মেকং নৈত নৌকা বিহাৰ-ৰঞ্জনা দত্ত
(ভিয়েটনাম ভ্ৰমণৰ শেষ ছোৱা)
মেকং নদীৰ নাম বহুত সৰুৰেপৰাই শুনিছোঁ। ১৯৬৭ চনতে প্ৰকাশ পোৱা প্ৰয়াত হেম বৰুৱাদেৱৰ ভ্ৰমণ কাহিনী ‘ মেকং নৈ দেখিলো’ অসমীয়া সাহিত্যৰ এক যুগান্তকাৰী ৰচনা। কিছু ডাঙৰ হোৱাৰ পিছত তেওঁৰ কিতাপখন পঢ়িছো। কি সুন্দৰ ভ্ৰমণ কাহিনী! মাজে মাজে এনে লাগে যেন কবিতাহে পঢ়িছো, কেতিয়াবা লাগে যেন আমোদজনক গল্প এটাহে পঢ়িছো! তেওঁৰ বিখ্যাত কিতাপখনত সন্নিবিষ্ট আছে পাঁচখন দেশ থাইলেণ্ড, কাম্বোডিয়া, লাওচ, মালয়ছিয়া আৰু চিঙ্গাপুৰৰ ভ্ৰমণ কাহিনীৰ ৰেঙনি। অৱশ্যে মালয়ছিয়া আৰু চিঙ্গাপুৰৰ মাজেৰে মেকং নদী প্ৰৱাহিত হোৱা নাই।
আমাৰ ১৩ দিনীয়া ভিয়েটনাম ভ্ৰমণৰ শেষৰ দিনটো আছিল মেকং নৈৰ ব-দ্বীপত ভ্ৰমণ। বিন নামৰ গাইড গৰাকীয়ে ৰাতিপুৱাৰ আহাৰ খাই আমাক সাজু হৈ থাকিবলৈ কৈ গৈছিল। মেকং নৈ দেখিবলৈ পোৱাৰ আনন্দত মনটো পুৱাৰেপৰা থৌকি-বাথৌ লাগি আছিল। পুৱা ৫ বজাতে উঠি বাহিৰলৈ চালোঁ। সুৰ্যোদয়ৰ ৰঙীন আভাৰে হো-চি-মিন চহৰখন ৰঙীন কৰি তুলিছে। মনটোও কিবা এক অবুজ ভাললগাৰে ৰঙীন হৈ পৰিল।
মেচিন নাওবোৰ ৰখা মেকং নৈৰ সৰু বন্দৰটোলৈ হোটেলৰপৰা এঘন্টামানৰ বাট। পৰিষ্কাৰ-পৰিচ্ছন্ন, আহল-বহল বাটটোৱে গৈ সময়ৰ আগেয়েই বন্দৰটো পালোগৈ। টিকেট ঘৰটোত সোমাওঁতেই আইনাৰ খিৰিকীৰে বাহিৰত অসংখ্য চালি দিয়া মেচিন নাও ৰৈ থকা দেখিবলৈ পালোঁ। বিনে টিকেট কাটিবলৈ যোৱাৰ সময়তে আমি টিকেট ঘৰৰ বেৰত লগাই থোৱা ডাঙৰ ডাঙৰ তথ্যসমৃদ্ধ আলোকচিত্ৰবোৰ চাবলৈ ধৰিলোঁ। ছবি আৰু তথ্যৰ সহায়ত সুন্দৰভাৱে মেকঙ নৈৰ বিষয়ে লিখা আছে।
তিব্বতৰ মালভূমিৰপৰা উৎপত্তি হোৱা মেকং নৈখনে চীন, মিয়ানমাৰ ,থাইলেণ্ড, কাম্বোডিয়া, লাওচ হৈ দক্ষিণ ভিয়েটনামত যাত্ৰা শেষ কৰাৰ সময়ত বৃহৎ ব-দ্বীপৰ সৃষ্টি কৰি দক্ষিণ চীন সাগৰত মিলিত হৈছেগৈ । সম্পূৰ্ণ দৈৰ্ঘ্য প্ৰায় ৫০০০ কি:মি:। ইয়াৰ অৱবাহিকা অঞ্চলত হেনো ২০,০০০ প্ৰজাতিৰ গছ আৰু নদীত ৮৫০ প্ৰজাতিৰ মাছ পোৱা যায়। আলোকচিত্ৰবোৰত মেকঙ ডেল্টাৰ বিভিন্ন ধৰণৰ ওপঙা বজাৰৰ ফটো ওলোমাই থোৱা আছিল। কিছুমান ৰঙ-বিৰঙী ফুলৰ ওপঙা বজাৰ, আন কিছুমান আকৌ ফলমূল আৰু আন সা-সামগ্ৰীৰ বজাৰ। তথ্য আলোকচিত্ৰবোৰৰ এখনত পঢ়িলোঁ – মেকঙ নদীৰ ব-দ্বীপত সমগ্ৰ ভিয়েটনামত উৎপন্ন হোৱা চাউলৰ আধাতকৈও বেছি চাউল আৰু দেশৰ প্ৰায় ৭০% জলজ সামগ্ৰী উৎপন্ন হয়। আমাক বিনে ক’লে –
“আজি আমি এই সকলোবোৰ বজাৰেই অলপ অলপ দেখিবলৈ পাম। লগতে আন কিছুমান আচৰিত বস্তুও দেখিবলৈ পাব।” তেওঁ ক’লে – “ৰিয়েল এক্সপিৰিয়েন্স ইজ মাচ্চ ম’ৰ বিউটিফুল এণ্ড ন’লেজেবল দেন পিকচাৰ্চ।” আমি আটাইকেউজনে তেওঁ কথা শলাগিলোঁ।
পুৱা ন মান বজাত আমাৰ নৌকাবিহাৰ আৰম্ভ হ’ল। আঠ-দহ জনমানমান যাত্ৰী বহিব পৰা চালি দিয়া মেচিন নাও, দুয়োকাষ খোলা। আগফালে চালকৰ বাবে দুখন আসন। এইবোৰ কোনো বিলাসী নাও নহয়। পিচফালে আঁওজিব পৰাকৈ কাঠৰ তক্তা দুটুকুৰাকৈ লগোৱা কুচন থকা কাঠৰ চকী। ওপৰৰ চালিখনৰ তলৰফালে উজ্জ্বল কমলা ৰঙৰ লাইফ জেকেটবোৰ লগাই থোৱা আছে। নাৱত যাত্ৰী হিচাপে শৰ্মা আৰু পৰিবাৰ, আমি দুজন আৰু আমাৰ গাইড বিন। উজ্জ্বল ফৰকাল নীলা আকাশৰ মাজে মাজে ডাৱৰৰ সৰু সৰু টুকুৰাবোৰ। মদৰুৱা পানীত কিন্তু আকাশ আৰু ডাৱৰে খেলা কৰা নেদেখিলো।
দুয়োদিশৰপৰা ইখনৰ পিছত সিখনকৈ নাও আমাৰ কাষেৰে অহা-যোৱা কৰি আছে। যেন পানীৰ মাজৰ এক ব্যস্ত ৰাজপথ। কোনোবা এখন নাৱত তৰমুজৰ দ’ম, কোনোবাখনত নাৰিকল আন কোনোবা এখনত বস্তা ভৰ্তি শস্য। চালিবিহীন নাও চলাই যোৱা ভিয়েটনামী পুৰুষ-মহিলাসকলৰ মূৰত জোঙা জোঙা বাঁহজাতীয় বস্তুৰে নিৰ্মিত ভিয়েটনামী টুপী। এইডোখৰত নদীখন খুব বেছি বহল নহ’লেও ঠেকো নহয়। নদীৰ দুয়োপাৰে নদীৰ ওপৰতে সজা চাংঘৰবোৰ। নাওখন আগুৱাই যোৱাৰ লগে লগে বিনে কৈ গ’ল – “
মেকং ডেল্টাত মুঠ সাতখন ওপঙা বজাৰ আছে। এইখন ওপঙা বজাৰৰ নাম ‘কাই বি’। বহুত পুৰণি কালৰেপৰা ইয়াত বেপাৰ-বাণিজ্য চলি আহিছে। ইয়াৰ কাষৰীয়া অঞ্চলবোৰত উৎপন্ন হোৱা ফল-মূল, শস্য আদি এই নদী পথেৰে ভিয়েটনামৰ বিভিন্ন ঠাইলৈ সৰবৰাহ কৰা হয়।”
আঁতৰত কিছুমান নাও ৰখাই থোৱা দেখিলোঁ। কিছুমান নাৱৰ আগত দীঘল বাঁহ একোডাল লগাই আনাৰস, কঁঠাল, তৰমুজ আদিৰ ডাঙৰ টুকুৰা খুঁচি থোৱা দেখিলো। বিনে ক’লে –
“সেইবোৰ ফল-মূলৰ দোকান। কোনখনত কি বস্তু পোৱা যায় দূৰৰপৰাই গম পোৱা যায়।”
আমাৰ নাওখন কাষলৈ চপাই এখন নাৱৰ গাতে পথালিকৈ লগালেগৈ। বিন সিখন নাৱলৈ গৈ পাতেৰে নিৰ্মিত ডাঙৰ বাতি একোটা দুয়োখন হাতত লৈ তৰমুজৰ টুকুৰা আৰু কঁঠালৰ কোঁহ কিনি আনি আমাক দিলেহি । এনে সোৱাদ লগা ফল আগতে যেন কেতিয়াও খোৱা নাই এনে লাগিল। আন এটা পাতৰ বাতিত সুস্বাদু আনাৰসৰ টুকুৰা আনি দিলেহি । সেইখিনিতে আৰু দুখনমান নাও ইখনৰ গাত সিখন লগাই ৰৈ আছিল। বিদেশী পৰ্যটক কিছুমানক ফল-মূলৰ ওপঙা দোকানবোৰলৈ নিজে গৈ ফল-মূল কিনি খোৱা দেখিবলৈ পালোঁ।
এইবাৰ নাওখন কিছুদূৰ গৈ পানীৰ ওপৰত থকা ডাঙৰ চাংঘৰ এটাৰ সমুখত ৰখালেগৈ। একে লাইনতে এনেধৰণৰ বহুত ঘৰ দেখিবলৈ পালোঁ। এই ঘৰবোৰৰ এফাল জলভাগ আৰু আনফাল স্থলভাগৰ লগত সংলগ্ন।জলভাগত থকা অংশ পানীৰ ওপৰত পুতি থোৱা বাঁহৰ ওপৰত নিৰ্মিত। বিনে ক’লে –
“এইবোৰ দোকান। ইয়াতে স্থানীয় বস্তু তৈয়াৰ কৰি বিক্ৰী কৰে।”
বাঁহৰ চিৰিৰে ওপৰলৈ উঠি গ’লোঁ। ভিতৰত এটা ডাঙৰ কাৰখানা। মাইকী মানুহবোৰে পিঠাগুৰি, নাৰিকল, মুড়ি, চিৰা,বাদাম আদি গুড়ৰ লগত মিলাই বিধে বিধে (কেণ্ডি) মিঠাই বনোৱাত ব্যস্ত। গুড়ৰ লগত বেলেগে বেলেগে নাৰিকল, বাদাম,বগা তিল আদি মিলাই ভালদৰে পগাই ডাঙৰ থাল এখনত ঢালি দিয়ে। তাৰপিছত সৰু সৰু টুকুৰাকৈ কাটি পেকেটত ভৰায়। কিছুমানে চাউলৰ গুড়ি সিজাই ৰাইচ নেট বনোৱাত ব্যস্ত। পাপৰখনৰ আকাৰৰ চাউলৰ গুৰিৰে বনোৱা এই ৰাইচ নেটবোৰ শুকুৱাই বহুত দিনলৈকে থৈ দিব পৰা যায়। খাবৰ সময়ত অকণমান পানীত তিয়াই কোমলাই তাত মাছ, সেউজীয়া পাচলি আদি বিভিন্ন খাদ্য সুমুৱাই ভিয়েটনামী স্প্ৰিংৰোল বনায়। মানুহবোৰে বেলেগ বেলেগ ঠাইত মেচিনৰ দৰে কাম কৰি আছে। বেছিভাগ তিৰোতা মানুহ। কোনোবাই যদি গুড় পগোৱাত ব্যস্ত আন কোনোবাই ধুনীয়া