সমন্বয়ৰ ডোলেৰে বন্ধা বিহু অসমৰ পৰা বিশ্ব দৰবাৰলৈ-নিবেদিতা শৰ্মা
শীতৰ শুষ্কতাই প্ৰকৃতিৰ বুকু নিৰস কৰি থৈ যোৱা গছ-লতিকাই বৰদৈচিলাজনীৰ আগমনত জীপাল হৈ উঠি ন-কুহিঁপাতেৰে দেহটো জুৰায়।প্ৰকৃতিৰ এনে কোমল পৰিৱেশত আত্মহাৰা হৈ নানা ৰঙী ফুলবোৰো হাঁহিৰে মুখৰিত হয়।প্ৰকৃতিৰ অন্যতম অৱদান চৰাই চিৰিকটিবোৰেও প্ৰকৃতিৰ গাভৰু বুকুত নানা মাতেৰে প্ৰেমৰ গীত গায়।বসন্তৰ পৰশত নিজস্ব ভাষাৰে ভাব-অনুভূতি প্ৰকাশি বন-উপবনত প্ৰাণোচ্ছল অনুৰণন তোলে সৌন্দৰ্যপিয়াসী বিহংগই।কুলি,কেতেকীৰ হিয়াভঙা বিননিত দুখৰ নিজৰা বোৱাই কোনোবা দুখী প্ৰেমিক প্ৰেমিকাই।
বিৰিখৰ ’’কুহিঁপাত” বিহংগৰ কোলাহলে আপোন আপোন অস্তিত্ব ঘোষণা কৰাৰ লগতে প্ৰকৃতিৰ বুকুলৈ ৰঙালী বিহুৰ আগমনৰ বতৰা বিলায়।কুলিটিৰ যাদুকৰী ঐক্যতান গুঞ্জৰিত হোৱাৰ লগে লগে অসমীয়া মানুহৰ দেহ-মন সাতখন-আঠখন হয় বহাগীক আদৰিবলৈ।
কুলি ’’বসন্ত ’’ ৰঙালী বিহু আৰু অসমীয়া সমাজ এই আটাইৰে নিবিড় সম্পৰ্ক।ইটো যেন সিটোৰ পৰিপূৰক।
ব’হাগ মানেই কপৌফুল, কেতেকীফুলৰ সমাহাৰ।মৰমৰ নাচনীজনীক এপাহ কপৌফুল খোপাত পিন্ধাই নচুৱাবলৈ ঢুলীয়াসকলে পাহাৰ বগাই কষ্ট কৰি হ’লেও বিচাৰি আনি নাচনীৰ খোপাত পিন্ধায়।
“কুলিৰ মাতত ব’হাগ আহে
পেঁপাৰ মাতত বিহু
তাতঁৰ শালত শিপিনীয়ে বিহুৰ সপোন ৰচোঁ।”
হয়, মৰমৰ চেনাইক বিহুৱানখন নিজহাতে বৈ দিবৰ বাবে তাঁতশালত শিপিনীসকলে গামোচাত বিহুৰ সপোনকে ৰচেঁ৷
সম্প্ৰীতিৰ এনাজৰীডালে সকলোকে একেলগে সাঙুৰি ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিয়ে।
ভূপেন হাজৰিকাদেৱৰ ভাষাৰে —
“নানা ৰহণীয়া
বাৰে বৰণীয়া
কৃষ্টিৰ নাই শেষ
এই মোৰ অসম দেশ”
হয়, সুধাকণ্ঠ গৰাকীয়ে ঠিকেই গাই গৈছে বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ মিলন তীৰ্থ আমাৰ প্ৰাণৰো প্ৰাণৰ এই পবিত্ৰ অসম ভুমি।ইণ্ডো বাৰ্মা ’’মঙ্গোলীয়’’, ইণ্ডো ইৰানীয়’’ আৰ্য আদিকে ধৰি বিভিন্ন জনগোষ্ঠীৰ দীঘলীয়া সংমিশ্ৰণত অসমৰ অসমীয়া ভাষা কৃষ্টি, সংস্কৃতি যেন বহুৰঙী সূতাৰে বুটা বচা এখন চাদৰৰ দৰেই ৰংচঙীয়া ৷ বিভিন্ন জনগোষ্ঠীৰ মানুহে বাস কৰা যেনে — বড়ো, কাৰ্বি, ৰাভা, ডিমাচা, মণিপুৰী,মিৰি, মিছিমি, আদি জনগোষ্ঠীৰ মানুহৰ ভাষা যদিও ভিন্ন কিন্তু অসমৰ মূলতঃ ভাষা হৈছে অসমীয়া আৰু এই অসমীয়া ভাষাতো সকলোৱেই কয়।
অসমীয়া জাতিৰ আয়ুসৰেখা বিহুৱে অসমীয়া জাতিক দৃষ্টিনন্দন, নান্দনিক ৰস, মান মৰ্যাদাৰে সাবটি ৰাখি বাঞ্ছিত জীৱন আয়ুস প্ৰদান কৰি আহিছে।
সংস্কৃতি কোনো এটা নিদিষ্ট জাতি বা জনগোষ্ঠীৰ একচেটিয়া সম্পত্তি নহয়।ই মানৱসৃষ্ট।মানুহৰ মাজত ই পৰিবৰ্তিত তথা পৰিবৰ্দ্ধিত ৰূপত জীয়াই থাকে।পৃথিৱীৰ প্ৰত্যেকটো জাতি বা জনগোষ্ঠীৰ স্বকীয় সংস্কৃতি আছে। বিভিন্ন জাতি-জনগোষ্ঠীৰ সমাহাৰত বৃহৎ অসমীয়া সংস্কৃতি গঠিত হৈছে।সেয়ে ক’ব পাৰি বিশাল ভাৰতীয় সংস্কৃতিৰ দৰে অসমীয়া সংস্কৃতিও এক সমন্বয় বা মিলনৰ ফলশ্ৰুতি ৷
অসমীয়া বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতি বুলিলে অসমীয়া জাতিৰ আয়ুসৰেখা বিহু তিনিটাৰ উপৰিও বিভিন্ন দেৱ-দেৱীৰ পূজা, আন উৎসৱ-পাৰ্বন আদিৰ লগতে বিভিন্ন জনগোষ্ঠীৰ লোকসকলে পালন কৰা উৎসৱ ,পুজা আদিক বুজায়।অসমীয়াসকলৰ দৰে আন জনগোষ্ঠী যেনে বড়ো সকলৰ বাথৌপূজা ,বাগৰুম্বা , চাহ জনগোষ্ঠীৰ কৰমপূজা ,আহোমসকলৰ মে-ডাম-মে-ফী, মিচিংসকলৰ আলি-আই-লৃগাং,কাৰ্বিসকলৰ চামাংকন, কছাৰীসকলৰ বৈশাগু, দেউৰীসকলৰ বাইথ’, মুছলিমসকলৰ ঈদ আদি উৎসৱসমূহ অসমৰ জনসাধাৰণে কোনো ভেদভাৱ নোহোৱাকৈ প্ৰতিবছৰে পালন কৰি আহিছে।সাজ-পাৰৰ ক্ষেত্ৰতো ভিন্নতা থাকিলেও বৰ্তমান সময়ত সকলোৰে সাজপাৰ সকলোৱে পৰিধান কৰা পৰিলক্ষিত হয়।
মানুহ সামাজিক জীৱ হিচাবে কিছুমান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ বিশ্বাস, অবিশ্বাস, ধৰ্ম উৎসৱ, অনুষ্ঠান আদিৰ মাজেৰে জীৱন নিৰ্বাহৰ প্ৰণালীটোৰ সামগ্ৰিক যৌগিক ৰূপটোৱেই হ’ল সংস্কৃতি।
প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ স্বকীয় মৌলিক উপাদান সমূহ সংৰক্ষিত কৰি জাতীয় অস্তিত্ব ৰক্ষা কৰি সকলোৱে মিলি অসমৰ বাৰে ৰহণীয়া কৃষ্টি-সংস্কৃতি ৰক্ষা কৰাত গুৰুত্ব দিলে অসমৰ এই অনৈক্যৰ মাজৰ ঐক্যতা কোনো অসূয়া শক্তিয়ে বিনাশ কৰিব নোৱাৰে।
অসমীয়াৰ বাপতি সাহোন বিহুৰ বাহিৰে সকলো জাতি জনগোষ্ঠীক একে ঠাইতে একেডাল ডোলৰে বান্ধ খুৱাবলৈ বিহুৰ বাহিৰে আন অনুষ্ঠান একো হ’বই নোৱাৰে।
জনজীৱনৰ মানবীয় প্ৰমূল্যবোধ, বিশ্বাস, আধ্যাত্মিক জীৱনবোধৰ বিশাল চন্দ্ৰতাপে আমাৰ বিহুক দিয়া গভীৰ চৰিত্ৰ দৰ্শনেই অসমীয়া জাতীয় শাহটোক জীপাল কৰি ৰাখিছে।
মূলতঃ কৃষিজীৱী জীৱনৰ লগত বিহুৰ ঐতিহ্য নিহিত হৈ আছে,য’ত লোকবিশ্বাস পৰম্পৰাৰে বিভিন্ন জনগোষ্ঠীয়ে বিহুক কেন্দ্ৰ কৰিয়েই কৃষি সমৃদ্ধ হৈ আহিছে।সেয়া লাগিলে আমাৰ তিনি বিহুৱেই হওক,ডিমাছাসকলৰ বুছু, কাৰ্বিসকলৰ বুটৰ কেকো, বড়োসকলৰ বৈশাখু আৰু মাঘী উৎসৱ, ৰাভাসকলৰ লাভা পূজা আৰু বাৰাই, মিচিংসকলৰ আলি-আই-লৃগাং সকলোবোৰ উৎসৱ কৃষিৰ লগত সংপৃক্ত।
নানা জাতি ,ভাষা,ধৰ্মৰ সংমিশ্ৰণৰে ব্যাপ্ত বিশাল অসমীয়া সমাজক একতাৰ ডোলৰে অতীজৰপৰা বৰ্তমান পৰ্যন্ত বান্ধি ৰখাৰ ক্ষেত্ৰত বিহুৰ অৱদান সাগৰ সদৃশ।
সাম্প্ৰতিক সময়ত বিহু কেৱল অসমতে সীমাবদ্ধ হৈ থকা নাই।জীৱিকাৰ সন্ধানত বিদেশত বসবাস কৰা প্ৰবাসী অসমীয়াসকলে বিদেশৰ মাটিটো বিহুৰ বীজ সিঁচিবলৈ সক্ষম হৈছে।যাৰ বাবে বিদেশীসকলেও বিহুৰ ঢোলৰ চাপৰত এপাক কঁকাল ঘূৰাবলৈ প্ৰয়াস কৰা টেলিভিছনৰ পৰ্দাত প্ৰত্যক্ষ কৰোঁ।
অসমীয়া জাতিৰ পৰিচয় বাপতি সাহোন বিহুক বৰ্তমান অসম চৰকাৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অহা ১৪ এপ্ৰিলত যি প্ৰচেষ্টা হাতত লৈছে সেয়া সঁচাকৈ অসমবাসীৰ বাবে গৌৰৱৰ কথা।
শেষত অতীজৰেপৰা বৰ্তমান সময়লৈ নানা ৰূপান্তৰিত অৱস্থাৰ মাজেৰে বিহুৰ উৎসাহ উদ্দীপনা লানি নিছিগা ফল্গুধাৰা বৈ গৈছে।বিহুৰ এই বোৱতী ধাৰা অনন্ত কাললৈ চিৰ প্ৰৱাহিত হৈ থকাৰ কামনা কৰিলোঁ।
************