মৰমৰ মূল্য-পূৰ্ণিমা শইকীয়া গগৈ 

দীঘল পদুলীটোলৈ কেইবাবাৰো অহা-যোৱা কৰিলে সনাতন শইকীয়াই। এই সময়ছোৱা বৰ আগ্ৰহেৰে ৰৈ থাকে তেওঁ। কিন্তু আজি সময় পাৰেই হ’বৰ হ’ল। ভায়েক বিনন্দৰ দেখা দেখিয়েই নাই। 

“হেৰি ভাত খাওকহি আহক। কিমাননো  বাটলৈ অহা-যোৱা কৰি থাকে।”

পৰিবাৰ নিৰ্মলাই মাত লগালে। 

“অলপ সময় ৰ’বাচোন। মোৰ ভোক লগা নাই নহয়। আজিৰ দিনটোত ভাতকেইটা তাৰ সৈতে খাইহে  ভাল লাগে।” 

পিছে দুপৰীয়া হোৱালৈকে বিনন্দ নাহিল। সনাতন শইকীয়াই অকলেই ভাত খালে। নিৰ্মলাই বৰ সুন্দৰকৈ ভাত সাঁজৰ যোগাৰ কৰিছিল। বিনন্দই ভাল পোৱা পাৰ মাংসৰ আঞ্জা, কচুশাকৰ সৈতে কণবিলাহী পাতত দিয়া। বিনন্দৰ অনুপস্থিতিত একোৱেই সোৱাদ নেপালে সনাতন শইকীয়াই। 

দেউতাকৰ মৃত্যু পিছত ঘৰৰ সকলো বোজা কান্ধ পাতি লোৱা সনাতন শইকীয়াৰ বাবে ভায়েক বিনন্দ আছিল অতি মৰমৰ। নিজৰ পঢ়া আধাতে এৰা সনাতন শইকীয়াই নিজৰ সপোনবোৰ বিনন্দৰ দ্বাৰাই পূৰণ কৰিব খুজিছিল। খেতিৰপৰা উপাৰ্জন কৰা সকলো টকা খৰচ কৰি বিনন্দক চহৰৰ কলেজত পঢ়ুৱাইছিল। 

সনাতন শইকীয়াৰ সপোন পূৰণ হ’ল। বিনন্দই চাকৰি পালে, তাকো হাকিমৰ চাকৰি। কিছুদিন ঘৰৰপৰা অহা-যোৱা কৰি চাকৰি কৰিছিল যদিও কামৰ হেঁচা বাঢ়ি অহাত চৰকাৰী কোৱাৰ্টাৰত থাকিবলৈ ল’লে। কিন্তু প্ৰতিটো দেওবাৰে বৌৱেকৰ হাতৰ ভাত সাঁজ খাবলৈ নিজৰ ঘৰলৈ ঢাপলি মেলিছিল। 

চৰকাৰী কোৱাৰ্টাৰতে বিনন্দৰ বিয়া হ’ল। পাপৰি চহৰত ডাঙৰ হোৱা ছোৱালী। গাঁৱৰ ঘৰলৈ যাবলৈ বেয়া পাই। 

বহুদিন বিনন্দ ঘৰলৈ নহা দেখি সনাতন শইকীয়াই বিনন্দৰ কোৱাৰ্টাৰ  ওলালগৈ। ককায়েকক বহিবলৈ দি সি ঘৰৰ খবৰ ল’লে। 

” তই বহুদিন নোযোৱা দেখি ভাবিলো গা-মুৰ বেয়া নেকি সেয়ে  তোৰ  চাবলৈ আহিলোঁ।”

“কামৰ হেঁচা বেছি হোৱাৰ বাবে যাব পৰা নাই। অহা সপ্তাহত গ’লোহেঁতেন।”

“বোৱাৰী নাই নেকি?”

“নাই, মাকৰ ঘৰলৈ গ’ল।”

ককায়েকক বিদায় দি বিনন্দ শইকীয়া চকীখনত বহি পৰিল। জীৱনত প্ৰথমবাৰৰ বাবে তেওঁ নিজৰ অতিকৈ আপোন ককায়েকৰ ওচৰত মিছা মাতিলে। ঘৰৰ ভিতৰতে আছে পৰিবাৰ পাপৰি। পাপৰিয়ে বেয়া পাই গাঁৱত থকা বিনন্দৰ ককায়েকৰ লগতে তেওঁলোকৰ জীৱন প্ৰণালী। পাপৰিৰ ভাষাত ‘গাঁৱলীয়া’। জীৱনত কোনো দিনেই  ধাৰ সুজিব নোৱাৰা ককায়েক পাপৰিৰ বাবে হৈছে গাঁৱলীয়া, স্বাৰ্থপৰ মানুহ। য’ত মৰমৰ কোনো মূল্য নাই। যাৰ চহৰৰ সমাজত কোনো স্থান নাই। 

বিনন্দ আজি অসহায়। সংসাৰখন বচাই ৰখাৰ স্বাৰ্থত ইমান দিনে বহু কথা সহ্য কৰি আছে। কিন্তু ককায়েকৰ ধাৰ সুজিব সি কেতিয়াও নোৱাৰে। 

************

Leave a Reply

Your email address will not be published. Required fields are marked *