শুভেচ্ছাবাণী

বৰ্তমান সময়ত সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত সামাজিক মাধ্যম তথা সামাজিক মাধ্যমৰ গোটসমূহে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। সৰু ল’ৰা-ছোৱালীৰ পৰা মহিলা পুৰুষ সকলোৱে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ এখন মঞ্চ পাইছে, ইয়াতকৈ আৰু ভাল লগা কথা কি হ’ব পাৰে? !! 

‘শব্দচিত্ৰ—–জীৱনৰ কলাজ’ হৈছে এনে এটা গোট য’ত সাহিত্যৰ সকলোবোৰ দিশ বৰ সুন্দৰভাৱে একেলগে সন্নিবিষ্ট কৰা হৈছে। এই গোটটিয়ে গল্প, প্ৰবন্ধ, অনুবাদ, শিশু সাহিত্য, ভ্ৰমণ ভিত্তিক কাহিনী, বিজ্ঞান ভিত্তিক লেখাৰ লগতে বিভিন্ন শিতান ফটোগ্ৰাফী, কুইজ, আদিৰ সৈতে তথা গীত মাত কথা বৰ সুন্দৰকৈ সাঙুৰি লৈছে। লগতে এই গোটটিৰ মাজৰপৰাই ‘শব্দচিত্ৰ-জীৱন জিজ্ঞাসা’ শীৰ্ষক ই-আলোচনীখন প্ৰতিমাহে প্ৰকাশ হৈ আহিছে।যদিও মই প্ৰত্যক্ষভাৱে এই গোটটিৰ লগত জড়িত নহয় তথাপি এই গোটটিৰ লগতে আলোচনীখনৰ বিষয়ে  অৱগত হৈ আছোঁ। এই শব্দচিত্ৰ ই আলোচনীখনতে মোৰ প্ৰথম গ্ৰন্থ ‘অসম ভৱন মুম্বাই আৰু মই’ ৰ বিষয়ে তেজপুৰৰ সংহিতা ভট্টাচাৰ্য্যই বৰ সুন্দৰকৈ বিশ্লেষণ কৰিছে। তাৰ বাবে মই গোটটিৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰ’ম। গোটটিৰ সকলো কৰ্মকর্তালৈ মোৰ আন্তৰিক অভিনন্দন জনালোঁ আৰু গোটটিৰ উত্তৰণৰ কামনা কৰিলোঁ। শেষত সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত ‘শব্দচিত্ৰ—জীৱনৰ কলাজ’ আৰু ই আলোচনী শব্দচিত্ৰ যেন এক  উজ্বল নক্ষত্ৰ হৈ জিলিকি থাকে তাৰে কামনাৰে…….

শ্ৰদ্ধাৰে

ত্ৰিনয়ন সন্দিকৈ

অসম ভৱন

************

One comment

  • Anonymous

    বৰ সুন্দৰকৈ উপস্থাপন কৰিলে আপোনাৰ অনুভৱ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *