মহান দাৰ্শনিক চক্ৰেটিছ আৰু এপিয়লা হেমলক(বিহ)-কুঞ্জ খাউণ্ড

বিশ্ববিখ্যাত দাৰ্শনিক ছক্ৰেটিছ  আছিল এগৰাকী ধ্ৰুপদী গ্ৰীক এথেনিয়ান।তেওঁৰ জন্ম হৈছিল খ্ৰীষ্টপূৰ্ব ৪৬৯ ত গ্ৰীচৰ এথেন্স চহৰত।দেউতাক ছক্ষোনাইছাৰ এজন শিলা-কুটী(শিলৰ মূৰ্তি গঢ়াৰ ভাস্কৰ) আৰু মাক ফেনাৰেট  আছিল এগৰাকী ধাই।ছক্ৰেটিছে জান্তিপ নামৰ এগৰাকী মহিলাক বিয়া কৰাইছিল। তেওঁলোকৰ তিনিটা সন্তান আছিল ক্ৰমে লেম্প্ৰ’ক্লেছ, ছ’ফ্ৰ’নিস্কাছ আৰু মেনেক্সিনাছ। ছক্ৰেটিছৰ জীৱনধাৰণ পদ্ধতি আছিল অতি সাধাৰণ। সাধাৰণ কাপোৰ আৰু সুদা ভৰিৰেই তেওঁ চলা-ফিৰা কৰিছিল। তেওঁ দৰ্শন সম্পৰ্কীয় জ্ঞানৰ বাবে কোনো বিদ্যালয় বা দাৰ্শনিকৰ ওচৰত শিক্ষা লোৱা নাছিল। নিজৰ আৰ্জিত শিক্ষা, জ্ঞান আৰু অভিজ্ঞতাৰপৰাই তেওঁ নিজস্ব এটা দৰ্শন গঢ়ি তুলিছিল আৰু লগতে তেওঁৰ আকৰ্ষণীয় ব্যক্তিত্ব, স্পষ্টবাদিতা আৰু মহানুভৱতাই তেওঁক বিশ্বৰ বিখ্যাত দাৰ্শনিকসকলৰ সৈতে একে শাৰীতে বহুৱাইছিল। তেওঁৰ আৰ্থিক অৱস্থাৰ বাবে ঘৰ চলোৱাৰ ক্ষেত্ৰত পত্নীৰপৰাও গালি খাব লগা হৈছিল।তথাপি এইবোৰ সমস্যাই ছক্ৰেটিছক মহান আদৰ্শৰপৰা আঁতৰাই আনিব নোৱাৰিলে।

পাশ্চাত্য দৰ্শনৰ এক অন্যতম প্ৰতিষ্ঠাপক এইগৰাকী ৰহস্যময় দাৰ্শনিক ঘাইকৈ তেওঁৰ ছাত্ৰ প্লেটো, জেন’ফ’ন আদিৰ লেখা তথা তেওঁৰ সমসাময়িক এৰিষ্ট’ফেনৰ নাটকসমূহৰ মাজেৰেহে অধিক পৰিচিত।বহুতৰ মতে প্লেটোৰ লিখনিবোৰেই ছক্ৰেটিছৰ শিকনসমূহৰ নিৰ্ভৰযোগ্য উৎস।

জ্ঞানপিপাসু ছক্ৰেটিছৰ নাম নজনা মানুহ হয়তো আজিৰ দিনত নাই।পশ্চিমৰ দৰ্শনৰ মূল ভেটিস্বৰূপ ছক্ৰেটিছৰ দৰ্শন কম-বেছি পৰিমাণে আমাৰ সকলোৰে জ্ঞাত। তেওঁৰ ধ্যান-ধাৰণাক কেন্দ্ৰ কৰিয়েই পাশ্চাত্য দৰ্শনৰ ভেটি গঢ় লৈ উঠিছিল। তেওঁৰ মতে….

“পৃথিৱীত এটা মাত্ৰ মঙ্গল আছে – জ্ঞান। এটা মাত্ৰ অমঙ্গল আছে – অজ্ঞতা ।”

 ছক্ৰেটিছ, প্লেটো‌, এৰিষ্টটল – এই ত্ৰিমূৰ্তিয়ে পশ্চিমৰ জ্ঞান সন্ধানী সমাজত এক নতুন বাট প্ৰদৰ্শন কৰি থৈ গৈছিল,‌ যি বাটেৰে আজিও পশ্চিমীয়া সভ্যতা অগ্ৰসৰ। হোমেন বৰগোহাঞিদেৱে ছক্ৰেটিছৰ প্ৰসংগত তেওঁৰ এখন গ্ৰন্থ ‘মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ’ত উল্লেখ কৰিছিল যে –  

“ছক্ৰেটিছে দৰ্শনক আকাশৰ পৰা মাটিলৈ নমাই আনিছিল।” 

কথাখিনিৰ তাৎপৰ্য তেখেতেই ব্যাখ্যা কৰি গৈছিল – যি সময়ত ছক্ৰেটিছ গ্ৰীচত জন্মগ্ৰহণ কৰিছিল তাৰ বহু আগৰেপৰাই সেই যুগৰ দুই মহাশক্তি গ্ৰীচ আৰু পাৰস্যৰ মাজত অবিৰাম যুদ্ধ চলি আছিল।অৱশেষত সেই যুদ্ধত গ্ৰীচৰ জয় হয়। এই জয়লাভে গ্ৰীকসকলক অধিক আত্মবিশ্বাসী কৰি তুলিছিল আৰু বহিঃশত্ৰুৰ আক্ৰমণৰপৰা মুক্ত হৈ তেওঁলোকে জ্ঞান চৰ্চাৰ বাবে অগ্ৰসৰ হৈছিল। আদিম কালৰপৰাই মানুহৰ চিন্তা আৰু ৰহস্য উদঘাটনৰ মূল বিষয়বস্তু আছিল ক্ৰমে – ঈশ্বৰ, প্ৰকৃতি আৰু মানুহ । আজিকালি অৱশ্যে ‘ধৰ্ম’ এক নতুন সংযোজন।বিভিন্ন যুগত বিভিন্ন সভ্যতাত ইয়াৰে এটাক অধিক গুৰুত্ব দি বাকী দুটাক আপেক্ষিকভাৱে কম গুৰুত্ব প্ৰদান কৰা হৈছিল। কিন্তু গ্ৰীচ দৰ্শনত ঠাই পাইছিল বিশেষকৈ প্ৰকৃতিয়ে। প্ৰকৃতিৰ ৰহস্য ভেদ কৰাটোৱেই আছিল তেওঁলোকৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য। ‌‌জ্ঞান‌ পিপাসু ছক্ৰেটিছেও জ্ঞানৰ সাধনা আৰম্ভ কৰিছিল প্ৰকৃতিৰ অধ্যয়নৰ দ্বাৰাই, যেনে গ্ৰহ-নক্ষত্ৰৰ অধ্যয়ণৰ দ্বাৰা। কিন্তু এটা সময়ত তেওঁৰ কৌতূহলী দৃষ্টি আকাশৰ পৰা নামি আহিল মাটিলৈ অৰ্থাৎ মানুহলৈ।তেওঁৰ চিন্তাৰ একমাত্ৰ বিষয় হৈ পৰিল মানুহ । ডাগ্ হেমাৰশ্বল্ডৰ দৰে ছক্ৰেটিছেও উল্লেখ কৰিছিল যে সকলোতকৈ দীৰ্ঘতম ভ্ৰমণ হ’ল নিজৰ অন্তৰৰ ভিতৰলৈ কৰা ভ্ৰমণ। অৰ্থাৎ ‘আত্মানাং বিধি – নিজক জানা’। গ্ৰীচ দেশৰ সেইসময়ৰ বিখ্যাত এ’পলো দেৱতাৰ মন্দিৰত সেইসময়ৰ সকলো জ্ঞান পিপাসু মানুহে জিজ্ঞাসাৰ উত্তৰ বিচাৰি গৈছিল । এদিন ছক্ৰেটিছেও গৈ এই মন্দিৰত উপস্থিত হ’ল ; সেই মন্দিৰৰ পুৰোহিত জনে তেতিয়া প্ৰশ্ন কৰিছিল –  

“তোমালোক কোন ? ইয়ালৈ কি বিচাৰি আহিছা?”

 তেতিয়া ছক্ৰেটিছে উত্তৰ দিছিল – 

“মোৰ নাম ছক্ৰেটিছ।মোৰ ঘৰ এথেন্সত । মই কেৱল এটা কথাই জানো, সেইটো‌ হৈছে মই একোৱেই নাজানো।”

ছক্ৰেটিছৰ এই সাধাৰণ যেন লগা স্বীকাৰোক্তিটো পৰিণত হৈছে এটা অমৰ আপ্তবাক্যত‌। ছক্ৰেটিছৰ মৃত্যুয়ে ছক্ৰেটিছক আৰু অধিক স্মৰণীয় কৰি তুলিলে আৰু অমৰত্ব প্ৰদান কৰিলে।

মৃত্যু কি? আমাৰ সাধাৰণ মানুহৰ বাবে মৃত্যু এক বিভীষিকা।কিন্তু এই বিভীষিকাময় মৃত্যুৰ সংজ্ঞা ছক্ৰেটিছৰ বাবে তেনেই সাধাৰণ আছিল।ছক্ৰেটিছৰ মতে – 

“মৃত্যু হ’ল মঙ্গলময় অথবা ই এক গভীৰ নিদ্ৰা মাত্ৰ। আনকি স্বপ্নয়ো সেই নিদ্ৰাত ব্যাঘ্যাত ঘটাব নোৱাৰে। আনহাতে মৃত্যুৰ পিছতো যদি জীৱন আৰু পৰকাল থাকে,তেন্তে মই ইহকালত বিচৰাৰদৰে পৰকালতো শুদ্ধ আৰু প্ৰকৃত জ্ঞান বিচাৰিব পাৰিম ; কোন প্ৰকৃততে জ্ঞানী আৰু কোনে জ্ঞানীৰ ভাওহে ধৰিছে সেই কথাও মই বিচাৰ কৰিব পাৰিম।”

 পেল’পনেছিয়ান যুদ্ধত স্পাৰ্টাৰ হাতত এথেন্স যেতিয়া পৰাজিত হৈছিল তেতিয়া এথেন্সৰ এই পৰাজয়ৰ একমাত্ৰ কাৰণ গণতান্ত্ৰিক শাসনব্যৱস্থা বুলি কিছুমানে প্ৰচাৰ কৰি অভিজাততন্ত্ৰ প্ৰতিষ্ঠা কৰিছিল যদিও ই বেছিদিন স্থায়ী নহ’ল।গণতন্ত্ৰৰ সমৰ্থকসকলে ইয়াৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে আৰু অভিজাততন্ত্ৰৰ নেতা ক্ৰিটিয়াছৰ মৃত্যুৰ পিছত গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা হয়। নতুন শাসকসকলে থিৰাং কৰিলে যে গণতন্ত্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ বাবে এজন লোকে শাস্তি পাব লাগিব আৰু এই বাছনিত নাম আহিল ছক্ৰেটিছৰ। কাৰণ ক্ৰিটিয়াছ ছক্ৰেটিছৰ শিষ্য আছিল। কিন্তু এয়াও সঁচা যে ক্ৰিটিয়াছ আৰু ছক্ৰেটিছৰ খুব ভাল এটা সম্পৰ্ক নাছিল। ছক্ৰেটিছক প্ৰাণদণ্ড দিয়া হ’ল ।‌ যিহেতু গ্ৰীচত ফাঁচি দিয়াৰ বিধি নাছিল সেয়েহে ‘হেমলক’ নামৰ এক কালান্তক বিষ পান কৰাই তেওঁক মৃত্যু দিয়া হৈছিল । জনসভাত ক্ষমা খুজিলে তেওঁ হয়তো প্ৰাণদণ্ডৰপৰা নিস্তাৰ পালেহেঁতেন কিন্তু তেওঁ তেনে কৰা নাছিল । মৃত্যুৰ আগে আগে তেওঁ মাথোঁ  প্ৰিয় শিষ্য ক্ৰিটোক কৈ গৈছিল 

