মিনি আৰু পুছি -হৰিচন্দ্ৰ ডেকা
মিনিৰ ঘৰত এহাল মেকুৰী
দুয়োটাই বৰ সুখী,
এটাক এৰি থৈ ইটোৱে নাখায়
কদাপি নহয় দুখী।
বোন্দা মহাৰাজ মহা দগাবাজ
বোন্দীৰ নাম বাকৰী,
নামটো যেনেকৈ ৰাখিছে বুন্দিৰ
সঁচাকৈ তাই আঁকৰী।
বোন্দা দগাবাজ নিয়মৰো বাজ
কাৰ নো কথা সি মানে?
মালিকনী বাই সেয়েহে কোবাই
এই কথা তাই জানে।
বোন্দা যদিওবা মহা চয়তান
বোন্দীক কৰে মৰম,
চুৰ কৰি আনি আধা ভাগ দিয়ে
তাইৰ লাগে চৰম।
এইদৰে দুয়ো চলি আছে ঠিকে
একো পয়মাল নাই,
মালিকনী বাই নিতৌ থাকে চাই
লাগে নেকি দ্বন্দ্ব- হাই।
এদিন পুৱাই মালিকনী বাই
আলু পুৰিবলৈ ল’লে,
জুইৰ তাপত কেতিয়ানো সিজে
দুয়োকো চাবলৈ ক’লে।
পোৰা গোন্ধ পাই বোন্দা চয়তানে
বাৰে বাৰে ঢোক গিলে,
এটা দুটা কৰি পোৰা আলুবোৰ
বোন্দীক আনিব দিলে।
অঙঠাৰ তাপে বোন্দীক দহিলে
ভৰিখন গ’ল পুৰি,
বোন্দাটোৰ একো খবৰেই নাই
এবাৰো নাচালে ঘূৰি।
মালিকনী বাই জুহালত চাই
এটাও আলু নাপালে,
বাকৰীৰ ভৰি থকা দেখি পুৰি
ভাবিলে তায়েই খালে।
সিদিনা আছিল বাকৰীৰ বাবে
একেবাৰে বেয়া দিন,
আধা পোৰা খৰি মূৰটোত মাৰি
ৰাখি থ’লে মস্ত চিন।
বাকৰীৰ পিছে নাই একো দুখ
বোন্দা মহা চয়তান,
বোন্দীৰ দ্বাৰাই আলু চুৰ কৰি
খেদালে তাইৰ মান।
************