সংখ‍্যাটোৰ আঁৰৰ কথা

‘শব্দচিত্ৰ’ গ্ৰুপটো আমাৰ অতি হেঁপাহৰ গ্ৰুপ। ‘ফটাঢোল’ৰ ভগ্নী গ্ৰুপ শব্দচিত্ৰ।জন্মলগ্নৰেপৰা জড়িত  গ্ৰুপটোৰপৰা যেতিয়া আলোচনী এখন উলিওৱাৰ প্ৰস্তাৱ ওলাইছিল, মনটো কিবা এটা ভাল লাগি গৈছিল।যেন নিজৰ পৰিয়ালৰপৰাহে ভাল কাম এটা হ’বলৈ গৈছে!  সময়ত বহুজনৰ কষ্ট আৰু আশাশুধীয়া নেৰানেপেৰা চেষ্টাৰ ফলত আলোচনীখন প্ৰকাশ হৈ ওলাইছিল। আমাৰ বৰ স্ফূৰ্তি লাগিছিল।আৰু সেইখন আলোচনীৰেই যেতিয়া সম্পাদক হবলৈ মোলৈ অনুৰোধ আহিছিল, মই না কৰাৰ প্ৰশ্নই নুঠে।খুব আনন্দেৰে সৈতে অৰবিন্দ গোস্বামীয়ে অনুৰোধ কৰা সেই প্ৰস্তাৱটো মই গ্ৰহণ কৰিলোঁ। 

আলোচনী এখন অকলে প্ৰকাশ কৰিব কোনেও নোৱাৰে, সেইটো সকলোৱে জনা কথা। ইয়াত অনেক লোক জড়িত হৈ থাকে। বহুজনৰ সন্মিলিত প্ৰচেষ্টাৰ ফলতহে ই বাস্তৱায়িত হয়।

“শব্দচিত্ৰ—জীৱন জিজ্ঞাসা” ই-আলোচনীৰ দ্বিতীয় বৰ্ষৰ দ্বিতীয় সংখ্যাটি প্ৰকাশৰ আঁৰৰ ব‍্যক্তিসকলক জানো আহকচোন—–

প্ৰথমতেই মই নাম ল’ম আমাৰ সন্মানীয় লেখক-লেখিকা সকলৰ। আপোনালোকৰ সহযোগিতা অবিহনে আলোচনীখন কোনোপধ্যেই প্ৰকাশ কৰিব নোৱাৰিলোহেঁতেন। আপোনালোকে আপোনালোকৰ বহুমূলীয়া লেখাবোৰ সময়মতে পঠিওৱাৰ বাবে অশেষ কৃতজ্ঞ হৈ ৰলোঁ।  

শব্দচিত্ৰ আলোচনী টিমে আন্তৰিকতাৰে কৰা সহযোগিতাৰ বাবে অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।  

বৰ্ণাশুদ্ধি টিমলৈও অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। মাতু কুকুৰাচোঁৱা, চাহিন জাফ্ৰি,ইলি তালুকদাৰ বাইদেৱে নিজৰ নিজৰ  ব‍্যক্তিগত অলেখ কামৰ মাজতো সময় উলিয়াই আমাক এইখিনি সহায় কৰি দিয়া বাবে আন্তৰিকতাৰে সৈতে তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হৈ ৰলোঁ। 

আমাৰ মৰমৰ দেবজিত শৰ্মাক কৃতজ্ঞতাৰে সৈতে শলাগ লৈছোঁ।তেওঁ সন্মুখত নাহে কিন্তু আঁৰত থাকি মূল কাম বিলাক তেওঁৱেই কৰে। হেমন্ত কাকতি ডাঙৰীয়া, মানস শইকীয়া, সমুজ্জ্বল কাশ‍্যপ, এওঁলোকে সম্পাদনা মণ্ডলীত থাকি কামবোৰ সুচাৰুৰূপে সম্পন্ন কৰাত কৰা সহযোগিতাৰ বাবে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালো।

কাৰিকৰী দিশত আছে– দেবজিত শৰ্মা আৰু হেমন্ত কাকতি।

প্ৰাঞ্জল প্ৰতিমৰ অলংকৰণে আলোচনীখনৰ সৌষ্ঠৱ বঢ়ালে।এই চেগতে তেখেতলৈও ধন্যবাদ জ্ঞাপন কৰিলোঁ।

আলোচনীখনৰ প্ৰচাৰৰ দায়িত্বত আছে— কুমকুম দেৱী শৰ্মাবৰুৱা,কুঞ্জ খাউণ্ড,বন্দিতা জৈন,সমীৰণ শৰ্মা,কুশল মহন্ত,ৰাজশ্ৰী শৰ্মা, ডলী তালুকদাৰ,উপাসা ভাগৱতী।

 তেওঁলোকলৈও আন্তৰিক ধন্যবাদ থাকিল।

শেষত মুখ্য ব‍্যৱস্থাপক অৰবিন্দ গোস্বামীৰ কথা নক’লে ওপৰত কোৱা আটাইখিনিয়ে আধৰুৱা হৈ ৰব। এই সকলোৰে মূল মানুহজন হ’ল অৰবিন্দ গোস্বামী।  আৰম্ভণিৰপৰা শেষলৈকে তেখেতে কৰা কাম আৰু কষ্টৰ হৃদয়ৰ পৰাই কৃতজ্ঞতাৰে শলাগ ললোঁ।

শেষত, আপোনালোকে আলোচনীখন চকু ফুৰাই চালে আমাৰ সকলোৰে কষ্ট সাৰ্থক হোৱা বুলি ভাবিম।  আপোনালোকৰ দিহা পৰামৰ্শ আমাৰ সদায়েই বাঞ্ছনীয়।

সকলোৰে প্ৰতি কৃতজ্ঞতাৰে

কমলা দাস

সম্পাদক-

শব্দচিত্ৰ-জীৱন জিজ্ঞাসা ই আলোচনী

দ্বিতীয় বৰ্ষ,দ্বিতীয় সংখ্যা

জয়তু শব্দচিত্ৰ

 

************

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *