মোৰ মৃত্যুৰ আগে পিচে চেনাইৰ লগত চেন্নাই যাত্ৰা-প্ৰদীপ বৰা

জুন মাহতে ইণ্ডিগো বিমানৰ টিকট বুক  কৰিলোঁ, গুৱাহাটীৰপৰা চেন্নাইলৈ।লগত আহিব মিষ্টাৰ শইকীয়া এণ্ড হিজ চন আৰু ষ্টাফৰে শ্ৰীমতী গগৈ।তিনি তাৰিখে ১১:১৫ ত প্লেন উৰিব গুৱাহাটীৰপৰা।আমি গোলাঘাটৰ জকাইচুকৰপৰা আগদিনাই নাইট চুপাৰত গুৱাহাটীলৈ আহিলোঁ।

এই যাত্ৰাটো মোৰ তথাকথিত মৃত্যুৰ আগমুহূৰ্তত প্ৰস্তুতি চলাই আছোঁ ,গুণাগঁথা দুই তিনিমাহ আগৰপৰা,টিকট বুকিং এমাহৰ আগতে।তিনিদিনৰ আগতে আমাৰ মুখ্য বিষয়াক আবেদন কৰিলোঁ, বোলো  মই চেন্নাইলৈ যাম  স্বাস্থ্যৰ পৰীক্ষা কৰিব লাগে। অমুক-তমুক বেমাৰ হোৱা দুবছৰ হ’ল  আৰু মানুহজনীয়েও বহুত দিনৰ আগৰপৰা অমুক বেমাৰত ভুগি আছে।বিষয়াই বোলে,নহ’ব হেড অফিচৰপৰা মানুহ আহিব, বাৰ-তেৰ বছৰৰ হিচাপ চাব ৷ মই বোলো উপায় নাই মই যাবই লাগিব। ইমানবোৰ বেমাৰ বুকুত বান্ধি জীয়াই থাকিব নোৱাৰি।অন্যহাতে একৈশ হেজাৰ টকা মূল্যৰ প্লেনৰ টিকটো  অথলে যাব ৷ অফিচাৰে বোলে নহ’ব মই ছুটী দিব নোৱাৰিম।মই মনতে ভাবিলোঁ মোৰ নিচিনা গাধৰ দৰে গেবাৰি খটা ভাৰপ্ৰাপ্ত হেডমাষ্টৰৰ সংসাৰত একো কাম নাই।কামটো হেডমাষ্টৰৰ কিন্তু দৰমহা  সহকাৰী শিক্ষকৰ সমান। কাৰণ আমি যে ভাৰপ্ৰাপ্ত অৰ্থাৎ ইনচাৰ্জ।মই মনতে ভাবিলোঁ অন্য শিক্ষকে গৰম বন্ধটো ধুনীয়াকৈ উপভোগ কৰিব।আমি ভাৰপ্ৰাপ্ত গোলাম বিলাকৰহে বেমাৰটো দেখুৱাবলৈও ছুটী নাই।মই কিন্তু নাচোৰবান্দা যাই লাং থাকে লাং মই গৰমবন্ধত চেন্নাই যামেই।মই ভাবিলোঁ মোৰ মৃত্যু মোৰ সন্মুখত, মোক মেডিকেল ছুটী নিদিলেও মই ৰোগৰ উৎপীড়ন সহ্য কৰিব নোৱাৰি মৃত্যু মুখত পৰিম নাইবা জোৰ-জবৰদস্তি গুচি গ’লেও অফিচাৰ বিলাকে মোক ভাতে মাৰিব  অৰ্থাৎ মোক চাকৰিৰপৰা বৰ্খাস্ত কৰিব।অৰ্থাৎ সাত পুৰুষৰ মূৰত পোৱা চাকৰিটোও  কাঢ়ি নিব।

এই কথাখিনি মৃত্যুৰ আশে-পাশে বুলি ক’লেও আচলতে মৃত্যুৰ আগতে হ’ব ৷ কাৰণ মৃত্যুৰ পিচততো  ফটাঢোলত এইকেইটা চাপৰ মাৰিব নোৱাৰিম।

এতিয়ালৈকে যিহেতু যমদূতে সাৰ পোৱা নাই তেন্তে টালিটোপোলা বন্ধাহে  কথা।এই উদ্দেশ্য আগত ৰাখি মই দুই তাৰিখেই কেইটামান ভীম কল, কেইটামান কোমলচাউল আৰু অকণমান গুড় টোপোলা বান্ধি ল’লোঁ।ইয়াৰ উপৰিও অসমৰ  অমূল্য সম্পদ কেইখন মান তামোল, অলপ ভোট জলকীয়া  টোপোলা বান্ধি ললোঁ।এয়াৰপৰ্টত চেকাৰ বিলাকৰ যিহে লাগেজৰ ওপৰত এক্সৰে পৰীক্ষা!পানী থকা বস্তু বুলি ভীম কল কেইটা উলিয়াই নেপেলালেই ৰক্ষা।

  আমাৰ জকাইচুকৰপৰা পোন্ধৰ কিঃমিঃ বিশেষ ব্যৱস্থাৰে আহি আমি ৰঙাজানত গুৱাহাটীৰ চুপাৰত উঠিব লাগে ৷ ৯: ১৫ ত আহিব বুলি কোৱা গাড়ীখনৰ বাবে আমি দহ বজালৈকে অপেক্ষা কৰিবলগীয়া হ’ল। ৰৈ থকাতকৈ মই শৰ্মাৰ দোকানতে মূৰত ঘঁহা,চুলিত ঘঁহা,গালত ঘঁহা,দাঁতত ঘঁহা,দাড়িত ঘঁহা ,গাত ঘঁহা আৰু হেৰি কৰোঁতে হেৰিয়াত ঘঁহা আৰু দাড়ি কটা চাৰিখন কিনি যথাস্থানত বেগত ভৰাই ললোঁ।

গাড়ীত আহি থাকোঁতে বেমাৰী বিলাকৰ দুখ দুৰ্দশাৰ কথা বিলাক চিন্তা কৰি ভগৱানলৈ অলপ খঙো উঠিছিল।আমাৰ সহযাত্ৰী শইকীয়াৰ  পুতেকৰ ওঠৰ বছৰ বয়সত ওজন ১৯ কিঃগ্ৰাঃ হোৱাৰ বিপৰীতে শ্ৰীমতী গগৈৰ ৩০ বছৰত ওজন ৯০  কিঃগ্ৰাঃ।

এটা ভ্ৰাম্যমাণ ৰাতিয়ে বাগৰ সলালে।এতিয়া আমি পাঁচজন পল্টনবজাৰৰ এটা গলিত নাইট চুপাৰৰপৰা নামি অন পেদেল।পল্টন বজাৰত এই ৰাতিপুৱাবিলাক বৰ আমোদজনক।তাত লাইন লাইন হৈ থকা টেক্সিৱালা আৰু হোটেলৰ কৰ্মচাৰীবিলাক অতি মানৱদৰদী আৰু অতিথিপৰায়ণ।টেক্সিৱালাই  যেন আপোনাক কোঁচত তুলি নি বহুৱাই দিব সিহঁতৰ গাড়ীত।সিহঁতৰ গাড়ীত উঠি আপোনাক চিলং , এয়াৰপৰ্ট  আদি বিভিন্ন স্থানত  ভ্ৰমণ কৰিবলৈ সিহঁতৰ অনুৰোধ।আপুনি যদি যোৰহাটৰপৰা আহি এইমাত্ৰ পল্টন বজাৰত নামিছে সিহঁতে আকৌ আপোনাক অনুৰোধ কৰিছে যোৰহাটলৈ যাবলৈ।সিহঁতৰ মৰমৰ আতিশয্যত ককবকাই ময়ো বাপ্পেকে এটা বুদ্ধি কৰোঁ।মই কওঁ যে জকাইচুক যাম তোমালোক যাবানে? আকৌ গাড়ীখনত যদি তেজপুৰ লিখা আছে তেন্তে মই সিহঁতক কওঁ যে বোপাইহঁত এইমাত্ৰ মই তেজপুৰৰপৰা আহি নামিছোঁহে।গতিকে তেজপুৰ নাযাওঁ বেয়া নাপাবা হঁত দৌ ৷আকৌ কেতিয়াবা সিহঁতক ক’ব লগীয়া হয় বোপাইহঁত ঔ মই কাইলৈহে চিলং যাম। বেয়া নাপাবাহঁত দৌ।

আকৌ ফুটপাথেৰে আপুনি খোজ কাঢ়ি যাওক আপোনাক বিভিন্ন ধৰণৰ  গৰম গৰম ৰেচিপি খাবলৈ সিহঁতে সাদৰ সম্ভাষণ কৰি নিমন্ত্ৰণ জনাব।গুৱাহাটীৰ ফুটপাথত আমাৰ চেনাইধনক লৈ ঘূৰি ফুৰিছোঁ, উদ্দেশ্য অকমান চাহ বিনা চেনি বিনা গাখীৰ।এই কথাটোত আজিকালি বহুত দোকানীয়ে আপোনাক গুৰুত্ব নিদিয়ে। মাত্ৰ কৈ দিয়ে বিনা চেনি ন’হব।সমস্যা নোহোৱাও নহয়। ধৰক মাত্ৰ ৰঙাচাহ, চেনিবিহীন গাখীৰ চাহ আৰু চেনি সহ গাখীৰ চাহ।এতিয়া সমস্যা আহিল চাহৰ লগত খাবলৈ এওঁক লাগে কেটলি মুখত দিয়া পিঠা ৷এওঁ আঁকোৰগোঁজ।কেটলিৰ মুখত বনোৱা পিঠাটো হ’লেহে যেনিবা চাহটোপাই ডিঙিৰ নলী অতিক্ৰম কৰিব।মই এওঁক কৈছোঁ যে সেইবিধ উপকৰণ গণেশগুৰি আৰু ভঙাগড়তহে পাবা।কিন্তু তেওঁ নাচোৰবান্দা।কেটলি মুখত বনোৱা পিঠা লাগিবই।যত্ন কৰিলেহে ৰত্ন পায় হেনো। চেনাইধনে মনত কষ্ট পোৱাতকৈ পল্টন বজাৰৰ ফুটপাথত দুই কিঃমিঃ মান মৰ্নিং ৱাক কৰা হ’ল যেনিবা। কেটলি মুখৰ পিঠাৰ লোভ সম্বৰণ কৰি এইবাৰ তেওঁ লাগিল শুকান ৰুটি ক্ৰয় কৰাত।তাৰ পিচত চেনি আৰু গাখীৰবিহীন চাহ।আঠ বজাত প্লেনৰ ওপৰত খাবলৈ বোলো কি ল’বা? পনীয়া বস্তু নিষিদ্ধ অন্যহাতে টান বস্তুও দাঁতে নিষিদ্ধ কৰিছে।এওঁ বোলে  দালমুট ভজা, চিৰা, কেক আদি ৷ উৰন্ত অৱস্থাত ক’লা ইউনিফৰ্ম পিন্ধা ভন্তিহঁতে বিক্ৰী কৰা চাহ এটোপা  কিনিবলৈ এওঁ মোক খাটনি ধৰিলে  ৷ মই বোলো একাপ চাহৰ দাম হাতী এটাৰ সমান।হ’লেও চেনাইধনে অন্তৰত  আঘাত পোৱাতকৈ  মই ভন্তিক সুধিলোঁ , 

“টি উইদাউট চুগাৰ এণ্ড উইদাৱট মিল্ক।হাউ মেনি ৰুপিজ?”

তাই বোলে, 

“দাৰ্জিলিং গ্ৰিণ টি, ৰুপিজ হান্দ্ৰেদ।”

************

Leave a Reply

Your email address will not be published. Required fields are marked *