কাগজেৰে কেণ্ডিবোৰ মেৰিওৱাত ব্যস্ত। কোনোবাই ৰাইচ নেট বনোৱাত ব্যস্ত যদি আন কোনোবাই ট্ৰেখনত কেণ্ডিৰ টুকুৰাবোৰ সমানকৈ কটাত ব্যস্ত। তেওঁলোকে আমাৰ হাতত কেণ্ডিৰ টুকুৰা একোটাকৈ তুলি দিলে। চাৰিওফালৰ ৰেকবিলাকত বিক্ৰীৰ বাবে বস্তুবোৰ সজাই থোৱা আছে। বাঁহ-বেতৰ সামগ্ৰী, কফি, চাহপাত আৰু বিভিন্ন ধৰণৰ মিঠা কেণ্ডিবোৰ। বিনে আমাক পিছফালৰ টেবুল এখনত বহুৱালেগৈ। তাতে গৰম ভিয়েটনামী পাতল হালধীয়া ৰঙৰ চাহৰ সতে কাৰখানাত বনাই থকা মিঠাই যাঁচিলেহি। খাই ভাল পালে তাতে কিনিব পৰা ব্যৱস্থা আছে।
এইবাৰ বিনে আমাক ওপঙা বজাৰৰ বেলেগ এখন দোকানলৈ লৈ গ’ল। তাত ৰেকবিলাকত বিভিন্ন আকাৰৰ বটলত ভিয়েটনামী সুৰা বিক্ৰীৰ বাবে সজাই থোৱা দেখিলোঁ। কিছুমান বটলৰ ভিতৰত প্ৰাণী বিদ্যাৰ লেবৰেটৰিত থোৱাৰ দৰে সাপ, কেঁকোৰা, জেঠী, চেলা আদি ৰঙীন পানীয়ৰ বটলত ভৰাই থোৱা দেখি আচৰিত হ’লো। এইবাৰ বিনে আমাক ভিতৰৰ কাৰখানটো দেখুৱাবলৈ লৈ গ’ল। সোমাই যাওঁতেই ক্ষুদ্ৰ আকাৰৰ চিনামাটিৰ বাতি একোটাত আমাক নাৰিকলৰপৰা প্ৰস্তুত কৰা সুৰা যাঁচিলে। ভিতৰৰ ৰেকবোৰত ডাঙৰ ডাঙৰ সুৰাভৰ্তি আইনাৰ বৈয়াম। এই সুৰাবোৰ নাৰিকল আৰু চাউলৰপৰা তৈয়াৰ কৰা হয়। বৈয়ামবোৰৰ কেইটামানৰ ভিতৰত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ বিষধৰ সাপ ৰঙীন সুৰাত ডুবাই থোৱা আছে। এইবোৰ কেইবামাহো পুৰণি। ভাল গোন্ধাবৰ বাবে ইয়াৰ লগত কিছু সুগন্ধি মচলা আৰু শাক, বন আদি মিলাই থয়। দোকানখনত থকা মানুহজনে আমাক ক’লে –
“এইবোৰ ভিয়েটনামৰ প্ৰসিদ্ধ ‘ স্নেক ৱাইন’।”
এলকহলত ডুবাই থোৱা বাবে সাপবোৰৰ ভেনমবোৰ নষ্ট হৈ যায়। যৌন শক্তি বৃদ্ধি কৰাৰ উপৰিও নানা ধৰণৰ ৰোগৰ ঔষধ হিচাবে এইবোৰ ব্যৱহাৰ কৰা হয়। চীন দেশত হেনো এইধৰণৰ সুৰাৰ প্ৰচলন বহুলভাৱে হয়।মানুহজনে সাপ এডাল বৈয়ামৰ পৰা উলিয়াই হাতত লৈ আমাক দেখুৱালে। গাটো সিৰসিৰাই গ’ল। কি যে নিষ্ঠুৰ মানুহবোৰ! ভাৱিলোঁ, এইদৰে অন্ধবিশ্বাসৰ কৱলত পৰি কিমান যে দুষ্প্ৰাপ্য জীৱৰ প্ৰতিদিনে মৃত্যু হৈছে!
বাহিৰলৈ ওলাই আহি নাৱত বহিলোহি। নদীখন আগতকৈ বহুত বহল হ’বলৈ আৰম্ভ কৰিছে। কেইবাখনো বস্তু বোজাই কৰা নাও আমাৰ কাষেৰে পাৰ হৈ গ’ল। মাজে মাজে ধুনীয়া গছ-লতাৰে আগুৰা ঘৰ একোটাহঁত ভুমুকি মাৰেহি । এইবাৰ নাওখন নিৰিবিলি ঘাট এটাত ৰখালেগৈ।আমি নামি গৈ ধুনীয়া ব’গেনভিলা ফুলেৰে আগুৰি থকা পৰিষ্কাৰ চৌহদ এটালৈ সোমাই গ’লোঁ। এইটো এটা বৌদ্ধ মন্দিৰ। পূজাৰী বা অন্য কোনো মানুহ-দুনুহ দেখা নাপালোঁ। চোতাল-ঘৰ পৰিষ্কাৰ। একেবাৰে ফু মাৰি ভাত খাব পৰাকৈ ৰাখিছে। ভাব হ’ল, ইয়াতে নিৰিবিলিকৈ কেইদিনমান থাকিব পৰা হ’লে!
তাৰপৰা ওলাই আহি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। বহল নদীখনৰ ওপৰেৰে আধা ঘন্টামান গৈ আমাৰ মেচিন নাওখন গছ-লতাৰে আগুৰা ধুনীয়া ঘাট এটাত ৰখালেগৈ। তাত আগৰেপৰা দুখনমান নাও ৰৈ থকা দেখিবলৈ পালোঁ । এইটো এন বিন দ্বীপৰ মিঃ মুই হুঙৰ পদূলিৰ ঘাট। আমাৰ দুপৰীয়াৰ সাঁজ ইয়াৰ গছৰ তলত পাৰি থোৱা চকী-টেবুলবোৰতে খোৱাৰ বন্দোবস্ত কৰা হৈছিল। মুই হুঙৰ চোতালত গছ-লতিকাৰ মাজে মাজে স্থাপত্য কলাৰ নিদৰ্শনবোৰ সুন্দৰকৈ সজাই থোৱা আছে। দুগৰাকীমান ধুনীয়া যুৱতীয়ে আমাক দুপৰীয়াৰ আহাৰ পৰিবেশন কৰিলেহি। বিধে বিধে সাগৰীয় মাছৰ খাদ্য সুন্দৰকৈ সজাই-পৰাই পৰিবেশন কৰিছে। চাউলৰ পাপৰেৰে কৰা ভিয়েটনামৰ প্ৰসিদ্ধ স্প্ৰিং ৰ’লৰ ভিতৰত শাক-পাচলি আৰু মাছ ভৰাই কেনেকৈ ৰোল বনাই খাব লাগে আমাক শিকাই দিলে।
মিঃ মুই হুঙৰ পদুলিৰপৰা ওলাই নাৱেৰে কিছুদূৰ অহাৰ পিছতে কিছুমান সৰু সৰু হাত নাও ৰৈ থকা দেখিলো। এই সৰু সৰু নাওবোৰে আমাক গছৰ শিপাৰে আবৃত্ত মেনগ্ৰোভৰ সৰু সৰু নলাবোৰেৰে ভিতৰৰ গাঁওবোৰ ফুৰাবলৈ লৈ যাব। এখন নাৱত দুজনকৈ যাত্ৰী বহিব পাৰে। আমি দুজন এখন নাৱত বহিলো। নাৱৰীয়া মহিলাগৰাকীয়ে চোকা ৰ’দৰ পৰা ৰক্ষা পৰিবৰ বাবে আমাক একোটাকৈ জোঙা ভিয়েটনামী টুপি পিন্ধাই দিলে। ক্ৰছৰ দৰে দুহাতে দুপাত বঠা লৈ তেওঁ নাও বাই গৈছে। বঠাৰ লগত একোটা ক্ষুদ্ৰ মেচিনো সংযোগ কৰি থোৱা দেখিলোঁ। তেওঁ নিজেও এটা জোঙা টুপী পিন্ধি আছে।
