সময়ৰ নিচুকণি-প্ৰণীতা গোস্বামী বৰঠাকুৰ

“সময়ে মানুহক পৰিপক্ক কৰি তোলে। সময়ৰ মেৰপেচত মানুহ অভিজ্ঞ হয়।” 

— আৰামী চকীখনত হেলান দি খুৰাই বৰ গম্ভীৰভাৱে ক’লে।‌

ডিচেম্বৰ মাহৰ এটি পুৱা। আগফালৰ বাৰাণ্ডাখনত পুৱাৰ ৰ’দকণৰ আমেজ লৈ খুৰা আৰু মই বহি আছোঁ। হাতত দুকাপ গৰম চাহ আৰু বিস্কুট। পুৱাৰ কুঁৱলী ফালি সূৰুজৰ হেঙুলী কিৰণে আমাৰ শৰীৰ আৰু মনৰ জঠৰতা আঁতৰাই পেলাইছে। পাতল এৰী চাদৰখনেৰে গাটো ভালকৈ মেৰিয়াই ল’লে খুৰাই, মূৰত এটি হিমাচলী টুপী। ৰ’দ ওলাইছে যদিও ঠাণ্ডা ভাবটো আছেই। এইকেইদিন পুৱাৰ চাহকাপ এইদৰেই আমেজ লৈ খাইছোঁ খুৰাৰ লগত। আজি দুদিনমান হ’ল খুৰা অহা। অসমলৈ চাৰিবছৰ মানৰ মূৰত আহিছে। পুতেকৰ লগত বাংগালোৰত  থাকে। পুৰণি ঘৰ ডিব্ৰুগড়ত। আগতে বছৰেকত এবাৰ আহি পুৰণি ঘৰখন চাই অলপদিন থাকিছিলগৈ। খুৰী ঢুকুৱাৰ পাছত এতিয়া সকলো ভাৰাতীয়াৰ হাতত, গৈ থাকিবলৈয়ো ঘৰ এখন নাই। অসমলৈ আহিবলৈ মন কৰি থাকে, সেয়ে ময়ে এই বন্ধৰ সময়খিনিত খুৰাক সময় দিব পাৰিম বুলিয়েই মাতি পঠিয়ালোঁ। খুৰাৰ ব্যক্তিত্বই মোক প্ৰথমৰপৰাই আকৰ্ষণ কৰিছিল। সম্পৰ্কত খুৰা শহুৰ যদিও মোৰ কিন্তু নিজৰ দেউতা যেনহে ভাব হয়। কোনো সংকোচ নোহোৱাকৈ মনৰ কথাবোৰ আলোচনা কৰিব পাৰোঁ। 

এইকেইদিন এনেদৰেই খুৰাৰ ওচৰত বহি বহু কথাই পাতিছোঁ। দুই-এটা পৰামৰ্শও লৈছোঁ খুৰাৰপৰা। পুৰণি ঘৰখনৰপৰা আৰম্ভ কৰি পৰিয়ালকেন্দ্ৰিক হৈ পৰা আমাৰ পৰিয়ালবোৰৰপৰা, ৰাজনীতি, সামাজিক অধিকাৰলৈকে বহুত কথা…! মাজে মাজে খুৰা খুব নষ্টালজিক হৈ পৰে। খুৰীৰ অভাৱ তেখেতৰ কথা-বাৰ্তাত বাৰুকৈয়ে ফুটি উঠে। এনেকুৱা লাগে খুৰাই যেন মনৰ কথাবোৰ খুলি ক’বলৈ সুযোগ পাইছে। এইটো বয়সত লগ লাগে মানুহক। ব্যস্ততাৰ আঁৰত আমিবোৰে যেন সেইটো পাহৰি যাওঁ। একেলগে বহি কথা পাতি সময় কটাবলৈ আজিকালি সময়ৰ বৰ অভাৱ। ৰন্ধা-বঢ়া, অফিচ, স্কুল, টিফিন, গান, খেল এইবোৰৰ লগতেই সময়বোৰ পাৰ হয়। যেতিয়ালৈ ল’ৰা-ছোৱালী ডাঙৰ হৈ অলপ সময় ওলায়, তেতিয়ালৈ এওঁলোক হেৰাই যায়গৈ। কিয় যে আজিকালি ইমান সময়ৰ টনা-টনি! সময়বোৰ দুৰন্ত গতিত আগবাঢ়ি গৈছে, হেৰাই গৈছোঁ আমিবোৰ সময়ৰ লুকা-ভাকুত।

: ই উঠাই নাই নেকি হে আজি..? 

খুৰাৰ প্ৰশ্নত তন্দ্ৰা ভাঙিল মোৰ। মৃগাংকৰ কথা সুধিছে খুৰাই।

: আজি বন্ধ যে, দেৰিকৈ উঠিব হেনো। –

বন্ধ পালে মৃগাংকই প্ৰায়ে দেৰিলৈকে শুই ভাল পায়। দেওবাৰেও পুৱাতেই খেললৈ ওলাই যায়। গ’ল্ফ খেলে মৃগাংকই। নিজক ব্যস্ত ৰাখে এইদৰেই।

আমাৰ বিয়া হোৱা সাত বছৰেই পূৰ হ’ব অক্টোবৰত। এটি সন্তানৰ বাবে বহু দিহা-পৰামৰ্শ লৈছোঁ যদিও সুফল পোৱা নাই। মাজে মাজে ‘চাৰোগেছি’ৰ (surrogacy) কথাও ভাবিছোঁ। মৃগাংকই চাৰোগেছিতকৈ এটি অনাথ শিশুক আদৰি লোৱাত বেছি আগ্ৰহী। কথাবোৰ মিলাগৈ নাই। মা-দেউতাহঁতেও এইক্ষেত্ৰত বিশেষ একো ক’ব বিচৰা নাই, আমাৰ ওপৰতে এৰিছে। আজি খুৰাৰ আগতো কথাটো উলিয়ালোঁ এটি সু-পৰামৰ্শ বিচাৰি। বহুসময় খুৰা নিশ্চুপ হৈ থাকিল। মোৰ মনটোও অজানিতে সেমেকি উঠিল। এটি সন্তান এটি পৰিয়ালৰ বাবে কিমান আপোন ভুক্তভোগীয়েহে বুজিব পাৰে। কেতিয়াবা মনটো চটফটাই উঠে, একো কাম কৰিবলৈ মন নাযায়। অফিচৰ কামতো মন বহাব নোৱাৰোঁ। কিয় হয় নাজানো। মৃগাংক কিন্তু বেলেগ, একদম প্ৰকাশ নকৰে মনৰ দুখবোৰ। মোকহে বুজাই থাকে।

: তোমালোকে পিতৃ-মাতৃ হ’বলৈ বিচাৰিছা। 

– খুৰাই জড়তা ভাঙি ক’লে। মই মূৰ দুপিয়াই সঁহাৰি জনালোঁ।

: পিতৃ-মাতৃ হ’বলৈ নিজৰ সন্তান হ’বই লাগিব বুলি কিবা কথা আছে জানো! হয়, চাৰোগাছিত আমাৰ বংশৰ তেজ থাকিব… কিন্তু তেজৰ সম্পৰ্কই জানো সকলো…! আজিকালি দেখিছাই তেজৰ সম্পৰ্ক থকা সন্তানৰ মাক-দেউতাকৰ প্ৰতি কেনে দুৰ্ব্যৱহাৰ। আচলতে তেজৰ সম্পৰ্কতকৈ আমাক এতিয়া লাগে সুসংস্কাৰ। এটি শিশুক ভাল সংস্কাৰ দি পঢ়াই-শুনাই উপযুক্ত কৰি তোলাতো বেছি প্ৰয়োজন। ভাৰতৰ দৰে জনবহুল দেশত সন্তান জন্মতকৈ অনাথ শিশুসকলক এটি ভাল পৰিয়ালৰ বৰ প্ৰয়োজন মোৰ মতে। আমাৰ দিনত এইবোৰ কথা ভাবিবলৈ  সাহস নাছিল। ঘৰখনৰ মৰ্যাদা, সমাজখনলৈ ভয় আছিল। এতিয়া কুৰি শতিকাত এইবোৰ কথা মুকলিকৈ আলোচনা কৰিব পৰা হৈছোঁ, ভাল কথা। তোমাৰ সৎসাহক সন্মান কৰিছোঁ। মুকলিকৈ মনৰ কথাবোৰ ব্যক্ত কৰিছা ডাঙৰৰ আগত, পৰামৰ্শ বিচাৰিছা। ইয়াৰ লগত আকৌ এবাৰ ভালকৈ আলোচনা কৰি আগবাঢ়া। আমিবোৰ সদায় লগত থাকিম। 

খুৰাই নিজৰ কথাখিনিৰে মোৰ মনৰ খু-দুৱনিখিনি আঁতৰ কৰিলে। মনটো অলপ ফৰকাল লাগিল। সময়ো আগবাঢ়িছিল। পুৱাৰ জলপান খাবৰ সময় হৈছিল।

: ব্ৰেকফাষ্টত কি খাব খুৰা… গৰম গৰম লুচী আৰু ফুলকবিৰ জালুকীয়া। খাবনে? ফুলকবি সিজাই মই পানীখিনি পেলাই দিওঁ, অপকাৰ নকৰে খুৰা…।

খুৰাই  কিবা কোৱাৰ আগতেই মই খুৰাৰ মনৰ ভয় দূৰ কৰি ক’লোঁ। 

বয়স হৈছে খুৰাৰ। দৰৱ দিয়া ফুলকবি-বন্ধাকবি আদি খাবলৈ সংকোচ কৰে, মই জানো। এনেয়ো আমিও সেইদৰেই খাওঁ, মেনিয়’ৰ দিয়া পাচলি খাই আজিকালি সৱকে অপকাৰ কৰা হৈছে। কিন্তু প্ৰথম ওলোৱা বতৰৰ পাচলি বুলি নোখোৱাকৈয়ো থাকিব নোৱাৰি। 

: বুজিছা, আজিকালি ভেজাল খাই খাই আমাৰ পাকস্থলীও এডজাষ্ট হৈ গৈছে। বেছি খাটি বস্তু খালেহে চাগে এতিয়া  অপকাৰ কৰিব।

খুৰাই ৰসিকতা কৰি ক’লে। হাঁহি পৰিলোঁ দুয়ো। খুৰা ৰসিক মানুহ। অলপ লিখা-মেলাও কৰে। কথাবোৰো বৰ ৰস লগাকৈ কয়। কথা পাতি ভাল লাগে। 

কাপ-প্লেট দুযোৰ সামৰি মই ব্ৰেকফাষ্টৰ বাবে পাকঘৰ সোমালোঁ। খুৰাও বাথৰূমত সোমাল। ইতিমধ্যে মৃগাংকও  উঠি আহিল।  তেওঁক পুৱাৰ চাহকাপ যতনাই মই লুচিৰ বাবে ময়দাখিনি গোটাই ল’লোঁ। 

এতিয়ালৈ পুৱাৰ ৰ’দজাকো ভিতৰ সোমাই ঘৰটো পোহৰাই পেলাইছে…..!

************

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *