিলোঁ। লগ পাম তোমাক।

তোমাৰ ফোন নম্বৰটো দিয়া। 

ফোন নম্বৰটো দি বাসৱীয়ে লৰা-লৰিকৈ ওলাই আহি 

বাছত উঠিল।কি কয় প্ৰশান্তই? কিয় আহে সি মোক লগ কৰিব?কি ক’ম মই তাক মোৰ বিষয়ে?কিমান সুখী মোক দেখিলেই সি বুজি নাপাবনে? কেনেকৈ ক’ম মই তাৰ প্ৰেম প্ৰত্যাখ্যান কৰি  আজি কি পালোঁ? নালাগে আহিব সি,নালাগে মোক লগ কৰিব। থাকক মোৰপৰা নিলগত। সময়বোৰ যদি আকৌ এবাৰ ঘূৰাই পালোহেতেন!!

নুনমাটি নামি ল’ব। হেণ্ডিমেনজনৰ মাতত তন্ময়তা  ভাগিল বাসবীৰ। খৰধৰকৈ তাই বাছৰপৰা নামিল। আজি তাইৰ দোকান খোলা বহুত দেৰি হৈ গ’ল। ল’ৰা-ছোৱালী দুয়োটাই স্কুল-কলেজৰপৰা আহি পোৱাৰ সময় হোৱাত দোকানখন নুখুলি তাই ঘৰলৈকে গ’ল। ভাত পানী খাই অলপ জিৰণি ল’বলৈ বিচনাতে পৰিল। 

আৰ্থিকভাবে টনকিয়াল এখন ঘৰৰ ছোৱালী আছিল বাসৱী।কেতিয়াও জীয়ৰী কালত অভাৱ নোপোৱা বাসৱীয়ে বিবাহিত জীৱনত অভাৱৰ লগত সহবাস কৰটো সহজ কথা হৈ পৰে।দেখাত ধুনীয়া বাসৱীৰ কাষলৈ বহুত ল’ৰাই তাইৰ প্ৰেমিক হ’বলৈ আগবাঢ়ি আহিছিল।প্ৰশান্তয়ো তাইক খুব ভাল পাইছিল।কিন্তু তাই আছিল উদয়ৰ প্ৰেমত পাগল। খুবেই ভদ্ৰ, অমায়িক ল’ৰা

প্ৰশান্তই যিদিনা বুকুত সাহস ৰাখি বাসৱীৰ সম্মুখত নিজৰ প্ৰেম প্ৰকাশ কৰিছিল, সিদিনা তাই এটা অৰ্থপূৰ্ণ হাঁহিৰে প্ৰশান্তক কৈছিল…….

: তুমি কেনেকৈ ভাবিলা মই তোমাক ভাল পাম বুলি? তুমি নাজানা মই উদয়ক কিমান ভালপাওঁ? মোৰ জীৱনত সকলো উদয়।তুমি বহুত দেৰিকৈ আহিলা। সিদিনাৰ বাসৱীৰ কথাত প্ৰশান্তৰ দুচকু

ভৰি পৰিছিল। নিজকে চম্ভালি সি কৈ উঠিছিল……

: বাসৱী ,মই অকণো বেয়া পোৱা নাই।প্ৰেম একপক্ষীয়ও হয় জানা।যিজনক আমি ভালপাওঁ তেওঁক যে বেয়া পাবই নোৱাৰোঁ। সুখী হৈ থাকা। জীৱনত দেখা পালে মাত এষাৰ দিবা। 

আঁতৰি গৈছিল প্ৰশান্তই বাসৱীৰ ওচৰৰ পৰা।কোনোদিনে খবৰ ৰাখিব বিচৰা নাছিল। 

বাসৱীৰ ঘৰৰো পছন্দ আছিল প্ৰশান্ত। উদয়ৰ লগত

বিয়া দিবলৈ ঘৰৰ অমান্তিত তাই পলাই আহি দুয়ো মন্দিৰত বিয়া পাতিছিল।বিয়াৰ পিছত তাইৰ চিন্তাধাৰা

উদয়ৰ লগত নিমিলা হৈছিল। মাক-দেউতাক নোহোৱা

উদয়ে গুৱাহাটীত নিজৰ ঘৰ থকা বুলি কৈছিল যদিও বিয়াৰ পিছত বাসৱীক লৈ আহিছিল ভাড়া ঘৰলৈ। নিজৰ ব্যৱসায় লৈও উদয়ৰ নাছিল কোনো উৎসুকতা। এক কথাত কবলৈ গলে উদয় আছিল এজন এলেহুৱা স্বভাৱৰ পুৰুষ,যিটো বাসৱীৰ একেবাৰে অপছন্দৰ কথা আছিল।এটি এটিকৈ দুটি সন্তান আহিল বাসৱীৰ কোলালৈ।তাই কৰি গ’ল নিজৰ কৰ্তব্য। সৰু এখন কাপোৰৰ দোকান তাতে আকৌ নিজৰ কৰ্মৰ প্ৰতিও অৱহেলা উদয়ৰ।এনেদৰে জানো জীৱন আগবাঢ়িব?  নিজৰ, সন্তানৰ সুৰক্ষাৰ বাবে একোৱেই চিন্তা নকৰে সি। বাসৱীয়ে ঘৰতে কেইটামান ল’ৰা-ছোৱালীক পঢ়াই খৰচৰ বাবে টকা কেইটামান উলিয়াইছিল।তাই মন কৰিছিল উদয়ে প্ৰায়ে ৰাতি মদ এসোপা গিলি আহে। তাই যদি কিবা এটা কয় কাজিয়া লাগে।

চিন্তাত বাসৱীৰ দুচকুত টোপনি নাইকিয়া হৈছিল।এই

জনেই তাইৰ প্ৰিয় পুৰুষ যাৰ বাবে তাই সকলো এৰি আহিছিল।দোকানখনৰো বিক্ৰী কম হৈ আহিল।সন্তানৰ

পঢ়াৰ খৰচ, ঘৰ ভাড়া, দোকান ভাড়া সকলোঁ মিলি তথৈবচ অৱস্থা হৈ পৰিছিল। নিজৰ ঘৰ এটা কেতিয়ালৈকে হব?

এই কথাষাৰ ভুলতে এবাৰ সুধিলেও কিমান যে গালি খাবলগীয়াত পৰিছিল। তথাপি বাসৱী ভাগৰি পৰা নাছিল। এদিন সকলোঁ ভাল হ’ব তাৰ আশাতেই তাই হেজাৰ কষ্ট সহি গৈছিল।কিন্তু বিধিৰ কি বিধান! অত্যাধিক মদ খোৱাৰ ফলত এদিন প্ৰচণ্ড পেটৰ বিষত চিঞৰি চিঞৰি হস্পিতাল গৈয়ে নেপালে…..আদবাটতে মৃত্যু হ’ল উদয়ৰ।সকলোঁ শেষ হ’ল যদিও সন্তান দুটিৰ মৰমত সিহঁতক মানুহ কৰাৰ আশাত তাই বুকুত সাহস গোটালে। দোকানখন এৰিব নোৱাৰে।নিজে দোকানৰ দায়িত্ব ললে। এটা নিমিলা হিচাপেৰে জীৱনটো আগবঢ়াই নিবৰ বাবে সংকল্পবদ্ধ হ’ল বাসৱী। আগতে থকা ঘৰটো এৰি দি দুটি কোঠাৰ কম ভাড়াৰ ঘৰ এটি ল’লে।কৰবাত এপইচাও বাহিৰা খৰচ কৰিলেও আন পিনে ওলোটা লগা জীৱনটোৰ কথাই তাইক মাজে মাজে অতিস্থ কৰি তোলে।কাইলৈ ছোৱালীজনীৰ স্কুলৰ মাচুল দিব লাগে। ল’ৰাৰ টিউচনৰ মাচুল যোৱা দুটা মাহৰ বাকী

