ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০- এক নতুন দিগন্তৰ সূচনা-চন্দামিতা শৰ্মা
মানৱ সমাজৰ সম্ভাৱনীয়তা, সামাজিক ন্যায়নিষ্ঠতা আৰু ৰাষ্ট্ৰীয় বিকাশক পৰিপূৰ্ণ ৰূপত আগবঢ়াই নিয়াটোৱেই হ’ল শিক্ষাৰ মূল উদ্দেশ্য। প্ৰতিজন ব্যক্তি তথা প্ৰতিখন দেশ আগুৱাই যোৱাত শিক্ষাই অপৰিসীম গুৰুত্ব বহন কৰে আৰু সেয়েহে শিক্ষাক কোৱা হয় জীৱনৰ চালিকা শক্তি। শিক্ষাই মানুহৰ জীৱনৰ দিক্ নিৰ্ণায়কৰ ভূমিকা পালন কৰে। প্ৰতিখন দেশে নিজ নিজ দেশৰ উন্নতিৰ বাবে এক নির্দিষ্ট শিক্ষানীতি গ্ৰহণ কৰে। আমাৰ দেশ ভাৰতেও স্বাধীনতাৰ পাছৰে পৰাই “ৰাষ্ট্ৰীয় শিক্ষা নীতি” অভিধাৰে নিৰ্দিষ্ট কিছুমান শিক্ষানীতি গ্ৰহণ কৰি আহিছে আৰু প্ৰয়োজন সাপেক্ষে সময়ে সময়ে ভাৰতৰ “ৰাষ্ট্ৰীয় শিক্ষা নীতি” সলনি হৈ আছে। ভাৰতৰ “ৰাষ্ট্ৰীয় শিক্ষা নীতি”য়ে সদায় এটা নিৰ্দিষ্ট জাতীয় পৰিচয় বৰ্তাই ৰাখিছে।
বিশ্বৰ জ্ঞান অন্বেষণৰ দৃশ্যপট ক্ষিপ্ৰগতিত সলনি হ’ব ধৰিছে। বিজ্ঞান আৰু তথ্য-প্ৰযুক্তিৰ নাটকীয় বিকাশ যেনে – তথ্যভাণ্ডাৰৰ বিস্তাৰণ, যান্ত্ৰিক শিকন আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগে শিক্ষাক্ষেত্ৰক এক নতুন দিগন্তৰ পিনে ধাৱমান কৰিছে।
ভাৰতবৰ্ষৰ প্ৰাচীন উন্নত জ্ঞানৰ ঐতিহ্যই এই শিক্ষানীতিৰ পথ প্ৰদৰ্শক। জ্ঞান, প্ৰজ্ঞা আৰু সত্য আহৰণক ভাৰতীয় চিন্তা আৰু দৰ্শনে সদায়েই মানৱ জীৱনৰ উচ্চতম লক্ষ্য হিচাবে গ্ৰহণ কৰি আহিছে। শিক্ষা সন্দৰ্ভত জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল-
“ৰাষ্ট্ৰীয় শিক্ষাক সঁচা অৰ্থত ৰাষ্ট্ৰীয় কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰিস্থিতিসমূহক প্ৰতিফলিত কৰাত গুৰুত্ব প্ৰদান কৰিব লাগিব।”
বাপুৰ এই দূৰদৰ্শী চিন্তাক পূৰ্ণতা প্ৰদান কৰিবলৈ বৰ্তমানৰ নতুন “ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০” পূৰ্বৱৰ্তী “ৰাষ্ট্ৰীয় শিক্ষা নীতি, ১৯৮৬”ৰ স্থলাভিষিক্ত কৰা হৈছে।
বিশিষ্ট বিজ্ঞানী আৰু শিক্ষাবিদ তথা ইছৰোৰ (ISRO) ৰ প্ৰাক্তন অধ্যক্ষ ড° কে.কস্তুৰীৰংগনৰ অধ্যক্ষতাত গঠিত বিশেষজ্ঞ কমিটিখনে প্ৰস্তুত কৰি উলিওৱা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত কেন্দ্ৰীয় কমিটিয়ে অনুমোদন জনাই (২৯ জুলাই, ২০২০) দেশৰ শিক্ষা-ব্যৱস্থাত এক আমূল পৰিৱৰ্তনৰ সূচনা কৰিলে। পৰিৱৰ্তনকামী এই শিক্ষা-ব্যৱস্থাৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী হোৱাৰ সম্ভাৱনাই দেখা দিছে। অৱশ্যে শিক্ষা এটা সহৱৰ্তী (concurrent) বিষয় হোৱা বাবে ৰাজ্য আৰু কেন্দ্ৰৰ পৰামৰ্শাৱলীৰ অন্তৰ্ভুক্তিৰ পাছতহে ইয়াত সন্নৱিষ্ট প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰিব পৰা হ’ব। দেশৰ শিক্ষাক্ষেত্ৰক নতুন গতি প্ৰদান কৰিবলৈ দীৰ্ঘম্যাদী লক্ষ্যেৰে প্ৰস্তুত কৰি উলিওৱা নীতিসমূহৰ সম্ভাৱ্য পৰিণামক লৈ দেশত তুমুল চৰ্চা চলিছে যদিও ভৱিষ্যতে যে এই শিক্ষানীতিয়ে এক জাগৰণ সৃষ্টি কৰিব সেইটো নিশ্চিত।
এই শিক্ষানীতিত সন্নিৱিষ্ট মুখ্য প্ৰস্তাৱসমূহ সংক্ষেপে হ’ল:
(১)শৈক্ষিক আৰু পাঠ্যক্ৰম সম্পৰ্কীয় প্ৰস্তাৱঃ
(ক) বৰ্ত্তমানৰ ( ১০+২) গাঁথনিৰ পৰিৱৰ্তে (৫+৩+৩+৪ )ৰ প্ৰৱৰ্তন। পূৰ্বৰ শিক্ষানীতিত অৰ্থাৎ( ১০+২) ত (৩-৬) বছৰ বয়সৰ শিশুক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।
খ) (৫+৩+৩+৪) গাঁথনিত চাৰিটা পৰ্যায়ঃ
৫ বছৰৰ বুনিয়াদী শিক্ষা, ৩ বছৰৰ প্ৰস্তুতিমূলক শিক্ষা, ৩ বছৰৰ মজলীয়া শিক্ষা আৰু ৪ বছৰৰ মাধ্যমিক শিক্ষা। বুনিয়াদী শিক্ষাৰ ৫ বছৰৰ প্ৰথম তিনি বছৰ ( ৩-৬) বয়সৰ শিক্ষাৰ্থীক অংগনবাড়ী বা প্ৰি-স্কুলত পাঠদান কৰা হ’ব। এই পৰ্যায়ত খেল-ধেমালি আৰু কৰ্মভিত্তিক শিক্ষা প্ৰদান কৰা হ’ব। দ্বিতীয় পৰ্যায়ত (৬-৮) বছৰ বয়সৰ শিক্ষাৰ্থীয়ে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত অধ্যয়ন কৰিব। এই পৰ্যায়ত খেল-ধেমালি আৰু কৰ্ম ভিত্তিক শিকনৰ লগতে অংশগ্ৰহণ ভিত্তিক শিকনৰ ব্যৱস্থা থাকিব। তৃতীয় পৰ্যায়ত (১১-১৪) বছৰ বয়সৰ শিক্ষাৰ্থীয়ে মজলীয়া পৰ্যায়ৰ ৬ষ্ঠ শ্ৰেণীৰপৰা অষ্টম শ্ৰেণীলৈ পঢ়িব। এই পৰ্যায়ত শিক্ষাৰ্থীসকলে বিজ্ঞান, অংক, কলা, সমাজ বিজ্ঞান, ইতিহাস, সাহিত্য (humanities ) আদি বিষয়ৰ পৰীক্ষামূলক অধ্যয়ন কৰিব। ৪ৰ্থ অৰ্থাৎ মাধ্যমিক পৰ্যায়ত (১৪-১৮) বছৰ বয়সৰ শিক্ষাৰ্থীসকলে নৱম শ্ৰেণীৰপৰা দ্বাদশ শ্ৰেণীলৈ পঢ়িব। এই পৰ্যায়ত বহুবিষয়ক অধ্যয়ন (multidisciplinary studies) আৰু ক্ৰান্তিক বিচাৰশক্তিৰ (critical thinking) উদ্ৰেক ঘটোৱা বিষয়ৰ লগতে স্বনিৰ্বাচিত বিষয়ৰ শিকনৰ ব্যৱস্থা থাকিব।
(গ) কলা, বিজ্ঞান, বাণিজ্য বা ব্যৱসায়িক শিক্ষা আদি শাখাৰ মাজত বৰ্তমানৰ পাৰ্থক্য বা সীমা নাথাকিব।
(ঘ) ৬ষ্ঠ শ্ৰেণীৰপৰাই ব্যৱসায়িক বা বৃত্তিমূলক শিক্ষাৰ আৰম্ভণি হ’ব। ৬ষ্ঠ শ্ৰেণীৰপৰা ৮ম শ্ৰেণীৰ সময়ছোৱাত ১০ দিন স্কুলবেগ নথকা পিৰিয়ড (bagless period) থাকিব। এই সময়ছোৱাত স্থানীয় বিশেষজ্ঞৰ জৰিয়তে বৃত্তিমূলক শিক্ষা প্ৰদান কৰা হ’ব। তদুপৰি, ৬ষ্ঠৰপৰা দ্বাদশ শ্ৰেণীৰ ভিতৰত শিক্ষাৰ্থীসকলে বৃত্তিমূলক শিক্ষাৰ ইণ্টাৰ্নশ্বিপ কৰিব লাগিব। বিদ্যালয় বন্ধৰ সময়তো এই ইণ্টাৰ্নশ্বিপ কৰিব পাৰিব। প্ৰত্যেক শিশুৱে কম পক্ষেও এটা বৃত্তিমূলক শিক্ষাৰ পাঠ আহৰণ কৰিব লাগিব। বৃত্তিমূলক শিক্ষাত উচ্চশিক্ষা আহৰণৰ সুবিধা থাকিব। ২০২৫ চনৰ ভিতৰত কম পক্ষেও ৫০% শিক্ষাৰ্থীয়ে বিদ্যালয়ৰ শিক্ষা-ব্যৱস্থাৰ জৰিয়তে বৃত্তিমূলক শিক্ষা আহৰণ কৰিব।
(ঙ) স্নাতক পাঠ্যক্ৰম ৩ বা ৪ বছৰীয়া হ’ব। ৩ বছৰত ডিগ্ৰী প্ৰদান কৰা হ’ব যদিও ৪ বছৰীয়া বহু বিষয়ক অধ্যয়নৰ উপৰিও নিৰ্বাচিত বিষয়ত অধ্যয়ন আৰু গৱেষণা কৰাৰ সুযোগ লাভ কৰিব।
(চ) স্নাতক পৰ্যায়ত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীয়ে কিবা কাৰণত ৩ বছৰীয়া স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব নোৱাৰিলেও এবছৰৰ পাঠ্যক্ৰম সফলতাৰে সমাপ্ত কৰি চাৰ্টিফিকেট আৰু দুবছৰৰ পাঠ্যক্ৰম সফলতাৰে সমাপ্ত কৰি ডিপ্ল’মা অৰ্জন কৰিব পাৰিব।
(ছ) স্নাতকোত্তৰ ডিগ্ৰী এবছৰীয়া বা দুবছৰীয়া হ’ব। ৩ বছৰীয়া স্নাতকে দুবছৰীয়া আৰু ৪ বছৰীয়া স্নাতকে এবছৰতে স্নাতকোত্তৰ পাঠ্যক্ৰম শেষ কৰিব পাৰিব।
(জ) পাঁচ বছৰীয়া ইণ্টিগ্ৰেটেড স্নাতক/ স্নাতকোত্তৰ ডিগ্ৰিৰ ব্যৱস্থা থাকিব।
(ঝ) এম.ফিল ডিগ্ৰিৰ বিলোপ সাধন কৰা হ’ব।
ডিজিটেল আৰু অনলাইন শিক্ষাৰ বাবে পৰ্য্যাপ্ত পৰিকাঠামোৰ ব্যৱস্থা কৰা হ’ব।
(২)মূল্যায়ন সম্পৰ্কীয় প্ৰস্তাৱঃ
(ক) পৰীক্ষাৰ গুৰুত্ব হ্ৰাস কৰা হ’ব। মুখস্থ বিদ্যাৰ পৰিৱৰ্তে শিক্ষাৰ্থীয়ে আহৰণ কৰা জ্ঞানৰ প্ৰয়োগতহে অধিক গুৰুত্ব আৰোপ কৰা হ’ব।
(খ) Academic Bank of Credits ৰ জৰিয়তে credit transfer ৰ সুবিধা প্ৰদান কৰা হ’ব।
(গ) পাঠ্যপুথিৰ বোজা কমাই ক্ৰান্তিক বিচাৰশক্তিৰ বাবে বাট মুকলি কৰা হ’ব।
(ঘ) শিক্ষাৰ্থীৰ মূল্যায়নৰ বাবে ৰাষ্ট্ৰীয় মূল্যায়ন কেন্দ্ৰ,— PARAKH (Performance, Assessment, Review and Analysis of Knowledge for Holistic Development) সৃষ্টি কৰা হ’ব।
(ঙ) বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে বছৰত দুবাৰকৈ উমৈহতীয়া প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই (National Testing Agency) এই পৰীক্ষা অনুষ্ঠিত কৰিব।
প্ৰশাসনীয় পৰিৱৰ্তন সম্পৰ্কীয় প্ৰস্তাৱঃ
(চ) মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়ৰ (Ministry of Human Resource Development) নাম সলনি কৰি শিক্ষা মন্ত্ৰ্যালয় (Ministry of Education) কৰা হ’ব।
(ছ) বিশ্ববিদ্যালয় অনুদান আয়োগৰ (University Grants Commission) বিলোপ সাধন কৰি তাৰ ঠাইত ভাৰতৰ উচ্চ শিক্ষা আয়োগ ( Higher Education Council of India, HECI) গঠন কৰা হ’ব।
(জ) উচ্চ শিক্ষা আয়োগৰ (HECI) চাৰিটা বিভাগ থাকিব। (১) ৰাষ্ট্ৰীয় উচ্চ শিক্ষা নিয়ন্ত্ৰণকাৰী পৰিষদে ( National Higher Education Regulatory Council ) নীতি নিৰ্ধাৰণ কৰিব, (২) সাধাৰণ শিক্ষা পৰিষদে (General Education Council) মান নিৰ্ধাৰণ কৰিব, (৩) উচ্চ শিক্ষা অনুদান পৰিষদে (Higher Education Grants Council) বিত্তীয় অনুদান আৰু (৪) ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান পৰিষদে (National Accreditation Council) স্বীকৃতি প্ৰদান কৰিব।
(ঝ) পৰৱৰ্তী ১৫ বছৰত মহাবিদ্যালয়বোৰক স্বতন্ত্ৰতা প্ৰদান কৰা হ’ব।
(ঞ) Affiliated College পদ্ধতিক পৰ্যায়ক্ৰমে ১৫ বছৰৰ ভিতৰত আঁতৰ কৰা হ’ব।
(ট) ’Deemed to be University’, ‘Affiliating University’, ‘Affiliating Technical University’, ‘Unitary university’ ইত্যাদিৰ পৰিৱৰ্তে অকল ‘University’ হে থাকিব।
(ঠ) শীৰ্ষ পৰ্যায়ৰ বিদেশী শিক্ষানুষ্ঠানক ভাৰতত শিক্ষানুষ্ঠান স্থাপনৰ অনুমতি প্ৰদান কৰা হ’ব।
(৩)বিত্তীয় প্ৰস্তাৱঃ
শিক্ষাখণ্ডত মুঠ ঘৰুৱা উৎপাদনৰ (Gross domestic product) ৬% ব্যয় কৰা হ’ব।
(৪) ভাষা সম্পৰ্কীয় প্ৰস্তাৱঃ
(ক) ৫ম শ্ৰেণী বা সম্ভৱ হ’লে ৮ম শ্ৰেণী পৰ্যন্ত ঘৰুৱা ভাষা/মাতৃভাষা/ আঞ্চলিক ভাষাৰ মাধ্যমেৰে শিক্ষা প্ৰদান কৰা হ’ব।
(খ) তিনি ভাষা সূত্ৰৰ অধীনত সংস্কৃত অন্যতম ভাষা হিচাপে থাকিব।
(গ) সংস্কৃতৰ লগতে অন্য ভাৰতীয় ভাষাবোৰক প্ৰাধান্য দিয়া হ’ব।
(ঘ) ইণ্ডিয়ান ইন্সটিটিউট অব্ ট্ৰেন্সলেশ্ব্ন এণ্ড ইণ্টাৰপ্ৰিটেশ্ব্ন (Indian Institute of Translation and Interpretation) গঠন কৰা হ’ব।
উল্লিখিত প্ৰস্তাৱসমূহলৈ চাই এটা কথা ক’ব পাৰি যে এই শিক্ষানীতিয়ে দেশৰ শিক্ষা-ব্যৱস্থালৈ এক যুগান্তকাৰী পৰিৱৰ্তন অনাৰ প্ৰয়াস কৰিছে। এই প্ৰস্তাৱবোৰৰ বাস্তৱ ৰূপায়ণৰ জৰিয়তে দেশৰ শিক্ষা-ব্যৱস্থালৈ গুণগত পৰিৱৰ্তন অনাৰ লগতে ২০৩৫ চনৰ ভিতৰত মুঠ ভৰ্তি কৰণ অনুপাত (gross enrolment ratio) বৰ্তমানৰ (২০১৮) ২৬.৩% ৰ পৰা ৫০% লৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ লৈছে। তদুপৰি ২০৪০ চনৰ ভিতৰত উচ্চশিক্ষাৰ সকলো শিক্ষানুষ্ঠানতে শিক্ষাৰ্থীৰ সংখ্যা কমপক্ষেও ৩০০০ লৈ বৃদ্ধি কৰি পৰিকাঠামোৰ সদ্ব্যবহাৰ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তাই (artificial intelligence) সমগ্ৰ বিশ্বৰ সমাজ ব্যৱস্থালৈ যিবোৰ পৰিৱৰ্তন আনিছে বা আনিব তাৰ লগত সংগতি ৰক্ষা কৰি চলিব পৰাকৈ সুদক্ষ মানৱ সম্পদ নিৰ্মাণ কৰি উলিওৱাৰ প্ৰয়াসৰে শিক্ষানীতিৰ প্ৰস্তাৱসমূহ প্ৰস্ত্তত কৰা হৈছে বুলি পাতনিত উল্লেখ কৰিছে।
২০৩০ চনৰ ভিতৰত ‘বহনক্ষম উন্নয়নৰ লক্ষ্য 4’ (SDG4)ৰ সহিতে ‘প্ৰাৰম্ভিক বাল্যাৱস্থাৰ যত্ন আৰু শিক্ষা’ (ECCE)ৰ পৰা মাধ্যমিক শিক্ষালৈকে সাৰ্বজনীন কৰণ।ৰাষ্ট্ৰীয় মিছনৰ যোগেদি ২০২৫ ৰ ভিতৰত বুনিয়াদী শিক্ষা আৰু গণনাত্মক কৌশল অৰ্জন কৰা বিষয়টোক যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে।
দ্ৰুত পৰিৱৰ্তনশীল পৃথিৱীখনত সময়ে সময়ে এনেকুৱা বহুতো শিকিবলগীয়া বিষয়ৰ আগমন ঘটে যিবোৰ শিক্ষানুষ্ঠানৰ সেই শিক্ষাকালৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত নহয়। এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই শিক্ষানীতিখনৰ পাতনিত শিক্ষাৰ্থীসকলে কোনো এটা বিষয় শিকাতকৈ কেনেকৈ শিকিব লাগে সেইটো শিকাতহে (learn how to learn) গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰিছে। শিক্ষাৰ্থী এজনৰ সামৰ্থ্যৰ চিনাক্তকৰণ, অধ্যয়নৰ বিষয় নিৰ্বাচনত শিক্ষাৰ্থীজনক দিয়া স্বাধীনতা, পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ উদ্দেশ্যত অধ্যয়ন কৰাৰ বিপৰীতে বোধশক্তি বিকাশত গুৰুত্ব আৰোপ কৰা, প্ৰযুক্তিৰ ব্যৱহাৰ, সৃজনশীলতা (creativity ), আৰু ক্ৰান্তিক বিচাৰশক্তিৰ (critical thinking) বিকাশ, সংযোগ (communication) আৰু সহযোগৰ (cooperation) জৰিয়তে কাৰ্য সাধন কৰাৰ দক্ষতা, মানৱীয় প্ৰমূল্যৰ বিকাশ সাধন, ভাষাত দক্ষতা আদি নিৰ্ণায়কৰ আধাৰত প্ৰস্তাৱসমূহ ৰখা হৈছে বুলি শিক্ষানীতিৰ পাতনিত উল্লেখ কৰিছে। একবিংশ শতিকাৰ ছাত্ৰ-ছাত্ৰীক গোলকীয় সমাজ এখনৰ নাগৰিক হিচাপে সাজু কৰি তুলিবৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় শিক্ষা সংস্থাই (National Education Association) প্ৰস্তুত কৰা নিৰ্দেশিকাখনত যি ‘Four C’ ৰ ( creativity, critical thinking, communication, collaboration) ওপৰত গুৰুত্ব আৰোপ কৰিছে এই শিক্ষানীতিৰ ‘Principle of this policy’ ত তাৰ প্ৰতিফলন ঘটিছে। এই ‘Four C’ ক একবিংশ শতিকাৰ দক্ষতা বিকাশৰ বিপ্লৱ হিচাপে অভিহিত কৰা হৈছে। বহুবিভাগীয় শিক্ষা (multidisciplinary learning), বিষয় নিৰ্বাচনৰ স্বাধীনতা, শিক্ষাৰ্থীৰ সামৰ্থ্য অনুযায়ী শিক্ষা আহৰণৰ সুবিধা, পৰীক্ষাৰ দুশ্চিন্তা লাঘৱ আদি কথাবোৰে শিক্ষা-ব্যৱস্থাক শিক্ষাৰ্থী-অনুকূল (student friendly) কৰিবলৈ বিচৰা হৈছে বুলি ধাৰণা কৰিব পাৰি। ৬ষ্ঠ শ্ৰেণীৰ পৰাই বৃত্তিমূলক শিক্ষা আৰম্ভ কৰা আৰু ইয়াত উচ্চশিক্ষা আহৰণৰ সুবিধা প্ৰদান কৰি বৃত্তিমূলক বা ব্যৱসায়িক শিক্ষাক গতিশীল আৰু আকৰ্ষণীয় কৰি তুলিব বিচৰা হৈছে। অনলাইন শিক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তি আৰু পৰিকাঠামো উন্নতি সাধন কৰি সাম্প্ৰতিক পৰিস্থিতিৰ লগতে ভৱিষ্যতে উদ্ভৱ হ’ব পৰা সম্ভাৱ্য পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে প্ৰস্তুত হ’ব বিচাৰিছে। ২০৪০ চনৰ ভিতৰত ভাৰতৰ শিক্ষা-ব্যৱস্থাক বিশ্বৰ শ্ৰেষ্ঠ শিক্ষা- ব্যৱস্থা হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যেৰে এই শিক্ষানীতি প্ৰস্তুত কৰি উলিওৱা হৈছে বুলি উল্লেখ কৰা হৈছে।
শিক্ষকসকলেই শিক্ষা ব্যৱস্থাৰ প্ৰাথমিক সংশোধনৰ মুখ্য কাৰক হোৱা উচিত। ছাত্ৰ-ছাত্ৰীৰ সম্পূৰ্ণ পঢ়া-শুনাত, তেওঁলোকৰ জীৱনত শিক্ষকসকলৰ অপৰিসীম প্ৰেৰণা থাকে। আমাৰ দেশতো কোৱাই হয় যে-
“গুৰু ন প্ৰাপ্যতে যত্ তত্ ন অন্য অত্ৰাপি লভ্যতে।”
যি গুৰুৰ পৰা লাভ কৰিব পৰা নাযায়, সেয়া কৰো পৰা প্ৰাপ্ত কৰা সম্ভৱ নহয়।
অৰ্থাৎ এনেকুৱা একো বস্তু নাই যিটো এগৰাকী মহান গুৰু, এগৰাকী ভাল শিক্ষকক পোৱাৰ পিচত দুৰ্লভ হয়। সেয়েহে, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সূত্ৰীকৰণৰপৰা কাৰ্যকৰীকৰণ পৰ্যন্ত প্ৰতিটো পৰ্যায়তে আমাৰ শিক্ষকসকলে সক্ৰিয় ৰূপত এই অভিযানৰ অংগ হৈ কাম কৰি গৈছে। নিষ্ঠা ১.০ আৰু ২.০ এই কাৰ্যক্ৰমো এই দিশত এক উল্লেখনীয় ভূমিকা পালন কৰিছে। এই কাৰ্যক্ৰমৰ জৰিয়তে দেশৰ শিক্ষকসমাজে আধুনিক প্ৰয়োজনীয়তাৰ হিচাপত প্ৰশিক্ষণো লাভ কৰাৰ উপৰি তেওঁলোকে নিজৰ পৰামৰ্শও বিভাগলৈ আগবঢ়োৱাৰ সুবিধা লাভ কৰিছে।
শিক্ষানীতিখনৰ বিভিন্ন প্ৰস্তাৱসমূহে ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত দেশৰ ইমূৰৰপৰা সিমূৰলৈ তোলপাৰ লগোৱা পৰিলক্ষিত হৈছে। যি নীতিয়ে দেশৰ শিক্ষা, সমাজ, সংস্কৃতি আৰু অৰ্থনীতিৰ গতি আৰু দিশ নিৰ্ধাৰণ কৰিব তাৰ ওপৰত এনে চৰ্চা হোৱাটো এটা শুভ লক্ষণ। এটা কথা ঠিক যে, স্থিতাৱস্থাৰ স্বাচ্ছন্দ্যৰপৰা ওলাই পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো কেতিয়াও সহজ কাম নহয়।পৰিৱৰ্তন আৰু অনিশ্চয়তা এটা মুদ্ৰাৰ ইপিঠি- সিপিঠি। পৰিৱৰ্তনৰ সম্ভাৱ্য পৰিণতি কি হ’ব পাৰে তাক লৈ বিস্তৃতভাবে আলোচনা কৰি অনিশ্চয়তাৰ মাত্ৰা বহু পৰিমাণে হ্ৰাস কৰিব পৰা যায়। এই শিক্ষানীতিখনত এনে কেতবোৰ প্ৰস্তাৱ আছে যিবোৰ কাৰ্যত বাস্তৱত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বহুতৰ মনত কিছু চিন্তা-ভাৱনাৰ সৃষ্টি কৰিছে। তাৰে কেতবোৰ তলত উল্লেখ কৰা হ’লঃ
◆ শিক্ষাক্ষেত্ৰত মুঠ ঘৰুৱা উৎপাদনৰ ৬% ব্যয় কৰা হ’ব বুলি কোৱা হৈছে (বৰ্তমান ১.৭% হে ইয়াত ব্যয় কৰা হয়। ) কিন্তু দেশৰ সাম্প্ৰতিক অৱস্থালৈ চাই এই প্ৰস্তাৱটোত এটা প্ৰশ্নবোধক চিন পৰিছে।
◆ শিক্ষানীতিখন বহু ক্ষেত্ৰত মুক্ত হোৱা সত্ত্বেও ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা আৰু ৰাষ্ট্ৰীয় উচ্চ শিক্ষাৰ মূল্যায়ন কেন্দ্ৰৰ বাবে ই কেন্দ্ৰীয় নিয়ন্ত্ৰণৰ অধীনত থাকিব বুলি ধাৰণা কৰা হৈছে।
◆ ত্ৰিভাষীয় সূত্ৰটো প্ৰয়োগৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ কোনো কোনো ৰাজ্য সমস্যাৰ সন্মুখীন হ’ব।
◆ বিষয় নিৰ্বাচনৰ ক্ষেত্ৰত শিক্ষাৰ্থীক দিয়া স্বাধীনতাই শিক্ষানুষ্ঠানবোৰত প্ৰশাসনীয় বেমেজালিৰ সৃষ্টি কৰিব বুলি ধাৰণা কৰা হৈছে।
◆ ছাত্ৰ-ছাত্ৰীৰ ভৰ্তিকৰণ আৰু শিক্ষক-কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়াত আসন সংৰক্ষণৰ বিষয়টো উল্লেখ কৰা নাই।
◆ Affiliated College বোৰক স্বায়ত্ত্বশাসিত কলেজলৈ ৰূপান্তৰকৰণ প্ৰক্ৰিয়াটো কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় অনুদানৰ ওপৰত নিৰ্ভৰশীল হোৱা হেতুকে ইয়াৰ কাৰ্যকৰীকৰণত এটা প্ৰশ্নবোধক চিন পৰিছে।
◆ সামূহিক বিদ্যালয়ৰ (community college) বিষয়টো অন্তৰ্ভুক্ত নকৰি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবলৈ সমৰ্থ নোহোৱা লোকসকলৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত নীৰৱতা অৱলম্বন কৰা হৈছে।
◆ প্ৰাথমিক শিক্ষাৰ সাৰ্বিকীকৰণৰ (universalization of elementary education) কাৰ্যকৰীকৰণৰ বাবে ‘common school system’ ক সবলীকৰণৰ কোনো প্ৰস্তাৱ নাই।
শিক্ষানীতিখন কাৰ্যকৰীকৰণৰ পূৰ্বে এই সমস্যাবোৰৰ সন্তোষজনক সমাধান পোৱাটো সকলোৰে কাম্য।
যি কি নহওক সুদীৰ্ঘ চৌত্ৰিশ বছৰৰ মূৰত ৰাষ্ট্ৰক এখন নতুন শিক্ষানীতি উপহাৰ দিয়া হৈছে। এই চৌত্ৰিশ বছৰত সমগ্ৰ বিশ্বত অভূতপূৰ্ব পৰিৱৰ্তন আহিল। আমি আশা কৰিব পাৰোঁ যে এই শিক্ষানীতিখনে এই পৰিৱৰ্তনক প্ৰত্যাহ্বান জনাই ঈপ্সিত লক্ষ্যত উপনীত কৰোৱাৰ লগতে ভাৰতবৰ্ষৰ শিক্ষানুষ্ঠানসমূহক সমগ্ৰ বিশ্বৰ শিক্ষাৰ্থীৰ গন্তব্যস্থান হিচাপে থিয় কৰাব পাৰিব। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰ্যালয়, বিভাগ আৰু নিয়ামক সংস্থাকে ধৰি আন সকলো সংশ্লিষ্ট ব্যক্তি আৰু সংগঠনৰ সন্মিলিত প্ৰচেষ্টাৰ ফলতহে শিক্ষানীতিখন কাৰ্যকৰী কৰাটো সম্ভৱ হ’ব। শিক্ষানীতিখনৰ কাৰ্যকৰীকৰণ (implementation) সন্দৰ্ভত পৰ্যায়ক্ৰমে কামবোৰ কেনেকৈ সম্পাদন কৰা হ’ব তাৰ উল্লেখ আছে যদিও ২০৪০ লৈ থকা কুৰিটা বছৰত সকলো শিক্ষানুষ্ঠানৰ পৰিকাঠামো উন্নীত কৰা, শিক্ষানীতিৰ লক্ষ্য আৰু উদ্দেশ্যৰ লগত সামঞ্জস্য ৰাখি পঠন সামগ্ৰী প্ৰস্ত্তত কৰা, উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে উৎসৰ্গীকৃত শিক্ষকৰ সৃষ্টি কৰা, বৰ্তমান প্ৰচলিত আইন আৰু নীতি- নিয়মৰ সংশোধন ঘটাই নতুন শিক্ষানীতিৰ প্ৰস্তাৱসমূহ কাৰ্যকৰীকৰণৰ পথ প্ৰশস্ত কৰা ইত্যাদি এশ এবুৰি কাম এক সুনিৰ্দিষ্ট কৰ্ম-সূচী বা সময়-নিৰ্ধাৰিত কৰ্ম-আঁচনিৰ আধাৰতহে সমাধা কৰাটো সম্ভৱ হ’ব। শিক্ষানুষ্ঠানসমূহৰ সুদক্ষ শিক্ষক, উচ্চমান বিশিষ্ট পঠন সামগ্ৰী আৰু এনে এটা শিক্ষা ব্যৱস্থাক ধাৰণ কৰিবপৰা উন্নত পৰিকাঠামোৰ ওপৰত নিৰ্ভৰ কৰিব এই শিক্ষানীতিৰ কাৰ্যকাৰিত্ব।
আহিবলগীয়া সময়বোৰত যিমানেই নতুন শিক্ষা নীতিৰ বেলেগ বেলেগ বৈশিষ্ট্যসমূহ বাস্তৱায়িত হ’বলৈ ধৰিব, আমাৰ দেশে এক নতুন যুগ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হব। আমাৰ যুৱ-প্ৰজন্মই যিমানেই এক আধুনিক আৰু ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাৰে জড়িত হৈ কাম কৰি যাব, দেশে স্বাধীনতাৰ অমৃত সংকল্পসমূহ সিমানেই বাস্তৱায়িত কৰাত সহায়ক হ’ব।
(খণ্ড সমল ব্যক্তি , পূব নলবাৰী শিক্ষাখণ্ড আৰু বিজ্ঞান শিক্ষক, ৰাজকদমতল বালিকা বিদ্যাপীঠ হাইস্কুল)
************