ভৰি নোহোৱাকৈ খোজৰ চাপ: অনুবাদক – চিত্ৰলেখা দেৱী
(প্ৰখ্যাত ইংৰাজ সাহিত্যিক H G WELLS ৰ THE INVISIBLE MAN নামৰ গ্ৰন্থৰ কিয়দংশৰ ভাবানুবাদ । এই অংশটো দশম শ্ৰেণীৰ ইংৰাজী দ্ৰুতপাঠৰপৰা লোৱা হৈছে ।)
ল’ৰা দুটাই বোকা লগা দুটা খালী ভৰিৰ খোজৰ চাপবোৰ চাই চাই অবাক হ’বলৈ ধৰিলে।লণ্ডন চহৰৰ মাজ মজিয়াত থকা ঘৰ এটাত মানুহ এজনে খালী ভৰিৰ কেনেকৈ চাপ পেলাব পাৰিছে?আৰু মানুহজনেই বা ক’ত?
সিহঁতে তধা লাগি চাই থাকোঁতেই এটা উল্লেখযোগ্য দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিলে। এটা সতেজ খোজৰ চিন এফালে দেখা গ’ল।
ইটোৰ পিচত সিটো খোজৰ চাপ ঘৰটোৰ খটখটিৰে নামি গৈ ৰাস্তাৰফালে আগবাঢ়ি গৈছে।ল’ৰাকেইটাই খোজ অনুসৰণ কৰি পিচে পিচে যাবলৈ ধৰিলে ; ক্ৰমান্বয়ে খোজৰ চাপবোৰ অস্পষ্ট হৈ আহিল আৰু এটা সময়ত সেইবোৰ ৰাস্তাটোত একেবাৰে বিলীন হৈ পৰিল।
এই ৰহস্যৰ ব্যাখ্যা আচলতে তেনেই সহজ।আচৰিত হৈ পৰা ল’ৰাকেইটাই এজন বিজ্ঞানীক অনুসৰণ কৰি আছিল যিজনে মাত্ৰ কিছুসময়ৰ আগতে মানুহৰ শৰীৰ কেনেকৈ অদৃশ্য কৰিব পাৰি তাক আৱিষ্কাৰ কৰিছে।
গ্ৰিফীন নামৰ বিজ্ঞানীজনে মানুহৰ শৰীৰ যে অদৃশ্য হ’ব পাৰে তাক প্ৰমাণ কৰিবলৈ গৈ ইটোৰ পাচত সিটো পৰীক্ষা কৰি গ’ল।অৱশেষত তেওঁ কিছুমান দুষ্প্ৰাপ্য ঔষধ সেৱন কৰে আৰু তেওঁৰ শৰীৰটো এটুকুৰা আইনাৰ দৰে স্বচ্ছ হৈ পৰিল — অৱশ্যে ই এটুকুৰা গোটা আইনা যেন হ’ল।
যদিও গ্ৰিফীন এজন তীক্ষ্ণ বুদ্ধিৰ বিজ্ঞানী আছিল তেওঁ আছিল বৰং এজন আইনৰ পৰিধিৰ ভিতৰত নথকা মানুহ।তেওঁৰ ঘৰৰ গৰাকীয়ে তেওঁক বেয়া পাইছিল আৰু ঘৰৰপৰা খেদি উলিয়াই দিবলৈ বিচাৰিছিল।তাৰ প্ৰতিশোধ ল’বলৈকে গ্ৰিফীনে ঘৰটোত জুই লগাই দিলে। কোনেও নেদেখাকৈ তাৰপৰা পলাই যাবলৈ বুলি তেওঁ নিজৰ গাৰ কাপোৰবোৰ খুলি পেলালে।তেনেকৈয়ে তেওঁ এজন গৃহহীন পথিক হৈ পৰিল—- বস্ত্ৰবিহীন , ধনবিহীন আৰু কেনেবাকৈ বোকাত ভৰি দুখন সোমাই খোজত ভৰিৰ চাপ নোলোৱালৈকে তেওঁ হৈ থাকিল সম্পূৰ্ণ অদৃশ্য মানৱ।
তেওঁ সহজতে লণ্ডনত তেওঁৰ খোজৰ চাপ অনুসৰণ কৰা ল’ৰাকেইটাৰপৰা পলাই সাৰিব পাৰিলে কিন্তু তেওঁৰ অভিযানৰ অন্ত নপৰিল।তেওঁ লণ্ডন চহৰত কাপোৰ নিপিন্ধাকৈ থাকিবলৈ বছৰৰ বৰ বেয়া সময়টো বাছি ল’লে।এয়া শীতকালৰ মাজভাগ।বায়ুমণ্ডল অতি তিক্ততাপূৰ্ণভাৱে ঠাণ্ডা হৈ পৰিছে আৰু তেওঁ কাপোৰ নিপিন্ধাকৈ থাকিব নোৱাৰা হৈ পৰিল।বাটে বাটে গৈ থকাতকৈ তেওঁ শৰীৰলৈ কিছু উম আনিবৰ বাবে লণ্ডন চহৰৰ এখন ডাঙৰ দোকানত শুই থাকিবলৈ মনস্থ কৰিলে।
এসময়ত দোকান বন্ধ কৰিবৰ বাবে যা-যোগাৰ চলিল আৰু যেতিয়াই দুৱাৰবোৰ মাৰিবলৈ ল’লে, দোকানৰপৰা কাপোৰ-কানি আৰু খোৱা বস্তু এপইচাও খৰচ কৰিব নলগাকৈ ল’ব পৰা হ’ব বুলি গ্ৰিফীনৰ মনত আনন্দ লাগিল।তেওঁ দোকানৰ বাকচ আৰু বেগবোৰ খুলিলে আৰু গৰম কাপোৰ-কানি বাছি বিচাৰি পিন্ধি ল’লে। সোনকালেই জোতা , অভাৰকোট আৰু এটা বহল বাৰান্দাৰ টুপীৰে তেওঁ সম্পূৰ্ণৰূপে সজ্জিত হৈ এজন দৃশ্যমান মানুহ হ’ল।দোকানৰ ৰেষ্টুৰেণ্টৰ ৰান্ধনিশালত ঠাণ্ডা মাংস আৰু কফি পালে আৰু তেওঁ খুচুৰা বিক্ৰীৰ ঠাইডোখৰৰপৰা লোৱা মদ আৰু মিঠাইৰে আহাৰ পৰ্ব সমাপন কৰিলে।অৱশেষত তেওঁ এদ’ম তোচকৰ ওপৰত শুই থাকিবলৈ ঠিকঠাক কৰি ল’লে।
যদি গ্ৰিফীনে ঠিক সময়তে সাৰ পালেহেঁতেন তেনেহলে সকলো ভালে ভালেই সমাধা হৈ গ’লহেঁতেন!পিচে পাচদিনাখন ৰাতিপুৱা দোকানৰ সহকাৰীসকল আহি পোৱালৈকে তেওঁ সাৰ নাপালে।যেতিয়া তেওঁ সিহঁতৰ এযোৰাৰ মুখামুখি হ’ল তেওঁ আতঙ্কিত হ’ল আৰু তাৰপৰা দৌৰি ওলাই যাবলৈ ল’লে।সিহঁতে স্বাভাৱিকভাৱেই তেওঁক খেদা লগালে।শেষত তেওঁ নতুনকৈ পিন্ধি লোৱা কাপোৰ-কানিবোৰ তৎপৰতাৰে খুলি থৈহে তাৰপৰা পলাই যাবলৈ সমৰ্থ হ’ল।সেয়ে তেওঁ পুনৰ নিজকে অদৃশ্যভাৱে পালে আৰু জানুৱাৰী মাহৰ ঠাণ্ডাত উলঙ্গ হৈ থাকিব লগা হ’ল।
এইবাৰ তেওঁ এটা থিয়েটাৰ কোম্পানীৰ গুদামঘৰত সোমাবলৈ পাং পাতিলে।তেওঁ তাত কেৱল কাপোৰ-কানিয়েই আশা কৰা নাছিল, লগতে তেওঁৰ শৰীৰৰ বাউসীৰ ওপৰৰ খালী অংশটো ঢকাৰো ব্যৱস্থা কৰিব খুজিছিল।ঠাণ্ডাত কঁপি কঁপি তেওঁ খৰধৰকৈ ‘দ্ৰুৰি লেন’ নামৰ লণ্ডনৰ থিয়েটাৰৰ জগতখনৰ কেন্দ্ৰলৈ সোমাই গ’ল।
তেওঁ সোনকালেই তাত এখন উপযুক্ত দোকান বিচাৰি পালে।তেওঁ সম্পূৰ্ণ অদৃশ্য হৈ খটখটিয়েদি ওপৰলৈ উঠি গ’ল আৰু নিচেই কম সময়তে কপালত বেণ্ডেজ মেৰিয়াই, ক’লা চছমা পিন্ধি, নকল নাক লগাই , ভোবোৰা দাঢ়ি লগাই আৰু এটা ডাঙৰ টুপী পিন্ধি বাহিৰলৈ ওলাই আহিল।কাৰো আগত দেখা নিদিয়াকৈ পলাই যাবলৈ লৈ তেওঁ দোকানীজনক পাচফালৰপৰা নৃশংসভাবে আক্ৰমণ কৰে আৰু তেওঁৰপৰা সকলো টকা-পইচা কাঢ়ি লয়।
হুলস্থূলীয়া লণ্ডনৰপৰা আঁতৰি যাবলৈ ব্যগ্ৰ হৈ তেওঁ আইপিং গাঁৱলৈ বুলি ৰেলত উঠিল।আইপিঙত উপস্থিত হৈ তেওঁ স্থানীয় অতিথিশালাৰ দুটা কোঠা ভাড়াত ল’লে।
এই হেন শীতকালত এখন অতিথিশালাত এজন অচিনাকি লোক থাকিবলৈ অহাটো কোনো কাৰণতে স্বাভাৱিক কথা বুলি ধৰা নহয়।সাধাৰণতে নেদেখা ধৰণৰ চেহেৰাৰে অতিথিশালাত থকা অচিনাকি লোকজনক লৈ স্থানীয় মানুহৰ মাজত বুবু-বাবা চলিবলৈ ধৰিলে।অতিথিশালাখনৰ গৰাকীনী শ্ৰীমতী হ’লে তেওঁৰ সৈতে বন্ধুসুলভ ব্যৱহাৰেই কৰিব খুজিলে।কিন্তু গ্ৰিফীনৰ তেওঁৰ সৈতে কথা-বতৰা পতাৰ কোনো হেঁপাহ নাছিল বাবে তেওঁক ক’লে,
“মোৰ আইপিঙলৈ অহাৰ প্ৰধান উদ্দেশ্যটোৱেই হৈছে নিৰলে থকাৰ ইচ্ছা।মোৰ কামত কোনেও আমনি কৰাটো মই নিবিচাৰোঁ।তদুপৰি এটা দুৰ্ঘটনাৰ বাবে মই মুখত বেয়াকৈ আঘাত পাইছোঁ।”
শ্ৰীমতী হ’লে তেওঁৰ অতিথিজন এজন বিশেষ ধৰণৰ বিজ্ঞানী বুলি জানিব পাৰি সন্তুষ্ট হ’ল আৰু অতিথিজনে আগতীয়াকৈ ঘৰৰ ভাড়া পৰিশোধ কৰি দিয়াৰ বাবে তেওঁৰ সকলোবোৰ আচহুৱা অভ্যাস আৰু আমনিদায়ক মেজাজক মাফ কৰি দিলে।কিন্তু চুৰি কৰা টকা-পইচাৰে গ্ৰিফীন কিমান দিন চলিব ? বৰ্তমান তেওঁৰ নিজৰ হাতত একো ধন নাই বুলি গৰাকীনীক ক’ব লগা হ’ল।তেওঁ এইবুলি ভাও ধৰিলে যে তেওঁৰ বাবে এখন চেক যিকোনো মুহূৰ্ততে আহি পাবহি বুলি তেওঁ বাট চাই আছে।
ইয়াৰ পাচত সোনকালেই এটা কৌতূহলজনক দৃশ্যৰ অৱতাৰণা হ’ল।সেইদিনা গাঁৱৰ যাজকজন আৰু তেওঁৰ পত্নীয়ে ৰাতিপুৱা খুউব সোনকালে তেওঁলোকৰ পঢ়া কোঠাত হোৱা কিবা শব্দ কিছুমানত সাৰ পালে।মনে মনে খটখটিৰে তললৈ গৈ থাকোঁতে তেওঁলোকে যাজকজনৰ ডেস্কৰপৰা পইচা তুলি লোৱাৰ নিচিনা খিতিং খাতাং শব্দ শুনিবলৈ পালে।
কোনো শব্দ নকৰাকৈ হাতত টোকোন এডাল টানকৈ ধৰি যাজকজনে দুৱাৰখন ধামকৈ মেলি দিলে —
“আত্ম সমৰ্পন কৰ।”
তেওঁৰ অতি আচৰিত হোৱাৰ পাল এইবাৰ —- কিয়নো কোঠাটোত কোনো নাই! তেওঁ পত্নীৰে সৈতে ডেস্কৰ তলত,পৰ্দাৰ সিপাৰে আনকি চিমনিৰ ওপৰতো তন্ন-তন্নকৈ চালে।ক’তো কোনো মানুহৰ চিনমোকাম নাই। পিচে ধন থোৱা দেৰাজটো খোলা আৰু ঘৰৰ খৰচৰ বাবে থোৱা টকা-পইচাবোৰ লৈ তাৰপৰা উধাও হৈ গৈছে।
“এটা অস্বাভাৱিক ঘটনা!” যাজকজনে দিনটোৰ পাচৰ সময়খিনি মানুহক কৈ থাকিলে।
কিন্তু এয়া কিছু সময়ৰ পাচত মিচেছ হলৰ ঘৰৰ আচবাববোৰে কৰা কাণ্ড-কাৰখানাতকৈ বেছি অস্বাভাৱিক নাছিল।
অতিথিশালাৰ গৰাকী আৰু তেওঁৰ পত্নী বৰ সোনকালে শুই উঠে আৰু সেইদিনা বিজ্ঞানীজনৰ কোঠাৰ দুৱাৰখন মেল খাই থকা দেখি আচৰিত হ’ল । সাধাৰণতে এইখন বন্ধ হৈ থাকে আৰু ভিতৰৰপৰা অৰ্গল লগাই থোৱা হয় ; কোনোবা যদি সোমাই যায় তেওঁ অতি উগ্ৰ হৈ উঠে। সেয়েহে এই সুযোগটো তেওঁলোকে হেৰুৱাব নুখুজিলে। তেওঁলোকে দুৱাৰৰ ফাঁকেৰে জুমি চাই ভিতৰত কাকো নেদেখি অলপ অনুসন্ধান কৰাৰ কথা ভাবিলে । বিছনাত কিছু সময়ৰ আগৰেপৰা মানুহ নাই বুলি বুজায় কাৰণ বিছনাৰ কাপোৰবোৰ চেঁচা পৰি আছে আৰু বিজ্ঞানীজনে পৰিধান কৰা পোছাক-পাতি আৰু বেণ্ডেজৰ কাপোৰবোৰ কোঠাটোৰ য’তে ত’তে ছেদেলি-ভেদেলি হৈ পৰি আছে।
হঠাতে শ্ৰীমতী হলে তেওঁৰ কাণৰ কাষত কাৰোবাৰ নাকৰ ফোঁচ ফোঁচনি শুনিলে।অকণমান সময়ৰ পাচতেই বিছনাখনৰ খুটি এটাৰ ওপৰত থকা টুপীটো নিজে নিজেই তেওঁৰ মুখৰ ফালে খেদা মাৰি আহিল। তাৰ পাচত কোঠাত থকা চকীখনে প্ৰাণ পালে । শূন্যতে ঘূৰি ঘূৰি সেইখন আহি পোনে পোনেই তেওঁৰ ভৰিৰ ওচৰতে পৰিলহি।যেতিয়া তেওঁ আৰু তেওঁৰ স্বামীয়ে আতঙ্কিত হৈ কোঠাৰপৰা ওলাই আহিবলৈ ধৰিলে, সেই জীৱন্ত চকীখনে তেওঁলোকক ঠেলি-হেঁচি আনি বাহিৰত থৈ গ’ল।তাৰ পাচত কোঠাৰ দুৱাৰখন জাপ খালে আৰু ভিতৰৰপৰা অৰ্গল লগাই দিয়া হ’ল।
শ্ৰীমতী হল ভয় খাই তললৈ নমা খটখটিতে পৰিবলৈকে লৈছিল। কোঠাটো ইতিমধ্যে ভূতে দখল কৰি লৈছে বুলি তেওঁৰ দৃঢ় বিশ্বাস হ’ল আৰু এই অদ্ভুত ধৰণৰ মানুহজনেই কোঠাৰ আচবাববোৰৰ মাজলৈ ভূতক মাতি আনিছে বুলি তেওঁ ধৰি ল’লে।
“মোৰ বেচেৰী আয়ে সেই চকীখনত বহিছিল,”
তেওঁ নিজেই নিজকে ফুচফুচাই কলে ,
“সেইকাৰণে সেইখন মোলৈ এতিয়া জঁপিয়াই আহিছে বুলি ভাবিছোঁ।”
ঘটনাবোৰ ডাইনী-যখিনীৰ কাণ্ড বুলি ওচৰে-পাঁজৰে ৰটনা হ’ল।যেতিয়া যাজকজনৰ ঘৰৰ চুৰিৰ কাণ্ডটোৰ প্ৰচাৰ হ’ল,এই আচহুৱা বিজ্ঞানীজনৰে ঘাইকৈ এই কামত হাত থকা বুলি সন্দেহ কৰা হ’ল।এই সন্দেহ ক্ৰমান্বয়ে দৃঢ় হ’ল যেতিয়া তেওঁ হঠাতে নগদ টকা উলিয়াই দিলে যদিও তেওঁ হাতত ধন নাই বুলি কোৱা বৰ বেছি সময় হোৱাই নাছিো।
গাঁৱৰ পুলিচ কনিষ্টবলজনক মনে মনে মাতি পঠিওৱা হ’ল।কনিষ্টবলজন আহি পোৱালৈ বাট চাবলৈ ধৈৰ্য্য নধৰি শ্ৰীমতী হল বিজ্ঞানীজনৰ ওচৰ পালেগৈ।তেওঁ ইতিমধ্যে কেনেবাকৈ ৰহস্যজনকভাৱে খালী হৈ থকা কোঠাটোৰপৰা ওলাই আহিছিল।
“মই জানিবলৈ বিচাৰিছোঁ — তুমি মোৰ চকীখনৰ কি অৱস্থা কৰিলা?”
তেওঁ দাবী কৰিলে ,
“আৰু মই জানিব খুজিছোঁ —-
খালী হৈ থকা কোঠাটোৰপৰা তুমি কেনেকৈ ওলাই আহিলা আৰু বন্ধ দুৱাৰখনেৰে তুমি ভিতৰলৈ কেনেকৈ সোমাই গৈছিলা?”
বিজ্ঞানীজন সদায়েই অধৈৰ্য আছিল ; এতিয়া খঙত জ্বলি-পকি উঠিল,
“তুমি নুবুজিবা মই কোন আৰু কি !”
তেওঁ চিঞৰি চিঞৰি ক’লে ,
” ঠিক আছে, মই তোমাক দেখুৱায়েই দিওঁ তেনেহলে।”
লগে লগে তেওঁ মুখত বান্ধি থোৱা বেণ্ডেজবোৰ খুলি দলিয়াই দিলে; তাৰ লগতে নকল ডাঢ়ি-গোঁফ, চছমাযোৰ ,আনকি নাকটোও খুলি পেলালে।এক মিনিটমানতে তেওঁ এইবোৰ কৰি শেষ কৰিলে। অতিথিশালাৰ বাৰখনত বহি থকা মানুহবোৰে আতঙ্কিত হৈ মূৰ নাইকীয়া মানুহ এজনলৈ থৰ লাগি চাই ৰ’ল।
মিঃ জেফাৰ্ড অৰ্থাৎ কনিষ্টবলজন ইতিমধ্যে আহি পালেহি আৰু দৃশ্যটো দেখি অতি আচৰিত হৈ ভাবিলে, তেওঁ মূৰ নথকা মানুহ এজনকে গ্ৰেপ্তাৰ কৰিবলৈ আহিছে নেকি?পিচে তেওঁ সহজতে নিজৰ কৰ্তব্যৰপৰা পিছলি পৰিব পৰা মানুহ নহয়।যদি এজন ন্যায়াধীশে কাৰোবাক গ্ৰেপ্তাৰ কৰিবলৈ আদেশ দিছে তেনেহলে সেই মানুহজনক গ্ৰেপ্তাৰ কৰিবই লাগিব— লাগিলে তেওঁৰ মূৰ থাককেই বা নাথাকক।
তাৰ পাচত সেই ঠাইত এটা স্মৰণীয় দৃশ্যৰ অৱতাৰণা হ’ল যেতিয়া পুলিচজনে বিজ্ঞানীজনক গ্ৰেপ্তাৰ কৰিব খুজিলে।কাৰণ বিজ্ঞানীজনে গাৰ সকলো আভূষণ এটা এটাকৈ খুলি দলিয়াই ক্ৰমে ক্ৰমে তেওঁ সম্পূৰ্ণৰূপে অদৃশ্য হ’বলৈ গৈ আছিল।অৱশেষত এটা কামিজ বতাহত উৰি থাকিল আৰু পুলিচজনে অদৃশ্য কোনোবা এজনৰ সৈতে দবৰাদবৰি কৰিবলৈ ধৰিলে।কিছুমান মানুহ তেওঁৰ সহায়ৰ বাবে আগবাঢ়ি আহিল যদিও তেওঁলোকে কোনোবা ফালৰপৰা অহা অদৃশ্য মানুহ এজনৰ ঘোচা খাব লগা হ’ল।
দৃশ্যটোৰ সামৰণিত জেফাৰ্চক ঘুচিয়াই অচেতন কৰি পেলোৱা হ’ল যেতিয়া তেওঁ শেষ বাৰৰ বাবে অদৃশ্য বিজ্ঞানীজনক ধৰিবলৈ পদক্ষেপ লৈছিল।
তাত কেৱল ভয় আৰু শঙ্কাত উত্তেজিত হৈ চিঞৰ-বাখৰ কৰা শুনা গ’ল, “ধৰ তাক”।কিন্তু এই কথাটো কোৱাহে সহজ — কৰাটো সহজ নাছিল। গ্ৰিফীনে নিজকে মুক্ত কৰি ল’লে আৰু তাত থকা কোনেও নাজানে কোনফালে হাত মেলিলে তেওঁক পোৱা যাব।
************
10:34 AM
সুন্দৰ অনুবাদ।