আছেই।কোনো পিনে নিমিলে। ৰৈ ৰৈ আকৌ আহে বুকুৰ

বিষটো। দৰৱখিনি খালেহে যদি অলপ ভাল পোৱাৰ আশা কৰিব পাৰি! ছোৱালীজনীৰ মাতত তাইৰ তন্দ্ৰা ভাগিল।সন্ধিয়াই  হ’ল।

 

                      ——————————–

দোকানত বহি থাকোটে বাসৱীৰ ফোনটো বাজি উঠিল। ফোনৰ স্ক্ৰিনত দেখা পালে এটা অচিনাকী নাম্বাৰ।

তাই ৰিচিভ কৰাৰ লগে লগে বিপৰীত মুৰৰ পৰা শুনিলে

প্ৰশান্তৰ কণ্ঠস্বৰ।

: বাসৱী,মই তোমাক লগ কৰিব বিচাৰোঁ।এতিয়া মই

ফ্ৰী আছো। তুমি পাৰিবানে?তোমাৰ ঠিকনাটো মোক মেছেজ কৰা। 

দিওঁ নে নিদিওঁ ভাবি তাই ঠিকনাটো পঠালে।আধা ঘণ্টা পিছতেই প্ৰশান্তই তাইৰ দোকান আহি পালে।প্ৰশান্তক তেনেকৈ দেখি তাইৰ অলপ লাজো লাগিল।ইমান ডাঙৰ

অফিচাৰজন তাইৰ সৰু দোকানখনত! কি কওঁ কি নকওঁ ভাবি থাকোতেই প্ৰশান্তই মাত লগালে……

: ব’লা অলপ ওলাই যাওঁ।ওচৰতে কৰবাত বহিম। বাসৱীয়ে ভালেই পালে। তাইৰ সৰু দোকানখনত বহিব পৰাকৈ সুবিধাজনকভাৱে ঠাইকণো নাই।ছোৱালী কৰ্মচাৰীজনীক দোকানখন বন্ধ কৰিবলৈ কৈ

তাই ওলাই গ’ল। 

: কলৈ যাবা? 

: মোৰ কথা নাই।তুমি যলৈকে যোৱা।বাসৱীয়ে অনুভৱ কৰিলে আজিও প্ৰশান্তৰ কথাবোৰ একেই আছে। কোনো  কৃত্ৰিমতা নাই। 

দুয়ো সোণাপুৰৰ পিনৰ এখন ধাবাত গৈ বহিল। প্ৰশান্তই কিবা কিবি খোৱা বস্তুৰ অৰ্দাৰ কৰিলে।

: কোৱা তোমাৰ কথা।সংসাৰ, ল’ৰা-ছোৱালী কিমান ডাঙৰ হ’ল?উদয়ৰ কি খবৰ?মোৰ ল’ৰা দুজন।

শ্ৰীমতী ঘৰৰ ওচৰৰ স্কুল এখনৰ শিক্ষয়িত্ৰী। মই ইয়াত অকলেই আছোঁ। 

: মোক দেখিলেই তুমি বুজি পোৱানে মই কেনে থাকিব পাৰো?মোৰ দুটি সন্তান।ল’ৰা আৰু ছোৱালী এজনী। ইয়াৰ পিছত আৰু মোৰ একোৱে নাই।যাক লৈ