দুয়োফালে মেনগ্ৰোভৰ অৰণ্য আৰু মূৰৰ ওপৰত নীলা আকাশখন লৈ আমি নৌকা যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ আগে পিছে দুয়োদিশে বহুতো নাও। জোঙা টুপী পিন্ধি নৌকা যাত্ৰা কৰা দেশী-বিদেশী যাত্ৰীবোৰ। মাজে মাজে সৰু একোখন ভিয়েটনামী গাঁও। কাঠ আৰু নাৰিকলৰ পাতেৰে সজা সৰু সৰু ঘৰবোৰৰ আগত ল’ৰা-ছোৱালী মুনিহ-তিৰোতা সকলো নিজৰ কামত ব্যস্ত। কিছুমান মানুহে হাতত মাছ ধৰা সঁজুলি লৈ নাৱত উঠি মাছ ধৰাও দেখিবলৈ পালো। নিস্তব্ধ পৰিৱেশত প্ৰকৃতিৰ ৰসস্বাদন কৰি গৈ থাকোতে ভাৱ হৈছিল যেন কোনো মায়াময় জগতত সোমাই পৰিছোঁ।
ডাঙৰ মেচিন নাওখন বেলেগ এঠাইত আমাৰ বাবে ৰৈ আছিল। এঘন্টা মানৰ পিছত সৰু নাৱৰ যাত্ৰা শেষ কৰি ডাঙৰ নাৱলৈ উভটি আহিলোঁ। প্ৰখৰ ৰ’দত ঘূৰি ঘূৰি আমাৰ অন্ঠ-কণ্ঠ শুকাই গৈছিল। বিনে আমাক একোটাকৈ ডাব আগবঢ়াই দিলে। শীতল সুমিষ্ট ডাবৰ পানীয়ে আমাৰ গা মূৰ শীতলাই পেলাইছিল।লাহে লাহে মেচিন নাওখন মেকঙৰ বিশাল জলৰাশিত সোমাই পৰিছিল। নদীখন যেন সাগৰৰ ওচৰ পাইছিল তেনে ভাব হ’ল। নদীখনৰ দুয়োপাৰ মণিব নোৱাৰা হৈ আহিছিল। বেলি লহিয়াবলৈ আৰম্ভ কৰিছিল আৰু প্ৰকাণ্ড ঢৌৰ কোবত নাওখন তল-ওপৰ কৰি আছিল। মনলৈ ভাব আহিল ওপৰৰপৰা লাইফ জেকেটবোৰ নমাই পিন্ধিয়েই লওঁ নেকি! বহুত দূৰত চহৰৰ দৰে কিবা এখন দেখিছিলো যদিও আমাৰ নাওখন লাহে লাহে আঁতৰি অহাত সেইখনো নেদেখা হ’লোঁ। ইমান ঢৌৰ কোব থকা নদী আগতে কেতিয়াও দেখা নাছিলোঁ। আজি যাত্ৰা কৰা মেকং নৈৰ এইকণ যাত্ৰা পথতে নদীখনৰ কিমান যে ৰূপ দেখিলোঁ! ৬ খন দেশৰ পৰ্বত ভৈয়ামৰ মাজেৰে হাজাৰ হাজাৰ বছৰ ধৰি বৈ থকা এই নদীখনৰ চাগৈ কিমান অন্য ৰূপ সম্ভাৰ আছে ! বেলি লহিওৱাৰ সময়তেই আমাৰ ওভতনি যাত্ৰা আৰম্ভ হৈছিল। বতাহজাক লাহে লাহে শীতল হৈ পৰিছিল। মোহনা মুখৰ নদীৰ ঢৌৰ লগত তল-ওপৰ কৰি কৰি আমিও এটা সময়ত ভিন লং ঘাটত উপস্থিত হৈছিলোহি। আমাক আকৌ হো-চি-মিন চিটিলৈ লৈ যাবৰ বাবে গাড়ীখন তাতে ৰৈ থকাৰ কথা।
১৩ দিনীয়া ভিয়েটনাম ভ্ৰমণৰ আজি আমাৰ শেষ দিন আছিল। ঘূৰি আহি চহৰ সোমাওঁতেই ভীষণ যান জঁটৰ সমুখীন হ’লোঁ। ইয়াত ব্যক্তিগত চাৰিচকীয়া বাহন খুব কম চলে। ৰাস্তাত হাজাৰে হাজাৰে দুচকীয়া বাহন। মাজে মাজে এখন দুখন আমাৰখনৰ দৰে বাৰজনীয়া গাড়ী। কোনোমতে গৈ হোটেল পালোগৈ। পাছদিনা সময়মতে ওলাই থাকিবলৈ কৈ বিন গ’লগৈ।
১৩ দিন আগতে হানয়ত ভৰি দিয়াৰ দিন ধৰি বৈচিত্ৰময় ভিয়েটনামৰ অপৰূপ শোভা উপভোগ কৰিলোঁ, দিগন্ত বিয়পি থকা ঘন সেউজীয়া ধাননি দেখিলো , সুন্দৰকৈ সংৰক্ষিত ঐতিহাসিক স্থানবোৰৰ মাজত ঘূৰি-পকি অতীজৰ দেশখনৰ ইতিহাস জানিলোঁ, স্বাধীনতাৰ আগৰ বিভীষিকাময় অধ্যায়বোৰৰ স্বাক্ষৰিত নিদৰ্শনবোৰ দেখিলোঁ, নতুন ভিয়েটনামৰ বিশ্ব প্ৰসিদ্ধ সোণালী দলংখন দেখিলোঁ আৰু দেখিলোঁ ভিয়েটনামীসকলৰ নিজৰ দেশৰ প্ৰতি থকা ভক্তি আৰু আনুগত্যৰ প্ৰকাশ। এক ভয়ানক সংগ্ৰামৰ অন্তত ১৯৭৪ চনত পৰাধীনতাৰ কবলৰপৰা মুক্তি লাভ কৰা এখন দেশ কিদৰে উন্নতিৰ দিশে দোপতদোপে আগুৱাই গৈছে দেখি আচৰিত হৈছিলোঁ। সাধাৰণ লোকৰ লগতে দেশৰ চৰকাৰী আমোলা সকলৰো কোনো ধৰণৰ দুৰ্নীতি ,ভ্ৰষ্টাচাৰ আৰু ধৰ্ম ব্যভিচাৰ নাই। কেৱল আছে দেশৰ প্ৰতি সকলোৰে অসীম শ্ৰদ্ধা ভক্তি আৰু অফুৰন্ত ভালপোৱা। এই ১৩ দিনীয়া ভ্ৰমণৰ সকলো ভাললগা বুকুত সামৰি ভিয়েটনাম এৰিবলৈ সাজু হ’লোঁ। মনত পৰিল স্বাধীন ভিয়েটনামৰ জন্মদাতা বিল্পৱী কবি হো-চি-মিনৰ বিখ্যাত কবিতাটিলৈ-
” আমাৰ পাহাৰবোৰ চিৰকালে থাকিব
আমাৰ নদীবোৰ চিৰকালে থাকিব
আমাৰ জনগণ চিৰকালে থাকিব
মাৰ্কিন আক্ৰমণকাৰী পৰাজিত হ’ব
আকৌ আমি আমাৰ দেশ গঢ়ি তুলিম
দহগুণ সুন্দৰ কৰি…।” ( ১৯৬৯ চন)
তেওঁৰ সপোন সঁচাকৈ সফল হৈছে। দেশবাসীয়ে আকুন্ঠ ভালপোৱা আৰু কৰ্তব্যনিষ্ঠাৰে যুদ্ধ বিধ্বংসী ভিয়েটনামখন দহগুণ সুন্দৰ কৈ গঢ়ি তুলিছে।
ধন্য ভিয়েটনাম, ধন্য তোমাৰ দেশবাসী।
************
7:48 PM
বৰ ভাল লাগিল পঢ়ি ।