“ক্ৰিটো , মই এছক্লিপোছিয়াছৰ পৰা এটা কুকুৰা ধাৰলৈ আনিছিলো , তেওঁৰ প্ৰাপ্য ধনখিনি পৰিশোধ কৰিবা।”

 এয়াই আছিল তেওঁৰ অন্তিম কথা।

এনেকৈ সামৰণি পৰিছিল দৰ্শনৰ এক উজ্জ্বল নক্ষত্ৰৰ। তেওঁৱেই হ’ল দৰ্শনৰ প্ৰথম শ্বহীদ। মৃত্যুৰ আগমুহূৰ্ততো

তেওঁৰ মুখত নাছিল কোনো উৎকণ্ঠতাৰ ভাব। শান্ত-সমাহিতভাৱে তেওঁ বহি আছে জেলৰ এচুকৰ আসনখনত। ভগৱান সম্বন্ধে থকা প্ৰচলিত ধাৰণাৰ বিৰুদ্ধাচৰণ কৰা আৰু যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰাৰ অভিযোগত ছক্ৰেটিছ বিচাৰৰ কাঠগড়াত থিয় হৈছিল। তেওঁক দোষী সাব্যস্ত কৰা হ’ল। বিচাৰৰ ৰায় হিচাবে তেওঁক মৃত্যুদণ্ড বিহা হ’ল। মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ বাবে তৈয়াৰ কৰা হৈছে এপিয়লা বিহ- হেমলক ! জেলৰ বিষয়াজনে ইংগিত প্ৰদান কৰাৰ লগে-লগে ক্ষীণকায় চেহেৰাৰ ভৃত্য এজনে তেওঁলৈ আগবঢ়াই দিলে বিষাক্ত হেমলকৰ পিয়লাটো। জেলৰ বিষয়াজনে ক’লে…

“মহাশয়, আপুনি নিশ্চয় বুজি পাইছে এয়া কি?”

 ছক্ৰেটিছে পিয়লাটো হাতত লৈ সুধিলে : 

“এতিয়া মই কি কৰিব লাগিব ?” 

বিষয়াজনে ক’লে : 

“আপুনি পিয়লাৰ বিষখিনি পান কৰি কোঠাটোৰ ভিতৰতে অলপ পায়চাৰি কৰক। যেতিয়া আপোনাৰ ভৰি দুখন গধুৰ গধুৰ যেন অনুভৱ হ’ব, তেতিয়া আপুনি সেই বিছনাখনত শুই দিব।” 

“মই বুজি পাইছো।” – ছক্ৰেটিছে ক’লে।

জেলৰ ভিতৰত যেন ভয়াবহ নীৰৱতা। ছক্ৰেটিছে মূৰ তুলি চালে। তেওঁ দেখা পালে, তেওঁৰ মৰমৰ ছাত্ৰবোৰৰ চকুবোৰ চলচলীয়া। জেলৰ নীৰৱতা ভাঙি ছক্ৰেটিছে ক’বলৈ ধৰিলে : 

“এয়া কেনে কথা বাৰু ! কন্দা-কটা হ’ব বুলিয়েই মই জেলৰ ভিতৰলৈ মহিলাসকলক আহিবলৈ অনুমতি দিয়া নাছিলো আৰু এতিয়া তোমালোকে এনে কৰিলে ভাল হ’ব জানো?”

ছক্ৰেটিছৰ প্ৰিয় শিষ্য এপোলোডাচ বেছিকৈ বিচলিত হৈছিল। তেওঁৰ উচুপনি বন্ধ কৰিবলৈ ছক্ৰেটিছে ক’লে :

 “মই নীৰৱতাৰ মাজত মৰিব বিচাৰো। আশা কৰোঁ তুমি বুজি পাইছা এপোলোডাচ…।” 

এইবুলি কৈ তেওঁ দুচকু খন্তেকৰ বাবে বন্ধ কৰি পোন হৈ বহি ল’লে আৰু তাৰপিছত জেলৰ ভিতৰৰ সকলো শিষ্যৰ পিনে এবাৰ চাই হেমলকৰ পিয়লাটোৰপৰা বিষখিনি মুখত ঢালি দিলে। জেলৰ ভিতৰত তেতিয়া কেৱল উচুপনিৰ শব্দ। ছক্ৰেটিছে জেলৰ কোঠাটোৰ ভিতৰতে পায়চাৰি কৰিবলৈ ধৰিলে।

এটা সময়ত তেওঁ মৰমৰ আন এজন শিষ্য ক্ৰিটোক জনালে যে তেওঁৰ ভৰি দুখন ক্ৰমে জঠৰ হৈ আহিছে। শিষ্যসকলে তৎক্ষণাৎ তেওঁক আলফুলে ধৰি কাষতে থকা বিছনাখনত শুৱাই দিলে। তেওঁৰ মূৰত এখন কাপোৰে ঢাকি দিয়া হ’ল। কেইজনমানে তেওঁৰ ভৰি দুখনত মৃদুভাৱে মালিচ দিবলৈ আৰম্ভ কৰিলে। 

: মহাশয়, ভৰি দুখনত কিবা অনুভৱ কৰিছে নে?

 শিষ্যসকলে সোধে। 

ছক্ৰেটিছে হাতখন লৰাই কিবা এটি ইংগিত দিলে। শিষ্যসকলৰ উচুপনিৰ শব্দবোৰ ক্ৰমাৎ বেছি হৈ আহিল। এনেতে ছক্ৰেটিছে মূৰৰপৰা কাপোৰখন আঁতৰাই কৈ উঠিল : 

“ক্ৰিটো, মই এচক্লেপিয়াচক কুকুৰা এটা দিবলৈ থাকি গ’ল। তুমি মোৰ হৈ তেওঁক কুকুৰাটোৰ মূল্যটো পৰিশোধ কৰি দিবানে ?” 

হুকহুকাই কান্দি উঠিল ক্ৰিটো। থোকাথুকি মাতেৰে তেওঁ ক’লে : 

“নিশ্চয় কৰিম মহাশয়। আপুনি আৰু কিবা ক’বনে?”

ছক্ৰেটিছৰ পৰা আৰু কোনো উত্তৰ নাহিল। ইতিমধ্যে পৃথিৱীৰ মায়া এৰি নীৰৱেই গুচি গৈছিল বিখ্যাত দাৰ্শনিক ছক্ৰেটিছ। তেওঁ বিচৰা হ’লে মৃত্যুৰপৰা হাত সাৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁৰ দৰ্শন আছিল..

 “এদিন মৰিবই লাগিব, দোষ কৰি মৰাতকৈ বিনাদোষত মৰাতো মৰ্য্যদাপুৰ্ণ মৃত্যু”। 

এয়াই আছিল এজন মহান দাৰ্শনিকৰ শেষ সময়ৰ উপলব্ধি আৰু মানৱ জাতিৰ প্ৰতি বাৰ্তা।

নীতিশিক্ষাৰ ক্ষেত্ৰত ছক্ৰেটিছৰ অৱদান অপৰিসীম। তেওঁৰ মতে – 

“দৰ্শন ত‍্যাগ কৰা আৰু মৃত্যুৰ ভয়ত সৈনিকে যুদ্ধক্ষেত্ৰ ত‍্যাগ কৰা একেই কথা।”

                                               (সহায় লৈ)
************

One comment

  • Kumkum Sarmabaruah

    ছক্ৰেটিছৰ বিষয়ে নজনা কথা জানিলো।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *