সম্পাদকীয়

ফুল! 

কিমান যে কোমল শব্দ এটা!  শব্দটোতেই যেন সোমাই আছে  অন্তহীন কোমলতা! ফুলক কেন্দ্ৰ কৰিয়েই অলেখ কাহিনী ৰচিত হৈছে আৰু হৈ থাকিব। ফুল ভাল নোপোৱা মানুহ চাগৈ এই পৃথিৱীত নায়েই। উপহাৰস্বৰূপে এপাহ ফুল পালে আমাৰ কিমান যে আনন্দ লাগে!কম বেছি পৰিমাণে সকলোৱে ফুল ভাল পায়। ৰং-বিৰঙী ধুনীয়া ধুনীয়া ফুলবোৰ ৰমকজমককৈ বাগিচা শুৱাই ফুলি থকা দেখিলে আমাৰ মনবোৰ খুবেই আনন্দ লাগে। নয়ন সাৰ্থক হয়।  মধুৰ বতাহত হালি জালি বাটৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰা সেই ধুনীয়া ফুলবোৰ সুন্দৰ কৈ ফুলাবলৈ গৃহস্থই কৰা আদৰ যত্নবোৰ উপলব্ধি কৰিব পাৰি।  ফুলৰ পুলি এটা ৰুই, সাৰ পানী দি সুস্থভাৱে আপডাল কৰি, ফুলিবপৰা হোৱালৈকে ৰক্ষণাবেক্ষণ দি ৰখাটো সহজ কথা নহয়। তাৰ বাবে প্ৰয়োজন হয় বহুত ধৈৰ্য্য আৰু একাণপতীয়া চেষ্টা।

 তেনেদৰেই আমি শিশু এটিকো বহুতো কষ্ট আৰু ধৈৰ্য্য সহকাৰে ডাঙৰ দীঘল কৰিব লগা হয়। ফুলৰ লগত তুলনা কৰা শিশুসকলোকো ভাল নোপোৱা মানুহ নাই বুলিয়েই ক'ব লাগিব। শিশুসকলৰ মৰমলগা কথা- বতৰা, চাল-চলন আদিয়ে সকলোকে সিহঁতৰ প্ৰতি আকৰ্ষণ কৰে। কোৱা হয়, শিশুসকলৰ দেহত হেনো ভগৱান থাকে। সেয়ে শিশুসকলক 'দেৱশিশু' বোলা হয়। যি মানুহে ফুলৰ দৰে কোমল অন্তৰৰ শিশুক ভাল নাপায়,মৰম নকৰে, তাৰ নিচিনা কাঠচিতীয়া মানুহ এই ধৰাত নাই বুলিবই পাৰি। 

এতিয়া কথা হ'ল- ফুলকুমলীয়া শিশুসকলক আমিতো অকল ভাল পালে বা মৰম কৰিলেই  নহব! সিহঁতৰ বাবে আমি আমাৰ এই ধৰাখনৰ লগতে সমাজখনো বসবাসৰ উপযোগী কৰি গঢ়ি থৈ যাব নালাগিব জানো!  সুস্থ পৰিবেশ থকা এখন সুস্থ সমাজ!

আমি বাৰু আমাৰ শিশুসকলক সুপথেৰে লৈ যাব পাৰিছোনে! সৰল, নিষ্পাপ শিশুসকলক পাৰিছোনে এটা সুস্থ পৰিৱেশ দিবলৈ। আজিৰ শিশু কাইলৈৰ দেশৰ নাগৰিক। দেশৰ ভবিষ্যত নাগৰিক গঢ়াৰ প্ৰতি আমি কিমানখিনি দায়িত্ব পালন কৰিছোঁ!

 শিশু এটিয়ে যেতিয়া ঘৰ এখনত জন্ম লাভ কৰে তেতিয়া সেই শিশুটিক লৈ ঘৰখনৰ লোকসকলে বহুতো আশা কৰে।শিশুটিৰ জন্মত শিশুটিৰ পিতৃ-মাতৃৰপৰা আৰম্ভ কৰি পৰিয়ালৰ  সদস্যসকলৰ লগতে বংশৰ লোকসকলো আনন্দিত হয়। পিতৃ-মাতৃয়ে আশা কৰে, শিশুটি ডাঙৰ হৈ ভাল মানুহ হ'ব আৰু পৰিয়ালৰ লগতে বংশৰো নাম উজলাব।বংশৰ মান-মৰ্যাদা ৰক্ষা কৰিব। সমাজৰ লোকসকলেও আশা কৰে, নৱজাতকটি ডাঙৰ হৈ সমাজখন সুন্দৰ আৰু সুস্থিৰ কৰি তোলাত অৰিহনা যোগাব।

সকলোৰে আশা আকাংক্ষাবোৰ লৈ শিশুটি ডাঙৰ-দীঘল হ'বলৈ আৰম্ভ কৰে। 

এই যে শিশুটিৰপৰা আমি আশাবোৰ কৰিলোঁ,  সেই আশাবোৰ ফলপ্ৰসু হ'বলৈ পিছে আমিয়েই তাক/তাইক গঢ় দিব নালাগিব জানো! 

এটি শিশুৰ বিকাশত ঘৰখনৰ যথেষ্ট ভূমিকা আছে, যথেষ্ট কৰনীয় আছে। ঘৰখনেই হৈছে এটি শিশুৰ শিক্ষাৰ কঠীয়াতলি। ডাঙৰ হৈ অহাৰ লগে লগে ঘৰখনৰ পিতৃ-মাতৃ বা আনসকলে কৰা আচৰণসমূহ শিশুটিয়ে অনুকৰণ কৰিবলৈ ধৰে।ঘৰখনত শিশুটিয়ে যেনেধৰণৰ পৰিৱেশ পায় , তেনেদৰেই বিকাশ হবলৈ ধৰে। সেইবাবে এই ক্ষেত্ৰত পিতৃ মাতৃ অতি সচেতন হোৱা দৰকাৰ। শিশু এটিৰ ভবিষ্যত নিৰ্ভৰ কৰে ঘৰখনৰ শিশুটিৰ প্ৰতি থকা দায়িত্ব,কৰ্তব্য আৰু নিৰাপত্তাৰ ভিত্তিত।

শিশুৰ মানসিক বিকাশৰ লগতে সৰ্বাঙ্গীন বিকাশতো ঘৰখনৰ ভূমিকা অতি প্ৰয়োজনীয়। শিশুৱে জন্মতে কিছুমান প্ৰতিভা লৈ আহে ,সেই প্ৰতিভাসমূহ যাতে শিশুটিয়ে বিকশিত কৰিব পাৰে, এই ক্ষেত্ৰত ঘৰখনে সক্ৰিয়ভাৱে  চকু দিয়াতো খুবেই জৰুৰী। তেনেদৰেই শিশুসকলৰ প্ৰতি সমাজৰ লোকৰো দায়বদ্ধতা বহু পৰিমাণে থাকে। দুখ লাগে তেতিয়া, যেতিয়া শিশু এটাই খেলিবলৈ অকণমান মুকলি ঠাই নাপায়। গাওঁ অঞ্চলত  পায় যদিও চহৰ নাইবা মহানগৰত সেয়া পৰ্যাপ্ত পৰিমাণে নাই বুলিলেই হয়। যিওবা দুই এখন পাৰ্ক থাকে, সেইবোৰো বহু আঁতৰত হোৱা হেতুকে সকলোৰে বাবে সদায় ঢুকি পোৱা সম্ভৱ নহয়।  মানুহবোৰে এক ইঞ্চিও ফাঁক নৰখাকৈ  কেৱলমাত্ৰ ঘৰেই বনাইছে। কোনোধৰণৰ পৰিকল্পনা নোহোৱাকৈ যধে মধে বনোৱা ঘৰবোৰৰ বাবে অকণো মুকলি ঠাই নোহোৱা হৈ যাব ধৰিছে। চোতাল নথকা ঘৰখনৰ ভিতৰতে শিশু এটিয়ে কিমান নো খেলিব! সিহঁতে লৰা-ঢপৰা কৰি শাৰীৰিক আৰু মানসিক বিকাশ ঘটাবৰ বাবে মুকলি ঠাই অকণমানৰ অতিকৈ প্ৰয়োজন।

আমাৰ ভবিষ্যত প্ৰজন্মৰ বাবে চৰকাৰৰ লগতে দেশৰ সকলো শ্ৰেণীৰ নাগৰিকৰে দায়িত্ব আৰু কৰ্তব্য আছে।  সিহঁতে সু-শিক্ষা, সুস্থ পৰিবেশ আদি পোৱাত সকলোৱেই সহায় কৰিব লাগিব। 

আমি সাধাৰণ নাগৰিকসকলে, দেশৰ সেৱা হিচাবে দেশৰ প্ৰতি থকা আমাৰ দায়িত্ব আৰু কৰ্তব্যবোধেৰে আমাৰ সন্তানসকলক সুনাগৰিক কৰি গঢ়ি তোলাৰ  সংকল্প ল'ব নোৱাৰোনে?সকলো শিশুকেই সুনাগৰিক হিচাবে গঢ়ি তুলিব পাৰিলে আমাৰ দেশত অন্ধবিশ্বাস নথকা, জ্ঞানৰ বন্তিৰে প্ৰজ্জ্বলিত,সুস্থ আৰু শিক্ষিত সমাজ এখন নিশ্চয় গঢ়ি উঠিব।  আমি সাধাৰণ নাগৰিকে এনেকৈয়ে দেশ সেৱা কৰোচোন।

আহক আমি সকলোৱে "জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰিয়সী" কথাষাৰৰ মান ৰাখিবলৈ চেষ্টা কৰোঁ। শিশু সকলক অকণমান মৰম, অকণমান সহানুভূতি দিয়াৰ উপৰিও সিহঁতৰ প্ৰতি থকা বহুখিনি কৰ্তব্য হাঁহিমুখে কৰি যাওঁ আহক।

 

************

4 Comments

  • বন্দিতা জৈন

    বৰ ভাল লাগিল পঢ়ি সম্পাদকীয় পঢ়ি। অভিনন্দন জনালো বাইদেউ

    Reply
  • কমলা দাস

    ধন্যবাদ জনালোঁ

    Reply
  • বন্দিতা জৈন

    বৰ সুন্দৰ আৰু শিশু বাবে লিখা সম্পাদকীয়টোৱে আকৰ্ষণ কৰিলে। অভিনন্দন জনালো বাইদেউ

    Reply
  • Anonymous

    গীতা মনি দত্ত ।
    সম্পাদকীয়টো পঢ়ি বৰ ভাল লাগিল ।
    অভিনন্দন জনালোঁ ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *