অণুগল্প-সমীৰণ শৰ্মা
(১) মুখা
বসুন্ধৰা বৰুৱা অঞ্চলটোৰ এটা পৰিচিত নাম।দিনৰ দিনটো তেওঁ নাৰী সৱলীকৰণৰ নামত বিভিন্ন সভাই- সমিতিয়ে বিশিষ্টা অতিথিৰ আসন অলংকৃত কৰে। যোৱা বৰ্ষত তেওঁক সমগ্ৰ অঞ্চলটোৰ মহিলাসকলে লগ লাগি “সাহসী নাৰী” বঁটাও প্ৰদান কৰিছিল।
পাছদিনা বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা খবৰটোৱে সমগ্ৰ অঞ্চলবাসীৰ চকু কপালত তুলিলে।
” বিশিষ্টা নাৰী, সাহসী বঁটা ২০২২ বিজয়ী বসুন্ধৰা বৰুৱাৰ ঘৰৰ শোৱনি কোঠাত ওলমি আছে তেওঁৰ বোৱাৰী মালবিকা বৰুৱাৰ মৃতদেহ।”
(২)মমতা
ডাষ্টবিনত পৰি থকা কেঁচুৱাটি দুহাতেৰে আলফুলে তুলি ল’লে সুজাতাই।
আজিৰ পৰা তাই যেন মাতৃত্বৰ গৰিমাৰে মহিমামণ্ডিত হৈ পৰিল।
******
8:56 PM
সুন্দৰ
6:46 AM
বৰ সুন্দৰ অণু গল্প ।
3:47 PM
ধুনীয়া ধুনীয়া গল্প লিখিবলৈ লৈছা — নৰবা।
5:57 AM
বৰ ভাল লাগিল দেই অণুগল্প কেইটা