তোমাৰ সম্মুখত গৌৰৱবোধ কৰি কথা কৈছিলোঁ সেই উদয়টো মোৰ ওচৰত নাইয়ে লগতে দি গৈছে এটি বে-হিচাপী জীৱন।মই সুখী নহয়।আৱেগেৰে বাছি লোৱা পথত খোজ দিলে জীৱনটো বিৰক্তিকৰ হৈ পৰে। মই বহুত ভুল কৰিলোঁ প্ৰশান্ত। দুচকু ভৰি পৰিল বাসৱীৰ। মোৰ জীৱনক লৈ বহুত হাবিয়াস নাই।তথাপি কিছুমান সৰু সৰু আশা আছিল।সেইবোৰ কেতিয়াও নুফুলিল। মোৰ নিচিনা মানুহৰ একো সপোন নাথাকে প্ৰশান্ত , একো সপোনেই নাথাকে। জীৱন জীয়াব লাগে জী আছোঁ।

: দুখ নকৰিবা।সকলো ভাল হ’ব।সন্তান দুটিক ভালকৈ পঢ়োৱা,ভাল মানুহ কৰি গঢ় দিয়া,সিহঁতৰ সফলতাত পাবা তুমি জীৱনৰ সফলতা।শেষ ভালেই সকলো ভাল। কাইলৈ তোমাৰ ঘৰত ভাত খাব আহিম। কিবা বিপদ হ’লে মই আছোঁ। মোক পৰ বুলি নাভাবিবা।

হাত এখনত ধৰি তাইক উঠাই দিলে। কিমান যে আপোনতা আছে এই স্পৰ্শত! কিমান যে বিশ্বাস আছে

এই হাতত! এক বুজাব নোৱাৰা বেদনাই তাইৰ বুকু খন

গভীৰ কৰি তুলিলে। 

মাত্ৰ ছমাহৰ বাবেই আহিছিল গুৱাহাটীলৈ প্ৰশান্ত।

প্ৰমোচন হোৱাৰ বাবে আকৌ বদলি হ’ল। প্ৰশান্ত যোৱাৰ

পিছত বাসৱীৰ সাহসী অভিভাবকজনো হেৰাল। দৰৱ খাই অলপ ভালপোৱা বিষটো আকৌ কেইদিনমানৰ

পৰা বেছি হৈছে। তেতিয়াই ৰিপোৰ্টবোৰ চাই ডাক্তৰে কৈছিল তাইৰ টি. বি. হৈছিল।অত্যাধিক পৰিশ্ৰম নকৰিব, ভাল খাদ্য খাব, মনটো স্ফূৰ্ত্তিত ৰাখিব…ডাক্তৰে পৰামৰ্শ দিছিল।  কেইদিন মানৰ বাবে হ’লেও প্ৰশান্তক লগ পাই তাইৰ মনটোত কৰবাত যেন এমুঠি শান্তিৰ বৰষুণ পৰিছিল।

                      —————————-

   

জীৱনৰ আধাকাল সমস্যাত থাকি থাকি ল’ৰাজন এখন

কলেজৰ প্ৰবক্তা হ’ল।ছোৱালীজনীও চৰকাৰী চাকৰি

পালে।জীৱনৰ অভাৱবোৰ কিছু পৰিমানে আঁতৰিল। দিন যোৱাৰ লগে লগে বাসৱীৰ শৰীৰটোহে খুব বেয়া হ’ল।

আশাবোৰ যেন আকৌ এবাৰ হেৰাই যাব!ছোৱালী জনীৰ বিয়াখন পাতিবলৈও  তাইৰ সয়ম নাই।যোৱা

দহ দিন ধৰি তাই হস্পিতালত ভৰ্তি। 

পোন্ধৰ দিনেই হ’ল প্ৰশান্তৰ কোনো ফোন নাই। বাসৱীয়ে  ফোন কৰিলে। ক’ব মন গ’ল তাইৰ বেমাৰৰ কথা। 

: হে’ল্লো……প্ৰশান্ত….

: কোৱা বাসৱী। কেনে আছা তুমি? গাটো ভাল পাইছানে?যোৱাকেইদিন বহুত ব্যস্ততাৰ বাবে ময়ো তোমাক ফোনেই কৰিব পৰা নাই।

: নাই প্ৰশান্ত,মই ঠিকে নাই। মই হস্পিতালত ভৰ্তি। মোৰ বুকুৰ ইন্‌ফেকচ্‌ন বাঢ়ি গৈছে। গা বহুত বেয়া। তুমি

এদিন আহি যাব পাৰিবা? 

: ঠিক আছে বাসৱী।পৰহি দেওবাৰ, মই যাম।

প্ৰশান্তই আহি দেখিলে বাসৱীৰ শৰীৰ খুবেই দুৰ্বল । বৰ দুখ লাগিল। কিয় যে তাইৰ  ইমান বেমাৰ হ’ল!

: চোৱা প্ৰশান্ত বেমাৰে আজি মোক জীৱনত হৰুৱাই

দিলে।মোৰ শাৰীৰিক অৱস্থা খুবেই বেয়া। তুমি কৈছিলা যে সন্তানৰ সফলতাতেই থাকে জীৱনৰ প্ৰকৃত সুখ। সিহঁত ভাল হ’ল। কিন্তু মই যে এতিয়া সিহঁতৰ সুখত লগ দিব নোৱাৰিম। জানা প্ৰশান্ত সকলোৰে এটা সময় থাকে। সেই সময়বোৰ যিজনে ধৰি ৰাখিব পাৰে তেঁৱেই সুখী। মোৰো মন আছিল সৰুকৈ হ’লেও এটা নিজৰ ঘৰ বনাবলৈ। ল’ৰাই হয়তো ঘৰ নহলেও এটা ফ্লেট ল’ব পাৰিব। কিন্তু তাত থকাৰ ভাগ্য মোৰ নাই। ধুনীয়া কাপোৰ পিন্ধা, ফুৰিব যোৱাৰ যেতিয়া বয়স আছিল তেতিয়া সেইবোৰ ভাবিবও নোৱাৰিছিলোঁ। এটা বয়সত আৰু হেঁপাহ বোৰ নেথাকে।পেট ভৰাই খাব পৰা সময়ত কিবা এটা খাই পেটৰ ভোক নোহোৱা কৰি থোৱা মানুহৰ বাবে বেমাৰে শৰীৰত বাহ লোৱাৰ পিছত আৰু পেটত ভোক নোহোৱা হয়। সকলো জীৱনেই সময়ৰ হাতত বন্দী। বে-হিচাপী জীৱন থান-থিত লগোৱা বহুত কঠিন। তুমি মোক এটা কথা দিয়া প্ৰশান্ত,কাইলৈ মই নাথাকিলেও তুমি মোৰ ছোৱালীজনীৰ অভিভাবকৰ দায়িত্ব লৈ তাইৰ বিয়া খন পাতি দিবা।তোমাৰ ওপৰত মোৰ বিশ্বাস আছে প্ৰশান্ত, তুমি লোৱা সিদ্ধান্ত কেতিয়াও ভুল নহয়।বিবেকেৰে কৰা কামবোৰে  কেতিয়াও বিপদত নেপেলায়।

: এটি আশা ভৰা হাঁহিৰে প্ৰশান্তই বাসৱীৰ দায়িত্ব মূৰ

পাতি ল’লে। লগতে বাসৱীক বচাবলৈও চেষ্টাৰ কোনো ক্ৰটি নকৰাৰ প্ৰতিশ্ৰুতি দিলে। 

   

ৰুগীয়া ওঁঠত বাসৱীৰ শেঁতা  হাঁহি এটিয়ে ঢৌ খেলি গ’ল। ঠিক ডুব যাব ধৰা সূৰুযৰ দৰেই ,,,,,, আকৌ এবাৰ

উদিত  হোৱাৰ আশাৰে ,,,,,,

************

Leave a Reply

Your email address will not be published. Required fields are marked *