মা তোৰেই মৰমত-মানসী শৰ্মা

তাই গাটো ধুই লৰালৰিকৈ শাহুৱেক উঠাৰ উমান পাই  পাকঘৰ সোমালগৈ।শাহুৱেকে নিজে  চাহকাপ বনাবলৈ  অহাৰ আগতেই তাই  চাহৰ চচটো গেছত উঠাই দিলে।  শাহুৱেকে মনতে  ভাবিলে 

“আজি দেখোন শেনৰ  এজাত।”

শাহুৱেকে মুখখন ধুই অহাৰ লগে লগেই হাজাৰ কামৰ মাজতো চাহকাপ তায়েই দিবলৈ চেষ্টা কৰে।শাহুৱেকে  কথাটো সিমান ভাল নাপালে।তেখেতে সন্দেহ কৰিবলৈ ল’লে।

“মই চাহৰ লগত পিঠা, লাডু খাওঁ  বুলিয়েই এই নিজেই চাহ দিবলৈ লৈছে।ৰ’ তোক মজা দিম।মোৰ খোৱা তই  সৰহ দেখ।”  

তেওঁ বোৱাৰীৰ খুঁত  ধৰিবলৈ সুযোগ বিচাৰি থাকিল।

এদিন সুযোগ মিলিল। তাইৰ হাজাৰ  সাৱধানতাৰ মূৰতো এদিন দোষ  ওলাল।

“এইবোৰ চাহ দি থৈ গৈছ, চাহৰ গিলাচটোত  এইডাল চুলি! মূৰটো ভালদৰে আঁচুৰি নাহ, কাপোৰ-কানিত লাগি থাকে চাগে।দিওঁ বুলিয়েই  দিয় নেকি ঠিক নাই।  চুলি-তুলি, যি- তি খাই বুঢ়ী হাগনি হৈ মৰক।মই মৰিলেই তই ভাল পাবি।” 

শাহুৱেকে বকিবলৈ ধৰিলে।তাই মনে  মনে থাকিল।এই  বেমাৰটো  হ’লে  লুভীয়া হয়েই নেকি।ইমান ঠাণ্ডা  মানুহজনীৰ ইমান খং। এতিয়া কিবা  ক’লে কথা বাঢ়িবহে।

গধূলি পুতেক দোকানৰ পৰা অহাৰ  লগে লগে মাকে বোৱাৰীয়েকৰ গুণ  গালেই।

“মই গম পাওঁ মা, তাই ফোন কৰি মোক  কৈছিলে। তাই চুলিডাল লাগি থকা  নেদেখিলে অ’!হ’ব দে। তোক যে তাই  একো কাম কৰিবলৈ নিদিয়াকৈ  আদৰ-যত্নত ৰাখিছে।কেইজনী  বোৱাৰীয়ে ইমান আলপৈচান ধৰে কচোন।আমাৰ গাঁওতে তই দেখা নাই  বহুতৰ ঘৰতে খকা-খুন্দা  লাগিয়েই  থাকে।  বিয়া-বাৰুলৈ গ’লেও শাহু-বোৱাৰী একেলগে নাযায়।ৰাতিপুৱা চাহৰ কথাটো। হয়, তই  ৰাতিপুৱাই সেই মিঠা দিয়া  লাডু-পিঠাবোৰ খোৱাটো ভাল নহয়।তোৰ ডায়েবেটিচ আছে,  ইনচুলিন  লৈ থাক।এইবোৰ খালে তই কেইদিন  থাকিবি ক।  নাতিহঁতৰ বিয়া খাবলৈ আছেই।তোৰ অবিহনে মোৰ কি হ’ব।এই ঘৰখনৰ কি হ’ব।তোক যে আমি  বৰ ভাল পাওঁ মা”।

— এইবুলি  সি  মাকৰ কোলাতে মূৰ থৈ কান্দিবলৈ  ধৰিলে। মাকেও তাক সাবটি কান্দিবলৈ লাগিল।

“মা আপুনি অলপ বাচি বিচাৰি খালেহে  সুস্থ হৈ থাকিব। সেয়ে  মই…

মোক বেয়া নাপাব মা।আপোনাৰ কিবা  এটা হ’লে মইযে তেনেই অকলশৰীয়া  হ’ম  মা।”

নাতিহঁতে  আইতাক-দেউতাকৰ কি  হৈছে একো তলকিব নোৱাৰি ভয়তে  তাপ মাৰিলে।

************

Leave a Reply

Your email address will not be published. Required fields are marked *