ব্ৰজবুঢ়া,মূল :সত্যজিত ৰায়,অনুবাদ -ৰঞ্জনা দত্ত

শঙ্কৰ চৌধুৰীয়ে ৰুটি এফাল লৈ দাইলত ডুবাই  মুখত সুমুৱাই এবাৰ কাষত বহা পুতেকৰ ফালে চাই পঠিয়ালে। তাৰ পিছত টুকুৰাটো চোবাই চোবাই ক’লে –

“তোক কথা এটা কওঁ কওঁ বুলিও কোৱা হোৱা নাই

আমাৰ ঘৰৰ সোঁফালে এটা ঘৰ এৰি থকা দুতলা ঘৰটোত বুঢ়া এজন থাকে দেখিছনে?”

“অঁ অঁ দেখিছো”-  সুবুৱে ক’লে ।

“সদায় স্কুলৰপৰা অহাৰ সময়ত দেখোঁ।প্ৰথম তলাৰ বাৰান্দা খনত বেতৰ চকী এখনত বহি থাকে।মোৰফালে চাই হাঁহে।”

“হাঁহিটো কি খুব স্ফুৰ্তিৰ হাঁহি নেকি?”

সুবুৱে অলপমান ভাবি উত্তৰ দিলে , 

“অকণমান দুষ্টামি ভৰাও হ’ব পাৰে।”

“এই বুঢ়াটো সম্বন্ধে এতিয়ালৈকে বহুত কথা শুনিছো।”

 শঙ্কৰ বাবুৱে ক’লে।

“তেওঁ হেনো তন্ত্ৰ মন্ত্ৰ জানে ; তুক তাক বুদ্ধি কৰি যাক তেওঁৰ পছন্দ নহয় তেওঁৰ কিবা অনিষ্ট কৰে।মুঠতে তোক মাতিলেও তই তেওঁৰ ওচৰলৈ নাযাবি।”

সুবুৰ ভাল নাম সুবীৰ।বয়স বাৰ বছৰ।প্ৰায় তিনিমাহ হ’ল সুবীৰহতঁ কলিকতাৰপৰা এই চহৰলৈ অহা।ইয়াৰে এখন কলেজত শঙ্কৰ চৌধুৰীয়ে ইংৰাজীৰ প্ৰফেচাৰৰ চাকৰি এটা পাইছে।সুবীৰে কলিকতাৰ স্কুল এৰি ইয়াৰে চেইন্ট থমাছ স্কুলত নাম লগাইছে।সকলোৰে মতে ঠাইখন বেছ স্বাস্থ্যকৰ।শীতকালত যে খুব বেছি জাৰ পৰিব সেইটো এই নবৱেম্বৰৰ আৰম্ভণিতে গধূলি সময়ত আন্দাজ পোৱা যায়।সুবীৰৰ মাকৰ ঠাইখন খুব পছন্দ হৈছে।তেওঁ কয় –

“ইয়াৰ বতাহটোৱেই বেলেগ।প্ৰাণ ভৰি উশাহ ল’ব পাৰি।”

এই কেইমাহতে স্কুলত সুবীৰৰ দুই এজন বন্ধু গোট খাইছে ;তাৰ ভিতৰত দিব্যেন্দুকে তাৰ সকলোতকৈ বেছি ভাল লাগে।সুবু- দীবু দুয়ো ক্লাছত একেলগে বহে। পঢ়াশুনাত ভাল , খেলাধূলাতো দুয়োটাৰে খুব উৎসাহ।

দিবুৱে এদিন কথাই কথাই সুবীৰক ক’লে,

“ব্ৰজবুঢ়াটো তহঁতৰ ঘৰৰ এটা ঘৰৰ পিছতেই থাকে?”

“ব্ৰজবুঢ়া?তেওঁ আকৌ কোন?”

“দেখা নাই?মূৰটো তপা।বগা,দাৰি গোঁফ চিকুণকৈ খুৰোৱা – ডিঙি বন্ধ কোট আৰু ধূতি পিন্ধি বাৰান্দাত বহি থাকে।”

সুবীৰে ক’লে….

“অ’… মানুহে তেওঁক ব্ৰজবুঢ়া বুলি কয় নেকি?তেওঁকতো মই সদায় দেখোঁ।”

“সাবধান”—দিবুৱে ক’লে।

“তেওঁক নোজোকাবি।তেওঁ হাঁহিলে তয়ো হাঁহিবি।”

“মইতো হাঁহোৱেই।”

“তেনেহ’লে ঠিকেই আছে।তেওঁৰ যদি তোৰ ওপৰত খং উঠে তেতিয়া নিজৰ ঘৰৰ ভিতৰতে মন্ত্ৰ পঢ়ি তোৰ সৰ্বনাশ কৰিহে এৰিব।”

“দেউতাইও মোক সাৱধান কৰি দিছে।”

সুবীৰে ক’লে ।

“এদিন পঞ্চাক মাতি আনি ধুনীয়া চিলা এখন দিছিল। ক’ত পালে কোনে জানে?খুব ৰহস্যজনক কথা।”

“তেওঁৰ পুৰা নামটো কি?”

“সেইটো নাজানো।”

ইয়াৰ  কেইদিনমান পিছত সুবীৰহতঁৰ কাষতে থকা অনুকুল সাহা গধূলি সময়ত সুবুৰ দেউতাকৰ লগত চা-চিনাকি হ’বলৈ আহিল।আগতে কেতিয়াও অহা নাই তেওঁ।এইয়ে প্ৰথম।সুবীৰৰ দেউতাকতকৈ অন্ততঃ দহ বছৰৰ ডাঙৰ।বহা কোঠালীৰ চোফাখনৰ একোণত বহি সুধিলে-

“আপোনাক দিষ্টাৰ্ব কৰা নাইতো?”

“নাই নাই”…….শঙ্কৰবাবুৱে ক’লে।

“মই ভাবিছিলোৱেই এদিন আপোনাৰ ফালে এপাক মাৰিম বুলি।আপুনি এলাহবাদ বেঙ্কত কাম কৰে নহয়?”

“হয়।মই সংসাৰ নকৰিলো।ইয়াত মোৰ ঘৰত মই অকলে। কলিকতাত ভাইটি এজন আছে ,লোহা লক্কৰৰ কাৰবাৰ কৰে।অফিচৰপৰা বাহিৰে বাহিৰে কাৰোবাৰ নহ’লে কাৰোবাৰ ঘৰত গৈ গল্প টল্প কৰোঁ।অৱশ্যে এজনক বাদ দি।”

“কোন?”

“ব্ৰজ কিশোৰ বেনাৰ্জী।নাম শুনিছে?”

” যিজনক ব্ৰজবুঢ়া বুলি কয়? আমাৰ ঘৰৰ এটা ঘৰ এৰি?”

“হয় । ঠিকেই ধৰিছে।”

“ভদ্ৰলোক জনৰতো বহুত গোলমাল আছে বুলি শুনিছো।”

“ব..হু..ত।বুঢ়া ইয়ালৈ আহিছে প্ৰায় পোন্ধৰ বছৰমান আগেয়ে।মই তেতিয়ালৈকে ইয়ালৈ অহাই নাই , কিন্ত বুঢ়াৰ দক্ষিণ দিশৰ লগালগি ঘৰটোত নৰেশ মল্লিক আছিল।তেওঁ ত্ৰিছ বছৰ ধৰি ইয়াতে আছে।সদানন্দ ৰোডত তেওঁৰ এখন গহনাৰ দোকান আছে।তেওঁ কোৱা মতে চুটকেছ হ’ল্ড’ল বাদ দিও বুঢ়াৰ লগত সেউজীয়া ৰঙৰ ডাঙৰ বাকচ এটা আছিল।তেওঁৰ লগত এজন মানুহো আছিল যিজন পিছৰদিনা গুছি গ’ল।এই সেউজীয়া ৰঙৰ বাকচটোৰ কথা এই চহৰৰ সকলোৱে জানে।আমাৰ সকলোৰে বিশ্বাস যে এই সেউজীয়া বাকচটোৰ ভিতৰতে বুঢ়াৰ তন্ত্ৰ মন্ত্ৰৰ সকলো সঁজুলি সোমাই আছে।তেওঁ অহাৰ আগেয়ে হেনো ঘৰটো খালী হৈয়ে পৰি আছিল।”

“তন্ত্ৰ মন্ত্ৰৰ কথাবোৰ সচাঁ বুলি বিশ্বাস হয়নে?”

“মই ক’ব নোৱাৰিম।কিন্ত নৰেশ বাবুৰ মুখৰপৰাই শুনিছো মাজ ৰাতি ঘৰটোৰপৰা অদ্ভুত ধৰণৰ শব্দ কিছুমান আহে।হাততালি দিয়া শব্দ, ঢোলত চাপৰ দিয়া শব্দ, বিড় বিড় কৈ মন্ত্ৰ পঢ়া আৰু মাজে মাজে হোৱা হাঁহিৰ শব্দ ।…..এইটো বিশ্বাস নকৰি উপায় নাই । কাৰণটো হ’ল – বুঢ়াৰ উত্তৰ দিশে থকা ঘৰটোত যি থাকে – মানুহজনৰ নামটো বোধহয় জানে?

“ঘৰৰ দৰজাত থকা নাম ফলকত দেখিছো – এন কে মজুমদাৰ “।

“হয়।নিশিকান্ত মজুমদাৰ।ইঞ্চিওৰেঞ্চ অফিচত কাম কৰে।তেওঁও মাজৰাতি শব্দবোৰ শুনে।আনকি তেওঁ এদিন খিৰিকীত এখন বিভৎস মুখ দেখা পাইছিল। মজুমদাৰে চিধা গৈ বুঢ়াক ক’লেগৈ যে এইদৰে ওচৰ চুবুৰীয়াৰ শান্তি ভংগ কৰিলে তেওঁ গৈ পুলিচত খবৰ দিব।তেতিয়া গধূলি সময়।বুঢ়া তেতিয়া বাৰান্দাত বহি আছিল।

“তেওঁক সেইদৰে কোৱাৰ ফল কি হ’ল?”

“তাকেইতো ক’বলৈ ওলাইছো।গোলমালটো বন্ধ নহ’লেই , হঠাতে নিশিকান্ত বাবুৰ বেমাৰ আৰম্ভ হ’ল।হাই ফিভাৰ -১০৬ ডিগ্ৰী পৰ্যন্ত জ্বৰ উঠিছিল।ডাক্তৰে ক’লে ভাইৰেল ইনফেকচন।সাতদিনৰ পিছত হে জ্বৰ এৰিছিল।

নিশিকান্তবাবুৰ দৃঢ় বিশ্বাস বুঢ়াই কিবা এটা কৰিছিল। নীলোৎপলবাবুৰ এজন ল’ৰা আছে, পোন্ধৰ বছৰ বয়স , নাম ৰতন। মোৰ ঘৰৰ কাষৰ আলিৰ পাকটোতে থাকে। বুঢ়াই বোলে তাৰ লগত বন্ধুত্ব কৰাত খুবেই আগ্ৰহী । হাঁহিমুখে সদায় তাক হাত বাউল দি মাতে।ৰতনে বুঢ়াৰ কথা জানে বাবে তাক কোনো পাত্তা নিদিয়ে।”

সুবীৰক তাৰ দেউতাকে মানা কৰিছে কিন্তু দিব্যেন্দুক কোনেও মানা কৰা নাই। দিবুৰ দেউতাকে এইবোৰ তন্ত্ৰ মন্ত্ৰ বিশ্বাস নকৰে । কয়,

“এজন নিৰীহ বুঢ়াক উদ্দেশ্য কৰি মিছাকৈ গালি গালাজ কৰা হৈছে।তেওঁক দেখিলেই ভাব হয় তেওঁৰ একো বেয়া ভাব নাই।”

দিব্যেন্দুৱে সুবুক বুঢ়াৰ বিষয়ে সাৱধান কৰি দিছিল হয়, কিন্ত দেউতাকৰপৰা সি যিটো বেপৰোৱা ভাব পাইছে সেইটো কলৈ যাব?সি এদিন সুবুক ক’লে,

“আজি স্কুলৰপৰা তোৰ লগত ঘূৰি আহিম।তোৰ ঘৰলৈও যোৱা হ’ব আৰু বুঢ়াটোৱে কি কৰে তাকো চোৱা হ’ব।”

সুবুৱে চেলাউৰি কোঁচাই ক’লে…..

“কিন্তু তই দেখোন সিদিনা নিজেই কৈছিলি বুঢ়াৰপৰা মোক দূৰত থাকিবলৈ।”

“কৈছিলো”…..দিবুৱে ক’লে, “কিন্তু দেউতাই কৈছে বুঢ়াৰ মাজত একো দোষ নাই।সেইবাবে কৈছো এবাৰ গৈ চাই আহোঁগৈ।এইটোওতো  একধৰণৰ এডভেঞ্চাৰ।”

সুবুৱে তাৰ দেউতাকৰ নিষেধ উৰুৱাই দিব নোৱাৰিলে; সি ক’লে,

“ওচৰলৈ যাব পাৰো,কথাও পাতিব পাৰো কিন্তু তেওঁৰ ঘৰৰ ভিতৰলৈ মাতিলে একেবাৰে নাযাওঁ।”

 “ঠিক আছে । সেয়ে হ’ব।”

স্কুলৰপৰা অহাৰ সময়ত ব্ৰজ বুঢ়াৰ ঘৰটো দেখাৰ লগে লগেই সুবুৰ বুকুৰ ধপধপনি আৰম্ভ হৈ গ’ল।কিন্তু সি যে ভয় খাইছে সেইটো দিবুক কোনোপধ্যেই জানিবলৈ দিব নোৱাৰি,সেইবাবে মনত সাহস বান্ধি দিবুৰ লগত আগুৱাই গ’ল।

কোনো সন্দেহ নাই।সদায় বহাৰ দৰে আজিও বুঢ়া বাৰান্দাতে বহি আছে।সুবু-দিবু আগুৱাই আহোঁতে ঠিক অন্য দিনৰদৰেই ব্ৰজ বুঢ়াই হাঁহি মুখে সিহঁতৰফালে চালে।আজি সুবুৱে বুঢ়াৰ হাঁহিৰ মাজত সঁচাকৈ এটা চয়তানী ভাব লক্ষ্য কৰিলে।

“হাঁহিছে কিয়?কিবা ক’ব নেকি? দিবুৱে বুঢ়াক পৰিস্কাৰ মাতেৰে শুধিলে।

“অঁ , ক’ম”…..ব্ৰজবুঢ়াই ক’লে।”মই মাতিলে তহঁত নাহ কিয়?”

দিবুৱে ক’লে…..

“মোক কেতিয়াও মতা নাই।আৰু মাতিলেই বা যাম কিয়? এইদৰে যিয়ে তিয়ে মাতিলে মই নাযাওঁ।”

সুবুৱে মনে মনে ভাবিলে – বাপৰে!দিবুৰ কি সাহস !

এইবাৰো দিবুৱেই কথা ক’লে।

“আপোনাৰ সেউজীয়া বাকচটোত কি আছে?”

“কিয়  ক’ম?”…..বুঢ়াই মূৰটো লৰাই লৰাই মিচিকিয়াই হাঁহি মাৰি ক’লে। “মোৰ লগত আমাৰ ঘৰৰ দোতলালৈ আহিলেই গম পাবি।”

কথা বহুত বেছি আগবাঢ়িছে দেখি সুবুৱে একে উশাহতে কৈ পেলালে-

“বেলেগ এদিন যাম।আজি ঘৰত কাম আছে।”

পিছলৈ ঘূৰি নোচোৱাকৈ দুয়োটা বেগা বেগিকৈ গুচি আহিল।

দিবুৱে সুবুৰ ঘৰতে আবেলিৰ জলপান খালে।খাই থাকোতেই সুবুৰ দেউতাক কলেজৰপৰা আহি পালে। সুবুৱে কোনো কথা নুলুকুৱাকৈ ব্ৰজবুঢ়াৰ লগত হোৱা সকলো কথা দেউতাকক বিবৰি ক’লে।

শঙ্কৰ বাবুৱে কিছুসময় গহীন হৈ থাকি ক’লে –

“এই কামটো এবাৰ কৰিছ ঠিক আছে -আৰু নকৰিবি। দিব্যেন্দু তোমাকো খৈছো,এইবোৰ কথাত সাহস দেখুৱাবৰ কোনো দৰকাৰ নাই।বুঢ়াৰ লগত বহুত গণ্ডগোল আছে।তেওঁৰ প্ৰতিবেশীকেইঘৰৰ কথা অবিশ্বাস কৰিব নোৱাৰি।যোৱা কালিয়ে নিশিকান্তবাবু আমাৰ ঘৰলৈ আহিছিল।ব্ৰজ বেনাৰ্জীৰ ঘৰৰপৰা মাজৰাতি  পিষ্টলৰ শব্দ শুনি বুঢ়াৰ ঘৰত গৈ দৰজা ঢকিয়াইছিল।কোনেও দৰজা খুলি নিদিলে।”

ইয়াৰ এসপ্তাহ মান পিছত এদিন দেওবাৰে ৰাতিপুৱা আগফালৰ দৰজাত কোনোবাই টকটকালে।সুবুৰ দেউতাকে কাকত পঢ়ি আছিলে,সুবুক ক’লে

“যাচোন কোন আহিছে চাগৈ।”

সুবুৱে দৰজা খুলি দেখিলে মটীয়া ৰঙৰ চুট পিন্ধা দেখাত সুন্দৰ এজন ভদ্ৰলোক,বয়স ত্ৰিছতকৈ বৰ বেছি নহ’ব। তেওঁৰ পিছফালে ৰাস্তাত এখন টেক্সী ৰৈ আছে – এইটোও সুবুৰ চকুত পৰিল।

“ব্ৰজকিশোৰ বেনাৰ্জীৰ ঘৰটো কোনফালে ক’ব পাৰিব নেকি?”

মানুহজনে সুবুৰ দেউতাকক প্ৰশ্ন কৰিলে।

“চৌশত্তৰ নম্বৰ বুলি জানো কিন্ত ইয়াততো দেখিছো কাৰো ঘৰতে নম্বৰ লিখা নাই।”

শঙ্কৰবাবুৱে ঠিয় হৈ হাত দি দেখুৱাই দিলে…

“এইফালে আমাৰ ঘৰৰ পিছৰ পিছৰ ঘৰটো।”

“থেঙ্কচ্।”

মানুহজন যাবলৈ বুলি ঘূৰোতেই,শঙ্কৰবাবুৰ এটা প্ৰশ্নত ৰৈ গ’ল-

“আপুনি তেওঁৰ আত্মীয় নেকি?”

“হয় । মই তেওঁৰ ভতিজাক।সৰু ভায়েকৰ ল’ৰা।আহোঁ।”

মানুহজন গুচি গ’ল।শঙ্কৰবাবুৱে আকৌ চকীত বহি পৰি ক’লে-

“হাইলি ইন্টাৰেষ্টিং।মোৰ ভাব হৈছিল ব্ৰজবুঢ়াৰ তিনি কুলত আৰু কোনো নাই বুলি।”

আবেলি সুবুহঁতে বহি চাহ খাই থকাৰ সময়তে বাহিৰৰ দৰজাত কোনোবাই টকটকালে।সুবুৱে দৰজা খুলি দেখিলে ৰাতিপুৱাৰ সেই মানুহজন।

“অলপ ভিতৰলৈ আহিব পাৰোনে?”

শঙ্কৰবাবু উঠি আহিছিল,…ক’লে 

“নিশ্চয়, আহক আহক।”

মানুহজন সোমাই আহিল ।

“বহক।চাহ খাব?”

“নো, থেঙ্কচ্।এইমাত্ৰ চাহ খাই আহিছো।”

“ব্ৰজবাবুক কেনেকুৱা দেখিলে?”

“সেই বিষয়েই কথা পাতিবলৈ আহিলোঁ।”

 মানুহজনে ক’লে।

“আগতে মোৰ চিনাকিটো দিওঁ।মোৰ নাম অমিতাভ বেনাৰ্জী।মোৰ কাম হৈছে মনৰ ৰোগৰ চিকিৎসা কৰা। সাইক্ৰিয়াট্ৰিক।কলেজত পঢ়াৰ সময়ৰপৰা চখটো আছিল,দেউতাইও সন্মতি দিলে।মই  বিলাতত গৈ তাতে পঢ়িশুনি তিনিবছৰ চাকৰি কৰিছিলো – তিনিবছৰ হ’ল কলিকতালৈ আহিছো।দেউতাৰ মুখতে বৰদেউতাৰ কথাটো শুনিছিলো।দেউতাই লখ্নৌত ওকালতি কৰিছিল,মোৰ জন্ম পঢ়াশুনা সকলো তাতেই।মই ব্ৰজ বৰদেউতাক কেতিয়াও দেখা নাই।যেতিয়া কলিকতালৈ গ’লো, তেতিয়া বৰদেউতা আপোনালোকৰ ইয়ালৈ গুচি আহিছে।এইটো শুনিছিলো যে কলিকতাত থকা সময়ত তেওঁ চুপচাপ ঘৰতে বহি থাকিছিল,কাৰো লগত মিলা মিছা নকৰিছিল।ভাক্তৰে চাই চিতি কৈছিল শৰীৰত কোনো বেমাৰ নাই।”

“যিটো ঘৰত তেওঁ থাকে সেই ঘৰটো কাৰ?”

“এইটো আমাৰ ককাদেউতাই সাজিছিল।তেওঁ ব্যৱসায় কৰিছিল।মৃত্যুৰ আগেয়ে তেওঁ তিনিজন ল’ৰাক উইল কৰি সকলো টকা সমানে ভগাই থৈ যায়।গতিকে বৰদেউতাৰ টকাৰ অভাৱ নাই।”

“তেওঁ কি তন্ত্ৰ মন্ত্ৰৰ চৰ্চা কৰে নেকি?”

“তেওঁ কি কৰে সেইটো সঠিক ভাৱে ক’ব নোৱাৰিম।আমি আছিলো লখ্নৌত,মাজু বৰদেউতাৰ কাম আছিল বাঙ্গালোৰত।ব্ৰজ বৰদেউতা কলিকতাতেই আছিল। কিন্তু তিনজনমান কামকৰা মানুহ বাদ দি তেওঁক চোৱা চিতা কৰা আৰু কোনো নাছিল।তন্ত্ৰৰ কথা মই নাজানো কিন্তু তেওঁৰ যে মানসিক বেমাৰ আছে তাত মোৰ কোনো সন্দেহ নাই।কিন্তু কথা হ’ল কি বেমাৰ?”

“সেইটো এতিয়াও ধৰিব পৰা নাই?”

“ধৰিম কিদৰে?মোৰ লগতটো কথাই পতা নাই।কিন্তু মোৰ এটা প্ৰস্তাৱ আছে।”

“কি প্ৰস্তাৱ?”

“তেওঁৰ কামকৰা মানুহজনে কৈছিল তেওঁ হেনো সৰু ল’ৰা-ছোৱালীৰ ওপৰত কেতিয়াও খং নকৰে।সেইবাবে ভাবিছিলো আপোনাৰ ল’ৰাক যদি এবাৰ লগত লৈ যাব পাৰো,তেতিয়াহ’লে তেওঁ হয়তো মুখ খুলিব পাৰে।”

সুবুৱে সুধিলে –

“তেওঁৰ এটা সেউজীয়া বাকছ আছে নেকি?”

অমিতাভ বাবুৱে চকুদুটা ডাঙৰ ডাঙৰ কৰি ক’লে –

“বাকচ মানে কি- সেইটোতো এটা বিশাল ট্ৰাংক।মই তেওঁক সুধিছিলো তাত কি আছে।তেওঁ একো উত্তৰেই নিদিলে।”

শঙ্কৰবাবুৱে ক’লে-

“ঠিক আছে।মোৰ ল’ৰা যাব;কিন্তু তাৰ লগত তাৰ দেউতাকো যাব।”

“নিশ্চয়।সেইটোতো খুব ভাল কথা।ময়ো অলপমান জোৰ পাম।”

পাঁচ মিনিটৰ ভিতৰতে তিনিওজন ওলাই গ’ল।ব্ৰজ বুঢ়াৰ ঘৰৰ সমুখৰ দৰজাত ঢাক্কা দিওঁতেই এজন বুঢ়া কামকৰা মানুহে দৰজা খন খুলি দিলে।

“মালিক ক’ত আছে?”……অমিতাভ বাবুৱে সুধিলে।

“ওপৰ মহলাৰ শোৱা কোঠাত।”…..কামকৰা মানুহজনে ক’লে।

“আজি বাহিৰত নবহে?”

“আজি আপুনি আহি যোৱাৰ পাছৰেপৰা যেন কিবা আনমনা হৈ পৰিছে।আবেলি চাহো নেখালে।”

“ঠিক আছে।আমি তেওঁক এবাৰ দেখা কৰিম। আহক মিষ্টাৰ—”

“চৌধুৰী।”

তিনিওজন গৈ ওপৰ মহলাত উপস্থিত হ’লগৈ।সোঁফালে এখন দৰজা।সেইটোৱেই ব্ৰজবুঢ়াৰ শোৱা কোঠা।ডঃ বেনাৰ্জীৰ পিছে পিছে শঙ্কৰবাবু আৰু সুবুও গৈ ভিতৰ সোমালেগৈ।

ব্ৰজবুঢ়া গাৰুত মূৰ থৈ আধাশোৱা অৱস্থাত।সুবুক দেখি তেওঁৰ মুখত ক্ষন্তেকলৈ হাঁহি  ফুটি উঠি আকৌ নিমিষতে মাৰ গ’ল।

“তোমাৰ লগত এওঁলোক আকৌ কিয়?”

 অভিমানৰ সুৰেৰে ব্ৰজ বুঢ়াই ক’লে।

সুবুৱে ক’লে-

“আপুনি সেউজীয়া বাকচটোৰ কথা কৈছিল যে – সেইটো চাবলৈ আহিছো।”

প্ৰকাণ্ড সেউজীয়া ট্ৰাঙ্কটো সুবুৱে কোঠাটোত সোমায়েই দেখিছিল।বিছনাৰ সমুখৰ দেৱালখনৰ ওচৰতে আছে। দেখিলেই বুজিব পাৰি পুৰণি দিনৰ ট্ৰাঙ্ক।

“নিশ্চয় দেখুৱাম।”…….ব্ৰজবুঢ়াই ক’লে ।

 “কিন্তু এতিয়া নহয়।এওঁলোক বাহিৰলৈ গ’লেহে দেখুৱাম।”

ডঃ বেনাৰ্জীয়ে শঙ্কৰবাবুক ক’লে,

“বলক মিঃ চৌধুৰী- আমি কাষৰ কোঠাটোলৈ যাওঁ।”

দুয়োজন বাহিৰলৈ ওলাই যোৱাৰ পিছত ব্ৰজবুঢ়াৰ মুখত আকৌ হাঁহি ফুটি উঠিল । সুবুৰ বুকুৰ ভিতৰত আকৌ ধপধপনি আৰম্ভ হ’ল ।

ব্ৰজবুঢ়াই বিছনাৰপৰা নামি সৰু বেগ এটাৰপৰা এটা চাবি উলিয়াই ট্ৰাঙ্কটো খুলি ঢাকনখন ডাঙি দিলে ।

“চোৱা!”

এয়া কি!এইটো দেখোন খেলনাৰে ভৰ্তি!ৰেলগাড়ী, বন্দুক ,ৰাক্ষসৰ মুখা,বিল্ডিং ব্লকছ,লুডো,লটো,সৰু কৰতাল আৰু কিছু বাজনা,খেলাৰ ড্ৰাম,খেলাৰ গ্ৰামফোন আৰু যে কত কি খেলনা,যিবোৰ সুবুৱে কেতিয়াও দেখাই নাই -নাম শুনাটো দুৰৰে কথা।

“এইবোৰ কাৰ?”

 সুবুৱে ঢোক গিলি শুধিলে।

ব্ৰজ বুঢ়াই দুহাত ওপৰলৈ তুলি চপৰি বজাই গাটো ইফালে সিফালে নচুৱাই গান গাইছিলে 

“ মই বীৰ তিলক সিং, সেয়ে নাচো তিৰিং তিৰিং” –

এবাৰ গানটো বন্ধ কৰি নিজৰ বুকুত চাপৰ মাৰি ক’লে –

“মোৰ।”

সুবুৱে বুজি পালে যে এই খেলাৰ বন্দুকৰ শব্দ শুনিয়ে কাষৰ মানুহঘৰে ভাবিছে পিষ্টল,সেই মুখাখন পিন্ধি বুঢ়াই খিৰিকীত ধৰি থিয় হওঁতেই ভাবিছে ৰাক্ষস, -আৰু এই খেলনাবোৰৰ বিভিন্ন আৱাজ শুনি ভাবিছে বুঢ়াই মন্ত্ৰ বেজালি কৰিছে।

সুবুৱে ক’লে –

“দেউতা আৰু ডাক্তৰ আঙ্কলক মাতোনে?”

“তেওঁলোকে যদি মোৰ খেলনাবোৰ লৈ যায়?”

বুঢ়াই কৰ্কশভাবে চিঞৰি উঠিল ।

“কেতিয়াও নিনিয়ে।তেওঁলোক খুব ভাল।আপোনাৰ একো অপকাৰ নকৰে।”

“তেন্তে মাতা।”

দুইজন ভিতৰলৈ আহিল।ট্ৰাঙ্কৰ ঢাকোনখন তেতিয়াও খোলা।

অমিতাভ বেনাৰ্জীয়ে ভিতৰৰ বস্তুবোৰ দেখি চেপা মাতেৰে ক’লে –

“সব ব্ৰিটিছৰ দিনৰ বিলাতী খেলনা।সব তেওঁৰ সৰুকালৰ নিজৰ বস্তু।এনেকুৱা বস্তু আজিকালি আৰু নেপায়।”

তাৰপিছত ব্ৰজবুঢ়াৰ ফালে চাই ক’লে, 

“আপুনি বহক বৰদেউতা।আমি আপোনাৰ ভালৰ বাবে আহিছোঁ।”

“যিজন ভালে আছে,তেওঁক আকৌ ভাল কৰিবা নেকি?”

 অকনমান কাঢ়াকৈ সুধিলে ব্ৰজবুঢ়াই।

“ঠিকেই কৈছে আপুনি।”….ডঃ বেনাৰ্জীয়ে ক’লে।

“মই ভুলকৈ কৈছিলো।আপোনাৰ একো হোৱা নাই।মই কালিয়ে গুচি যাম।”

“যাবা ,নিশ্চয় যাবা।”

অমিতাভ বেনাৰ্জীৰ লগত সুবু আৰু শঙ্কৰবাবু তললৈ নামি আহিল।

“এইটোও একধৰণৰ মনৰ বেমাৰ জানেতো?”

মিঃ বেনাৰ্জীয়ে ক’লে।

“ শৰীৰত বাৰ্ধক্যৰ পূৰা চাপ কিন্তু মনটো এতিয়াও বালক অৱস্থাতে আছে।ডাঙৰ মানুহ সেইবাবে সহ্য কৰিব নোৱাৰে;নিজৰ বয়সৰ সঙ্গী বিচাৰে।কিন্তু কোনো ল’ৰা তেওঁৰ ওচৰলৈ নাযায়।কি কৰুণ অৱস্থা ভাবি চাওকচোন।”

“আপুনি সচাঁকৈ কালি গুচি যাব?”

শঙ্কৰবাবুৱে সুধিলে।

“হয়।মই গ’লেই তেখেত ভালে থাকিব।ইয়াৰ বাহিৰে এই বেমাৰৰ চিকিৎসা বুলিবলৈ একো নাই।

 শঙ্কৰবাবুৱে ল’ৰাৰ পিঠিত হাত দি ক’লে, 

“তই মাজে মাজে ব্ৰজবুঢ়াক সঙ্গ দিবি।তোৰ বন্ধুবোৰকো ক’বি।”

সুবুহঁতে অমিতাভ বাবুৰ ওচৰৰপৰা বিদায় লৈ নিজৰ ঘৰলৈ যাবলৈ আৰম্ভ কৰিলে। ওপৰ তলাৰ পৰা তেতিয়া কৰতালৰ শব্দৰ লগে লগে শুনা গৈছে-

“বান্দৰে বোলে অ ভাই কেটেলা

আজি ৰাতি আহিব হাতী পেটেলা 

চিকা নিগনিয়ে আনিব  ভৰাই  বজাৰ 

নাচ গান আৰু খানা হ’ব মজাৰ মজাৰ……।”

************

Leave a Reply

Your email address will not be published. Required fields are marked *